ASOS Class 12 Psychology Chapter 33 ক্ৰিড়া কেন্দ্ৰঃ গাঁথনিমূলক বিৱৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 33 ক্ৰিড়া কেন্দ্ৰঃ গাঁথনিমূলক বিৱৰণ and select needs one.
ASOS Class 12 Psychology Chapter 33 ক্ৰিড়া কেন্দ্ৰঃ গাঁথনিমূলক বিৱৰণ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 33 ক্ৰিড়া কেন্দ্ৰঃ গাঁথনিমূলক বিৱৰণ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
ক্ৰিড়া কেন্দ্ৰঃ গাঁথনিমূলক বিৱৰণ
Chapter : 33
33.1 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। এটা ক্রীড়া কেন্দ্ৰৰ খেলা ঠাই হ’ব লাগে—
(১) আচ্ছাদিত।
(২) অনাচ্ছাদিত।
(৩) আচ্ছাদিত আৰু অনাচ্ছাদিত উভয়।
(৪) বহিঃভাগতকৈ অধিক আন্তঃভাগৰ।
উত্তৰঃ (৩) আচ্ছাদিত আৰু অনাচ্ছাদিত উভয়।
২। এটা ক্ৰীড়া কেন্দ্ৰত খেলাৰ তদাৰক কৰিব পাৰি (সম্ভৱ হয়—
(১) আচ্ছাদিত।
(২) অনাচ্ছাদিত।
(৩) আচ্ছাদিত আৰু অনাচ্ছাদিত।
(৪) অধিক আচ্ছাদিত আৰু কম অনাচ্ছাদিত।
উত্তৰঃ (৩) আচ্ছাদিত আৰু অনাচ্ছাদিত।
(৩) অনাচ্ছাদিত খেলৰ বাবে ঠাই হ’ব লাগে অতি কমেও—
(১) ১-২ বর্গমিটাৰ /শিশুটোৱে প্ৰতি।
(২) 2 বর্গমিটাৰ /শিশুটোৱে প্ৰতি।
(৩) ৩ বর্গমিটাৰ /শিশুটোৱে প্ৰতি।
(৪) ৩-৫ বর্গমিটাৰ /শিশুটোৱে প্ৰতি।
উত্তৰঃ (৪) ৩-৫ বর্গমিটাৰ/শিশুটোৱে প্ৰতি।
(৪) শিশুটোৱে প্ৰতি আচ্ছাদিত খেলৰ ঠাই হ’ব লাগে—
(১) ১-২ বর্গমিটাৰ।
(২) ২ বর্গমিটাৰ।
(৩) ৩ বর্গমিটাৰ।
(৪) ৩-৫ বর্গমিটাৰ।
উত্তৰঃ (২) ২ বর্গমিটাৰ।
৫। যিকোনো ক্রীড়া কেন্দ্ৰতে তলৰ কোনটো বিশেষ প্রাধান্য পোৱা উচিত–
(১) বহির্বিভাগৰ খেলৰ বাবে ঠাই।
(২) খেলা সামগ্রী।
(৩) বিশুদ্ধ খোৱাপানী।
(৪) ৰান্ধনি ঘৰ।
উত্তৰঃ (৩) বিশুদ্ধ খোৱাপানী।
৬। পৰিৱেশৰ লগত শিশুৰ সম্পৰ্ক স্থাপনৰ বাবে এটা ক্ৰীড়া কেন্দ্ৰত থাকিব লাগিব—
(১) বহির্বিভাগৰ ঠাই।
(২) খেলা সামগ্রী।
(৩) বিশুদ্ধ খোৱাপানী।
(৪) ৰান্ধনি ঘৰ।
উত্তৰঃ (১) বহির্বিভাগৰ ঠাই।
33.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
১। শুদ্ধ নে অশুদ্ধ কোৱা:
(ক) ক্রীড়া কেন্দ্ৰসমূহে খেলৰ সামগ্ৰী নোহোৱাকৈ ভালদৰে কাৰ্য সম্পাদন কৰিব পাৰিব নোৱাৰিব। শুদ্ধ /অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(খ) খেলৰ সামগ্ৰীসূহ মাথো দোকানৰ পৰাহে কিনিব পাৰি। শুদ্ধ /অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(গ) খেলৰ সঁজুলিসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে সেইবোৰক ভালদৰে সজাই থ’ব লাগে। শুদ্ধ /অশুদ্ধ
উত্তৰঃ শুদ্ধ।
(ঘ) সঁজুলিসমূহ এবাৰ কিনাৰ পিছত কেতিয়াও পুনৰ কিনিব নালাগে। শুদ্ধ /অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
(ঙ) খেলৰ সামগ্ৰীসমূহ শিথিল ( Flexible) বিধৰ হ’ব নালাগে। শুদ্ধ /অশুদ্ধ
উত্তৰঃ অশুদ্ধ।
33.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
শুদ্ধ নে অশুদ্ধ কোৱা:
১। এটা ক্রীড়া কেন্দ্ৰত যিমানেই শিশু ভর্তি নহওঁক কিয় এজনেই মাত্র শিক্ষকৰ প্রয়োজন হয়।
উত্তৰঃ অশুদ্ধ।
২। শিক্ষকগৰাকীৰ একমাত্ৰ কৰ্তব্য হৈছে শিক্ষাদান।
উত্তৰঃ অশুদ্ধ।
৩। শিক্ষকগৰাকীয়ে গৃহ আৰু স্কুলৰ মাজত ব্যৱধান হ্ৰাস কৰিব লাগে।
উত্তৰঃ শুদ্ধ।
৪। ক্রীড়া কেন্দ্ৰ এটা যিহেতু শিশুকেন্দ্রীক, সেয়েহে ইয়াত শিশুৰ শিক্ষণৰ ক্ষেত্ৰত শিক্ষকৰ কোনো ভূমিকা নাই।
উত্তৰঃ অশুদ্ধ।
৫। শিক্ষকগৰাকী প্ৰগতিশীল আৰু উৎসাহী হোৱা প্ৰয়োজন
উত্তৰঃ শুদ্ধ।
পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ
১। ভাল সঁজুলিৰ প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ ভাল সঁজুলিৰ প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ হ’ল:
(ক) ল’ৰা-ছোৱালীৰ খেলৰ সামগ্ৰীৰ মাজত কোনো পার্থক্য (বিভেদ) নৰখা।
(খ) মজবুত আৰু দীৰ্ঘদিনৰ বাবে চলিব পৰা।
(গ) পছন্দ আৰু সলনি কৰিব পৰা।
(ঘ) শিশুৰ কল্পনাক জড়িত কৰা।
(ঙ) শিশুসকলৰ মাজত সহযোগিতা সৃষ্টিত উৎসাহ প্রদান।
১। এটা ক্ৰীড়া কেন্দ্ৰৰ শিক্ষকগৰাকীৰ দায়িত্ব কি কি?
উত্তৰঃ ক্রীড়া কেন্দ্ৰ এটাৰ গুণগত হোৱাৰ মুখ্য দিশ হৈছে শিক্ষক গৰাকীৰ ভূমিকা। ক্রীড়া কেন্দ্ৰটোৰ নিৰ্ধাৰিত লক্ষ্য উদ্দেশ্যত উপনীত হ’বলৈ সম্পাদন কৰা বিভিন্ন ক্ৰিয়া আৰু কাৰ্যসূচীৰ দায়িত্ব পালন কৰা ব্যক্তিগৰাকীয়ে হৈছে শিক্ষয়িত্ৰী গৰাকী।
শিক্ষকগৰাকীৰ বাবে এই প্রয়োজনীয় প্ৰশিক্ষণৰ অতি। শিক্ষকগৰাকীয়ে ক্রীড়া কেন্দ্ৰ বা ক্রীড়া স্কুল পৰিচালনাৰ বৃত্তিয় প্ৰশিক্ষণ নাইবা ডিপ্লমা আহৰণ (গ্রহণ) কৰা উচিত। ইয়াৰোপৰি ক্ৰীড়া কেন্দ্ৰ বাবে উপযুক্ত বুলি বিবেচিত শিক্ষক এগৰাকীৰ তলত দিয়া দিশ কেইটাৰো অতি প্রয়োজন।
–ক্রীড়া কেন্দ্ৰৰ সু-পৰিচালনাৰ বাবে ইয়াৰ নিৰ্ধাৰিত লক্ষ্য-উদ্দেশ্যসমূহ ভালদৰে বুজি লোৱা উচিত।
–ক্রীড়া কেন্দ্র বিভিন্ন কাৰ্যসূচীসমূহ কেতিয়া আৰু কিদৰে সজাই ল’ব পাৰি সেই বিষয়ে সম্পূর্ণ থকা উচিত।
।দশম শ্রেণী উত্তীৰ্ণ আৰু দুবছৰৰ প্ৰশিক্ষণ নাইবা দ্বাদশ শ্রেণী উত্তীর্ণ আৰু এবছৰৰ প্ৰশিক্ষণপ্রাপ্ত হ’ব লাগিব শিক্ষকগাৰী।
–তেওঁৰ বয়স ১৮ বছৰৰ তলত হ’ব নোৱাৰিব।
–ক্ৰীড়া কেন্দ্ৰৰ সঁজুলিসমূহ আৰু এইবোৰৰ অৰ্থপূৰ্ণ ব্যৱহাৰৰ বিষয়ে সজাগ হ’ব লাগিব।
ক্রীড়া কেন্দ্ৰ এটাৰ শিক্ষকগৰাকীৰ নিজৰ প্ৰতি, শিশুৰ প্ৰতি, কেন্দ্ৰটো (বা স্কুলখনৰ) আৰু সম্প্ৰদায়ৰ (সমাজ) প্ৰতি কিছুমান বিশেষ দায়িত্ব থাকে। প্রকৃততে এই দায়িত্বখিনিক এগৰাকী ভাল শিক্ষকৰ বৈশিষ্ট বুলিও ক’ব পাৰি।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.