Class 11 Biology Important Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.
Class 11 Biology Important Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.
উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
Chapter: 15
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্রশ্নোত্তৰ
১। উদ্ভিদৰ বৃদ্ধি আৰু প্ৰাণীৰ বৃদ্ধিৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ
| উদ্ভিদৰ বৃদ্ধি | প্ৰাণীৰ বৃদ্ধি |
| (ক) বৃদ্ধি কিছুমান নিৰ্দিষ্ট অঞ্চলত হয়। | (ক) দেহৰ সকলো অংশত হয়। |
| (খ) গোটেই জীৱন ধৰি বৃদ্ধি হয়। | (খ) এটা নিৰ্দিষ্ট বয়স পর্যন্ত বৃদ্ধি হয়। |
| (গ) বৃদ্ধি অনির্ধাৰিত। | (গ) বুদ্ধি নিৰ্ধাৰিত। |
| (ঘ) বৃদ্ধি বর্হিমুখী। | (ঘ) বৃদ্ধি সাধাৰণতে অন্তর্মুখী। |
| (ঙ) বৃদ্ধিৰ বাবে পোহৰ আৰু CO₂ প্ৰয়োজন৷ | (ঙ) বৃদ্ধিৰ বাবে পোহৰ আৰু CO₂ ৰ প্রয়োজন নাই। |
২। অক্সিন আৰু জিব্বাৰেলিনৰ তিনিটাকৈ পার্থক্য লিখা।
উত্তৰঃ অক্সিনৰ ব্যৱহাৰ
(ক) গছৰ কাণ্ডৰ পৰা কলম তৈয়াৰ কৰিবৰ বাবে কটা অংশত অক্সিন ব্যৱহাৰ কৰিলে সোনকালে শিপা ওলায় ৷
(খ) গছত অক্সিন ছটিয়াই দিলে ফল সোনকালে পকে।
(গ) অক্সিন ব্যৱহাৰ কৰি বীজহীন ফল উৎপন্ন কৰিব পাৰি।
জিব্বাৰেলিনৰ ব্যৱহাৰ
(ক) উদ্ভিদৰ দ্ৰুত বৃদ্ধিৰ বাবে আৰু বাওনাগুণ দূৰ কৰিবৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।
(খ) পাত ডাঙৰ হ’বলৈ ব্যৱহাৰ কৰা হয় ৷
(গ) কোনো কোনো গছৰ ফুল আৰু ফলৰ আকাৰ বৃদ্ধিৰ বাবেও ব্যৱহাৰ কৰা হয়।
৩। বৃদ্ধি আৰু বিকাশৰ চাৰিটাকৈ পার্থক্য লিখা।
উত্তৰঃ
| বৃদ্ধি | বিকাশ |
| (ক) বৃদ্ধিয়ে কেৱল আকাৰ, আয়তন আৰু ওজন বৃদ্ধিকেই বুজায়। | (ক) বিকাশ বুলি ক’লে এনে ধৰণৰ পৰিৱৰ্তন হোৱাক বুজায় যি পৰিৱৰ্তনৰ ফলত ভ্রূণ অৱশেষত এটি পূৰ্ণ জীৱত পৰিণত হয়। |
| (খ) বৃদ্ধি জন্মৰ পৰা মৃত্যু পর্যন্ত ঘটিব পাৰে। | (খ) বিকাশ জীৱনৰ বিশেষ বিশেষ স্তৰত হয়। |
| (গ) বৃদ্ধি জন্মৰ পিছত আৰম্ভ হয়। | (গ) বিকাশ জন্মৰ আগৰ পৰা আৰম্ভ হয়। |
| (ঘ) বৃদ্ধিৰ লগত বিকাশৰ সম্পৰ্ক নাথাকিব পাৰে। | (ঘ) বিকাশৰ লগত বৃদ্ধিৰ সম্পৰ্ক থাকে। |
৪। জীৱিত পদাৰ্থৰ এক অন্যতম লক্ষণ কি?
উত্তৰঃ বৃদ্ধি।
৫। বৃদ্ধি কি?
উত্তৰঃ জীৱিত পদাৰ্থৰ আয়তনৰ স্থায়ী প্ৰসাৰণ আৰু ইয়াৰ দ্বাৰা আকৃতি আৰু গঠনৰ যি পৰিৱৰ্ত্তন হয়, তাকে বৃদ্ধি বোলে।
৬। বিকাশ বুলিলে কি বুজা?
উত্তৰঃ বৃদ্ধিৰ লগে লগে আকাৰৰ যি জটিলতাপূর্ণ পৰিৱৰ্তন ঘটে তাকে বিকাশ বোলে।
৭। বৃদ্ধিৰ বিভিন্ন স্তৰবোৰ কি?
উত্তৰঃ (i) উৎপাদন স্তৰ।
(ii) দীর্ঘকৰণ স্তৰ।
(iii) পূৰঠকৰণ স্তৰ।
৮। উদ্ভিদৰ মুখ্য বৃদ্ধিকাল বুলিলে কি বুজা ?
উত্তৰঃ বৃদ্ধি আৰম্ভ হোৱাৰ পৰা বন্ধ হোৱালৈকে এই গোটেই কালছোৱাক উদ্ভিদৰ মুখ্য বৃদ্ধিকাল বোলে।
৯। উদ্ভিদৰ বৃদ্ধি আটাইতকৈ কোন অঞ্চলত বেছি হয়?
উত্তৰঃ কাণ্ড আৰু মূলৰ অগ্ৰভাগত।
১০। উদ্ভিদৰ বৃদ্ধিৰ সময়কাল কিমান?
উত্তৰঃ মৃত্যুৰ আগলৈকে।
১১। উদ্ভিদৰ বিভিন্ন অৱস্থাসমূহ কি কি?
উত্তৰঃ প্ৰথম অৱস্থাত দৈহিক বৃদ্ধি আৰু দ্বিতীয় অৱস্থাত উদ্ভিদৰ জননাংগ সম্পৰ্কীয় বৃদ্ধি হয়।
১২। বৃদ্ধিৰ আৱশ্যকীয় কাৰকসমূহ কি কি?
উত্তৰঃ (i) আহাৰ।
(ii) অক্সিজেন।
(iii) কার্বন ডাই অক্সাইড।
(iv) পানী।
(v) উৎসেচক।
(vi) মাটি।
(vii) তাপ।
(viii) পোহৰ।
(ix) হৰম’ন।
(x) বংশগতিৰ প্রভাৱ। আৰু
(xi) পৰিৱেশ।
১৩। দুবিধ উদ্ভিদৰ হৰম’নৰ নাম লিখা।
উত্তৰঃ (i) অক্সিন। আৰু
(ii) জিক্কাৰেলিন।
১৪। অক্সিন ক’ত সৃষ্টি হয়?
উত্তৰঃ উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰভাগত অর্থাৎ বিভাজন ক্ষম কোষত অক্সিন সৃষ্টি হয়।
১৫। অক্সিনৰ দুটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ (i) কোষৰ দীৰ্ঘকৰণ আৰু বৃদ্ধিত সহায় কৰে।
(ii) অক্সিনে কোষবিভাজন খৰতকীয়া কৰে।
১৬। জিব্বাৰেলিন হৰম’ন কিহৰ পৰা তৈয়াৰ কৰা হৈছিল?
উত্তৰঃ এবিধ ভেঁকুৰৰ পৰা।
১৭। জিব্বাৰেলিন কাম কি?
উত্তৰঃ (i) উদ্ভিদৰ কাণ্ড দীঘল কৰি গছজোপা ওখ কৰে।
(ii) শিপাৰ বৃদ্ধিত সহায় কৰে।
(iii) বীজ অঙ্কুৰণৰ সহায় কৰে ইত্যাদি।
১৮। ছাইট’কাইনিন হৰম’ন কিহৰ যৌগ?
উত্তৰঃ নাইট্ৰ’জেনীয় ক্ষাৰক এডিনিনৰ যৌগ।
১৯। ছাইট’কাইনিন হৰম’নৰ কাম কি?
উত্তৰঃ কোষপ্রৰস বিভাজন খৰতকীয়া কৰে।
২০। এবছিছিক এচিড হৰম’নৰ কাম কি?
উত্তৰঃ উদ্ভিদৰ বাঢ়ন প্ৰতিৰোধী কৰায়, পাত সৰায়, গছ বুঢ়া কৰে ইত্যাদি।
২১। তলত উল্লেখ কৰা সমূহত কোন কোন হৰম’নে ক্ৰিয়া কৰে?
(ক) পাত সৰা।
উত্তৰঃ এবছিছিক এচিড।
(খ) ফল পৰিপক্ক হোৱা।
উত্তৰঃ ইথিলিন।
(গ) পাব দীঘল হোৱা।
উত্তৰঃ জিব্বাৰেলিন।
(ঘ) কোষৰ আকাৰ বৃদ্ধি হোৱা।
উত্তৰঃ অক্সিন।
(ঙ) কোষ দীঘল হোৱা।
উত্তৰঃ অক্সিন।
(চ) পাতৰ আকাৰ বৃদ্ধি হোৱা।
উত্তৰঃ অক্সিন আৰু ছাইট’কাইনিন।
(ছ) বীজহীনতা।
উত্তৰঃ অক্সিন আৰু জিব্বাৰেলিন।
(জ) বীজৰ সুপ্তাৱস্থা ভঙ্গাকৰণ।
উত্তৰঃ ছাইট’কাইনিন আৰু জিহ্বাৰেলিন।
(ঝ) অপতৃণ ধ্বংসকৰণ।
উত্তৰঃ 2, 4 – D
২২। হৰম’ন উৎসেচক আৰু ভিটামিনৰ পাৰ্থক্য লিখা।
উত্তৰঃ
| হৰম’ন | উৎসেচক | ভিটামিন |
| ১। প্ৰ’টিন ষ্টেৰয়েড, গ্লাইক’প্ৰ’টিনেৰে গঠিত। | ১। সদায় সৰল বা যুগ্ম প্ৰ’টিনেৰে গঠিত। | ১। প্ৰ’টিনেৰে গঠিত নহয়, সৰল জৈৱ যৌগ যেনে— জৈৱ এচিড, ইষ্টাৰ এলকহল, এমিন’ এচিড ইত্যাদিৰে গঠিত। |
| ২। উৎপত্তি স্থানৰ পৰা আঁতৰত ক্ৰিয়া কৰে। | ২। উৎপত্তি স্থানত বা ক্ষৰণৰ স্থানত ক্ৰিয়া কৰে। | ২। কেৱল উদ্ভিদত সৃষ্টি হয়; প্রাণীয়ে আহাৰত লাভ কৰে; শৰীৰৰ সকলো অংগতে বিভিন্ন বিপাকীয় ক্রিয়াৰ সহায়ক। |
| ৩। হৰম’নে কিছুমান বিশেষ কলাক কেত বোৰ নিৰ্দিষ্ট উৎসেচক প্রস্তুত কৰিবলৈ সংকেত দিয়ে। তেনে উৎসচেক বিভিন্ন জৈৱ ক্রিয়া পৰিচালনা কৰে৷ | ৩। উৎসেচকে নিজে কোষৰ বিভিন্ন ৰাসায়নিক ক্রিয়া নিয়ন্ত্ৰণ কৰে। | ৩। ভিটামিনে সহ-উৎসেচক হিচাপে উৎসেচকৰ ক্ৰিয়া পৰিচালনা কৰে৷ |
| ৪। হৰম’ন সামান্য অথচ নিৰ্দিষ্ট পৰিমাণে প্রয়োজন হয়। তাতোকৈ কম বা বেছি হ’লে ক্রিয়া ব্যাহত হয়। | ৪। সামান্য পৰিমাণে লাগে। বেছি হ’লে ক্রিয়া দ্রুত হয়। | ৪। সামান্য পৰিমাণে লাগে। বেছি হ’লে উদ্বৃত্ত অংশ শৰীৰৰ পৰা ওলাই যায়। |
| ৫। ক্রিয়াত নিঃশেষ হৈ যায়। | ৫। ক্ৰিয়াত নিঃশেষ হৈ নাযায়। | ৫। ক্রিয়াত নিঃশেষ হৈ যায়। |
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

