Class 11 Biology Important Chapter 16 পাচন আৰু অৱশোষন

Class 11 Biology Important Chapter 16 পাচন আৰু অৱশোষন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 16 পাচন আৰু অৱশোষন Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 16 পাচন আৰু অৱশোষন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 16

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ

১ । মানুহৰ পাচনতন্ত্ৰটো কিহেৰে গঠিত?

উত্তৰঃ পাচননলী আৰু ইয়াৰ লগত সংলগ্ন পাচক গ্রন্থিসমূহক লৈ গঠিত।

২। একোজন প্রাপ্তবয়স্ক মানুহৰ হনুত মুঠ কিমানটা দাঁত থাকে?

উত্তৰঃ ৩২ টা।

৩। দাঁতৰ প্ৰকাৰবোৰ কি কি?

উত্তৰঃ (ক) কৃন্তক বা আগদাঁত।

(খ) ছেদক।

(গ) পুৰঃপেষক। আৰু

(ঘ) পেষক।

৪। মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি?

উত্তৰঃ যকৃত বা লিভাৰ।

৫। আমাৰ খাদ্যৰ প্ৰধান উপাদানবোৰ কি কি?

উত্তৰঃ ১। শৰ্কৰা বা কাৰ্বহাইড্রেট।

২। প্ৰ’টিন।

৩। স্নেহ।

৪। ভিটামিন। আৰু

৫। খনিজ লৱণ।

৬। পানীয়ে শৰীৰত কি কার্য সমাধান কৰে?

উত্তৰঃ পানীয়ে শৰীৰত বিপাকীয় কাৰ্যসমূহ সমাধা কৰে।

৭ । মানুহৰ পাচন গ্ৰন্থি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ মানুহৰ পাচন গ্ৰন্থি পাঁচ প্ৰকাৰৰ-

১। লালটি গ্রন্থি।

২। যকৃত গ্রন্থি।

৩। অগ্নাশয় গ্রন্থি।

৪। পাকস্থলী গ্ৰন্থি। আৰু

৫। আন্ত্রিক গ্রন্থি।

৮। লালটিত থকা কি পদার্থই খাদ্যক বিজলুৱা কৰে?

উত্তৰঃ মিউচিন নামৰ পদাৰ্থই।

৯। মানুহৰ পাচন কাৰ্য ক’ত ক’ত সংঘটিত হয়?

উত্তৰঃ মুখগহ্বৰ, পাকস্থলী আৰু অস্ত্ৰত সংঘটিত হয়।

১০। মুখগহ্বৰত খাদ্যৰ কোন অংশৰ পাচন হয়?

উত্তৰঃ কাৰ্বহাইড্রেট।

১১। পাকস্থলী ৰস কিয় আম্লিকধৰ্মী?

উত্তৰঃ Hcl থকাৰ কাৰণে।

১২। আটাইতকৈ ডাঙৰ পাচক গ্ৰন্থি কোনটো?

উত্তৰঃ যকৃত গ্রন্থি।

১৩। পিত্তস্থলী বা Gall bladder ক’ত থাকে?

উত্তৰঃ যকৃতত থাকে।

১৪। অগ্নাশয় অন্তঃস্রাৱী অংশৰ পৰা নিঃসৰিত হৰম’ন দুটাৰ নাম লিখা।

উত্তৰঃ (i) ইনছুলিন। আৰু 

(ii) গ্লুকাগন।

১৫। পেপচিনে কি পাচনত সহায় কৰে?

উত্তৰঃ প্ৰ’টিন পাচনত সহায় কৰে।

১৬। মানুহৰ ক্ষেত্ৰত প্ৰধানতঃ কি তিনিযোৰ লালটি গ্রন্থিয়ে লালটি ক্ষৰণ কৰে?

উত্তৰঃ (i) উপকর্ণ বা পেৰ’টিড।

(ii) উপ উৰ্দ্ধহনু। আৰু

(iii) উপ জিহিবয়।

১৭। এজন প্রাপ্তবয়স্ক মানুহৰ যকৃতৰ ওজন কিমান?

উত্তৰঃ প্ৰায় ১.২ কিল’গ্ৰামৰ পৰা ১.৫ কিল’গ্রাম।

১৮। লালটিত থকা দুবিধ উৎসেচকৰ নাম লিখা।

উত্তৰঃ (i) এমাইলেজ বা টায়েলিন। আৰু 

(ii) লাইছ’জাইম।

১৯। কোনবিধ উৎসেচকৰ সহায়ত লালটিত থকা বেক্টেৰিয়া ধ্বংস হয়?

উত্তৰঃ লাইছ’জাইম নামৰ উৎসেচকৰ সহায়ত।

২০। পাকস্থলী গ্রন্থিবোৰ কি তিনিবিধ কোষেৰে গঠিত? 

উত্তৰঃ (i) শ্লেষ্মা গ্রীবা কোষ।

(ii) পেপটিক বা মূল্য কোষ। আৰু

(iii) ভিত্তীয় বা অক্সিনটিক কোষ।

২১। শিশুৰ পাকস্থলী ৰসত থকা উৎসেচকবিধৰ নাম কি?

উত্তৰঃ ৰেনিন (Rennin)।

২২। আন্ত্ৰিক ৰসত কি কি পাচক ৰস থাকে?

উত্তৰঃ ডাইচেকাৰাইডেজ, দ্বিপেপ্টাইডেজ, লাইপেজ, নিউক্লিওচাইডেজ ইত্যাদি।

২৩। বৃহদান্ত্ৰৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ (i) কিছু পৰিমাণৰ পানী, মণিক আৰু কিছুমান ঔষধৰ অৱশোষণ কৰা ৷

(ii) পাচন নহোৱা বৰ্জিত পদাৰ্থবোৰ শ্লেষ্মা ক্ষৰণৰ দ্বাৰা একেলগে কৰা আৰু সহজে বহির্গমণৰ বাবে পিছল কৰা ৷

২৪। খাদ্যৰ অৱশোষণ বুলিলে কি বুজা?

উত্তৰঃ যি প্ৰক্ৰিয়াৰে খাদ্য পাচনৰ অন্তিম পদাৰ্থবোৰ অন্তৰ বেৰৰ মাজেৰে তেজ আৰু লসীকা লৈ যায়, তাকেই খাদ্যৰ অৱশোষণ বোলে।

২৫। পানীৰ অৱশোষক কি প্ৰক্ৰিয়াৰে হয়?

উত্তৰঃ আসৃতি প্ৰক্ৰিয়াৰে হয়।

২৬। স্বাংগীকৰণ কাক বোলে?

উত্তৰঃ খাদ্যৰ অৱশোষণ হোৱা পদাৰ্থবোৰ অৱশোষণ শৰীৰৰ কলাসমূহত সোমাই শৰীৰৰ বিভিন্ন জৈৱিক ক্রিয়াত ব্যৱহৃত হয়। এই প্রক্রিয়াকে স্বাংগীকৰণ বোলে।

২৭। জণ্ডিছ ৰোগত শৰীৰৰ কি গ্রন্থি আক্রান্ত হয়?

উত্তৰঃ যকৃত গ্রন্থি।

২৮। অজীৰ্ণৰ কাৰণবোৰ কি?

উত্তৰঃ (ক) যথেষ্ট পৰিমাণে পাচক ৰস ক্ষৰণ নোহোৱা।

(খ) হতাশা।

(গ) খাদ্যৰ বিষক্ৰিয়া।

(ঘ) মাত্রাধিক ভক্ষণ। আৰু

(ঙ) মছলাযুক্ত খাদ্য।

২৯। জিভাৰ মুখ্য কাৰ্যসমূহ কি কি?

উত্তৰঃ (ক) খাদ্যৰ সোৱাদ গ্ৰহণ কৰাত সহায় কৰে।

(খ) খাদ্যক লালটিৰ লগত ভালকৈ মিহলি কৰে।

(গ) খাদ্য চোবোৱাত সহায় কৰে। আৰু

(ঘ) খাদ্য গিলাত সহায় কৰে।

৩০। পাকস্থলীৰ প্ৰধান চাৰিটা অংশ কি কি?

উত্তৰঃ (ক) হৃদ অংশ।

(খ) ফাণ্ডাচ অংশ।

(গ) দেহ বা কপাচ অংশ। আৰু

(গ) পাইল’ৰিক অংশ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top