Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

Chapter – 6

ভূগোল

Multiple Choice Questions & Answers

1. তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ? 

(a) নদ-নদী।

(b) খনিজ তেল।

(c) জলসিঞ্চন নলা।

(d) অৰণ্য।

উত্তৰঃ (c) জলসিঞ্চন নলা।

2. তলৰ কোনটো অজীৱীয় সম্পদ? 

(a) বায়ু।

(b) উদ্ভিদ।

(c) জীৱ-জন্তু।

(d) শস্য।

উত্তৰঃ (a) বায়ু।

3. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? 

(a) বায়ু।

(b) পানী।

(c) শস্য।

(d) কয়লা।

উত্তৰঃ (d) কয়লা।

4. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? 

(a) এশিঙিয়া গঁড়।

(b) নল গাহৰি।

(c) জিৰাফ।

(d) মিথুন।

উত্তৰঃ (b) নল গাহৰি।

5. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?

(a) UNESCO.

(b) UNO.

(c) WWF.

(d) UNEP.

উত্তৰঃ (a) UNESCO.

6. ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হ’ল— 

(a) প্রাকৃতিক ভূগোল।

(b) মানৱ ভূগোল।

(c) অর্থনৈতিক ভূগোল।

(d) আঞ্চলিক ভূগোল।

উত্তৰঃ (c) অর্থনৈতিক ভূগোল।

7. শিল এবিধ—

(a) জীৱীয় সম্পদ।

(b) অজীৱীয় সম্পদ।

(c) মানৱ সৃষ্ট সম্পদ।

(d) মানৱ সম্পদ।

উত্তৰঃ (b) অজীৱীয় সম্পদ।

8. অসমৰ এবিধ বিলুপ্তপ্রায় জন্তু হ’ল— 

(a) ম’হ।

(b) মেকুৰী।

(c) শহাপহু।

(d) সোণালী বান্দৰ।

উত্তৰঃ (d) সোণালী বান্দৰ।

9. তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ? 

(a) পানী।

(b) সূৰ্য্যৰ ৰশ্মি।

(c) গছ-গছনি।

(d) প্রাকৃতিক গেছ।

উত্তৰঃ (d) প্রাকৃতিক গেছ।

10. অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল— 

(a) কার্ল ৰিটাৰ।

(b) জর্জ ছিছ হম।

(c) ডার্কেনরাল্ড।

(d) ফেইট্রিফ বাটজেল।

উত্তৰঃ (b) জর্জ ছিছ হম।

11. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?

(a) কৃষি কার্য।

(b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

(c) মাছ ধৰা।

(d) বনজ সম্পদ আহৰণ।

উত্তৰঃ (b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

12. তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়— 

(a) শিল্পোৎপাদন প্রক্রিয়া।

(b) যাতায়াত আৰু পৰিবহণ কার্য।

(c) প্ৰচাৰ মাধ্যম।

(d) নির্মাণ কার্য।

উত্তৰঃ (a) শিল্পোৎপাদন প্রক্রিয়া।

13. তলৰ কোনটো তৃতীয়ক বৃত্তি হয়— 

(a) কৃষি কার্য।

(b) চিকাৰ।

(c) বয়ন কার্য।

(d) বেপাৰ বাণিজ্য।

উত্তৰঃ (d) বেপাৰ বাণিজ্য।

14. তলৰ কোনটো চতুর্থক বৃত্তি হয়— 

(a) মিস্ত্রি।

(b) শিক্ষক।

(c) কম্পিউটাৰ নিৰ্মাণকাৰী।

(d) ব্যৱসায়ী।

উত্তৰঃ (b) শিক্ষক।

15. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়— 

(a) প্রযুক্তি।

(b) উদ্যোগ।

(c) সৌৰশক্তি।

(d) কার্যালয়।

উত্তৰঃ (c) সৌৰশক্তি।

16. তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়— 

(a) ভাল চৰিত্ৰ।

(b) কর্মদক্ষতা।

(c) শিক্ষা।

(d) চৰকাৰ।

উত্তৰঃ (d) চৰকাৰ।

17. তলৰ কোনটো জাতীয় সম্পদ— 

(a) বায়ুমণ্ডল।

(b) শিক্ষা।

(c) শিক্ষানুষ্ঠান।

(d) সাগৰ।

উত্তৰঃ (b) শিক্ষা।

18. তলৰ কোনটো স্থানিক সম্পদ নহয়— 

(a) কয়লা।

(b) শস্য।

(c) খনিজ পদার্থ।

(d) পানী।

উত্তৰঃ (d) পানী।

19. সোণ এবিধ— 

(a) কৃত্রিম সম্পদ।

(b) জৈৱিক সম্পদ।

(c) প্রাকৃতিক সম্পদ।

(d) মানৱ সম্পদ।

উত্তৰঃ (c) প্রাকৃতিক সম্পদ।

20. তলৰ কোনটো এটা অজীবীয় সম্পদ? 

(a) বায়ু।

(b) বেক্টেৰিয়া।

(c) ভেঁকুৰ।

(d) শস্য।

উত্তৰঃ (a) বায়ু।

Very Short & Short Type Questions and Answers

1. এবিধ সম্পদৰ নাম লিখা যি সম্পদো হয়, সম্পত্তিও হয়। 

উত্তৰঃ মাটি।

2. ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (IUCN) কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৮ চনত। 

3. আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থাৰ জন্মৰ আঁৰৰ ব্যক্তিজন কোন? 

উত্তৰঃ ব্ৰিটিছ জীৱবিজ্ঞানী জুলিয়ান হাক্সলে। 

4. ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান কোন আছিল? 

উত্তৰঃ ব্ৰিটিছ বিজ্ঞানী উইলিয়াম হাক্সলে। 

5. বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ প্ৰতিবছৰে ৫ জুন তাৰিখে। 

6. এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য’— এই কথাষাৰি কোনে কৈছিল? 

উত্তৰঃ আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ জর্জ ছিজহ ‘মে কৈছিল। 

7. ‘সম্পদ হ’বলৈ হ’লে বস্ত্ৰটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব’— এই কথাষাৰি কোনে কৈছিল? 

উত্তৰঃ প্ৰখ্যাত অর্থনীতিবিদ জিম্মাৰমানে কৈছিল।

8. মাছ এবিধ কি সম্পদ? 

উত্তৰঃ মাছ এবিধ নবীকৰণযোগ্য সম্পদ। 

9. প্ৰতিৰোধকৰ এটি উদাহৰণ দিয়া। 

উত্তৰঃ অসাৰুৱা ভূমি এবিধ প্ৰতিৰোধক। 

10. দামোদৰ নদী ক’ত অৱস্থিত? 

উত্তৰঃ দামোদৰ নদী পশ্চিমবঙ্গত অৱস্থিত।

11. মানৱ সম্পদত চহকী এখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ জাপান। 

12. প্রাথমিক বৃত্তিৰ উদাহৰণ দিয়া। 

উত্তৰঃ কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ ইত্যাদি। 

13. দ্বিতীয়ক বৃত্তিৰ উদাহৰণ দিয়া। 

উত্তৰঃ শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নির্মাণ কার্য ইত্যাদি। 

14. তৃতীয়ক বৃত্তিৰ উদাহৰণ দিয়া। 

উত্তৰঃ যাতায়াত, পৰিবহন, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ ইত্যাদি। 

15. চতুৰ্থক বৃত্তিৰ উদাহৰণ দিয়া। 

উত্তৰঃ বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্রশাসন, শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ।

16. জাতায়ী সম্পদৰ উদাহৰণ দিয়া। 

উত্তৰঃ ৰাস্তা-ঘাট, ভূমি নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি, জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদি।

17. জীৱীয় সম্পদৰ উদাহৰণ দিয়া। 

উত্তৰঃ উদ্ভিদ, প্রাণী, মাছ, শস্য আদি। 

18. অজীৱীয় সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ মাটি, শিল, পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি। 

19. জৈৱিক ধাৰণাৰ ফালৰ পৰা তিনিটা সম্পদৰ উদাহৰণ দিয়া।  

উত্তৰঃ কয়লা, প্রাকৃতিক গেছ, খনিজ তেল ইত্যাদি।

20. সোণ কি সম্পদ? 

উত্তৰঃ সোণ এবিধ প্ৰাকৃতিক সম্পদ। 

21. নবীকৰণযোগ্য সম্পদ কাক বোলে? 

উত্তৰঃ যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদক নবীকৰণযোগ্য সম্পদ বোলে। 

22. অনবীকৰণযোগ্য সম্পদ কাক বোলে? 

উত্তৰঃ যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত নবীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনবীকৰণযোগ্য সম্পদ বোলে।

23. মানৱ সৃষ্ট সম্পদ কাক বোলে? 

উত্তৰঃ যিবোৰ সম্পদ মানুহে নিজৰ জ্ঞান-বুদ্ধি প্ৰযুক্তি প্রয়োগ কৰি নিজে সৃষ্টি কৰি লয় তেনে সম্পদক মানৱ সৃষ্ট সম্পদ বোলে। 

24. মানৱ সম্পদ কাক বোলে? 

উত্তৰঃ প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহ আদিৰ প্ৰয়োজন আৰু তেনেদৰে গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ বোলে। 

25. নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী কাক বোলে? 

উত্তৰঃ যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে তেনে সামগ্ৰীত নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলে।

26. সম্পত্তি কাক বোলে?  

উত্তৰঃ অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে তাক সম্পত্তি বোলে। 

27. সম্পদ সংৰক্ষণ কাক বোলে? 

উত্তৰঃ সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। 

28. জীৱীয় সম্পদ কাক বোলে? 

উত্তৰঃ প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদৰ জীৱ থাকে তেনে সম্পদক জীৱীয় সম্পদ বোলে। 

29. অজীৱীয় সম্পদ কাক বোলে? 

উত্তৰঃ প্ৰাকৃতিক গঠন অনুসৰি যিবোৰ সম্পদৰ জীৱ নাই তাক অজীৱীয় সম্পদ বোলে। যেনেঃ- মাটি, শিল আদি। 

30. ব্যক্তিগত সম্পদ কাক বোলে? 

উত্তৰঃ মানুহৰ নিজ নিজ দখল বা অধিকাৰ থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্ৰ, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলে। 

31. জাতীয় সম্পদ কি? 

উত্তৰঃ এখন দেশৰ তত্বাৱধানত থকা সকলোবোৰ সম্পদকে জাতীয় সম্পদ বোলে। যেনে— ৰাস্তা-ঘাট, নদ- নদী, দলং, অভয়াৰণ্য আদি। 

32. আন্তর্জাতিক সম্পদ কাক বোলে?

উত্তৰঃ সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদক জাতীয় সম্পদ বোলে। যেনে— সাগৰ-মহাসাগৰ, বায়ুমণ্ডল ইত্যাদি। 

33. WWF for nature ৰ সম্পূৰ্ণ নামটো লিখা?

উত্তৰঃ World Wide Fund for Nature.

34. ভাৰতবৰ্ষত সম্পদ সংৰক্ষণৰ বাবে থকা চৰকাৰী মন্ত্রণালয়টোৰ নাম কি?

উত্তৰঃ পৰিৱেশ, বন আৰু জৱবায়ু পৰিবৰ্তন মন্ত্ৰণালয়। 

35. ভাৰতত সম্পদ সংৰক্ষণৰ বাবে থকা এটা বেচৰকাৰী সংস্থাৰ নাম লিখা? 

উত্তৰঃ ‘ৱাইল্ড লাইফ ট্রাষ্ট অব ইণ্ডিয়া’।

36. প্রাথমিক বৃত্তি কাক বোলে? 

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাক প্ৰাথমিক বৃত্তি বোলে। যেনে— কৃষি কাৰ্য, মাছ ধৰা কাৰ্য আদি। 

37. দ্বিতীয়ক বৃত্তি কাক বোলে? 

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱস্থাৰোপযোগী কৰি তোলে তাক দ্বিতীয়ক বৃত্তি বোলে। যেনে— শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুণৰনিৰ্মাণ কাৰ্য আদি। 

38. তৃতীয়ক বৃত্তি কাক বোলে?

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে— যাতায়াত, পৰিবহণ আদি। 

39. চতুৰ্থক বৃত্তি কাক বোলে? 

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তি সমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে— বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠান, প্ৰচাৰ মাধ্যম ইত্যাদি। 

40. স্থানিক সম্পদ মানে কি? 

উত্তৰঃ কিছুমান প্ৰকৃতিক সম্পদ কিছুমান নিৰ্দিষ্ট ঠাইতহে উপলদ্ধ । তেনেকুৱা সম্পদক স্থানিক সম্পদ বোলা হয়। যেনে— কয়লা, পেট্ৰ’লিয়াম, লো, ইউৰেনিয়াম আদি। 

41. চিৰ বিৰাজমান সম্পদ কাক বোলে? 

উত্তৰঃ যিবিলাক সম্পদ পৃথিৱীৰ সকলো ঠাইতে উপলদ্ধ তেনে সম্পদক চিৰ বিৰাজমান সম্পদ বোলে। যেনে—সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল—

(a) কার্ল ৰিখটাৰ।

(b) জর্জ ছিছ হম।

(c) ডার্কেনৱাল্ড।

(d) ফেইট্রিফ ৰাটজেল।

উত্তৰঃ (b) জর্জ ছিছ হ’ম।

(ii) তলৰ কোনটো প্রাথমিক বৃত্তি নহয়?

(a) কৃষি কার্য।

(b) মাছ ধৰা।

(c) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

(d) বনজ সম্পদ আহৰণ।

উত্তৰঃ (c) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

(iii) তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়—

(a) শিল্পোৎপাদন প্রক্রিয়া।

(b) প্ৰচাৰ মাধ্যম।

(c) যাতায়াত আৰু পৰিবহণ কার্য।

(d) নির্মাণ কার্য।

উত্তৰঃ (a) শিল্পোৎপাদন প্রক্রিয়া।

(iv) তলৰ কোনটো তৃতীয়ক বৃত্তি হয়—

(a) কৃষি কাৰ্য।

(b) বয়ন কাৰ্য।

(c) চিকাৰ।

(d) বেপাৰ বাণিজ্য।

উত্তৰঃ (d) বেপাৰ বাণিজ্য।

(v) তলৰ কোনটো চতুর্থক বৃত্তি হয়—

(a) মিস্ত্রি।

(b) কম্পিউটাৰ নিৰ্মাণকাৰী।

(c) শিক্ষক।

(d) ব্যৱসায়ী।

উত্তৰঃ (c) শিক্ষক।

(vi) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়-

(a) প্রযুক্তি।

(b) সৌৰশক্তি।

(c) উদ্যোগ।

(d) কার্যালয়।

উত্তৰঃ (b) সৌৰশক্তি।

(vii) তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়—

(a) ভাল চৰিত্ৰ।

(b) শিক্ষা।

(c) কর্মদক্ষতা।

(d) চৰকাৰ।

উত্তৰঃ (d) চৰকাৰ।

(viii) তলৰ কোনটো জাতীয় সম্পদ-

(a) বায়ুমণ্ডল।

(b) শিক্ষানুষ্ঠান।

(c) শিক্ষা।

(d) সাগৰ।

উত্তৰঃ (b) শিক্ষানুষ্ঠান।

(ix) তলৰ কোনটো স্থানিক সম্পদ নহয়—

(a) কয়লা।

(b) খনিজ পদার্থ।

(c) শস্য।

(d) পানী।

উত্তৰঃ (d) পানী।

(x) সোণ এবিধ— 

(a) কৃত্রিম সম্পদ।

(b) প্রাকৃতিক সম্পদ।

(c) জৈৱিক সম্পদ।

(d) মানৱ সম্পদ।

উত্তৰঃ (b) প্রাকৃতিক সম্পদ।

(xi) তলৰ কোনটো এটা অজীবীয় সম্পদ?

(a) বায়।

(b) বেক্টেৰিয়া।

(c) ভেঁকুৰ।

(d) শস্য।

উত্তৰঃ (a) বায়।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। “এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নির্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য।” এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ আধুনিক অর্থনৈতিক ভুগোলৰ পিতৃস্বৰূপ জর্জ ছিছহ’ম (George Chisholm)।

প্রশ্ন ২। “সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব” কোনে কৈছিল?

উত্তৰঃ প্রখ্যাত অর্থনীতিবিদ জিম্মাৰমানে (Zimmermann)।

প্রশ্ন ৩। মানুহ সম্পদৰ লগত কেই ধৰণে জড়িত?

উত্তৰঃ দুই ধৰণে— 

(ক) সম্পদৰ উৎপাদক হিচাপে।

(খ) উপভোক্তা হিচাপে।

প্রশ্ন ৪। মাছ এবিধ কি সম্পদ?

উত্তৰঃ নৱীকৰণ যোগ্য সম্পদ।

প্রশ্ন ৫। প্ৰতিৰোধক সামগ্রী বা পৰিঘটনা এটাৰ উদাহৰণ দিয়া?

উত্তৰঃ অনুৰ্বৰ মাটি বা বানপানী জৰ্জৰিত অঞ্চল।

প্রশ্ন ৬। এটা সামগ্ৰীৰ উদাহৰণ দিয়া যিটো সম্পদ আৰু সম্পত্তি দুয়োটাই।

উত্তৰঃ ভূমি।

প্রশ্ন ৭। দুবিধ শক্তিৰ উৎসৰ নাম লিখা।

উত্তৰঃ কয়লা আৰু খনিজতেল।

প্রশ্ন ৮। দামোদৰ নদী ক’ত আছে?

উত্তৰঃ পশ্চিমবংগত। 

প্রশ্ন ৯। মানৱ সম্পদত আগবঢ়া এখন দেশৰ নাম লিখা।

উত্তৰঃ জাপান।

প্রশ্ন ১০। WWFৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ World Wide Fund for Nature. 

প্রশ্ন ১১। IUCNৰ মুখ্য উদ্দেশ্য কি?

উত্তৰঃ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদ সংৰক্ষণ সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।

প্রশ্ন ১২। ভাৰতত পৰিৱেশ সুৰক্ষা সংক্রান্তীয় কাম-কাজ কৰা এটা বেচৰকাৰী সংস্থাৰ নাম লিখা?

উত্তৰঃ আৰণ্যক।

প্রশ্ন ১৩। চিৰ বিৰাজমান সম্পদ কাক বোলে? 

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য, এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলা হয়। 

প্রশ্ন ১৪। স্থানীয় সম্পদ কাক বোলে? 

উত্তৰঃ যিবোৰ প্ৰাকৃতিক সম্পদ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক স্থানীয় সম্পদ বোলা হয়। 

প্রশ্ন ১৫। কিমান চনত আৰু ক’ত IUCN প্রতিষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৪৮ চনত ব্ৰিটিছ জীৱবিজ্ঞানী জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল৷

প্রশ্ন ১৬। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ৫ জুন তাৰিখে।

প্রশ্ন ১৭। সম্পদ সৃষ্টি কৰ্তা কোন?

উত্তৰঃ মানুহ।

প্রশ্ন ১৮। IUCN কি?

উত্তৰঃ IUCN এটা ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত এক আন্তঃ ৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে – International Union for Conservation of Nature.

প্রশ্ন ১৯। কাৰ নেতৃত্বত বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছিল?

উত্তৰঃ IUCN ৰ নেতৃত্বত WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছিল।

প্রশ্ন ২০। সোণ এবিধ কি সম্পদ?

উত্তৰঃ সোণ এবিধ প্রাকৃতিক সম্পদ। কিন্তু লগতে ই এটা অজৈৱিক সম্পদ, অনৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদো।

প্রশ্ন ২১। দুজন অর্থনৈতিক ভূগোলবিদৰ নাম লিখা।

উত্তৰঃ দুজন অর্থনৈতিক ভূগোলবিদৰ নাম হ’ল—

(i) জন্স। আৰু 

(ii) ডার্কেনৱান্ত।

প্রশ্ন ২২। অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা কি?

উত্তৰঃ কৃষি ভূগোল।

প্রশ্ন ২৩। খনিজ তেল আৰু প্ৰাকৃতিক গেছক কোনটো শ্ৰেণীত ধৰা হয়?

উত্তৰঃ খনিজ তেল আৰু প্ৰাকৃতিক গেছ, কয়লাক অজীৱীয় শ্ৰেণীত ধৰা হয়।

প্রশ্ন ২৪। UNESCO ৰ অৰ্থটো কি?

উত্তৰঃ UNESCO ৰ অৰ্থটো হ’ল— United Nations Educational Seientific and Cultural Organisation.

প্রশ্ন ২৫। অর্থনৈতিক ভূগোল অধ্যয়ন কৰা যিকোনো তিনিটা পদ্ধতিৰ নাম উল্লেখ কৰা।

উত্তৰঃ পদ্ধতি তিনিটা হ’ল- 

(ক) আঞ্চলিক।

(খ) আচৰণগত।

(গ) নীতি নিয়ম।

(ঘ) বিষয়বস্তু সম্বন্ধীয়।

প্রশ্ন ২৬। নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী কাক বোলে? 

উত্তৰঃ যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। 

প্রশ্ন ২৭। উদ্ভিদ এটা কি সম্পদ?

উত্তৰঃ উদ্ভিদ এটা প্রাকৃতিক সম্পদ। কিন্তু লগতে ই এটা জৈৱিক সম্পদ, নৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত সম্পদ, আৰু জাতীয় সম্পদো।

প্রশ্ন ২৮। প্রাকৃতিক সম্পদবোৰ কি কি অৱস্থাত পোৱা যায় ৷

উত্তৰঃ প্রাকৃতিক সম্পদবোৰ তিনিটা অৱস্থাত পোৱা যায় ৷ যেনে- 

(ক) গোটা।

(খ) জুলীয়া বা গেছীয়। আৰু 

(গ) ধাতৱীয় বা অধাতৱীয় অৱস্থাত।

প্রশ্ন ২৯। খনিজ তেলৰ পৰা কি কি সামগ্ৰী পোৱা যায়।

উত্তৰঃ নানান ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি।

প্রশ্ন ৩০। প্রাকৃতিক সম্পদ সমূহক মানুহৰ ব্যৱহাৰোপযোগী কৰিবলৈ মানুহৰ কি কি গুণৰ প্ৰয়োজন হয়।

উত্তৰঃ তলত দিয়া গুণসমূহৰ প্ৰয়োজন হয়-

(ক) মানুহৰ কাৰ্যদক্ষতা।

(খ) শিক্ষা।

(গ) প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন।

প্রশ্ন ৩১। অজীৱীয় সম্পদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ সম্পদৰ জীৱ নাথাকে অর্থাৎ নিৰ্জীৱ সেইবোৰ সম্পদক অজীৱীয় সম্পদ বোলা হয়। যেনেঃ মাটি, শিল, পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি।

প্রশ্ন ৩২। কোনবোৰ সম্পদ উৎপত্তিৰ পৰাই জীৱীয় সম্পদ কিন্তু সেইবোৰক অজীৱীয় শ্ৰেণীতহে ধৰা হয়?

উত্তৰঃ কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদি।

প্রশ্ন ৩২। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি?

উত্তৰঃ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল— প্ৰকৃতিৰ পৰা পোৱা প্ৰয়োজনীয় সম্পদবোৰ আহৰণ কৰি এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।

প্রশ্ন ৩৩। সম্পদ সংৰক্ষণ বুলিলে কোনটো কাৰ্যক নুবুজায়?

উত্তৰঃ সম্পদ সংৰক্ষণ বুলিলে সম্পদবোৰৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা কাৰ্যটোক নুবুজায়।

প্রশ্ন ৩৪। অসমৰ কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম হ’ল—সৰ্পৰ্গন্ধা, ছালমুগৰা, কালমেঘ, অর্জুন, অগৰু, চিৰতা, জাইফল, শতমূল, শুকলতি আদি।

প্রশ্ন ৩৫। কেইটামান বিলুপ্ত প্ৰাণীৰ নাম লিখা।

উত্তৰঃ কেইটামান বিলুপ্ত প্ৰাণীৰ নাম হ’ল— সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ, নল গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকোলা আদি।

প্রশ্ন ৩৬। কেইবিধমান অনৱীকৰণযোগ্য শক্তি সম্পদৰ নাম লিখা।

উত্তৰঃ কেইবিধমান অনৱীকৰণযোগ্য শক্তি সম্পদৰ নাম হ’ল— 

(ক) কয়লা।

(খ) পেট্ৰলিয়াম। আৰু 

(গ) প্রাকৃতিক গেছ আদি।

প্রশ্ন ৩৭। অর্থনৈতিক ভূগোল কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। সেইকেইটা কি কি?

উত্তৰঃ অর্থনৈকি ভূগোলৰ কেইটামান পদ্ধতি হ’ল— 

(i) আঞ্চলিক।

(ii) বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্রব্য সম্বন্ধীয়।

(iii) নীতি-নিয়ম।

(iv) আচৰণগত।

(v) প্রতিষ্ঠানীয়। আৰু 

(vi) তন্ত্ৰ-বিশ্লেষণ।

প্রশ্ন ৩৮। অর্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা-প্রশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতপ্রোতভাবে জড়িত। কিয়?

উত্তৰঃ অর্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা-উপশাখাৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত ওতপ্রোতভাৱে জড়িত। কাৰণ— কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।

প্রশ্ন ৩৯। প্রাথমিক বৃত্তিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ প্রাথমিক বৃত্তিৰ দুটা উদাহৰণ— 

(i) কৃষি কাৰ্য। আৰু 

(ii) মাছধৰা কাৰ্য।

প্রশ্ন ৪০। দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (i) শিল্পোৎপাদন প্রক্রিয়া।

(ii) বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কার্য।

প্রশ্ন ৪১। তৃতীয়ক বৃত্তিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (i) যাতায়াত। আৰু 

(ii) পৰিবহণ।

প্রশ্ন ৪২। চতুৰ্থক বৃত্তিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ (i) প্ৰচাৰ মাধ্যম। আৰু 

(ii) প্রশাসন।

প্রশ্ন ৪৩। অর্থনীতিবিদ জিম্মাৰমানৰ (Zimmermann) মতে সম্পদ হ’বলৈ কোন দুটা গুণৰ প্ৰয়োজন?

উত্তৰঃ অর্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটাৰ প্ৰয়োজন।

প্রশ্ন ৪৪। মানুহ সম্পদৰ লগত কেইধৰণে জড়িত আৰু কি কি?

উত্তৰঃ মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত-

(i) সম্পদৰ উৎপাদক হিচাপে।

(ii) সম্পদৰ উপভোক্তা হিচাপে।

প্রশ্ন ৪৫। চাৰিবিধ মানৱ সৃষ্ট সম্পদৰ উদাহৰণ লিখা।

উত্তৰঃ চাৰিবিধ মানৱ সৃষ্ট সম্পদৰ উদাহৰণ হ’ল— 

(i) ঘৰ-দুৱাৰ।

(ii) প্রযুক্তি।

(iii) যান-বাহন। আৰু 

(iv) স্কুল-কাৰ্যালয়।

প্রশ্ন ৪৬। প্ৰতিৰোধক কি? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে, সেইবোৰক প্ৰতিৰোধক বোলে। যেনে- 

(i) বানপানী জৰ্জৰিত অঞ্চল।

(ii) অনূৰ্বৰ মাটি।

প্রশ্ন ৪৭। সম্পত্তি কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি বোলে। যেনে— 

(i) ভূমি।

(ii) ঘৰ-দুৱাৰ।

(iii) যন্ত্ৰ-পাতি। আৰু 

(iv) কোম্পানীৰ অংশ।

প্রশ্ন ৪৮। সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদৰ ভাগ তিনিটা— 

(i) প্রাকৃতিক সম্পদ।

(ii) মানৱ সৃষ্ট সম্পদ। আৰু 

(iii) মানৱ সম্পদ।

প্রশ্ন ৪৯। চাৰিটা প্রাকৃতিক সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ (i) সূৰ্যৰ ৰশ্মি।

(ii) পানী। 

(iii) বায়ু।

(iv) পলস। আৰু 

(v) খনিজ তেল।

প্রশ্ন ৫০। প্রাকৃতিক সম্পদ সমূহক কি কি অৱস্থাত পোৱা যায়?

উত্তৰঃ প্রাকৃতিক সম্পদ সমূহক তিনিটা অৱস্থাত পোৱা যায়— 

(i) গোটা।

(ii) জুলীয়া বা গেছীয়। আৰু 

(iii) ধাতৱীয় বা অধাতৱীয়।

প্রশ্ন ৫১। চাৰিবিধ জীৱীয় আৰু অজীৱীয় সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ চাৰিবিধ জীৱীয় সম্পদ– 

(i) উদ্ভিদ।

(ii) প্রাণী।

(iii) মাছ। আৰু 

(iv) শস্য।

চাৰিবিধ অজীৱীয় সম্পদ – 

(i) মাটি।

(ii) শিল।

(iii) পানী। আৰু 

(iv) খনিজ পদার্থ।

প্রশ্ন ৫২। উৎপত্তিৰ দিশৰ পৰা জীৱীয়মূলৰ তিনিবিধ সম্পদ নাম লিখা।

উত্তৰঃ কয়লা, খনিজ তেল, আৰু প্ৰাকৃতিক গেছ।

প্রশ্ন ৫৩। চাৰিবিধ নৱীকৰণযোগ্য আৰু অনৱীকৰণ যোগ্য সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ চাৰিবিধ নৱীকৰণযোগ্য সম্পদ- 

(i) মানুহ।

(ii) শস্য।

(iii) বায়ু। আৰু 

(iv) পানী।

চাৰিবিধ অনৱীকৰণযোগ্য সম্পদ- 

(i) কয়লা।

(ii) প্রাকৃতিক গেছ। 

(iii) খনিজ তেল। আৰু 

(iv) সোণ।

প্রশ্ন ৫৪। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি?

উত্তৰঃ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।

প্রশ্ন ৫৫। পৃথিৱীৰ কেইটামান আপুৰুগীয়া জৈৱিক সম্পদৰ নাম লিখা।

উত্তৰঃ পৃথিৱীৰ কেইটামান আপুৰুগীয়া জৈৱিক সম্পদৰ নাম হ’ল— বাঘ, হাতী, গড়, ভালুক, ডলফিন, সিংহ আদি।

প্রশ্ন ৫৬। অসমৰ কেইটামান বিলুপ্ত প্রায় প্ৰাণীৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইটামান বিলুপ্ত প্রায় প্রাণীৰ নাম হ’ল— সোনালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম’হ, নল গাহৰি, শিহু, ডেওহাঁহ, ধনেশপক্ষী, বৰটোকলা।

প্রশ্ন ৫৭। অসমৰ কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম হ’ল— সৰ্পৰ্গন্ধা, চালকুঁৱৰী, কালমেঘ, অর্জুন, অগৰু, চিৰতা, জাইফল, শতমূল, শুকলতি আদি।

প্রশ্ন ৫৮। IUCN কেতিয়া আৰু কাৰ প্ৰচেষ্টাত প্রতিষ্টিত হৈছিল?

উত্তৰঃ IUCN ১৯৪৮ চনত UNESCO ৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত প্রতিষ্ঠিত হৈছিল।

প্রশ্ন ৫৯। জুলিয়ান হাক্সলে কোন আছিল?

উত্তৰঃ জুলিয়ান হাক্সলে UNESCO ৰ প্ৰথম সঞ্চালক প্রধান আৰু লগতে এজন ব্ৰিটিছ জীৱবিজ্ঞানী আছিল।

প্রশ্ন ৬০। IUCN ৰ নেতৃত্বত গঢ়ি উঠা পৃথিৱীৰ দুটা কেন্দ্ৰৰ নাম লিখা।

উত্তৰঃ (i) WWF for nature (World Wide Found for Nature)।

(ii) বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (World Conservation Monitoring Centre)।

প্রশ্ন ৬১। অভিযোজন বা নৱপ্ৰচলন মানে কি?

উত্তৰঃ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top