Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল

Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 9 অসমৰ ভূগোল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ ভূগোল

Chapter – 9

ভূগোল

Multiple Choice Questions & Answers

1. অসমৰ আটাইতকৈ জনবহুল নগৰ— 

(a) ধুবুৰী।

(b) ডিব্ৰুগড়।

(c) গুৱাহাটী।

(d) শিলচৰ।

উত্তৰঃ (c) গুৱাহাটী।

2. ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত—

(a) ১৯৮ জন।

(b) ২৮৮ জন।

(c) ৩০৮ জন।

(d) ৩৯৮ জন।

উত্তৰঃ (d) ৩৯৮ জন।

3. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা— 

(a) ধুবুৰী।

(b) নগাঁও।

(c) কামৰূপ।

(d) বঙাইগাঁৱত।

উত্তৰঃ (b) নগাঁও।

4. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা— 

(a) কার্বি আংলং।

(b) ডিমা হাছাও।

(c) হাইলাকান্দি।

(d) ধেমাজি।

উত্তৰঃ (b) ডিমা হাছাও।

5. জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল—

(a) বড়ো।

(b) কাৰ্বি।

(c) ৰাভা।

(d) মিছিং।

উত্তৰঃ (d) মিছিং।

6. জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে—

(a) বড়ো।

(b) মিছিং।

(c) ৰাভা।

(d) কাৰ্বি।

উত্তৰঃ (a) বড়ো।

7. ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—

(a) ৮৭১ কি.মি.।

(b) ৮৯৫ কি.মি.।

(c) ৮৯১ কি.মি.।

(d) ৮৯০ কি.মি.।

উত্তৰঃ (b) ৮৯৫ কি.মি.।

8. বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—

(a) ২৭১ কি.মি.।

(b) ১২১ কি.মি.।

(c) ২৬১ কি.মি.।

(d) ১৫৫ কি.মি.।

উত্তৰঃ (b)  ১২১ কি.মি.।

9. অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ’ল—

(a) কামৰূপ।

(b) শিৱসাগৰ।

(c) নগাঁও।

(d) কার্বি আংলং।

উত্তৰঃ (d) কার্বি আংলং।

10. অসমৰ চূণশিল থকা ঠাই খন হ’ল—

(a) ডিলাই পাহাৰ।

(b) ধুবুৰী।

(c) বোকাজান।

(d) নামৰূপ।

উত্তৰঃ (a) ডিলাই পাহাৰ।

11. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়— 

(a) নামেৰি উদ্যানত।

(b) মানাহ উদ্যানত।

(c) কাজিৰঙা উদ্যানত।

(d) ডিব্ৰু-ছৈখোৱা উদ্যানত।

উত্তৰঃ (d)ডিব্ৰু-ছৈখোৱা উদ্যানত।

12. অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিল’মিটাৰ পশ্চিম বংগৰ সৈতে ভৰত ভূ-খণ্ডৰ লগত সংলগ্ন হৈ আছে—

(a) ৫০ কিল’মিটাৰ।

(b) ৪০ কিল’মিটাৰ।

(c) ৭০ কিল’মিটাৰ।

(d) ৫৫ কিল’মিটাৰ।

উত্তৰঃ (a) ৫০ কিল’মিটাৰ।

13. ২০০১ চনৰ তথ্যমতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—

(a) ৮৮%

(b) ৮৭%

(c) ৮১%

(d) ৮৩%

উত্তৰঃ (b) ৮৭%

14. ২০১১ চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে—

(a) ৮১.৯০

(b) ৮২.৯০

(c) ৮৫.৯০

(d) ৮৪.৯০

উত্তৰঃ (c) ৮৫.৯০

15. ২০১১ চনৰ তথ্যমতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা—

(a) ৬

(b) ৫

(c) ৪

(d) ৭

উত্তৰঃ (d) ৭

16. ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে—

(a) ৩৩%

(b) ৩২%

(c) 35% 

(d) 37%

উত্তৰঃ (b) ৩২%

17. বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল—

(a) ৫

(b) ৬

(c) ৮

(d) ১০

উত্তৰঃ (a) ৫

18. পনীয়া সোণ বুলি কাক বোলা হয়— 

(a) পানী।

(b) খনিজ তেল।

(c) মিঠাতেল।

(d) পাৰা।

উত্তৰঃ (b) খনিজ তেল।

19. অসম প্রধান শস্য হৈছে— 

(a) ঘেহুঁ।

(b) গোমধান।

(c) সৰিয়হ।

(d) ধান।

উত্তৰঃ (d) ধান।

20. ভাৰত চৰকাৰে উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰা বছৰটো হ’ল—

(a) ২০০৬ 

(b) ২০০৭

(c) ২০০৫

(d) ২০০৩

উত্তৰঃ (b) ২০০৭

21. অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰা বছৰটো হ’ল— 

(a) ২০০৮

(b) ২০০৭

(c) ২০০৫

(d) ২০০৪

উত্তৰঃ (a) ২০০৮

22. বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা- 

(a) ৩০

(b) ৪০

(c) ২০

(d) ৫০

উত্তৰঃ (d) ৫০

23. বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা— 

(a) ৭

(b) ৫

(c) ৯

(d) ১০

উত্তৰঃ (c) ৯

24. অসম চৰকাৰে ‘অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি’ ঘোষণা কৰা বছৰটো হ’ল — 

(a) ২০১৪

(b) ২০১৫

(c) ২০১৮

(d) ২০১৩

উত্তৰঃ (a) ২০১৪

25. ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে— 

(a) ৫৫%

(b) ৮৫%

(c) ৬৫%

(d) ৭৫%

উত্তৰঃ (c) ৬৫%

26. অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ’ল—

(a) মৰাপাটৰ উদ্যোগ।

(b) ৰবৰ উদ্যোগ।

(c) চাহ উদ্যোগ।

(d) এৰী-মুগা উদ্যোগ।

উত্তৰঃ (c) চাহ উদ্যোগ।

27. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ’ল— 

(a) খাচী।

(b) আদি।

(c) খামতি।

(d) কাৰ্বি।

উত্তৰঃ (c) খামতি।

Very Short & Short Type Questions and Answers

1. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰা আৰু দেওহাঁহৰ বাবে বিখ্যাত?

উত্তৰঃ ডিব্ৰু-চৈখোৱা অভয়াৰণ্য।

2. বৰাক অঞ্চলৰ মূল অর্থকৰী শস্য দুবিধ কি কি? 

উত্তৰঃ চাহ আৰু কুঁহিয়াৰ।  

3. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? 

উত্তৰঃ ২৬, ৬৫৫,৫২৮

4. অসমত বৰ্তমান কিমানখন জিলা আছে? 

উত্তৰঃ ৩৫ খন। 

5. মাটিকালিৰ ফালৰ পৰা অসমৰ আটাইতকৈ বৃহৎ জিলা কোনখন?

উত্তৰঃ কাৰ্বি আংলং (১০,৪৩৪ বর্গ কিঃ মিঃ)।

6. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত কিমানখন নগৰ আৰু গাঁও আছে? 

উত্তৰঃ নগৰ — ১০২।

গাঁও — ২৬, ২৪৭ খন।

7. ডিমা হাচাও জিলাখন কোনটো পাৰ্বত্য অঞ্চলত অৱস্থিত? 

উত্তৰঃ বৰাইল পাৰ্বত্য অঞ্চল। 

8. অসমৰ সৈতে চাৰিসীমা সংলগ্ন থকা ভাৰতীয় ৰাজ্যৰ সংখ্যা হ’ল— 

উত্তৰঃ ৭ খন।

9. অসমৰ সৈতে চাৰিসীমা সংলগ্ন থকা বিদেশী ৰাষ্ট্ৰ কেই খন? 

উত্তৰঃ ২ খন।

10. অসমৰ উত্তৰৰ ফালে থকা ৰাজ্যখনৰ নাম কি?

উত্তৰঃ অৰুণাচল প্রদেশ।

11. অসমৰ দক্ষিণৰ ফালে থকা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ মিজোৰাম আৰু মেঘালয়।

12. অসমৰ পশ্চিম ফালে থকা দুখন ৰাজ্যৰ নাম লিখা। 

উত্তৰঃ পশ্চিমবঙ্গ আৰু ত্ৰিপুৰা।

13. অসমৰ পূব ফালে থকা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম। 

14. অসমৰ উত্তৰফালে থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। 

উত্তৰঃ ভূটান। 

15. অসমৰ পশ্চিমফালে থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। 

উত্তৰঃ বাংলাদেশ। 

16. অসমৰ দুৱাৰমুখ বুলি কোনখন ৰাজ্যক কোৱা হয়?

উত্তৰঃ অসম।

17. অসমৰ অৱস্থিতি কিমান অক্ষাংশৰ পৰা কিমান বিস্তৃত? 

উত্তৰঃ ২৪°০৯′ উত্তৰ অক্ষাংশৰ পৰা ২৭°৫৮’ উত্তৰ অক্ষাংশলৈ বিস্তৃত। 

18. অসমৰ অৱস্থিতি কিমান দ্ৰাঘিমাংশৰ পৰা কিমান দ্রাঘিমাংশলৈ বিস্তৃত। 

উত্তৰঃ ৮১°৪২′ পূব দ্রাঘিমাংশৰ পৰা ৯৬°০১′ পূব দ্রাঘিমাংশলৈ বিস্তৃত। 

19. অসমৰ মাটিকালি কিমান? 

উত্তৰঃ ৭৮,৪৩৮ বর্গ কিঃমিঃ।

20. ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে?

উত্তৰঃ ২.৪%। 

21. ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ কিমান শতাংশ মানুহ অসমত বাস কৰে? 

উত্তৰঃ ২.৬%। 

22. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ জনসংখ্যা কিমান?

উত্তৰঃ ১৫৯.৩৯ লাখ। 

23. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? 

উত্তৰঃ ৩১২.০৫ লাখ। 

24. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ জনসংখ্যা কিমান? 

উত্তৰঃ ১৫২.৬৬ লাখ।

25. ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান? 

উত্তৰঃ ৬৩.২৫%।  

26. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান? 

উত্তৰঃ ৭২.১৯%।

27. ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান? 

উত্তৰঃ ৯৩৫

28, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ লিংগ অনুপাত কিমান? 

উত্তৰঃ ৯৫৮

29. ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰিছিল? 

উত্তৰঃ ৮৭%

30. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে? 

উত্তৰঃ ৮৫.৯০%

31. ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰীয়া জনসংখ্যা কিমান শতাংশ আছিল? 

উত্তৰঃ ১২.৯০%

32. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ নগৰীয়া জনসংখ্যা কিমান শতাংশ আছিল? 

33. ২০১১ চনৰ লোকপিয়ল অনুসৰি গুৱাহাটীৰ জনসংখ্যা কিমান আছিল? 

উত্তৰঃ ৯,৬৮,৫৪৯ জন।

34. অসমৰ দ্বিতীয় আৰু তৃতীয় জনবহুল নগৰ দুখনৰ নাম লিখা। 

উত্তৰঃ দ্বিতীয় – শিলচৰ।

তৃতীয় – ডিব্ৰুগড়।

35. অসমৰ দ্বিতীয় শ্ৰেণীৰ ৬ খন নগৰৰ ভিতৰত কোনখন আটাইতকৈ জনবহুল? 

উত্তৰঃ ধুবুৰী চহৰ। 

36. অসমৰ দ্বিতীয় শ্ৰেণীৰ ৬ খন নগৰৰ ভিতৰত কোনখন ২য় জনবহুল? 

উত্তৰঃ ডিফু চহৰ। 

37. ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনবসতিৰ ঘনত্ব কিমান? 

উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ৩৯৮ জন। 

38. ২০১১ চনৰ লোকপিয়ল অনুসৰি ব্ৰহ্মপুত্র উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ১৫০২ জন। 

39. ২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি ব্ৰহ্মপুত্র উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব কিমান? 

উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ৩৭১ জন। 

40. ২০১১ চনৰ লোকপিয়ল অনুসৰি মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ৫০০ জন। 

41. ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমান শতাংশ লোক নামনি ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে?

উত্তৰঃ ৩৬%

42. ২০১১ চনৰ লোকপিয়ল অনুসৰি নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ৬৩১ জন। 

43. ২০১১ চনৰ তথ্য মতে বৰাক উপত্যকাৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰঃ ৫৪৫ জন।

44. ২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ২০১০ জন।

45. ২০১১ চনৰ লোকপিয়ল অনুসৰি ডিমা হাচাও জিলাৰ জনসংখ্যাৰ ঘনত্ব কিমান?

উত্তৰঃ প্ৰতি বৰ্গ কিঃমিঃত ৪৪ জন।

46. অসমলৈ অহা প্ৰথমটো জনস্রোত কি আছিল?

উত্তৰঃ অষ্ট্ৰিক সকল।

47. উত্তৰ পূৰ্বাঞ্চলৰ দুটা অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত জনগোষ্ঠীৰ নাম লিখা। 

উত্তৰঃ খাচী আৰু জয়ন্তীয়া।

48. অসমলৈ অহা দ্বিতীয়টো জনস্ৰোতৰ নাম লিখা।

উত্তৰঃ মংগোলীয়সকল। 

49. জনসংখ্যাৰ ফালৰ পৰা অসমৰ দ্বিতীয় বৃহৎ জনজাতিটোৰ নাম কি?

উত্তৰঃ মিচিং। 

50. কাৰ্বি সকলৰ বাসভূমিৰ নাম লিখা। 

উত্তৰঃ কাৰ্বি আংলং। 

51. জনসংখ্যাৰ ফালৰ পৰা অসমৰ তৃতীয় বৃহৎ জনজাতিটোৰ নাম লিখা। 

উত্তৰঃ কাৰ্বি। 

52. কুকি আৰু মাৰ জনজাতিৰ লোকসকল কোনখন জিলাত বাস কৰে?

উত্তৰঃ ডিমা হাচাও জিলাত।

53. মুছলমানসকল অসমলৈ কেতিয়া আহিছিল? 

উত্তৰঃ তেৰ শতিকাৰ আগভাগত। 

54. ইছনাম ধৰ্মাৱলম্বী লোকসকল কাৰ নেতৃত্বত অসমলৈ আহিছিল?

উত্তৰঃ মহম্মদ বিন বখতিয়াৰ খিলীজিৰ নেতৃত্বত। 

55. মহম্মদ বিন বখতিয়াৰ খিলীজি কোন আছিল?

উত্তৰঃ কুটুবুদ্দিনৰ সেনাপতি আছিল। 

56. আহোমসকল অসমলৈ কেতিয়া আহিছিল? 

উত্তৰঃ ১২২৪ খ্ৰীষ্টা। 

57.  আহোমসকল মূলতঃ কোনটো জনগোষ্ঠীৰ লোক?

উত্তৰঃ মঙ্গোলীয় জনগোষ্ঠীৰ লোক।  

58. আহোমসকল অসমলৈ কাৰ নেতৃত্বত আহিছিল? 

উত্তৰঃ চ্যু-কা-ফাৰ নেতৃত্বত।

59. আহোমসকল অসমলৈ ক’ৰ পৰা আহিছিল? 

উত্তৰঃ উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা। 

60. চাহ বাগানত কাম কৰিবলৈ ব্ৰিটিছসকলে কোন ঠাইৰ পৰা শ্ৰমিকসকলক আনিছিল? 

উত্তৰঃ মধ্য ভাৰতৰ ছোটানাগপুৰ মালভূমিৰ পৰা। 

61. চাহ জনজাতিসকলে কোনটো ভাষা কয়?

উত্তৰঃ মুণ্ডাৰী ভাষা। 

62. অসমত আটাইতকৈ বেছি কোনটো ধৰ্মৰ মানুহ আছে?

উত্তৰঃ হিন্দু ধৰ্মৰ। 

63. ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ হিন্দু ধর্মাবলম্বী? 

উত্তৰঃ ৬৪.৯১%।

64. অসমত কিমান শতাংশ নেপালী ভাষা কোৱা লোক আছে?

উত্তৰঃ ২.৩০%।

65. উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক’ত আছে? 

উত্তৰঃ মালিগাঁৱত।

66. ২০১১-১৩ চনত অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান আছিল? 

উত্তৰঃ ৫২,০৯৯.২২ কিঃমিঃ। 

67. ২০১১-১৩ চনত অসমৰ মুঠ ৰে’ল পথৰ দৈৰ্ঘ্য কিমান আছিল? 

উত্তৰঃ ২৪৫৮.৯৩ কিঃমিঃ। 

68. ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো কেতিয়া দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৯৮৮ চনত। 

69. বৰাক উপত্যকাৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথটোৰ নাম লিখা।

উত্তৰঃ বৰাক নদীৰ লখিপুৰৰ পৰা ভাংগালৈ মুঠ ১২১ কিঃমিঃ নাব্য জলপথছোৱাক ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে।

70. ২০০৯-১০ চনৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ খেতি কৰিব পৰা মাটি আছিল? 

উত্তৰঃ ৩৫%। 

71. ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ মুঠ বনাঞ্চলৰ পৰিমাণ কিমান? 

উত্তৰঃ ১৬,৮৩২ বর্গ কিঃমিঃ।

72. অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰঃ ৫ খন।

73. অসমত মুঠ কিমানখন অভয়াৰণ্য আছে?

উত্তৰঃ ২০ খন। 

74. অসমৰ মুঠ বনাঞ্চলৰ কিমান শতাংশ সংৰক্ষিত বনাঞ্চল?

উত্তৰঃ ৭২%।

75. পনীয়া সোণ বুলিলে কাক কোৱা হয়? 

উত্তৰঃ খনিজ তেলক।

76. ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখনৰ নাম লিখা।

উত্তৰঃ ডিগবৈ।

77. অসমৰ প্ৰধান শস্য কি? 

উত্তৰঃ ধান। 

78. অসমৰ খাদ্য উদ্যান ক’ত আছে?

উত্তৰঃ ছয়গাঁও আৰু টিহুৰ নামকুছিত। 

79. মুগা সূতাৰ আন এটা নাম ক?

উত্তৰঃ সোণালী সুতা। 

80. অসমত বৰ্তমান কেইখন তাঁতশাল আছে?

উত্তৰঃ প্ৰায় ৩৩ লাখতকৈও অধিক। 

81. অসমৰ কিমান হেক্টৰ ভূমিত চাহ খেতি কৰা হয়? 

উত্তৰঃ ৩১৮ হেজাৰ হেক্টৰ ভূমিত। 

82. ২০১১-১২ চনত কোনখন জিলাত আটাইতকৈ বেছি মাছ উৎপাদন হৈছিল? 

উত্তৰঃ নগাঁও জিলাত।

83. ২০১১-১২ চনত মাছ উৎপাদনত দ্বিতীয় আৰু তৃতীয় জিলা কোন কেইখন? 

উত্তৰঃ দ্বিতীয় – কাছাৰ।

তৃতীয় – ধুবুৰী।

84. ২০১১-১২ চনত কোনখন জিলাত আটাইতকৈ বেছি মাছৰ পোণা উৎপাদিত হৈছিল?

উত্তৰঃ বৰপেটা জিলা। 

85. অসমত খনিজ তেল উৎপাদনৰ বাবে প্ৰথম খনন কার্য কেতিয়া আৰম্ভ হয়? 

উত্তৰঃ ১৮৮৯ চনত ডিগবৈত।

86. নাহৰকটীয়াত কেতিয়া তৈলক্ষেত্ৰ আৱিষ্কাৰ হৈছিল আৰু তেলৰ উৎপাদন আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫৪ চনত। 

87. মৰাণ হুগ্ৰীজান তৈলক্ষেত্ৰত কেতিয়াৰ পৰা খনিজ তেল উৎপাদন আৰম্ভ হয়?

উত্তৰঃ ১৯৫৬ চনত। 

88. কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰয়েল বেংগল টাইগাৰ পোৱা যায়? 

উত্তৰঃ মানাস ৰাষ্ট্ৰীয় উদ্যানত।

89. কাৰ্বি আংলং জিলাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি?

উত্তৰঃ ডিফু।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। অসমৰ আটাইতকৈ জনবহুল নগৰ—

(ক) ধুবুৰী।

(খ) ডিব্ৰুগড়।

(গ) গুৱাহাটী।

(ঘ) শিলচৰ।

উত্তৰঃ (গ) গুৱাহাটী।

২। ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত-

(ক) ১৯৮ জন।

(খ) ২৮৮ জন। 

(গ) ৩০৮ জন।

(ঘ) ৩৯৮ জন।

উত্তৰঃ (ঘ) ৩৯৮ জন।

৩। ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা-

(ক) ধুবুৰী।

(খ) নগাঁও।

(গ) কামৰূপ।

(ঘ) বঙাইগাঁৱত।

উত্তৰঃ (খ) নগাঁও।

৪। ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা-

(ক) কাৰ্বিআংলং।

(খ) ডিমা হাছাও।

(গ) হাইলাকান্দি।

(ঘ) ধেমাজি।

উত্তৰঃ (খ) ডিমা হাছাও।

৫। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল—

(ক) বড়ো।

(খ) কাৰ্বি।

(গ) ৰাভা।

(ঘ) মিছিং।

উত্তৰঃ (ঘ) মিছিং।

৬। জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে—

(ক) বড়ো।

(খ) মিছিং।

(গ) ৰাভা।

(ঘ) কাৰ্বি।

উত্তৰঃ (ক) বড়ো।

৭। ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য—

(ক) ৮৭১ কি.মি.।

(খ) ৮৯৫ কি.মি.।

(গ) ৮৯১ কি.মি.।

(ঘ) ৮৯০ কি.মি.।

উত্তৰঃ (খ) ৮৯১ কি.মি.।

৮। বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য-

(ক) ২৭১ কি.মি.।

(খ) ১২১ কি.মি.।

(গ) ২৬১ কি.মি.।

(ঘ) ১৫৫ কি.মি.।

উত্তৰঃ (খ) ১২১ কি.মি.।

৯। অসমৰ বৰ্তমান সর্বাধিক মাটিকালি থকা জিলাখন হ’ল—

(ক) কামৰূপ।

(খ) শিৱসাগৰ।

(গ) নগাঁও।

(ঘ) কাৰ্বিআংলং।

উত্তৰঃ (ঘ) কাৰ্বিআংলাং।

১০। অসমৰ চূণশিল থকা ঠাই খন হ’ল-

(ক) ডিলাই পাহাৰ।

(খ) ধুবুৰী।

(গ) বোকাজান।

(ঘ) নামৰূপ।

উত্তৰঃ (ক) ডিলাই পাহাৰ।

১১। ডিগাৰু জলধাৰাৰ মেঘালয়ত প্রবাহিত অংশটোৰ নাম হ’ল—

(ক) উমত্রু।

(খ) মৈটেৰে।

(গ) উকিয়াম।

(ঘ) উমৰাংচু।

উত্তৰঃ (গ) উকিয়াম।

১২। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়—

(ক) নামেৰি উদ্যানত।

(খ) মানাহ উদ্যানত।

(গ) কাজিৰঙা উদ্যানত।

(ঘ) ডিব্ৰু – ছৈখোৱা উদ্যানত।

উত্তৰঃ (ঘ) ডিব্ৰু ছৈখোৱা উদ্যানত।

প্রশ্ন ১৩। অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত-পাহাৰ সমূহ- 

(ক) পাটকাই পর্বত শ্ৰেণীৰ অন্তৰ্গত।

(খ) মেঘালয় মালভূমিৰ অন্তৰ্গত।

(গ) বৰাইল পৰ্বত শ্ৰেণীৰ অন্তৰ্গত।

(ঘ) লুচাই পৰ্বত শ্ৰেণীৰ অন্তৰ্গত।

উত্তৰঃ (খ) মেঘালয় মালভূমিৰ অন্তৰ্গত।

৪। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ—

(ক) ২.৩৯ শতাংশ।

(খ) ২.৭৯ শতাংশ।

(গ) ৩.২৯ শতাংশ।

(ঘ) ২.৫৯ শতাংশ।

উত্তৰঃ (ঘ) ২.৫৯ শতাংশ।

১৫। গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল-

(ক) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(গ) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(খ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

উত্তৰঃ (খ) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ।

১৬। বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল—

(ক) ১০ খন।

(খ) ২০ খন।

(গ) ৫ খন।

(ঘ) ৬ খন।

উত্তৰঃ (খ) ৫ খন।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?

উত্তৰঃ 26,655,৫২৮ জন। ভাৰতৰ জনসংখ্যাৰ ২.৫৯ শতাংশ।

প্রশ্ন ২। বৰ্তমান অসমৰ প্ৰসাসনিক জিলাৰ সংখ্যা কিমান?

উত্তৰঃ ২৭ খন।

প্রশ্ন ৩। মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? 

উত্তৰঃ কাৰ্বি আংলং (১০,৪৩৪ বর্গ কি.মি.)।

প্রশ্ন ৪। অসমত সর্বপ্রথম ৰেলসেৱা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৮৪ চনত।

প্রশ্ন ৫। অসমত সর্বপ্রথম জাহাজসেৱা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৪৯ চনত ব্ৰহ্মপুত্ৰত।

প্রশ্ন ৬। পনীয়া সোণ বুলিলে কিহক বুজায়?

উত্তৰঃ খনিজ তেলক।

প্রশ্ন ৭। সোণালী সূতা বুলিলে কিহক বুজায়?

উত্তৰঃ মুগা সূতাক।

প্রশ্ন ৮। ২০০১ চনৰ জনপিয়ল মতে অসমত কিমানখন নগৰ আৰু গাঁও আছে।

উত্তৰঃ নগৰ– ১০২ খন।

গাওঁ— ২৬,২৪৭ খন।

প্রশ্ন ৯। অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত-পাহাৰ শ্ৰেণীটোৰ নাম কি?

উত্তৰঃ বৰাইল পৰ্বত শ্রেণী।

প্রশ্ন ১০। অসমৰ খাৰুৱা তেলৰ পুং থকা দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ ডিগবৈ আৰু নাহৰকটীয়া।

প্রশ্ন ১১। জনসংখ্যাৰ ফালৰ পৰা অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি?

উত্তৰঃ হিন্দু ধৰ্মাৱলম্বী।

প্রশ্ন ১২। অনুসূচীভুক্ত অসমৰ প্ৰধান ভাষা কি কি?

উত্তৰঃ অসমীয়া আৰু বঙালী।

প্রশ্ন ১৩। ২০১২-১৩ বৰ্ষৰ তথ্য মতে অসমত মুঠ পথৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ 52,099.২২ কি.মি.।

প্রশ্ন ১৪। ২০১১ চনৰ তথ্য মতে অসমত গাঁৱত বাস কৰা মানুহৰ সংখ্যা কিমান?

উত্তৰঃ ৮৫.৯০ শতাংশ।

প্রশ্ন ১৫। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিত হাৰ কিমান?

উত্তৰঃ ৭২.১৯ শতাংশ।

প্রশ্ন ১৬। ২০০১ – ১১ দশকটোত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান?

উত্তৰঃ ১৬.১১ শতাংশ।

প্রশ্ন ১৭। জাটিংগা কিহৰ বাবে বিখ্যাত?

উত্তৰঃ পক্ষীৰ তথাকথিত ‘আত্মহনন’ পর্যবেক্ষণৰ বাবে জাটিংগা বিখ্যাত।

প্রশ্ন ১৮। অসম তথা উত্তৰ-পূব ভাৰতক ভাৰতৰ ঘাই ভূ-ভাগৰ লগত স্থল সংযোগ কৰা ৰাষ্ট্ৰীয় পথটোৰ নম্বৰ কি?

উত্তৰঃ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

প্রশ্ন ১৯। অসমৰ খাৰুৱা তেলৰ পুং থকা দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ ডিগবৈ আৰু নাহৰকটীয়া।

প্রশ্ন ২০। বৰাক উপত্যকাৰ কোনখন জিলাত একমাত্র কাগজ কলটো আছে?

উত্তৰঃ হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত।

প্রশ্ন ২১। কাৰ্বি মালভূমিৰ মাজত থকা পাহাৰ শ্ৰেণীটোৰ নাম কি?

উত্তৰঃ ৰেংমা পাহাৰ শ্ৰেণী।

প্রশ্ন ২২। কাৰ্বি মালভূমিত থকা উচ্চতম শৃংগদ্বয়ৰ নাম কি?

উত্তৰঃ দাম্বুকছো (১.৩৬৩ মি.)।

প্রশ্ন ২৩। স্বাধীনতাৰ পিছত নগা পাহাৰ জিলাৰ নতুন নামটো কি?

উত্তৰঃ নাগালেণ্ড।

প্রশ্ন ২৪। লুচাই পাহাৰ জিলাখনৰ নতুন নাম কি?

উত্তৰঃ মিজোৰাম।

প্রশ্ন ২৫। কাৰ্বি আংলং জিলাৰ প্ৰধান অর্থ শস্য কি কি?

উত্তৰঃ চাহপাত, ৰবৰ আৰু কফি।

প্রশ্ন ২৬। বৰাক সমতলৰ প্ৰধান অৰ্থশস্য কি কি?

উত্তৰঃ মৰাপাট, কুঁহিয়াৰ আৰু চাহপাত।

প্রশ্ন ২৭। ২০১১ চনৰ লোক পিয়লমতে অসমক সর্বাধিক জনসংখ্যা থকা আৰু সর্বনিম্ন জনসংখ্যা থকা জিলা দুখনৰ নাম কি?

উত্তৰঃ সৰ্বাধিক জনসংখ্যা থকা জিলা – নগাওঁ জিলা।

সর্বনিম্ন জনসংখ্যা থকা জিলা – ডিমা হাছাও জিলা।

প্রশ্ন ২৮। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যাৰ পুৰুষ আৰু মহিলাৰ সংখ্যা কিমান?

উত্তৰঃ মুঠ জনসংখ্যাৰ পুৰুষ ১৫৯.৩৯ লাখ আৰু মহিলা ১৫২.৬৬ লাখ।

প্রশ্ন ২৯। পথ পৰিবহণৰ দুটা সুবিধা লিখা।

উত্তৰঃ পথ পৰিবহণৰ তিনিটা সুবিধা হ’ল—

(ক) পথ পৰিবহন সুচল, বেগী আৰু নিৰ্ভৰযোগ্য।

(খ) ই সৰু আৰু ভিতৰুৱা ঠাইসমূহৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰে৷

প্রশ্ন ৩০। অসমৰ পথ পৰিবহণ ব্যৱস্থা কেই-প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ অসমৰ পথ পৰিবহণ ব্যৱস্থা মুঠ ৭ প্ৰকাৰৰ।  

(ক) পকীপথ।

(খ) পকী নোহোৱা পথ।

(গ) ৰাষ্ট্ৰীয় ঘাই পথ।

(ঘ) ৰাজ্যিক পথ।

(ঙ) জিলাৰ পথ।

(চ) গাঁৱলীয়া পথ।

(ছ) নগৰৰ পথ।

প্রশ্ন ৩১। অসমত কেই প্ৰকাৰৰ মৃত্তিকা আছে?

উত্তৰঃ অসমত চাৰি প্ৰকাৰৰ মৃত্তিকা আছে— 

(ক) নদী সমভূমি পলসুৱা মৃত্তিকা।

(খ) গিৰিপাৰ মৃত্তিকা।

(গ) পাহাৰীয়া মৃত্তিকা।

(ঘ) কংকৰ মৃত্তিকা।

প্রশ্ন ৩২। ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি তৈলক্ষেত্ৰটোৰ নাম কি? অসমৰ ক’ত ক’ত খনিজ তেল পোৱা যায়?

উত্তৰঃ ডিগবৈ।

অসমৰ নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী আদিত খনিজ তেল পোৱা যায়।

প্রশ্ন ৩৩। অসমৰ ক’ত ক’ত লোৰ আকাৰৰ সন্ধান পোৱা গৈছে? অসমৰ ফেলষ্পাৰ পোৱা ঠাই এখনৰ নাম লিখা।

উত্তৰঃ অসমৰ গোৱালপাৰা জিলাৰ চান্দডিঙা, লেংগুপাৰা, কুমাৰী অঞ্চলত লোৰ আকৰৰ সন্ধান পোৱা গৈছে।

কামৰূপ জিলাৰ হাহিমত ফেলষ্পাৰ পোৱা যায়।

প্রশ্ন ৩৪। অসমৰ কয়লা আৰু চূণশিল ক’ত ক’ত পোৱা যায়?

উত্তৰঃ কয়লা— মাকুম, গৰমপানী।

চূণশিল— শিলভেটা, বোকাজান।

প্রশ্ন ৩৫। অসমৰ ৰাজহুৱা খণ্ডৰ বিমান বন্দৰ কেইটাৰ নাম লিখা।

উত্তৰঃ বৰঝাৰ— গুৱাহাটী।

মোহনবাৰী— ডিব্ৰুগড়।

লীলাবাৰী— উত্তৰ লখিমপুৰ।

ঘোৰামাৰী— তেজপুৰ।

ৰৰৈয়া— যোৰহাট।

কুম্ভীৰ গ্ৰাম— শিলচৰ। 

প্রশ্ন ৩৬। অসমৰ চাৰিসীমাটো লিখা।

উত্তৰঃ অসমৰ চাৰিসীমাটো হ’ল—

উত্তৰে: ভূটান আৰু অৰুণাচল।

পূবে: অৰুণাচল নাগালেণ্ড আৰু মণিপুৰ।

দক্ষিণে: মিজোৰাম আৰু মেঘালয়।

পশ্চিমে: পশ্চিমবংগ, বাংলাদেশ আৰু ত্ৰিপুৰা।

প্রশ্ন ৩৭। কিমান চনত বি.টি.এ.ডি (B.T.A.D) গঠন কৰা হৈছিল? আৰু তাৰ অন্তর্ভুক্ত জিলা কেইখনৰ নাম লিখা।

উত্তৰঃ অসম চৰকাৰে ২০০৩ চনৰ ৩০ অক্টোবৰ তাৰিখে ‘বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট গঠন কৰে।

ইয়াৰ অন্তৰ্ভুক্ত জিলা চাৰিখন হ’ল– 

(i) চিৰাং।

(ii) বাগছা।

(iii) ওডালগুৰি। আৰু 

(iv) কোকৰাঝাৰ।

প্রশ্ন ৩৮। অসম ৰাজ্যখন ভৌগোলিক ভাৱে কি কি অঞ্চলত ভাগ কৰা হৈছে?

উত্তৰঃ অসম ৰাজ্যখন ভৌগোলিক অঞ্চল হিচাপে তিনিটা প্রধান ভাগত ভাগ কৰা হৈছে। 

সেই কেইটা হ’ল-

(ক) ব্রহ্মপুত্র সমতল অঞ্চল। (ৰাজ্যখনৰ উত্তৰ অংশত অৱস্থিত)।

(খ) বৰাক সমতল অঞ্চল। (ৰাজ্যখনৰ দক্ষিণ অংশত অৱস্থিত)।

(গ) উচ্চভূমি অঞ্চল। (ৰাজ্যখনৰ মাজভাগত অৱস্থিত)।

প্রশ্ন ৩৯। পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটোৰ নাম কি আৰু ইয়াৰ বৰ্তমান মাটি কালি কিমান?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটোৰ নাম হ’ল মাজুলী। 

আগতে এই বৃহত্তম নদী-দ্বীপটোৰ মাটিকালি আছিল প্রায় ১,২০০ বর্গ কিল’মিটাৰ।

প্রশ্ন ৪০। ট্ৰৰাই অঞ্চল কাক বোলে?

উত্তৰঃ যিবিলাক অৰণ্য অঞ্চলত সেমেকা মাটিৰ ওপৰত ওখ ঘাঁহ বন দেখা যায়। এনে অঞ্চলবোৰক ট্ৰৰাই অঞ্চল বোলা হয়।

প্রশ্ন ৪১। ব্রহ্মপুত্র সমতলখনৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ সমতলখনৰ তিনিটা বৈশিষ্ট্য হল-

(ক) সমতলখনৰ পূবৰ পৰা পশ্চিমলৈ ঢাল অতি কম।

(খ) সমতলখনৰ নৈবোৰত বাৰিষা গৰাখহনীয়া হয়। 

প্রশ্ন ৪২। চিৰসেউজীয়া উদ্ভিদ কাক বোলে? 

উত্তৰঃ যিবিলাক গছৰ পাত বা সৰল জাতীয় উদ্ভিদবোৰ বছৰটোৰ সকলো সময়তে সেউজীয়া হৈ থাকে আৰু গছৰ আটাইবোৰ পাত একেলগে নমৰে বা গছজোপা কেতিয়াও ঠৰঙা নহয়৷ এনে গছক চিৰসেউজীয়া গছ বোলে।

প্রশ্ন ৪৩। কাৰ্বি আংলংৰ কোন কোন ঠাইত চূণশিল আৰু কয়লা পোৱা যায়?

উত্তৰঃ কয়লা— লংলৈ, কৈলাজান, শিলভেটা, দিছমা, কালিয়ণী নৈৰ কাষৰীয়া আৰু খানভামান পাহাৰত পোৱা যায়।

চূণশিল— পূবফালৰ কৈলাজান, ছিলাই আৰু শিলভেটা অঞ্চল আৰু উত্তৰ কাছাৰৰ গৰমপানীৰ উমৰাংছু অঞ্চলত পোৱা যায়৷

প্রশ্ন ৪৪। ২০০১ চনৰ লোকপিয়ল মতে গুৱাহাটীৰ জনসংখ্যা কিমান? 

উত্তৰঃ ২০০১ চনৰ লোকপিয়ল মতে গুৱাহাটীৰ জনসংখ্যা হ’ল— ৮,০৪,৫৭৫ জন।

প্রশ্ন ৪৫। উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ কাৰ্যালয় পার্বত্য জিলাৰ হাফলং নগৰত অৱস্থিত। হাফলং উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ সদৰ ঠাই।

প্রশ্ন ৪৬। উত্তৰ-পূব বিদ্যুৎ উৎপাদন পৰিষদে (NEEPCO) ক’ৰপৰা বিদ্যুৎ উৎপাদন কৰে?

উত্তৰঃ উত্তৰ-পূব বিদ্যুৎ উৎপাদন পৰিষদে কপিলী নৈৰ ওপৰত বান্ধ দি বিদ্যুৎ উৎপাদন বা সৰবৰাহ কৰে। বিদ্যুৎ পৰিষদৰ মূল কাৰ্যালয় উমৰাংছুত আছে।

প্রশ্ন ৪৭। অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰৰ অভয়াৰণ্য—

উত্তৰপাৰৰ— মানস ৰাষ্ট্ৰীয় উদ্যান।

দক্ষিণ পাৰৰ— কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

প্রশ্ন ৪৮। অসমৰ শোণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাত অৱস্থিত তিনিখন অভয়াৰণ্যৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

জিলাঅভয়াৰণ্যৰ নাম
শোণিতপুৰসোণাই-ৰূপাই
মৰিগাঁওপবিতৰা
শিৱসাগৰপানী দিহিং

প্রশ্ন ৪৯। BTAD ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ BTAD ৰ সম্পূর্ণ নাম হ’ল “Bodoland Territorial Areas District” বা “বড়ো এলেকা জিলা পৰিষদ”।

প্রশ্ন ৫০। চক্ৰশিলা অভয়াৰণ্যখন ক’ত অৱস্থিত আৰু ইয়াৰ মাটিকালি কিমান?

উত্তৰঃ চক্ৰশিলা অভয়াৰণ্যখন ধুবুৰী জিলাত অৱস্থিত। ইয়াৰ মাটিকালি ৪৫.৫০ বর্গ কি.মি.।

প্রশ্ন ৫১। অসমৰ চাৰিটা খনিজ সম্পদ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ চাৰিটা খনিজ সম্পদৰ নাম হ’ল— কয়লা, খনিজতেল, প্রাকৃতিক গেছ আৰু চূণশিল।

প্রশ্ন ৫২। অসমৰ চাৰিওকাষে থকা ৰাজ্য আৰু দেশসমূহৰ নাম লিখা।

উত্তৰঃ ৰাজ্য – অৰুণাচল প্ৰদেশ (উত্তৰে) নাগালেণ্ড আৰু মণিপুৰ (পূবে), মিজোৰাম আৰু মেঘালয় (দক্ষিণে), ত্ৰিপুৰা (পশ্চিমে)।

দেশ – ভূটান (উত্তৰে), পশ্চিমবংগ আৰু বাংলাদেশ (পশ্চিমে)।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top