Class 11 Biology Important Chapter 14 উদ্ভিদৰ শ্বাস প্রশ্বাস

Class 11 Biology Important Chapter 14 উদ্ভিদৰ শ্বাস প্রশ্বাস Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 14 উদ্ভিদৰ শ্বাস প্রশ্বাস Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 14 উদ্ভিদৰ শ্বাস প্রশ্বাস

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 14

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্ৰশ্নোত্তৰ

১। আৱৰ্তক আৰু অনাৱৰ্তক ফট’ফছফ’ৰিলেচন কি?

উত্তৰঃ    

আৱৰ্তক ফট’ফছফ’ৰিলেচনঅনাৱৰ্তক ফট’ফছফ’ৰিলেচন
১। এই প্রক্রিয়াত ক্লৰ’ফিলৰ পৰা বিচ্যুত ইলেক্ট্ৰন পুনৰ সেই ক্লৰ’ফিললৈ উভতি আহে।১। এই প্ৰক্ৰিয়াত ইলেক্ট্ৰন পুনৰ সেই ক্লৰ’ফিললৈ উভতি নাহে৷ পানীৰ বিশ্লেষণৰ পৰা উৎপত্তি হোৱা ইলেক্ট্ৰনটোৱে শূন্য স্থান পূৰণ কৰে।
২। এই প্ৰক্ৰিয়াত পানীৰ আৱশ্যক নহয়। ২। পানীৰ বিশ্লেষণ হোৱা অতি আৱশ্যক।
৩। এই প্ৰক্ৰিয়াত O₂ উৎপন্ন নহয়।৩। O₂ উৎপন্ন হয়। 
৪। কেৱল ATP উৎপন্ন হয়। 8। ATP আৰু NADPH₂ উৎপন্ন হয়।
৫। এই প্ৰক্ৰিয়াত কেৱল P₇₀₀ জড়িত।৫। এই প্ৰক্ৰিয়াত P₇₀₀ আৰু P₆₈₀ জড়িত।

২। ফট’ফছফ’ৰিলেচন আৰু অক্সিডেটিভ ফট’ফছফ’ৰিলেচন কি?

উত্তৰঃ

ফট’ফছফ’ৰিলেচনঅক্সিডেটিভ ফট’ফছফ’ৰিলেচন
১। ক্লৰ’প্লাষ্টত ঘটে।১। মাইট’কন্ড্ৰিয়াত ঘটে।
২। সূৰ্যৰ পোহৰৰ আৱশ্যক। ২। সূৰ্যৰ পোহৰৰ আৱশ্যক নহয়।
৩। কেৱল সেউজীয়া উদ্ভিদত হয়।৩। সকলো জীৱৰ দেহত ঘটে।
৪। সালোকসংশ্লেষণৰ লগত জড়িত। ৪। এই প্ৰক্ৰিয়া শ্বসনৰ লগত জড়িত।
৫। এই প্ৰক্ৰিয়াত O₂ নির্গত হয়।৫। এই প্ৰক্ৰিয়াত O₂ শোষিত হয়।
৬। ক্লৰপ্লাষ্টে ইলেক্ট্ৰন গ্ৰহণ কৰে।৬। অক্সিজেনে ইলকেট্ৰন গ্ৰহণ কৰে।

৩। তিমিৰ বিক্ৰিয়াৰ স্তৰকেইটা উল্লেখ কৰা।

উত্তৰঃ  ১। কাৰ্বন-আত্মীকৰণ (Carboxylation): ৰাইবিউল’জ মনফছফেট (RuMP), ATP-ৰ লগত লগলাগি ৰাইবিউল’জ ডাইফছডেট (RuDP) গঠন কৰে। RuDP য়ে শেষত পানী আৰু CO₂ -ৰ লগত লগলাগি 6 অণুৰ ফছফগ্লিছাৰিক এচিড (PGA) উৎপন্ন কৰে। ৰাইবিউলজ-5 মনফছফেট + ATP →ৰাইবিউল’জ 5 ডাইফছফেট+ ADP…(i)

(RuMP)                (RuDP)

RuDP + CO₂ + H₂O→ 3PGA    …(ii)

২। গ্লাইক’লাইছিছৰ পুনৰাৱৰ্তন (Glycolycis reversal): এই পর্যায়ত PGA-ক NADPH₂  -এ ATP-ৰ সৈতে লগলাগি ফছফ’গ্লিছাৰেল ডিহাইড লৈ (PGAId) ৰূপান্তৰিত কৰে। এই উৎপাদন শ্বাস-প্রশ্বাস ক্ৰিয়াৰ গ্লাইকলাইছিছ পৰ্যায়তো হয়।

3PGA ATP + NADPH₂ → 3PGA →….(iii)

শেষত PGAId-ৰ তিনিটা অণু ডাইহাইড্রক্সি এছিটন ফছফেটৰ তিনিটা অণুৰ সৈতে লগলাগি ফ্রুক্টজৰ তিনিটা অণু উৎপন্ন কৰে।

৩। ৰাইবিউল’জ ডাইফছফেটৰ পুনৰুৎপাদন (Regeneration of ribulose diphoshate)

উত্তৰঃ কেলভিন চক্ৰ চলি থাকিবলৈ ATP, NADPH, আৰু RuDP অহৰহ যোগান পাব লাগিব। আলোক বিক্রিয়াই ATP আৰু NADPH₂ যোগান ধৰে। প্ৰতিটো কেলভিন চক্ৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে RuMP উৎপন্ন হয়। RuMP শেষত ATP-ৰ লগ হৈ RuDP উৎপন্ন কৰে যাতে কেলভিন চক্ৰ অনবৰত চলি থাকে। কেলভিন চক্ৰত ATP ব্যৱহাৰ হৈ ADP উৎপন্ন হয়। NADPH₂ ব্যৱহাৰ হৈ NADP লৈ ৰূপান্তৰিত হয়। ADP আৰু NADP আলোক বিক্ৰিয়াত পুনৰ ATP আৰু NADPH₂ লৈ ৰূপান্তৰিত হয়। 

৪। সালোক সংশ্লেষণৰ সাৰাংশ লিখা।

উত্তৰঃ (ক) সালোকসংশ্লেষণ দুটা পৰ্যায়ৰ মাজেদি সম্পন্ন হয়। এই পর্যায় দুটা হ’ল— আলোক-দশা আৰু তিমিৰ-দশা। 

(খ) আলোক-দশাত পানীৰ আলোক বিশ্লেষণ হৈ ফট’ফছফ’ৰিলেচনৰ মাধ্যমত ATP উৎপন্ন হয়।

(গ) ফট’ফছফ’ৰিলেচন দুই ধৰণৰ। আৱৰ্তক ফট’ফছফ’ ৰিলেচনৰ ক্ষেত্ৰত উৎপন্ন ইলেকট্রন হৰিৎকণালৈ উভতি আহে আৰু প্ৰত্যাৱৰ্তনৰ পূৰ্বে ADP -ৰ পৰা ATP উৎপন্ন কৰে। এইখিনিতে আএলাক-দশাৰ পৰিসমাপ্তি ঘটে। 

(ঘ) তিমিৰ-দশাত RuDP-এ CO₂ সংস্থাপন কৰি PGA উৎপন্ন কৰে। আলোক-দশাত উৎপন্ন হোৱা NADPH₂-এ PGA ক PGAId লৈ ৰূপান্তৰিত কৰে।

(ঙ) PGAId-এ প্রথমতে ফ্লুক্টজ 1,6 ডাইফছফেট উৎপন্ন কৰে আৰু শেষত গ্লুক’জ আৰু শ্বেতসাৰলৈ ৰূপান্তৰিত হয়৷

(চ) ) PGAId আংশিকভাৱে RuDP উৎপন্ন কৰোতে ব্যৱহাৰ হয় যাতে ই পুনৰ CO₂ বন্ধনত ভাগ ল’ব পাৰে।

৫। C₃ আৰু C₄ উদ্ভিদৰ পাৰ্থক্য লিখা। 

উত্তৰঃ   

C₃ উদ্ভিদC₄ উদ্ভিদ
(ক) এনে ধৰণৰ উদ্ভিদৰ কেলভিন চক্ৰত RuDP-এ CO₂ গ্ৰহণ কৰে।(ক) এনে ধৰণৰ উদ্ভিদৰ কেলভিন চক্ৰত PEP-এ CO₂ গ্ৰহণ কৰে। 
(খ) সালোকসংশ্লেষণৰ প্ৰথম স্থায়ী উৎপাদন হিচাপে 3C যুক্ত PGA পোৱা যায়।(খ) প্রথম স্থায়ী উৎপাদন 3C যুক্ত PGA-ৰ পৰিবৰ্তে 4C যুক্ত OAA পোৱা যায়।
(গ) মাত্র মধ্যকলাত থকা হৰিকণা এনে উদ্ভিদ সালোকসংশ্লেষণত লগত যুক্ত থাকে।(গ) মধ্যকালত থকা হৰিৎকণাৰ বাদেও সংবহন গুচ্ছৰ আৱৰণী কোষত থকা হৰিৎকণাইও সালোকসংশ্লেষণ ক্রিয়াত ভাগ লয়। 
(ঘ) এনে উদ্ভিদে আলোকশ্বসনত বাধা দিব নোৱাৰে।(ঘ) আলোকশ্বসনত বাধা দিব পাৰে বাবে উৎপাদন অধিক হয়।
(ঙ) এনে উদ্ভিদৰ কোষমধ্যৱৰ্তী স্থানত CO₂-ৰ পৰিমাণ কম হ’লে ক্ৰিয়া কৰিব নোৱাৰে। (ঙ) CO₂ৰ পৰিমাণ কম হ’লেও ক্রিয়াত বাধাৰ সৃষ্টি নহয়।
(চ) সকলো ধৰণৰ উদ্ভিদত এনে ক্ৰিয়া হোৱা দেখা যায়৷(চ) কিছুমান বিশেষ ধৰণৰ উদ্ভিদত যিবিলাকৰ পাতত ‘Kranz’ নামৰ বিশেষ ধৰণৰ অন্তৰ্গঠন দেখা যায় তেনে উদ্ভিদত এনে ক্রিয়া হয়।
(ছ) 10°C-25°C তাপ মাত্ৰাত এনে উদ্ভিদে সালোকসংশ্লেষণ ক্ৰিয়া কৰে।(ছ) 30°C-45°C তাপমাত্রাতো এনে উদ্ভিদে সালোকসংশ্লেষণ ক্রিয়া চলাই যাব পাৰে।
(জ) তুলনামূলকভাৱে CO₂ আত্মীকৰণৰ পৰিমাণ কম ৷ উদাহৰণ: ধান, বিলাহী, আম।(জ) তুলনামূলকভাৱে CO₂ আত্মীকৰণৰ পৰিমাণ অধিক। উদাহৰণ: মাকৈ, গম, কুঁহিয়াৰ।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top