Class 11 Biology Important Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ

Class 11 Biology Important Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 19 ৰেচন দ্ৰব্য আৰু সিহঁতৰ অপসাৰণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 19

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ:

১। মানুহৰ ৰেচন অংগবোৰ কি কি?

উত্তৰঃ ছাল, হাওঁফাওঁ, কিডনি বা বৃক্ক ইত্যাদি।

২। হাওঁফাওঁৱে এৰি দিয়া শৰীৰৰ ভিতৰৰ অলাগতিয়াল উপাদানটো কি?

উত্তৰঃ CO₂

৩। সাধাৰণ জীৱন প্ৰক্ৰিয়াৰ বাবে সবাতোকৈ দৰকাৰী প্ৰক্ৰিয়াটো কি?

উত্তৰঃ হ’মিওপ্টেচিছ্।

৪। উট এটাই ১০ মিনিটত কিমান লিটাৰ পানী খাব পাৰে।

উত্তৰঃ ৮০ লিটাৰ।

৫। প্রাণীয়ে বর্জিত কৰা মুখ্য নাইট্ৰ’জেন জাতীয় দ্রব্যবোৰ কি কি? 

উত্তৰঃ এম’নিয়া, ইউৰিয়া আৰু ইউৰিক এচিড।

৬। দেহৰ পৰা এম’নিয়া বৰ্জন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

উত্তৰঃ এমন’টেলিজম্।

৭। এম’নটেলিক প্ৰকৃতিৰ প্ৰাণী কোনবোৰ?

উত্তৰঃ অস্থিযুক্ত মাছ, পানীত থকা উভচৰ প্ৰাণী আৰু জলচৰ প্ৰাণী পতংগবোৰ। 

৮। ইউৰীক’টেলিক প্রাণী কোনবোৰ?

উত্তৰঃ সৰীসৃপ, চৰাই, স্থলচৰ শামুক আৰু পতংগ।

৯। ইউৰীঅ’টেলিক প্রাণী কোনবোৰ?

উত্তৰঃ স্তন্যপায়ী প্রাণী আৰু স্থলত থকা উভচৰ প্ৰাণীবোৰ। 

১০। মেৰুদণ্ডী প্রাণীবোৰ প্ৰধান ৰেচন অংগ কি? 

 উত্তৰঃ বৃক্ক (Kidney)।

১১। দুটা চেপেটাকৃমিৰ নাম লিখা? 

উত্তৰঃ প্লেনেৰীয়া আৰু বোটিফাৰ।

১২। এম্ফিঅ’ক্সাৰ ৰেচন অংগ কি?

উত্তৰঃ প্ৰ’নেফ্ৰিদিয়া বা শিখাকোষ।

১৩। বলয়ী প্রাণীবোৰৰ ৰেচন অংগ কি?

উত্তৰঃ নেফ্ৰিদিয়া।

১৪। পতংগৰ ৰেচন অংগ কি?

উত্তৰঃ মালপিৰিয়ান নলীকা।

১৫। সন্ধিপদী প্রাণীবোৰে কিহেৰে ৰেচন ক্রিয়া সম্পাদন কৰে? 

উত্তৰঃ স্পৰ্শ শৃংগিক গ্ৰন্থী বা সেউজ গ্রন্থীৰে।

১৬। মানৱদেহৰ ৰেচনতন্ত্ৰ কিহেৰে গঠিত?

উত্তৰঃ এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্রাশয় আৰু এটা মূত্রপথ। 

১৭। একোটা বৃক্কৰ গড় ওজন কিমান?

উত্তৰঃ 120 – 170 gm

১৮। বৃক্কৰ অৱতল পৃষ্ঠৰ কেন্দ্ৰৰ দিশত থকা খাজটোক কি বোলে? 

উত্তৰঃ হিলাম ৷

১৯। হিলামৰ ভিতৰ ভাগলৈ থকা বহল চুপী আকৃতিৰ অংশটোক কি বোলে? 

উত্তৰঃ বৃক্কীয় দ্রোণী বা পেলভিচ্।

২০। পেলভিচ্‌ পৰা ওলোৱা প্ৰৱৰ্দ্ধবোৰক কি বোলে? 

উত্তৰঃ কেলিক্স।

২১। বৃক্কৰ ভিতৰভাগ দুটা অঞ্চলত বিভক্ত। ভাগ দুটা কি কি? 

উত্তৰঃ মেডুলা আৰু কর্টেক্স।

২২। নেফ্রন কি?

উত্তৰঃ প্ৰতিটো বৃক্কত প্ৰায় এক মিলিয়ন জটিল নলী আকৃতিৰ গঠন থাকে, তাকে নেফ্রন বোলে।

২৩। নেফ্ৰনৰ অংশ দুটা কি কি?

উত্তৰঃ গ্লমেৰুলাছ আৰু বৃক্কীয় নলীকা।

২৪। PCT ৰ ফুল টার্ম কি?

উত্তৰঃ Proximal Convoluted tubule.

২৫। DCT ৰ ফুল টার্ম কি?

উত্তৰঃ Distal Convoluted tubule.

২৬। বৃক্ক যোৰে প্ৰতি মিনিটত গড়ে কিমান তেজ পৰিস্ৰাৱন কৰে? 

উত্তৰঃ 1100 ml – 1200 ml.

২৭। বাওমেন চুপীৰ আচ্ছাদক কোষবোৰক কি বোলে ?

উত্তৰঃ প’ড’চাইট।

২৮। GFR ৰ ফুল টার্ম কি?

উত্তৰঃ Glomerular Filtration rate.

২৯। প্ৰতিদিনে দেহৰ পৰা নিষ্কাষণ হোৱা মূত্ৰৰ পৰিমাণ কিমান?

উত্তৰঃ 1.5 liter.

৩০। মূত্র কি?

উত্তৰঃ মূত্ৰ এবিধ পাতল হালধীয়া বৰণৰ সামান্য ভাৱে আম্লিক (pH = 6.0)আৰু বিশেষ গোন্ধযুক্ত পানীৰ দৰে তৰল দ্রব্য।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top