Class 11 Biology Important Chapter 17 শ্বাস প্রশ্বাস আৰু গেছ বিনিময়

Class 11 Biology Important Chapter 17 শ্বাস প্রশ্বাস আৰু গেছ বিনিময় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 17 শ্বাস প্রশ্বাস আৰু গেছ বিনিময় Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 17 শ্বাস প্রশ্বাস আৰু গেছ বিনিময়

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 17

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ

১। বায়ু পথৰ আটাইতকৈ সৰু লাহী অংশটো কি?

উত্তৰঃ অন্তিম শ্বাস নালীকা।

২। হিম’গ্লবিন ক’ত পোৱা যায়?

উত্তৰঃ এৰিথ্ৰ’চাইটত।

৩। যি আৱৰণীয়ে হাওঁফাওঁক বক্ষ গহ্বৰৰ পৰা পৃথক কৰি ৰাখে তাক কি বোলে?

উত্তৰঃ প্লুৰা।

৪। মূল্য শ্বাস অংগৰ ভিতৰত নপৰে অংগটো কি?

উত্তৰঃ নাসাৰন্ধ্ৰ।

৫। বায়ুকোষ থকা অংগ কি?

উত্তৰঃ হাওঁফাওঁ।

৬। স্বৰযন্ত্ৰৰ অৱস্থান কত?

উত্তৰঃ শ্বাসনলত।

৭। মেৰুদণ্ডী প্ৰাণীৰ দেহত O₂ দেহকোষলৈ কিহে কঢ়িয়াই নিয়ে? 

উত্তৰঃ হিম’গ্লবিনে।

৮। অমেৰুদণ্ডী প্রাণী এটাৰ নাম লিখা।

উত্তৰঃ স্পঞ্জ।

৯। কেঁচুৰ শ্বাস অংগ কি?

উত্তৰঃ সিক্ত কৃত্তিকা।

১০। মাছে কিহেৰে শ্বসন কার্য সমাধা কৰে?

উত্তৰঃ জলক্লোমৰ দ্বাৰা।

১১। কণ্ঠ কি?

উত্তৰঃ কণ্ঠ হ’ল কোমলাস্থিৰে গঠিত বাকচ আকৃতিৰ অংগ যাৰ দ্বাৰা শব্দৰ সৃষ্টি হয়।

১২। মানুহৰ শ্বসনতন্ত্ৰ চিহ্নিত কৰা।

উত্তৰঃ       

১৩। হাওঁফাওঁটো কিহেৰে আবৃত্ত?

উত্তৰঃ একোখন দুতৰপীয়া প্লিউৰা বা ফুচফুচ আৱৰণৰে গঠিত। 

১৪। শ্বাস-প্ৰশ্বাসৰ পৰ্যায় দুটা কি কি? 

উত্তৰঃ (ক) শ্বাস বা অন্তঃশ্বসন (Insnpiration)।

(খ) প্রশ্বাস বা বহিঃশ্বসন (Enpiration)।

১৫। একোজন সুস্থ মানুহে গড়ে প্রতি মিনিটত কিমান বাৰ শ্বাস-প্রশ্বাস লয়?

উত্তৰঃ ১২-১৬ বাৰ।

১৬। শ্বাস-প্ৰশ্বাসৰ সময়ত পেশী আৰু অস্থিবোৰৰ হোৱা গতিৰ লগত জড়িত থকা বায়ুৰ আয়তন কি নামৰ যন্ত্ৰৰ দ্বাৰা জোখা হয়?

উত্তৰঃ স্পাইৰ ‘মিটাৰ।

১৭। একোজন সুস্থ মানুহে প্রতি মিনিটত কিমান মি.লি. বায়ু গ্রহণ বা বৰ্জন কৰিব পাৰে?

উত্তৰঃ 6000 মি.লিৰ পৰা 8000 মি.লি.।

১৮। অৱশিষ্ট আয়তন কি?

উত্তৰঃ জোৰকৈ নিশাহ এৰাৰ পিছত হাওঁফাওঁত ৰৈ যোৱা আয়তনক অৱশিষ্ট আয়তন বোলে।

১৯। কাৰ্যকৰী অৱশিষ্ট ক্ষমতা কি?

উত্তৰঃ স্বাভাৱিক নিশাহৰ অন্তত হাওঁফাওঁত ৰৈ যোৱা বায়ুৰ আয়তনক কাৰ্যকৰী অৱশিষ্ট আয়তন বোলে।

২০। গেছ বিনিময়ৰ মুখ্য স্থান কি? 

উত্তৰঃ এলভিঅলি বা বায়ুথলীবোৰ।

২১। দেহত কিমান শতাংশ অক্সিজেন তেজৰ লোহিতৰক্ত কণিকা (RBC)ৰ দ্বাৰা পৰিবাহিত হয়?

উত্তৰঃ প্ৰায় 97%

২২। হিমগ্লবিন কি?

উত্তৰঃ হিম’গ্লবিন হৈছে এবিধ সংযুক্ত প্ৰ’টিন।

২৩। হাপানি কি?

উত্তৰঃ হাপানিৰ লক্ষণ হ’ল শ্বাসনলিকাবোৰৰ বাৰে বাৰে হোৱা সংকোচন। ইয়াৰ ফলত উশাহ লোৱা কষ্টকৰ হৈ উঠে। অনেক সময়ত উশাহ লওঁতে ছি-ছিকৈ শব্দ হয়। এনে ৰোগ সমাজৰ প্ৰায় 3% লোকৰ জীৱনত কোনো এক সময়ত দেখা যায়। ইয়াৰ কাৰণ হ’ল, তেনে মানুহৰ হাওঁফাওঁৰ শাসনলিকাসমূহ বায়ুত থকা কোনো বস্তুৰ প্রতি অতি সংবেদনশীল। অধিক ক্ষেত্ৰত বায়ুত উটি ফুৰা কোনো কোনো গছৰ ফুলৰ ৰেণু ইয়াৰ বাবে দায়ী। তাৰোপৰি কোনো কোনো মানুহৰ শ্বসননলী কেতবোৰ ৰাসায়নিক দ্ৰব্যৰ আনকি খাদ্যবস্তুৰ প্ৰতিও সংবেদনশীল।

২৪। এম্ফিছিমা কি?

উত্তৰঃ প্ৰথমে নাকত থকা নোম আৰু শ্লেষ্মা আৱৰণী আৰু পাছত হাওঁফাওঁলৈকে গোটেই বায়ুপথতে থকা শ্লেষ্মা আৱৰণীয়ে ইমান নিয়াৰিকৈ বায়ু পৰিষ্কাৰ কৰে 5-6 মাইক্ৰণৰ অধিক ব্যাসৰ কোনো কণিকা নাক পাৰ হৈ হাওঁফাওঁলৈ সোমাব নোৱাৰে। 1-4μ ব্যাসৰ কণিকাসমূহ ক্ষুদ্র উপকোমবোৰৰ অন্তিম প্ৰান্তত লাগি ধৰে স্বাভাৱিক মাধ্যাকৰ্ষণৰ কাৰণে। 1μ তকৈ সৰু কণিকাসমূহ বায়ুকোষৰ বেৰৰ মাজেদি ব্যাপন হ’বলৈ গৈ বেৰত লাগি ধৰে বা বায়ুত প্রলম্বিত অৱস্থাত থাকিলে নিশ্বাসত ওলাই যায়। আনহাতে ধপাত, চুৰট আদিৰ 0.3u ধোৱাৰ কণিকাবোৰে বিনাবাধাই গৈ বায়ুকোষ সোমায় আৰু প্ৰায় সকলোবোৰেই বায়ুকোষৰ বেৰত লাগি ধৰে। এনে হোৱাৰ ফলত বায়ুকোষৰ বেৰৰ মাজেদি গেছৰ ব্যাপন হ’ব নোৱাৰা হয় আৰু আন্তঃবায়ুকোষীয় প্ৰাকাৰৰ অনিষ্ট হয়। ইয়াৰ ফলত বায়ুকোষবোৰ স্থায়ীভাৱে শ্বসন ক্ষমতাহীন হৈ পৰে। গতিকে শৰীৰে প্ৰয়োজন অনুসৰি শ্বসনৰ যোগেদি শক্তি আহৰণ কৰিব নোৱাৰা হয়। ফলত ৰোগী ক্ষীণ আৰু দুৰ্বল হৈ পৰে। হাওঁফাওঁৰ এনে অসুস্থতাক এম্ফিছিমা বোলে।

২৫। ন্যুমনিয়া কি?

উত্তৰঃ ন্যুমনিয়া শব্দটোৱে হাওঁফাওঁৰ এনে এটা উখহা অৱস্থা বুজায় য’ত বায়ুকোষবোৰ তৰল দ্ৰব্য আৰু ৰক্ত কণাৰে ভৰি পৰে। ডিপ্লক’ক্বাছ ন্যুমনি নামৰ কক্কাছ জাতীয় এবিধ অণুজীৱৰ আক্ৰমণত এই ৰোগ হয়। বায়ুকোষৰ বেৰবোৰ উখহি উঠে আৰু বেৰৰ কোষবোৰৰ মাজে মাজে ফাঁক ডাঙৰ হৈ সেইবোৰেদি তেজৰ তলৰ অংশৰ উপৰি ৰক্তকণাবোৰো বায়ুকোষৰ গহ্বৰলৈ সোমাই আহে। ইয়াৰ লগে লগে জীৱাণুবোৰো ক্ৰমাৎ অধিক অংশলৈ বিয়পি প্রায় সম্পূর্ণ হাওঁফাওঁটোকেই অৱৰোধ কৰিব পাৰে। ইয়াৰ ফলত হাওঁফাওঁত সোমোৱা অক্সিজেনৰ পৰিমাণ কমি গৈ থাকে। চিকিৎসাৰ অভাৱ হ’লে সম্পূর্ণ হাওঁফাওঁটোৱেই অকামিলা হৈ পৰে।

২৬। বহিঃশ্বসন আৰু অন্তঃশ্বসন কাক বোলো?

উত্তৰঃ বায়ু বা পানীৰ পৰা অক্সিজেন আহৰণ কৰা আৰু কোষৰ পৰা বায়ু বা পানীলৈ কার্বন-ডাই-অক্সাইড উলিয়াই দিয়া প্ৰক্ৰিয়াটোক সাধাৰণতে বহিঃশ্বসন বোলে।

আনহাতে, কোষৰ ভিতৰত শ্বসনৰ যি ৰাসায়নিক বিক্রিয়া ঘটি শক্তি উৎপন্ন হয় আৰু কাৰ্বন-ডাই-অক্সাইড প্রস্তুত হয়, তেনে ক্রিয়াক অন্তঃশ্বসন বোলে।

২৭। মানুহে গাৰ ছালেৰে শ্বাস কাৰ্য চলাব নোৱাৰাৰ কাৰণ কি?

উত্তৰঃ কিয়নো মানুহৰ শ্বাস অংগ ছাল নহয়, হাওঁফাওঁহে।

২৮। মানুহৰ মুখ্য শ্বাস অংগসমূহ কি?

উত্তৰঃ (ক) এযোৰ হাওঁফাওঁ।

(খ) এটা দীঘল শ্বাসনল।

২৯। মানুহৰ গৌণ শ্বাস অংগসমূহ কি কি?

উত্তৰঃ (ক) নাসাৰন্ধ।

(খ) ফেৰিংছ।

(গ) শ্বাসযন্ত্র।

(ঘ) স্বৰযন্ত্ৰ।

(ঙ) ইণ্টাৰক’ষ্টেল পেশী।

(চ) বক্ষপিঞ্জৰ।

(ছ) মধ্যচ্ছদা।

৩০। মানুহৰ শ্বাসতন্ত্ৰৰ প্ৰধান ভাগ তিনিটা কি কি?

উত্তৰঃ (ক) শ্বসন পথ।

(খ) শ্বাস অংগ।

(গ) সহযোগী শ্বাস অংগ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top