United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War

United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Question Answer can be of great value to excel in the examination.

United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War

Join Telegram channel

United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War Notes cover all the exercise questions in UGC Syllabus. The United Nations And Global Conflicts Unit 4 Major Global Conflicts since the Second World War provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী মুখ্য গোলকীয় সংঘাত

POLITICAL SCIENCE

UNITED NATIONS AND GLOBAL CONFLICTS

কোৰিয়ান যুদ্ধ (korean War)

অতি চমু প্রশ্নোত্তৰঃ

১। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত কোৰিয়া স্বাধীন সার্বভৌম ৰাষ্ট্ৰ আছিল / নাছিল। শুদ্ধকৈ লিখা।

উত্তৰঃ স্বাধীন সার্বভৌম ৰাষ্ট্ৰ হৈ নাছিল।

২। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত কোৰিয়া কোন সাম্ৰাজ্যৰ অধীনত আছিল?

উত্তৰঃ জাপান সাম্ৰাজ্যৰ অধীনত আছিল।

৩। কি ৰেখাৰ ভিত্তিত কোৰিয়াক দুই ভাগ (উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া) ত বিভক্ত কৰা হৈছিল?

উত্তৰঃ ৩৮ নং সমান্তৰাল ৰেখাৰ ভিত্তিত।

৪। কোন চনত চৰকাৰীভাবে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া গঠন হৈছিল?

উত্তৰঃ ইং ১৯৪৮ চন।

৫। উত্তৰ কোৰিয়াৰ প্ৰথম ৰাষ্ট্ৰ নেতা কোন আছিল?

উত্তৰঃ কিম II -চুং (Kim II-sung)।

৬। দক্ষিণ কোৰিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ চিংগমেন ৰি (Syngman Rhee)।

৭। কোন চনত উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক আক্ৰমণ কৰিছিল?

উত্তৰঃ উত্তৰ কোৰিয়াই ১৯৫০ চনৰ ২৫ জুনত কোৰিয়াক আক্রমন কৰিছিল ।

৮। কি নদী উত্তৰ কোৰিয়া আৰু চীনৰ সীমাৰ কাষেৰে বৈ গৈছে?

উত্তৰঃ য়ালু (Yalu)।

৮। কেতিয়া চীনে উত্তৰ কোৰিয়াৰ হৈ যুদ্ধ কৰিছিল?

উত্তৰঃ যেতিয়া ৰাষ্ট্ৰসংঘৰ উমৈহতীয়া বাহিনীয়ে উত্তৰ কোৰিয়াৰ বাহিনীক খেদি খেদি আহি য়ালু সীমান্ত পর্যন্ত পাইছিল তেতিয়া চীনে উত্তৰ কোৰিয়াৰ হৈ যুদ্ধ কৰিছিল।

১০। কেতিয়া ৰাষ্ট্ৰসংঘৰ সম্মিলিত বাহিনীয়ে উত্তৰ কোৰিয়াক আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৯৫০ চনৰ অক্টোবৰ মাহত।

১১। কেতিয়া ‘কোৰিয়া যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰিত হয়?

উত্তৰঃ ১৯৫৩ চনৰ ২৭ জুলাইত স্বাক্ষৰিত হয়।

১২। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া গঠনৰ পিছত কেতিয়া নির্বাচন পতা হৈছিল?

উত্তৰঃ দক্ষিণ কোৰিয়াত ১৯৪৮ চনৰ ১০ মে’ত আৰু উত্তৰ কোৰিয়াত সেই চনৰে ২৫ আগষ্টত নির্বাচন পতা হৈছিল।

১৩। কোৰিয়ান যুদ্ধত ৰাষ্ট্ৰসংঘৰ সম্মিলিত বাহিনীৰ সেনা নায়ক কোন আছিল?

উত্তৰঃ ডুগালচ মেকআৰ্থৰ (Douglas MacArthur)।

১৪। “The Forgotten War’ বুলি কাক কোৱা হয়?

উত্তৰঃ কোৰিয়াৰ যুদ্ধক।

১৫। কোৰিয়ান যুদ্ধ আৰম্ভৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰঃ টুমেন (Trüman)।

১৬। কোন আমেৰিকান ৰাষ্ট্ৰপতিৰ কালত কোৰিয়ান যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ পজাতান্ত্রিক দলৰ ৰাষ্ট্ৰপতি-ইচেনহোৱেৰ (Eisenhower) ৰ সময়ত।

১৭। কোন চোভিয়েট ৰাছিয়াৰ নেতাৰ সময়ত কোৰিয়ান যুদ্ধ চলিছিল?

উত্তৰঃ ষ্টালিন (Stalin)।

১৮। কোৰিয়াৰ যুদ্ধৰ সময়ত চীনৰ শাসক প্রধান কোন আছিল?

উত্তৰঃ মাও-চে-টুং (Mao-tse-tung)।

১৯। দ্বিতীয় বিশ্ব যুদ্ধৰ তুলনাত কোৰিয়ান যুদ্ধ পৃথক কিয়?

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধ সম্পূৰ্ণ যুদ্ধ আছিল কিন্তু কোৰিয়ান যুদ্ধ হৈছে সীমিত যুদ্ধ (Limited War) I

২০। কোন ৰাষ্ট্ৰই উত্তৰ কোৰিয়াৰ হৈ যুদ্ধত যোগ দিয়াৰ ফলস্বৰূপে গোটেই যুদ্ধৰ গতিপথ সলনি হৈ গৈছিল?

উত্তৰঃ চীন ৰাষ্ট্ৰ।

২১। কিয় কোৰিয়াক বিভক্ত কৰা হৈছিল?

উত্তৰঃ নিজৰ নিজৰ নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে চোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰই কোৰিয়াক দুই ভাগত বিভক্ত কৰি লৈছিল।

২২। কিয় উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক আক্রমণ কৰিছিল?

উত্তৰঃ উত্তৰ কোৰিয়াই সাম্যবাদেৰে কোৰিয়াৰ সকলো অঞ্চলক একত্ৰিত কৰি ৰাষ্ট্ৰ গঠন কৰিব বিচাৰিছিল।

২৩। শীতল যুদ্ধৰ প্ৰথম নকল (Proxy) যুদ্ধ বুলি কাক কোৱা হয়?

উত্তৰঃ কোৰিয়ান যুদ্ধক।

২৪। ডমিনো তত্ত্বৰ ভেঁটিত যদি দক্ষিণ কোৰিয়াত সাম্যবাদ প্রতিষ্ঠা হয় তেতিয়া তাৰ পিচত সাম্যবাদ কোন দেশলৈ প্ৰসাৰিত হ’ব?

উত্তৰঃ টাইৱান (Taiwan) 

২৫। কেতিয়া উত্তৰ কোৰিয়াই নিউক্লিয়াৰ বোমাৰ পৰীক্ষণ কৰিছিল?

উত্তৰঃ ইং ২০০৬ চনৰ অক্টোবৰ।

২৬। সাধাৰণ সভাই ‘Uniting for Peace’ সিদ্ধান্ত বিশ্বৰ কোনখন যুদ্ধৰ প্ৰসংগত লবলৈ বাধ্য হৈছিল?

উত্তৰঃ কোৰিয়ান যুদ্ধৰ সময়ত।

চমু প্রশ্নোত্তৰঃ 

১। কোৰিয়ান যুদ্ধত ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাৰ ঐক্যবদ্ধ সেনা বাহিনীৰ সেনা নায়ক দুজনৰ নাম কি আছিল?

উত্তৰঃ আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ যৌথ বাহিনীৰ প্ৰথম সেনা নায়ক (Commandant) আছিল মেক আৰ্থাৰ আৰু পিচৰ জন আছিল— মেথিউ ডিৱেয়।

২। কোৰিয়ান যুদ্ধৰ সময়সীমা উল্লেখ কৰা।

উত্তৰঃ কোৰিয়ান যুদ্ধ ইং ১৯৫০ চনৰ ২৫ জুনত আৰম্ভ হৈ ১৯৫৩ চনৰ ২৭ জুলাইত শেষ হৈছিল। অর্থাৎ ৩ বছৰ ১ মাহ ২ দিন এই যুদ্ধ চলি আছিল। কিন্তু উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সংঘাতৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই।

৩। কোৰিয়ান যুদ্ধৰ পক্ষ দুটাত থকা দেশসমূহৰ নাম উল্লেখ কৰা।

উত্তৰঃ ১৯৫০ ইং চনৰ ২৫ জুন তাৰিখে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক আক্ৰমণ কৰি এই যুদ্ধ সৃষ্টি কৰে। এই যুদ্ধৰ পক্ষ দুটাত থকা দেশবোৰ হ’ল—

(ক) উত্তৰ কোৰিয়াক সমৰ্থন কৰা দেশবোৰ হ’ল চোভিয়েট ৰাছিয়া, চীনকে ধৰি ইউৰোপৰ সাম্যবাদী দেশবোৰ।

(খ) দক্ষিন কোৰিয়াৰ পক্ষ লোৱা দেশবোৰ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ডকে ধৰি পুঁজিবাদী দেশবোৰ।

৪। শান্তি চুক্তিৰ জৰিয়তে কোৰিয়ান যুদ্ধৰ অন্ত হৈছিল নে?

উত্তৰঃ কোৰিয়ান যুদ্ধ ১৯৫৩ চনৰ ২৭ জুলাই তাৰিখে বন্ধ হৈছিল। কিন্তু এই যুদ্ধ ‘যুদ্ধবিৰতি চুক্তি’ৰ জৰিয়তহে অন্ত পৰিছিল; শান্তি চুক্তিৰে নিষ্পত্তি হোৱা নাছিল। গতিকে এতিয়াও দুয়ো ৰাষ্ট্ৰৰ মাজত যুদ্ধৰ উত্তেজনা চলি থকা দেখা যায়। ২০১৮ চনৰ এপ্ৰিল মাহত দুয়ো দেশৰ নেতা নিঃসামৰিকৰণ (Demilitarised) অঞ্চলত মিলিত হৈছিল আৰু কোৰিয়ান যুদ্ধৰ স্থায়ী সমাপ্তিৰ বাবে শান্তিৰ চুক্তিৰ কথা আলোচনা কৰিছিল।

৫। উত্তৰ কোৰিয়াক চোভিয়েট ৰাছিয়াই কিয় সহায় কৰিছিল? দুটা কাৰণ লিখা।

উত্তৰঃ কোৰিয়ান যুদ্ধত চোভিয়েট ৰাছিয়াই উত্তৰ কোৰিয়াক সহায় কৰাৰ কাৰণ দুটা হ’ল—

(ক) চোভিয়েট ৰাছিয়া সাম্যবাদৰ দেশ আছিল। গতিকে ৰাছিয়াৰ এক অন্যতম লক্ষ্য আছিল সাম্যবাদৰ প্ৰসাৰ ঘটোৱা। যেতিয়া উত্তৰ কোৰিয়াই সাম্যবাদৰ প্ৰসাৰৰ বাবে দক্ষিণ কোৰিয়াক আক্ৰমণ কৰাৰ প্ৰস্তাৱ ৰাছিয়ালৈ প্ৰেৰণ কৰিছিল তেতিয়া ৰাছিয়াই তাত সমৰ্থন দিছিল।

(খ) উত্তৰ কোৰিয়াৰ যোগেদি যদি দক্ষিণ কোৰিয়াত সাম্যবাদৰ শাসন প্রতিষ্ঠা হয় তেতিয়া ৰাছিয়াই এছিয়া মহাদেশত প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব।

৬। চীনে উত্তৰ কোৰিয়াৰ হৈ যুদ্ধত যোগদান কৰাৰ দুটা কাৰণ বৰ্ণনা কৰা।

উত্তৰঃ চীনে উত্তৰ কোৰিয়াৰ হৈ যুদ্ধত যোগদান কৰাৰ দুটা কাৰণ হ’ল–

(ক) চীনৰ মাওবাদী নেতা-মাও-চে-টুংয়ে ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাৰ সৈন্যৰ আগ্ৰাসনত শংকিত হৈছিল আৰু উত্তৰ কোৰিয়াৰ হৈ যুদ্ধ কৰি ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাৰ সৈন্যক দক্ষিণ কোৰিয়ালৈ খেদি দিছিল।

(খ) চীন আৰু দক্ষিণ কোৰিয়াৰ মাজত উত্তৰ কোৰিয়া অৱস্থিত। সেয়ে উত্তৰ কোৰিয়াক মাজৰ ৰাষ্ট্ৰ হিচাপে ৰাখিব পাৰিলে চীনে অদূৰ ভৱিষ্যতে দক্ষিণ কোৰিয়াৰ আক্ৰমনৰ পৰা ৰক্ষা হৈ থাকিব পাৰিব।

৭। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া গঠন হোৱাৰ পিছত তাত কি কি শাসন ব্যৱস্থা চলিছিল?

উত্তৰঃ ৩৮ নং সমান্তৰাল ৰেখাৰ ভিত্তিত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া গঠন হোৱাৰ পিছত উত্তৰ কোৰিয়াত সাম্যবাদৰ চৰকাৰ প্ৰতিষ্ঠা হৈছিল। এই চৰকাৰৰ হয় কিম-II চুং। আনহাতে দক্ষিণ কোৰিয়াত পুঁজিবাদৰ ভিত্তিত প্ৰজাতন্ত্ৰৰ চৰকাৰ স্থাপন হয় আৰু ইয়াৰ প্ৰথম ৰাষ্ট্ৰপতি হৈছিল চিংগমেন ৰি।

৮। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া গঠন হোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চোভিয়েট ৰাছিয়াই কেতিয়া নিজ নিজ সৈন্যক অপসাৰণ কৰিছিল?

উত্তৰঃ ১৯৪৫ চনত চোভিয়েট ৰাছিয়া আৰু আমেৰিকাই কোৰিয়াক উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াত বিভক্ত কৰিছিল। পিছত ১৯৪৮ চনৰ ১৫ আগষ্টত দক্ষিণ কোৰিয়াই প্রজাতন্ত্ৰ বুলি ঘোষণা কৰিছিল। তেনেকৈ ১৯৪৮ চনৰ ৯ চেপ্তেম্বৰত উত্তৰ কোৰিয়াই গণতান্ত্রিক গণ প্রজাতন্ত্ৰ বুলি ঘোষণা কৰিছিল। দুয়োখন দেশ স্বাধীন বুলি ঘোষিয় হোৱাৰ পিছত চোভিয়েট ৰাছিয়াই নিজৰ সৈন্য ১৯৪৮ চনত আৰু আমেৰিকাই ১৯৪৯ চনত উঠাই আনিছিল।

৯। সাধাৰণ সভাৰ ‘Uniting for Peace Resolution’ ৰ অৰ্থ কি? এই সিদ্ধান্তক আন কি নামেৰে জনা যায়?

উত্তৰঃ কোৰিয়ান যুদ্ধৰ সংকটৰ সময়ত অর্থাৎ ১৯৫০ চনৰ ৩ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই বুলি সিদ্ধান্ত লয় যে যদি নিৰাপত্তা পৰিষদৰ কোনো স্থায়ী সদস্য ৰাষ্ট্ৰই আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত ভেটো ক্ষমতা ব্যৱহাৰ কৰি তাত ব্যাঘাত জন্মাব বিচাৰে তেতিয়া সাধাৰণ সভাই সেই শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত নিজে সিদ্ধান্ত লব পাৰিব। এনেদৰে ‘Uniting for Peace সিদ্ধান্ত সৃষ্টি হয়। এই সিদ্ধান্তৰ যোগেদি সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰবোৰক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰিবলৈ সামূহিক প্ৰতিৰোধ ব্যৱস্থা গঢ়িবলৈ কৰ্তৃত্ব দিয়ে। ৩ নৱেম্বৰত লোৱা এই সিদ্ধান্তক এচেচন (Acheson) আঁচনি বুলিও জনা যায়।

১০। কোৰিয়া কেনেকৈ দ্বিখণ্ডিত / দুটা ভাগত বিভক্ত কৰা হৈছিল বর্ণনা কৰা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ সময়ত যেতিয়া জাপান পৰাস্ত হয় তেতিয়া জাপানৰ দখলত থকা কোৰিয়াক মুক্ত কৰাৰ লক্ষ্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চেভিয়েট ৰাছিয়াই ৩৮ নং সমান্তৰাল ৰেখাত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া দুই ভাগত বিভক্ত কৰি চোভিয়েট ৰাছিয়াই উত্তৰ পৰা আৰু আমেৰিকাৰ দক্ষিণৰ পৰা দখল কৰাৰ সিদ্ধান্ত লৈছিল৷ উত্তৰ আৰু দক্ষিণ কোৰিয়াত নিজৰ নিজৰ চৰকাৰ গঠন কৰাৰ উদ্দেশ্যৰে ৰাছিয়া আৰু আমেৰিকাৰ মাজত এক যৌল আয়োগ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ তত্ত্বাবধানত সাধাৰণ নিৰ্বাচন পতাৰ প্ৰস্তাৱ বিবেচনা কৰা হৈছিল যদিও উত্তৰ কোৰিয়াৰ সাম্যবাদী সকলে ঘোৰ অশান্তি কৰিছিল। শেষত ১৯৪৮ চনৰ ১০ মে’ত সাধাৰণ নিৰ্বাচন দক্ষিন কোৰিয়াত অনুষ্ঠিত হৈছিল আৰু ১৫ আগষ্টত উদাৰ গণতন্ত্র প্রজাতন্ত্র স্থাপিত হৈ স্বাধীন ৰাষ্ট্ৰ গঢ়ি উঠিছিল। আনহাতে ২৫ আগষ্টত উত্তৰ কোৰিয়াত নির্বাচন অনুষ্ঠিত হয় আৰু ৯ চেপ্তেম্বৰ ত গণতান্ত্রিক গণ প্রজাতন্ত্ৰৰ জৰিয়তে সম্যবাদী ৰাষ্ট্ৰ গঠন হৈছিল।

১১। কি কাৰণত আমেৰিকা যুক্তৰাষ্ট্ৰই কোৰিয়ান যুদ্ধত নামি পৰিছিল চমুকৈ লিখা।

উত্তৰঃ ১৯৪৮ ইং চনত উত্তৰ কোৰিয়াত চোভিয়েট ৰাছিয়াৰ আদৰ্শত সাম্যবাদী ৰাষ্ট্ৰ গঠন হয় আৰু আমেৰিকাৰ পুঁজিবাদী আদৰ্শত দক্ষিণ কোৰিয়াত পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত ৰাছিয়াই ১৯৪৮ চনত আৰু আমেৰিকাই ১৯৪৯ চনত নিজৰ নিজৰ সৈন্য ঘূৰাই আনিছিল। কিন্তু এবছৰ পিচতে অর্থাৎ ১৯৫০ চনত উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক আক্ৰমণ কৰিলে। তেতিয়া আমেৰিকাই দক্ষিণ কোৰিয়াক ৰক্ষা কৰিবলৈ যুদ্ধত যোগদান কৰিছিল। আমেৰিকাই এই যুদ্ধত যোগদান কৰাৰ কেইবাটাও কাৰণ আছিল—

(ক) ৰাজনীতিত পুঁজিবাদ আৰু সমাজবাদ দুই বিপৰীত আদৰ্শ। গতিকে দক্ষিণ কোৰিয়াত যাতে উত্তৰ কোৰিয়াই সাম্যবাদ প্রতিষ্ঠা কৰিব নোৱাৰে তাৰ বাবে উত্তৰ কোৰিয়াৰ আক্ৰমন বিফল কৰিবলৈ আমেৰিকাই দক্ষিণ কোৰিয়াক সহায় কৰিছিল।

(খ) ) আমেৰিকাই ডমিনো তত্ত্বক বিশ্বাস কৰিও এই যুদ্ধত অংশ লৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রুমেনে ভাবিছিল যে দক্ষিণ কোৰিয়াত যদি সাম্যবাদ প্রতিষ্ঠা হয় তেতিয়া আন এখন দেশ আৰু কেনেকৈ এখনৰ পিছত আন এখন দেশলৈ সাম্যবাদ প্ৰসাৰিত হৈ পুঁজিবাদৰ বিপদ মাতি আনিব সেই ভয়তে আমেৰিকাই উত্তৰ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ কোৰিয়াৰ হৈ যুদ্ধত নামি পৰিছিল।

(গ) আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রুমেনৰ মতবাদ আছিল যে যদি বিশ্বৰ কোনো এক দেশ সাম্যবাদৰ ভাবুকিৰ সন্মুখীন হয় তেতিয়া আমেৰিকাই সেই দেশক সাম্যবাদৰ ভাবুকীৰ পৰা ৰক্ষা পাবলৈ সহায় কৰিব আৰু ইয়াৰ কাৰণেও আমেৰিকাই দক্ষিণ কোৰিয়াৰ হৈ যুদ্ধ কৰিছিল।

(ঘ) আমেৰিকান সকলে বিশ্বাস কৰিছিল যে উত্তৰ কোৰিয়াক আক্রমণ কার্যত চোভিয়েট ৰাছিয়াৰ পূৰ্ণ সমর্থন আছে আৰু সেইবাবে আমেৰিকাই দক্ষিণ কোৰিয়াক সহায় কৰিছিল।

(ঙ) বিশ্বত সাম্যবাদৰ অগ্ৰগতিক আমেৰিকাই সহজে লোৱা নাছিল। ১৯৪৮-৪৯ চনত ৰাছিয়াৰ বাৰ্লিন অৱৰো, ১৯৪৯ চনত ৰাছিয়াৰ এটম বোমাৰ পৰীক্ষণ, ১৯৪৯ চনত চীনৰ সাম্যবাদী চৰকাৰ প্ৰতিষ্ঠা ইত্যাদিয়ে আমেৰিকাক সন্দেহাতীত কৰি তুলিছিল। গতিকে উত্তৰ কোৰিয়াৰ আৰু দক্ষিণ কোৰিয়াৰ আক্ৰমনক ৰোধ কৰিবলৈ আমেৰিকাই এই যুদ্ধত নামি পৰিছিল।

১২। কোৰিয়ান যুদ্ধৰ ফলাফলবোৰ আলোচনা কৰা।

উত্তৰঃ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া নকৈ গঠন হোৱাৰ এবছৰ পিছতে ১৯৫০ চনৰ ২৫ জুন তাৰিখে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াক আক্ৰমণ কৰিছিল আৰু এই আক্ৰমণৰ লক্ষ্য আছিল দক্ষিণ কোৰিয়াত সাম্যবাদ প্রতিষ্ঠা কৰি এক কোৰিয়া ৰাষ্ট্ৰ সৃষ্টি কৰা। এই যুদ্ধ ১৯৫৩ চনৰ ২৭ জুলাই তাৰিখে যুদ্ধবিৰতি চুক্তিৰে অন্ত হৈছিল। এই যুদ্ধৰ ফলাফলবোৰ হৈছে–

(ক) উত্তৰ কোৰিয়াৰ আক্ৰমণৰ লক্ষ্য সফল হব নোৱাৰিলে।

(খ) দুয়োখন দেশৰ সীমা আগৰ অৱস্থাতে থাকিল। অৱশ্যে উত্তৰ কোৰিয়াই কেচংগ নগৰ পোৱাৰ বিপৰীতে দক্ষিণ কোৰিয়াই চ’ক্‌চো নগৰ পাইছিল।

(গ) যুদ্ধ বিৰতি চুক্তি ১৯৫৩ ৰ জৰিয়তে যুদ্ধ বন্ধ হয়। কিন্তু ই চুক্তি নহয়। ফলত ২০১৮ চনত Panmunjom Declaration for peace, Prosperity and Unification the Korean Peninsula, ২০১৮ ইং চনত 2018 North korea United States Summit অনুষ্ঠিত হৈ আছে যাতে শান্তি চুক্তি হয়।

(ঘ) যুদ্ধবিৰতিৰ চুক্তি যাতে কোনো পক্ষই ভংগ কৰিব নোৱাৰে তাৰ বাবে এখন Neutral Nations Supervisory Commission গঠন কৰা হ’ব।

(ঙ) যুদ্ধবিৰতি চুক্তিৰ ৬০ দিনৰ ভিতৰত দুয়োপক্ষৰ যুদ্ধ বন্দীসকলক প্ৰত্যাৱৰ্তন কৰা হ’ব।

(চ) যুদ্ধত প্ৰায় ২-৩ মিলিয়ন লোকৰ মৃত্যু হৈছিল; ইয়াৰ ১০ লাখ সামৰিক লোকৰ মৃত্যু হৈছিল৷ পূৱ এছিয়াতে নহয়; শীতল যুদ্ধৰ আটাইতকৈ মাৰাত্মক যুদ্ধই হৈছে কোৰিয়ান যুদ্ধ।

(ছ) এই যুদ্ধবিৰতি চুক্তিৰ আন এক অন্যতম চৰ্ত হৈছে দুয়ো দেশৰ সীমাত ২ কিঃ মিঃ বহলকৈ মুঠ ৪ কিঃ মিঃ বহলকৈ ২৫০ কিঃ মিঃ পর্যন্ত অঞ্চলত কোনো ধৰণৰ সৈন্য বা সৈন্য সামন্তৰ সঞ্চালন বন্ধ থাকিব লাগিব।

এনেদৰে যুদ্ধ বিৰতি চুক্তিয়ে দুয়ো দেশৰ মাজৰ যুদ্ধ প্রত্যক্ষ ভাবে বন্ধ কৰে যদিও বৰ্তমানলৈ দুয়ো দেশৰ সংঘাতৰ উত্তেজনা শাম কটা নাই। উত্তৰ কোৰিয়াই ১৯৯৪, ১৯৯৬, ২০০৩, ২০০৬, ২০০৯ আৰু ২০১৩ চনত যুদ্ধবিৰতি চুক্তি নামানো বুলি হুংকাৰ দিছিল৷ তেনেকৈ ২০১১ চনলৈকে উত্তৰ কোৰিয়াই ২২১ বাৰ যুদ্ধবিৰতি লংঘন কৰা বুলি দক্ষিণ কোৰিয়াই অভিযোগ উত্থাপন কৰিছে।

১৩। কোৰিয়ান যুদ্ধবিৰতি চুক্তি আৰু শান্তি আলোচনা ধাৰাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ যুদ্ধ ৩ বছৰ অন্ততঃ অর্থাৎ ইং ১৯৫৩ চনৰ ২৭ জুলাইত এক যুদ্ধবিৰতিৰ চুক্তিত আমেৰিকা বাহিনীৰ সেনানায়ক কে হৰিচন, উত্তৰ কোৰিয়াৰ সাধাৰণ সেনানায়ক নাথ II আৰু চীনৰ সেনা বিষয়া পেং টেহ হুরাইয়ে স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ চৰ্তবোৰ আছিল–

(ক) দুই কোৰিয়াৰ মাজত যুদ্ধ বন্ধ থাকিব।

(খ) দুয়োখন দেশৰ মাজৰ সীমা আগৰ অৱস্থাতে থাকিব। অৱশ্যে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ পৰা কেচংগ চহৰ পোৱাৰ বিপৰীতে দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ পৰা চক্‌চো নগৰ পাৰ।

(গ) যুদ্ধবিৰতিৰ চুক্তি শান্তি চুক্তি নহয় বাবে যুদ্ধবিৰতিৰ চুক্তিৰ ৩ মাহৰ ভিতৰত শান্তি চুক্তি সৃষ্টিৰ বাবে এখন ৰাজনৈতিক আলোচনা চক্ৰ পতা হ’ব। সেই মর্মে জেনেভা আলোচনা চক্ৰ পলমকৈ আহৱান কৰা হৈছিল। কিন্তু এই আলোচনা ফলপ্রসূ নহ’ল।

(ঘ) উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ সীমাৰেখাৰ পৰা ২ কিঃ মিঃ বহলকৈ মুঠ চাৰি কিলোমিটাৰকৈ ২৫০ কিঃ মিঃ পর্যন্ত অঞ্চল নিঃসামৰিকৰণ হ’ব।

(ঙ) যুদ্ধবিৰতিৰ ৬০ দিনৰ ভিতৰত দুয়ো পক্ষৰ যুদ্ধবাদী সকলক প্রত্যাৱৰ্তন কৰা হ’ব।

এনেদৰে যুদ্ধ বিৰতিৰ চুক্তিৰ জৰিয়তে দুয়ো দেশৰ মাজৰ সামৰিক সংঘাত বন্ধ হৈছিল যদিও ৰাজনৈতিক শান্তিৰ চুক্তি সম্পাদিত হোৱা নাছিল। সেয়ে দুয়ো পক্ষৰ মাজৰ সংঘাতৰ উত্তেজনা এতিয়ালৈ চলি আছে। উত্তৰ কোৰিয়াই যুদ্ধবিৰতিৰ চৰ্ত বাৰে বাৰে ভংগ কৰা বুলি দক্ষিণ কোৰিয়াই অভিযোগ আনি আছে। স্থায়ী শাস্তি ৰচনাৰ বাবে ১৯৫৪ চনত জেনেভা আলোচনাত বহিছিল যদিও সি সফল নহ’ল। ১৯৭৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কোৰিয়াত স্থায়ী শাস্তিৰ বাবে উদ্যেগে গ্ৰহণ কৰিছিল। কিন্তু সিও বাস্তৱত হৈ নুঠিল। ২০১৮ চনত দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰ প্ৰধানৰ মাজত Panmunjom Declaration Peace, Prosperity and Unification on Korean Peninsula স্বাক্ষৰিত হয় আৰু তেনেকৈ ২০১৮ চনতে North Korea United States Summit অনুষ্ঠিত হৈছে আৰু স্থায়ী শান্তিৰ পথ প্রশস্ত হৈ আহি আছে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ 

১। কোৰিয়ান যুদ্ধৰ বিষয়ে বৰ্ণনা কৰা আৰু ইয়াৰ ফলাফল উল্লেখ কৰা।

অথবা

কোৰিয়ান যুদ্ধৰ অন্ত পেলাবলৈ ৰাষ্ট্ৰসংঘই কি কি প্ৰচেষ্টা লৈছিল তাৰ বিষয়ে বর্ণনা কৰা।

অথবা

কোৰিয়ান যুদ্ধত আমেৰিকাই কিয় অংশগ্রহণ কৰিছিল আৰু আন্তর্জাতিক ৰাজনীতিত এই যুদ্ধৰ প্ৰভাৱ কেনেধৰণে পৰিছিল লিখা।

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ সময়লৈ কোৰিয়া জাপান সাম্রাজ্যৰ তলত আছিল। কিন্তু এই যুদ্ধত জাপানৰ পৰাজয়ৰ লগে লগে চোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্ত ৰাষ্ট্ৰই ৩৮ নং সমান্তৰাল ৰেখাৰ ভিত্তিত কোৰিয়াক উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াত ভগাই ৰাচিয়াই উত্তৰ কোৰিয়া আৰু আমেৰিকাই দক্ষিণ কোৰিয়া দখল কৰি লয়। উত্তৰ কোৰিয়াক আৰু দক্ষিণ কোৰিয়াক একত্ৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও চোভিয়েট ৰাছিয়াৰ বিৰোধিতাৰ বাবে কোৰিয়া উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া স্বাধীন ৰাষ্ট্ৰ হিচাপে থাকি যায়। উত্তৰ কোৰিয়াত সাম্যবাদৰ চৰকাৰ আৰু দক্ষিণ কোৰিয়াত পুঁজিবাদৰ চৰকাৰ স্থাপিত হয়। কিন্তু ১৯৫০ চনৰ ২৫ জুনত উত্তৰ কোৰিয়াই সাম্যবাদ প্ৰতিষ্ঠাৰ উদ্দেশ্যত দক্ষিণ কোৰিয়াক আক্ৰমন কৰিছিল ৷ 

প্রায় ১ লাখ সু-সজ্জিত সৈন্যৰে দক্ষিণ কোৰিয়াৰ সৈন্যক খেদি নিবলৈ সক্ষম হৈছিল। ২৭ জুনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শান্তি ভংগ কৰা বুলি উত্তৰ কোৰিয়াক দোষা ৰোপ কৰে আৰু দক্ষিণ কোৰিয়াৰ পৰা অতি সোনকালে সৈন্য অপসাৰণ কৰাৰ বাবে আহবান জনায়। কিন্তু উত্তৰ কোৰিয়াই সৈন্য অপসাৰনে নকৰাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘ চনদৰ সপ্তম অধ্যায়ৰ নিয়ম মর্মে সামূহিক নিৰাপত্তা মাধ্যমেৰে সামৰিক শক্তি প্ৰয়োগৰ সিদ্ধান্ত লৈছিল। আনহাতে ২৯ জুনত দক্ষিণ কোৰিয়াক সাম্যবাদৰ পৰা ৰক্ষা কৰিবলৈ আমেৰিকাই উত্তৰ কোৰিয়াৰ ওপৰত বোমা পেলাবলৈ সেনানায়ক-ডুগলাছক কর্তৃত্ব দিয়ে। 

১৯৫০ চনৰ ৭ জুলাইত নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ অধীনত এক ঐক্যবদ্ধ সামৰিক বাহিনী গঠন কৰে আৰু সদস্য ৰাষ্ট্ৰবোৰক সামৰিক সহায় আগবঢ়াবলৈ আহবান কৰে। ১৯৫০ চনৰ আগষ্টত আমেৰিকা আৰু ৰাষ্ট্ৰসংঘৰ যৌথ বাহিনীয়ে দক্ষিণ কোৰিয়াৰ হৈ যুদ্ধত নামে আৰু উত্তৰ কোৰিয়াৰ সৈন্যক দক্ষিণ কোৰিয়াৰ পৰা খেদি নি উত্তৰ কোৰিয়াৰ উত্তৰ প্ৰান্তলৈ অৰ্থাৎ য়ালু (Yalu) নদীলৈ খেদি গৈছিল। তেনে সময়ত চীনে উত্তৰ কোৰিয়াৰ হৈ যুদ্ধত যোগদান দিয়ে আৰু কোৰিয়ান যুদ্ধৰ গতি সলনি কৰে আৰু ই জটিল হৈ পৰে। চীনৰ সৈন্যৰ সহায়ত উত্তৰ কোৰিয়াই পুনৰ দক্ষিণ কোৰিয়াৰ সৈন্যক ৩৮ নং সমান্তৰাল ৰেখা পাৰ কৰিব পাৰিছিল। অক্টোবৰ মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰসংঘৰ বাহিনীয়ে উত্তৰ কোৰিয়াৰ বাহিনীক ৩৮ নং ৰেখালৈ খেদি আনিলে। ৩ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই বুলি সিদ্ধান্ত লৈছিল যে যদি নিৰাপত্তা পৰিষদৰ কোনো স্থায়ী সদস্য ৰাষ্ট্ৰই আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাৰ ক্ষেত্ৰত ভেটো ক্ষমতা ব্যৱহাৰ কৰে তেতিয়া সাধাৰণ সভাই নিজে শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ স্বাৰ্থত সিদ্ধান্ত লব পাৰিব। ইয়াৰ ফলত সাধাৰণ সভাই Uniting for Peace Resolution গ্রহণ কৰে আৰু ইয়ে ৰাষ্ট্ৰসংঘৰ সামূহিক নিৰাপত্তা ব্যৱস্থাক শক্তিশালী কৰি তোলে।

১৯৫০ চনৰ ৬ ডিচেম্বৰত আমেৰিকাৰ নৌবাহিনীয়ে উত্তৰ কোৰিয়াত আক্রমণ চলাই প্ৰায় ৮০ হাজাৰ চীনৰ সৈন্যক ধাৰাশায়ী কৰিছিল। ১৯৫১ চনৰ ১১ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতিট্রুমেনে কোৰিয়া যুদ্ধৰ সেনানায়ক মেক আৰ্থাৰক দায়িত্বৰ পৰা আঁতৰাই মেথিউ ডিৱেয় (Matthew Ridgway) ক দায়িত্ব অর্পণ কৰে। ২৫ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ বৰ্ধিত সামৰিক শক্তিয়ে চীনৰ বাহিনীক বাধা দিবলৈ সক্ষম হৈছিল। লাহে লাহে ওৰ কোৰিয়াৰ পক্ষ দুৰ্বল হবলৈ ধৰাত যুদ্ধৰ পট পৰিৱৰ্তন হ’বলৈ ধৰিলে। উত্তৰ কোৰিয়াৰ সমৰ্থক ৰাষ্ট্ৰ চীন আৰু ৰাছিয়াই যুদ্ধবিৰতিৰ আলোচনাত বহিবলৈ উত্তৰ কোৰিয়াক হেঁচা দিছিল আৰু উত্তৰ কোৰিয়াই তাক মানিবলৈ বাধ্য হৈছিল। যুদ্ধবিৰতিৰ আলোচনা ১৯৫১ চনৰ ১০ জুলাইত আৰম্ভ হয়। ২৩ আগষ্টতো আলোচনা চলে। ২৫ অক্টোবৰতো দুই পক্ষৰ প্ৰতিনিধি মিলিত হয়। ১৯৫২ চনত আমেৰিকা ৰাষ্ট্ৰপতি ইচেনহোৱেৰ হয়। আনহাতে ১৯৫৩ চনৰ মাৰ্চত এচিয়ান নেতা-ষ্টেলিনৰ মৃত্যু হয় ফলত শান্তি আলোচনা আগবাঢ়ে আৰু ১৯৫৩ চনৰ ২৭ জুলাইত উত্তৰ কোৰিয়া, চীন আৰু আমেৰিকাৰ প্ৰতিনিধিৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হয় আৰু কোৰিয়ান যুদ্ধৰ অন্ত হয়।

কোৰিয়ান যুদ্ধৰ প্ৰভাৱ তথা ফলাফল–

(ক) এই যুদ্ধত উত্তৰ কোৰিয়াৰ লক্ষ্য সফল নহ’ল।

(খ) এই যুদ্ধ আটাইতকৈ মাৰাত্মক আছিল। লাখ লাখ সাধাৰণ লোক আৰু সামৰিক লোকৰ মৃত্যু হয় আৰু জীৱন ঘূনীয়া হৈছিল।

(গ) দুয়ো দেশৰ শিল্প, উদ্যোদ, কল-কাৰখানা আদিৰ অশেষ ক্ষতি হৈছিল।

(ঘ) দুখন দেশৰ মাজৰ সীমাৰেখা ৩৮ নং সমান্তৰালতে থাকে। অৱশ্যে উত্তৰ কোৰিয়াই কেচংগ চহৰ লাভ কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াই চ’ক্‌চো নগৰ পাইছিল।

(ঙ) উত্তৰ কোৰিয়াত দুর্ভিক্ষ দেখা দিছিল আৰু সেয়ে দক্ষিণ কোৰিয়াৰ অগ্ৰগতিৰ সমানে আগবাঢ়ি যাব পৰা নাছিল।

(চ) শীতল যুদ্ধৰ উত্তেজনা ইউৰোপ মহাদেশৰ পৰা এছিয়া মহাদেশলৈ সম্প্ৰসাৰিত হৈছিল আৰু কোৰিয়ান যুদ্ধই ইয়াৰ উত্তেজনা বহুত বঢ়ায়।

(ছ) এই যুদ্ধত আমেৰিকাই সাম্যবাদ ৰোধত সফল হৈছিল।

(জ) এই যুদ্ধই আমেৰিকাই, ৰাছিয়া আৰু চীনৰ মাজৰ সম্পৰ্ক জটিল কৰি তোলে।

(ঝ) কোৰিয়ান যুদ্ধ ১৯৫ও চনৰ SEATU সংগঠন সৃষ্টিৰ এক অন্যতম কাৰণ হৈ পৰিছিল।

(ঞ) এই যুদ্ধই আন্তর্জাতিক ৰাজনীতিত অস্ত্ৰীকৰণৰ প্ৰতিযোগিতা পুনৰ বৃদ্ধি কৰে আৰু আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ ভেঁটি দুৰ্বল কৰি তোলে।

বর্তমান স্থিতি :— এনেদৰে যুদ্ধবিৰতি চুক্তিৰে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সামৰিক সংঘাত বন্ধ হৈছিল যদিও শান্তি চুক্তি সম্পাদিত নোহোৱাৰ বাবে দুয়ো দেশৰ মাজত সংঘাতৰ উত্তেজনা এতিয়ালৈ মাৰ যোৱা নাই। উত্তৰ কোৰিয়াই যুদ্ধ বিৰতিৰ চৰ্ত বাৰে বাৰে অৰ্থাৎ ২০১১ চনলৈকে ২২১ বাৰ লংঘন কৰা বুলি দক্ষিণ কোৰিয়াই অভিযোগ উত্থাপন কৰে। তেনেকৈ উত্তৰ কোৰিয়াই ১৯৯৪, ১৯৯৬, ২০০৩, ২০০৬, ২০০১ আৰু ২০১৩ চনত যদ্ধবিৰতিৰ চুক্তি নামানো বুলি হুংকাৰ দিছিল। যিয়ে নহওঁক শান্তিৰ বাবে ১৯৫৪ চনত জেনেভা আলোচনা চলিছিল, কিন্তু সফল নহ’ল। তেনেকৈ ১৯৭৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাইয়ো স্থায়ী শান্তিৰ বাবে আগবাঢ়িছিল, কিন্তু সম্ভৱ নহ’ল। ২০১৮ চনত দুই দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ মাজত ‘Panmunjom Declaration for Peace, Prosperity and Unification on Korean Peninsula’ স্বাক্ষৰিত হয় আৰু তেনেকৈ North Korea-United States Summit অনুষ্ঠিত হয়। গতিকে এনেদৰে স্থায়ী শান্তিৰ পথ প্ৰশস্ত হৈ আহি আছে।

ভিয়েটনাম যুদ্ধ (VIETNAM WAR)

অতি চমু প্রশ্নোত্তৰঃ

১। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়লৈ ভিয়েটনাম (Vietnam) কোন সম্ৰাজ্যৰ অধীনত আছিল?

উত্তৰঃ ফ্রান্স ।

২। উত্তৰ ভিয়েটনামত গঢ়ি উঠা স্বাধীনতা সংগ্রামী সংগঠনটোৰ নাম কি আছিল?

উত্তৰঃ ভিয়েট মিন (Vietnam) – League for Liberation of Vietnam।

৩। ভিয়েটমিনৰ নেতা কোন আৰু ই কেতিয়া গঠন হৈছিল?

উত্তৰঃ হো-চি-মিন (Ho-chi-Minh) আৰু ই ১৯৪১ চনত গঠন হৈছিল।

৪। কোন যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই জয়ী হ’ব নোৱাৰিলে?

উত্তৰঃ ভিয়েটনাম যুদ্ধত।

৫। কোন চুক্তিৰে ফ্রান্সে ভিয়েটনামৰ সাম্ৰাজ্য এৰি গুচি যায়?

উত্তৰঃ জেনেভা চুক্তি, ১৯৫৪।

৬। কোন চুক্তিৰে উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনাম সৃষ্টি হয়?

উত্তৰঃ জেনেভা চুক্তি, ১৯৫৪।

৭। কোন ৰেখাৰ ভিত্তিত উত্তৰ ভিয়েটনাম আৰু দক্ষিন ভিয়েটনাম দুই ভাগত বিভক্ত কৰা হৈছিল?

উত্তৰঃ ১৭ তম সমান্তৰাল ৰেখা ৰ ভিত্তিত।

৮। কেতিয়া জাতীয় মুক্তি বাহিনী (NLF) গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৬০ ইং চনৰ ডিচেম্বৰত গঠন হৈছিল। এই বিদ্রোহী সংগঠনে দক্ষিণ ভিয়েটনামত সংগ্রাম চলাইছিল ।

৯। টনকিন সিদ্ধান্ত (Tonkin Resolution) মানে কি?

উত্তৰঃ ১৯৬৪ চনৰ আগষ্টত উত্তৰ ভিয়েটনামে আমেৰিকাৰ জাহাজ ধ্বংস কৰাৰ পৰিণামৰ বাবে আমেৰিকাৰ কংগ্ৰেছে উত্তৰ ভিয়েটনামত যুদ্ধ চলোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি-জনচনক কৰ্তৃত্ব প্রদান কৰে। ইয়াকে কংগ্ৰেছৰ ট’নকিন সিদ্ধান্ত বোলে।

১০। ভিয়েটনামত চলোৱা আমেৰিকাৰ দুটা অভিযানৰ নাম লিখা।

উত্তৰঃ ১৯৬১ চনৰ “Operation Trial Dust” আৰু ১৯৬৫-৬৮ চনৰ “Operation Rolling Thunder”।

১১। কেতিয়া দুই ভিয়েটনাম লগ হৈ এক ৰাষ্ট্ৰত পৰিণত হয়?

উত্তৰঃ ১৯৭৬ চনত দুই ভিয়েটনাম এক হৈ ভিয়েটনাম ৰাষ্ট্ৰ গঠন হয় আৰু ইয়াৰ ৰাজধানী ‘হনৌ’ (Hanoi) চহৰ হয়।

১২। কিমান চনত আমেৰিকাই আৰু চোভিয়েট ইউনিয়নে হো-চি-মিনৰ ভিয়েটনাম চৰকাৰক স্বীকৃতি দিছিল?

উত্তৰঃ ১৯৫০ ইং চন।

চমু প্রশ্নোত্তৰঃ

১। আমেৰিকাৰ যুদ্ধৰ ইতিহাসত কোন দুখন যুদ্ধ আটাইতকৈ দীঘলীয়া যুদ্ধ?

উত্তৰঃ (ক) আমেৰিকাৰ আফগান যুদ্ধ ২০০১- বৰ্তমানলৈ

(খ) ভিয়েটনাম যুদ্ধ ১৯৫৪-১৯৭৫ ইং চন।

২। উত্তৰ ভিয়েটনাম আৰু দক্ষিন ভিয়েটনামৰ বিদ্ৰোহী / মুক্তি বাহিনী দুটাৰ নাম কি আছিল?

উত্তৰঃ উত্তৰ ভিয়েটনামৰ মুক্তি বাহিনী আছিল ভিয়েটমিন আৰু দক্ষিন ভিয়েটনামৰ নাম আছিল ভিয়েট কংগ বা জাতীয় মুক্তি বাহিনী।

৩। উত্তৰ ভিয়েটনাম আৰু দক্ষিন ভিয়েটনামত কি শাসন ব্যৱস্থা / চৰকাৰী ব্যৱস্থাৰ শাসন আছিল?

উত্তৰঃ উত্তৰ ভিয়েটনামত হো-চি-মিনৰ নেতৃত্বত সাম্যবাদী প্রজাতন্ত্ৰৰ শাসন চলিছিল আৰু দক্ষিন ভিয়েটনামত নং ডিন ডিম (Ngo Dinh Diem) ৰ নেতৃত্বত পুঁজিবাদী প্রজাতন্ত্ৰৰ শাসন আছিল।

৪। কি ৰাজনৈতিক আদৰ্শৰ ভেঁটিত উত্তৰ ভিয়েটনাম আৰু দক্ষিন ভিয়েটনামৰ শাসন পৰিচালিত হৈছিল?

উত্তৰঃ উত্তৰ ভিয়েটনামৰ আদৰ্শ আছিল সাম্যবাদ আৰু দক্ষিন ভিয়েটনামৰ আদৰ্শ আছিল পুঁজিবাদ।

৫। ভিয়েটনাম যুদ্ধৰ দুই পক্ষত থকা বিদেশী দেশবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ ১৯৫৫ চনৰ ১ নৱেম্বৰৰ পৰা ১৯৭৫ চনৰ ৩০ এপ্ৰিলকৈ দুই ভিয়েটনামৰ মাজত যুদ্ধ চলিছিল। উত্তৰ ভিয়েটনামৰ পক্ষত থকা দেশবোৰ হৈছে চোভিয়েট ৰাছিয়া চীন, উত্তৰ কোৰিয়াকে ধৰি পূৱ ইউৰোপৰ সাম্যবাদী দেশবোৰ৷

দক্ষিণ ভিয়েটনামৰ হৈ যুদ্ধত সহায় কৰা দেশবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া, অষ্ট্রেলিয়া, নিউজিলেণ্ডকে ধৰি পুঁজিবাদী দেশবোৰ৷

৬। ১৯৭৩ ইং চনৰ যুদ্ধ বিৰতীৰ চুক্তি কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ এই চুক্তি উত্তৰ ভিয়েটনাম, দক্ষিণ ভিয়েটনাম ভিয়েটকংগ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত হৈছিল।

৭। দক্ষিন পূৱ এছিয়া চুক্তি সংগঠন (SEATO) কিহৰ কাৰণে গঠন হৈছিল?

উত্তৰঃ সাম্যবাদৰ ভাবুকি বিশেষকৈ চীন আৰু উত্তৰ ভিয়েটনামৰ সাম্যবাদৰ প্ৰসাৰ ৰোধ কৰাৰ উদ্দেশ্যে ১৯৫৪ চনত এই সংগঠন গঢ়ি উঠে। ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰ হ’ল—আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ফ্রান্স, পাকিস্তান, থাইলেণ্ড, ফিলিপাইনচ আৰু নিউজিলেণ্ড।

৮। ভিয়েটনাম যুদ্ধৰ পৰ্যায়বোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধলৈকে ভিয়েটনাম সম্পূৰ্ণকৈ ফ্ৰান্সৰ অধীনত আছিল। বিদেশী শাসনৰ পৰা মুক্ত হোৱাৰ বাবে উত্তৰ ভিয়েটনামত স্বাধীনতা সংগ্রাম আৰম্ভ হৈছিল। এই যুদ্ধত চীন, ৰাছিয়া আৰু আমেৰিকাই যোগ দিয়াত ১৯৭৫ চনতহে অন্ত হয়। এই যুদ্ধৰ সময়চোৱাক তিনিটা ভাগ / স্তৰত আলোচনা কৰিব পাৰি—

(ক) প্রথম ইন্দো-চীনা যুদ্ধ – (১৯৪৫-১৯৫৪ ইং চন) এই যুদ্ধ ফ্ৰান্সৰ সৈন্য আৰু ভিয়েটমিন (Viet Minh) ৰ মাজত হৈছিল আৰু ১৯৫৪ চনৰ ডিন বিন ফু (Dien Bien Phu) ৰ যুঁজত ফ্ৰান্সৰ পৰাজয় হয় আৰু ভিয়েট মিনৰ জয়েৰে উত্তৰ ভিয়েট নাম স্বাধীন হোৱা বুলি ঘোষিত হয়।

(খ) দ্বিতীয় ইন্দো-চীনা যুদ্ধ – (১৯৫৪-১৯৭৫ চন) ফ্রান্সে ভিয়েটনামৰ পৰা গুচি অহাৰ পিছত উত্তৰ ভিয়েটনামৰ সাম্যবাদে দক্ষিণ ভিয়েটনামক হ্ৰাস কৰিব বুলি ভাবি আমেৰিকা ৰাষ্ট্ৰই দক্ষিণ ভিয়েটনামক সহায় কৰিব থকাৰ বাবে সৃষ্টি হোৱা যুঁজকশীতল যুদ্ধৰ এক প্রতীকি যুজ বুলি কোৱা হয়। উত্তৰ ভিয়েটনামক সহায় কৰিছিল চোভিয়েট ৰাছিয়া, চীন, উত্তৰ কোৰিয়াকৈ ধৰি পূৱইউৰোপৰ সাম্যবাদী দেশবোৰে। দক্ষিণ ভিয়েটনামক সহায় কৰা দেশবোৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলীয়া, নিউজিলেণ্ডকে ধৰি পুঁজিবাদী দেশসমূহ।

(গ) তৃতীয় ভিয়েটনাম যুদ্ধ – (১৯৭৩-১৯৭৫ চন) এই যুদ্ধ আচলতে উত্তৰ ভিয়েটনাম তথা ভিয়েটকংগ আৰু দক্ষিন ভিয়েটনামৰ চৰকাৰৰ মাজত হৈছিল। ১৯৭৩ ইং চনৰ যুদ্ধ বিৰতী চুক্তিৰ জৰিয়তে আমেৰিকাই ভিয়েটনামৰ পৰা সৈন্য প্রত্যাহাৰ কৰে আৰু ১৯৭৪ চনত আমেৰিকাৰ সাহায্য সম্পূর্ণকৈ বন্ধ হয়। এই যুদ্ধত (১৯৭৫, ৩০ এপ্রিল) দক্ষিণ ভিয়েটনামে উত্তৰ ভিয়েটনামৰ হাতত পৰাস্ত হয় আৰু ১৯৭৬ চনত এক ভিয়েটনাম ৰাষ্ট্ৰ প্রতিষ্ঠা হয়।

৯। কেনেকৈ হো-চি-মিনে উত্তৰ ভিয়েটনামক স্বাধীন বুলি ঘোষণা কৰিছিল চমুকৈ লিখা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ সময়ত জাপানে ভিয়েটনামত আক্ৰমন কৰে আৰু ফ্ৰান্সৰ অধিকৃত ঠাই কিছুমান দখল কৰে। কিন্তু যুদ্ধত জাপানে হাৰিব লগা হোৱা হেতুকে ভিয়েটনামৰ পৰা জাপান গুচি আহিছিল। ইতিমধ্যে ন্সৰ উপনিৱেশৰ পৰা স্বাধীন হোৱাৰ লক্ষ্যেৰে হো-চি-মিনৰ নেতৃত্ব ভিয়েটমিনে সশস্ত্র সংগ্ৰাম আৰম্ভ কৰিছিল আৰু শক্তিশালী জাপানৰ অনুপস্থিত ফ্ৰান্সৰ বিৰুদ্ধে যুজি সহজে উত্তৰ ভিয়েটনামৰ প্ৰধান চহৰ হনৌ (Hanoi) দখল কৰে (১৯৫৪ ইং চন)। এনেকৈ হো-চি-মিনে উত্তৰ ভিয়েটনামক স্বাধীন বুলি ঘোষণা কৰিছিল।

১০। ডমিনো তত্ত্ব (Domino Theory) মানে কি লিখা।

উত্তৰঃ এই তত্ত্বত কোৱা হয় যে যদি এখন দেশত সাম্যবাদ প্রতিষ্ঠা হয় তেতিয়া তাৰ কাষৰ দেশখনো সাম্যবাদত পৰিণত হয় আৰু তেনেকৈ ইখনৰ পিছত সিখন দেশলৈ সাম্যবাদ সম্প্ৰসাৰিত হৈ যায়। উদাহৰণস্বৰূপে ১৯৪৫ চনৰ পিছত পূৱ ইউৰোপৰ দেশসমূহত সাম্যবাদে বিস্তাৰ লাভ কৰে। ১৯৪৯ চনত চীনত সাম্যবাদ প্ৰতিষ্ঠা হোৱাৰ পিছত ই উত্তৰ কোৰিয়ালৈ সম্প্ৰসাৰিত হয়। তেনেকৈ উত্তৰ ভিয়েটনামৰ সাম্যবাদে দক্ষিণ ভিয়েটনামলৈ বা এছিয়াৰ আন আন দেশলৈ প্ৰসাৰিত হ’ব। সেয়ে আমেৰিকাই এই তত্ত্বত বিশ্বাস কৰি দক্ষিণ বিয়েটনামক উত্তৰ ভিয়েটনামৰ সাম্যবাদৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ আহি ভিয়েটনামত যুদ্ধ চলাইছিল। ইয়াকে ডমিনো তত্ত্ব বুলি কোৱা হয়।

১১। জেনেভা চুক্তি (১৯৫৪) মানে বুজাই লিখা।

উত্তৰঃ স্বাধীনতাক লৈ ১৯৫৪ চনত ভিয়েটনামৰ ডিন বিন ফুৰ উপনিৱেশীক শাসক-ফ্ৰান্সৰ বিৰুদ্ধে যুঁজি ভিয়েটমিনে জয় লাভ কৰিছিল আৰু ইয়াৰ ফলত ১৯৫৪ চনৰ জুলাইৰ ২১ তাৰিখত জেনেভা চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি অনুযায়ী—

(ক) উত্তৰ ভিয়েটনাম স্বাধীন হয় আৰু ইয়াত হো-চি-মিনৰ নেতৃত্বত সাম্যবাদৰ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ শাসন প্রতিষ্ঠা হয়।

(খ) উত্তৰ ভিয়েটনামৰ লগতে ফ্ৰান্সৰ আন দুখন উপনিৱেশ-কাম্বোডিয়া (Cambodia) আৰু লাওচ (Laos) ও স্বাধীনতা লাভ কৰে।

(গ) ১৭ তম সমান্তৰাল ৰেখাৰে ভিত্তিত ভিয়েটনাম দুই ভাগত— (উত্তৰ ভিয়েটনাম আৰু দক্ষিন ভিয়েটনাম) বিভক্ত হয়। উত্তৰ ভিয়েটনামত সাম্যবাদৰ প্ৰজাতন্ত্ৰ আৰু দক্ষিণ ভিয়েটনামত পুঁজিবাদৰ প্ৰজাতন্ত্ৰত চৰকাৰ থাকিব।

(ঘ) ভিয়েটনামৰ পৰা ফ্ৰান্সৰ সকলো সৈন্য প্রত্যাহাৰ কৰা হ’ব।

(ঙ) ভিয়েটনামৰ ভৱিষ্যত ১৯৫৬ চনৰ সাধাৰণ নির্বাচনে নিৰ্ধাৰণ কৰি ল’ব।

(চ) চুক্তিখনৰ চৰ্তসমূহ চোৱা চিন্তাৰ বাবে এখন শক্তি আয়োগ গঠন কৰা হ’ব আৰু এই আয়োগৰ সদস্য ৰাষ্ট্ৰবোৰ হ’ব- ভাৰত, কানাডা আৰু গোলেণ্ড।

অৰ্থাৎ এই চুক্তিয়ে ফ্ৰান্সৰ ভিয়েটনামৰ উপনিৱেশৰ অন্ত পেলাইছিল আৰু দুই ভিয়েটনাম সৃষ্টি হৈছিল।

১২। ভিয়েট কংগ (Viet Cong) বা ভি. চি. (V.C.) মানে কাক বুজায় চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ স্বাধীনতাৰ বাবে দুই ভিয়েটনামত দুই মুক্তিকামী সংগঠন গঢ়ি উঠিছিল। উত্তৰ ভিয়েটনামৰ সংগঠন হৈছে ভিয়েটমিন আৰু দক্ষিণ ভিয়েটনামৰ হৈছে ভিয়েট কংগ। ভিয়েট কংগ বা ভি. চি. মানে হৈছে দক্ষিণ ভিয়েটনামৰ স্বাধীনতাৰ মুক্তি বাহিনী যাক National Liberation Front বুলি জনা যায়। ১৯৫৯ চনত উত্তৰ ভিয়েটনামৰ নেতাসকলে এক আদেশ ঘোষণা কৰিছিল যে উত্তৰ আৰু দক্ষিণ ভিয়েটনামত সাম্যবাদী বিপ্লৱ আগবঢ়াই নিয়া হ’ব আৰু গৰিলা (Guerrilla) যুদ্ধৰ কৌশল লোৱা হ’ব। ইয়াৰ বাবে দক্ষিণ ভিয়েটনামৰ পৰা হাজাৰ হাজাৰ ব্যক্তি উত্তৰ ভিয়েটনামলৈ আহিছিল আৰু উত্তৰ ভিয়েটনামৰ পৰাও সাম্যবাদৰ আক্ৰমনৰ ভয়ত পলাই গৈছিল। 

উত্তৰ ভিয়েটনামে দক্ষিণ ভিয়েটনামৰ ব্যক্তিসকলক সংগঠিত কৰি প্ৰশিক্ষন দি দক্ষিণ ভিয়েটনাম লৈ তাৰ পুঁজিবাদী চৰকাৰ আৰু আমেৰিকাৰ সৈন্যৰ বিৰুদ্ধে যুঁজিবলৈ পঠিয়াই দিয়ে। গতিকে দক্ষিণ ভিয়েটনামৰ সাম্যবাদী সংগ্ৰামী যুঁজাৰু বাহিনীক ভিয়েটকংগ বা ভি. চি. বুলি বা জাতীয় মুক্তি বাহিনী (N.L.F.) বুলি জনা যায়। ১৯৭৫ চনৰ যুঁজত এই বাহিনীয়ে জয় লাভ কৰিবলৈ সক্ষম হৈছিল।

১৩। ভিয়েটনাম যুদ্ধৰ তাৎক্ষনিক ফলবোৰ কি বৰ্ণনা কৰা।

উত্তৰঃ ভিয়েটনাম যুদ্ধ প্রায় ১৯ ১/২ বছৰ চলি আছিল। ১৯৭৫ চনৰ ৩০ এপ্ৰিলত এই যুদ্ধৰ পৰিসমাপ্তি ঘটে। এই যুদ্ধৰ তাৎক্ষনিক ফলবোৰ এনেধৰণৰ–

(ক) উত্তৰ ভিয়েটনাম আৰু ভিয়েট কংগৰ জয়লাভ হয়।

(খ) দক্ষিণ ভিয়েটনামৰ চৰকাৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰো পৰাজয় হয়।

(গ) ভিয়েটনামৰ পৰা আমেৰিকাৰ সংসুক্ত বাহিনীৰ প্ৰত্যাহাৰ হয়।

(ঘ) দক্ষিণ ভিয়েটনাম সহ কাম্বোডিয়া আৰু লাওচতো সাম্যবাদ প্রতিষ্ঠা হয়।

(ঙ) উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনাম একত্ৰীকৰণ হৈ ভিয়েটনামত সাম্যবাদী গণৰাজ্য ৰাষ্ট্ৰ সৃষ্টি হয়।

(চ) লাখ লাখ শৰনাৰ্থীৰ সমস্যাই গুৰুতৰ ৰূপ লয়।

ইয়াৰ উপৰি লাখ লাখ সাধাৰণ আৰু সামৰিক আৰু বিদ্ৰোহী লোকৰ মৃত্যু হৈছিল। লগতে ভিয়েটনামৰ সম্পদ নিঃশেষ হৈছিল।

১৪। ভিয়েট কংগৰ সামৰিক কৌশলবোৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ৷

উত্তৰঃ স্বাধীনতা যুদ্ধৰ বাবে ভিয়েট কংগ বা জাতীয় মুক্তি বাহিনীয়ে তলৰ কৌশলবোৰ প্ৰয়োগ কৰি জয়ী হ’ব পাৰিছিল।

গৰিলা কৌশল – ভিয়েট কংগে মুকলি বা মুখামুখীকৈ যুদ্ধ কৰাৰ পদ্ধতি নলৈ গোপনে বা হঠাতে শত্রু পক্ষক আঘাত কৰিছিল। ভিয়েট মিনে এই কৌশল লৈ জাপান আৰু ফ্ৰান্সৰ আক্ৰমণ কৰি সফল হ’ব পাৰিছিল। ভিয়েট কংগ সেই পদ্ধতি লৈ যুঁজত আগবাঢ়িব পাৰিছিল। ভিয়েট কংগ ৰ আন এক কৌশল আছিল দক্ষিণ ভিয়েটনামৰ খেতিয়ক সকলৰ লগত মিলি যোৱা আৰু তাৰ বাবে খেতিয়কসকলে ভিয়েট কংগক সুৰক্ষা দিছিল। ইয়াৰ ফলত আমেৰিকান সকলে কোন খেতিয়ক কোন ভিয়েট কংগ ধৰিব পৰা নাছিল। তৃতীয় কৌশল আছিল বিদেশৰ পৰা সাহায্য লোৱা। চোভিয়েট ৰাচিয়াক ধৰি বিশ্বৰ সাম্যবাদী চৰকাৰবোৰে যথেষ্ট সহায় কৰিছিল আৰু সহজে শত্ৰু পক্ষৰ যুঁজিব পাৰিছিল। চতুৰ্থ কৌশল আছিল সুৰংগ ব্যৱস্থা ৷ যুদ্ধৰ বাবে ভিয়েটকংগ দীঘলীয়া সুৰংগ বনাইছিল য’ত থকা, খোৱা, স্বাস্থ্য আদিৰ সুবিধা কৰি লৈছিল। ৫ ম কৌশল আছিল টেট আক্রমন (Tet Offensive)। এনেধৰণৰ কৌশলৰে ভিয়েট কংগ যুঁজি দক্ষিন ভিয়েটনাম চৰকাৰ তথা আমেৰিকা বাহিনীক পৰাজয় বৰণ কৰিব পাৰিছিল।

ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। কি কি কাৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই ভিয়েটনামক আক্ৰমণ কৰিছিল? এই যুদ্ধৰ পৰিণামবোৰ বৰ্ণনা কৰা।

উত্তৰঃ ভিয়েটনাম দক্ষিণ পূৱ এছিয়াৰ এখন দেশ। ই দক্ষিণ চীন সাগৰৰ পশ্চিম দিশত অৱস্থিত। আমেৰিকাৰ ভিয়েটনাম যুদ্ধ আমেৰিকাৰ যুদ্ধ ইতিহাসৰ এক অন্যতম দীঘল যুঁজ। এই যুঁজত আমেৰিকা জড়িত হোৱাৰ বহুতো কাৰণ লুকাই আছে। সেইবোৰ তলত কৰা হ’ল।

(ক) ভিয়েটনামৰ স্বাধীনতা – দ্বিতীয় বিশ্ব যুদ্ধৰ সময়লৈকে ভিয়েটনাম ফ্রান্স সাম্ৰজ্যৰ অধীনত আছিল। ফ্রান্স আমেৰিকাৰ পুঁজিবাদী গোষ্ঠীৰ অন্যতম বন্ধু ৰাষ্ট্ৰ আছিল। কিন্তু ভিয়েটনামৰ ১৯৫৪ চনৰ ডিন বিন ফুৰ যুদ্ধত ফ্রান্সে পৰাজয় বৰণ কৰি ভিয়েটনাম ত্যাগ কৰিব লাগিছিল। উত্তৰ ভিয়েটনামত হো-চি-মিনৰ নেতৃত্বত সাম্যবাদ প্রতিষ্ঠা হয় আৰু দক্ষিণ ভিয়েটনামত নংও ডিন ডিম (Ngo Dinh Diem) ৰ হাতত পুঁজিবাদ প্রজাতন্ত্ৰৰ দায়িত্ব দিয়া হৈছিল। তেতিয়া আমেৰিকাই দক্ষিণ ভিয়েটনামক ৰক্ষা কৰাৰ কাৰণে আগবাঢ়ি আহিছিল আৰু যুঁজত লিপ্ত হৈছিল।

(খ) ডমিনো তত্ত্ব – সাম্যবাদৰ ভয় বা শীতল যুদ্ধৰ কাৰণৰ বাবেও আমেৰিকাই ভিয়েটনাম আক্ৰমণত লিপ্ত হৈছিল। ডমিনো তত্ত্বত কোৱা হয় যে যদি এখন দেশত সাম্যবাদ প্রতিষ্ঠা হয় তেতিয়া এই সাম্যবাদে আন এখন কাষৰ ঠাইতো আৰম্ভ হয় আৰু এনেকৈ এখনৰ পিছত আন এখন ঠাইলৈ সাম্যবাদ সম্প্ৰসাৰিত হৈ গোটেই বিশ্বতে বিয়পি পৰিব৷ চীনৰ পিচত উত্তৰ ভিয়েটনাম আৰু উত্তৰ ভিয়েটনামৰ পৰা দক্ষিণ ভিয়েটনাম আৰু আন আন ঠাইলৈ সাম্যবাদ সম্প্ৰসাৰিত হোৱাৰ ভয়ৰ বাবে বা আন কথাত সাম্যবাদৰ প্ৰভাৱৰ পৰা দক্ষিণ ভিয়েটনামক যেনে তেনেকৈ ৰক্ষা কৰিবৰ বাবে আমেৰিকাই এই যুদ্ধত নামি পৰিছিল।

(গ) গৃহ যুদ্ধ – হো-চি-মিনৰ নেতৃত্বত ভিয়েটমিনে উত্তৰ ভিয়েটনামত সাম্যবাদী চৰকাৰ প্ৰতিষ্ঠা কৰাৰ পিছত গোটেই ভিয়েটনামতে অর্থাৎ দক্ষিন ভিয়েটনামতো সাম্যবাদ প্রতিষ্ঠাৰ লক্ষ্য ৰখাৰ বাবে উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনামৰ মাজত সংঘাত সৃষ্টি হয়। ভিয়েটমিনে ভিয়েট কংগৰ জৰিয়তে দক্ষিণ ভিয়েটনামত গৃহ যুদ্ধৰ সৃষ্টি কৰে আৰু এই গৃহ যুদ্ধত দক্ষিণ ভিয়েটনাম চৰকাৰক সহায় কৰাৰ কাৰণে আমেৰিকাই যুদ্ধত লিপ্ত হৈ যায়।

(ঘ) দক্ষিণ ভিয়েটনামৰ দুৰ্বলতা – ফ্রান্সে এৰি যোৱাৰ পিছত দক্ষিণ ভিয়েটনামৰ ডিন চৰকাৰ লাহে লাহে জনপ্রিয়তা হেৰাইছিল। ১৯৬৩ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰায় ১৬০০০ সামৰিক উপদেষ্টা দক্ষিণ ভিয়েটনাম চৰকাৰক সহায় কৰাৰ কাৰণে পঠাই দিছিল আৰু যুদ্ধত লিপ্ত হৈ পৰিছিল।

(ঙ) ১৯৬৪ ৰ ট’নকিন উপসাগৰৰ ঘটনা – এই উপসাগৰত আমেৰিকাৰ দুখন যুদ্ধ জাহাজ ভিয়েটমিনে ধ্বংস কৰাত আমেৰিকাৰ কংগ্ৰেছে উত্তৰ ভিয়েটনামক আক্ৰমণ কৰাৰ কাৰণে ৰাষ্ট্ৰপতি জ’নচন (Johnson) ক কর্তৃত্ব দিয়ে আৰু আমেৰিকাই লক্ষ লক্ষ সেনা ভিয়েটনামলৈ পঠাই যুদ্ধত লিপ্ত হৈছিল।

আমেৰিকাৰ ভিয়েটনাম আক্ৰমণৰ কেবাটাও পৰিণাম আছিল। সেই পৰিণামবোৰ হ’ল—

(ক) আমেৰিকাৰ যুদ্ধ ইতিহাসত এইখনেই যুদ্ধ য’ত আমেৰিকাই হাৰিছিল। বহুতো কাৰণৰ বাবেই আমেৰিকাই এই যুদ্ধৰ পৰা আঁতৰি আহিবলৈ বাধ্য হৈছিল। ১৯৭৩ চনত ৰাষ্ট্ৰপতি নিক্সনে (Nixon) ভিয়েটনামৰ পৰা সৈন্য ঘূৰাই অনাৰ কথা ঘোষণা কৰে আৰু ১৯৭৪ চনৰ পৰা সকলো সহায় বন্ধ কৰে। ১৯৭৫ চনত উত্তৰ ভিয়েটনামৰ হাতত দক্ষিণ ভিয়েটনামৰ পৰাজয় হৈ এই যুদ্ধৰ সমাপ্তি ঘটে।

(খ) লক্ষ লক্ষ সাধাৰণ, সামৰিক আৰু মুক্তি যুজাৰুৰ মৃত্যু হৈছিল।

(গ) লক্ষ লক্ষ লোক শৰনাৰ্থী হৈ সংকট সৃষ্টি কৰিছিল ।

(ঘ) আমেৰিকাই যুদ্ধত ব্যৱহাৰ কৰা ৰাসায়নিকৰ বিষাক্তই ভিয়েটনামৰ শিশুসহ সকলো লোকৰ ক্ষতি কৰিছিল।

(ঙ) যুদ্ধই ভিয়েটনামৰ শস্য ক্ষেত্ৰত যথেষ্ট ক্ষতি সাধে।

(চ) দুয়োখন ভিয়েটনাম একত্ৰীকৰণ হয় আৰু সাম্যবাদ প্রতিষ্ঠা হয়।

(ছ) ভিয়েটনামৰ বহু দক্ষ আৰু ব্যৱসায়িক ব্যক্তি প্ৰাণৰ ভয়ত আন ঠাইলৈ গৈছিল।

(জ) আমেৰিকাৰ সুনামে আৰু যশস্যাৰ যথেষ্ট ক্ষতি হয় যিহেতু আমেৰিকাই যুদ্ধত জয়ী হ’ব নোৱাৰিলে আমেৰিকাই দক্ষিণ ভিয়েটনামৰ দুৰ্নীতিপৰায়ণ চৰকাৰক সহায় কৰাৰ কাৰণে সমালোচিত হৈছিল। ভিয়েটনাম যুদ্ধৰ নামত আমেৰিকাৰ বহুতো সৈন্য আৰু ধনৰ হৰণ হৈছিল।

(ঝ) এই যুদ্ধই আমেৰিকাৰ সৈন্য সকলৰ মনোবল দুৰ্বল কৰে লগতে সামৰিক লোকসকলৰ কৰ্তব্য নিষ্ঠাত জনগণৰ সন্দেহ / অবিশ্বাস সৃষ্টি হয়।

(ঞ) ডমিনো তত্ত্ব সম্পূর্ণ শুদ্ধ বুলি প্রমাণিত নহয়। এনেধৰণে এই যুদ্ধৰ পৰিণাম উল্লেখনীয় হৈ থাকে।

২। ভিয়েটনাম যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰ কিয় হাৰিছিল তাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

অথবা

ভিয়েট কংগক পৰাজিত কৰাৰ ক্ষেত্ৰত আমেৰিকা কিয় বিফল হ’ব লগা হৈছিল তাৰ কাৰণবোৰ বৰ্ণনা কৰা।

উত্তৰঃ উত্তৰ ভিয়েটনামৰ সাম্যবাদৰ পৰা দক্ষিণ ভিয়েটনামৰ চৰকাৰক ৰক্ষা কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই সৰ্বোতপ্ৰকাৰে সহায় কৰিছিল। কিন্তু আমেৰিকাৰ যুদ্ধ ইতিহাসত এইখনেই যুঁজ য’ত আমেৰিকাই হাৰিব লগা হৈছিল। আমেৰিকাই ভিয়েট কংগক পৰাজিত কৰিব নোৱাৰাৰ কিছুমান কাৰণ আছিল। সেইবোৰ তলত বৰ্ণনা কৰা হ’ল—

(ক) অজনপ্রিয় সামৰিক কৌশল – আমেৰিকা যুক্ত ৰাষ্ট্ৰই ভিয়েট কংগক পৰাজিত কৰাৰ কাৰণে যিবোৰ যুঁজৰ কৌশল গ্ৰহণ কৰিছিল সেইবোৰ অতি মাত্মাক ধৰণৰ আছিল । যুদ্ধাস্ত্ৰ বিলাকে প্রত্যক্ষভাবে আঘাত কৰাৰ উপৰিও পৰোক্ষভাবে মানুহক আঘাত হানিছিল। ইয়াৰ বাবে ভিয়েটনামৰ সাধাৰণ লোক সকল আমেৰিকান বিৰোধী হৈ পৰিছিল আৰু সিয়ে আমেৰিকাক ক্ষতি কৰিলে। আমেৰিকাই যুদ্ধত লোৱা অজনপ্রিয় কৌশলবোৰ আছিল—

১। আমেৰিকাই পদাতিক যুদ্ধতকৈ বায়ু যানৰ যুদ্ধৰ ওপৰত গুৰুত্ব দিছিল। আমেৰিকাৰ আকাশীযানবোৰ ৰাসায়নিক পদার্থ, গেছ বিয়পাই দিছিল যাৰ বিষাক্তই মানুহৰ জীৱনত ক্ষতি কৰাৰ উপৰিও জীৱজন্তু আৰু খেতি পথাৰৰো অশেষ ক্ষতি কৰিছিল।

২। আন এক কৌশল আছিল দক্ষিণ ভিয়েটনামৰ পৰিয়ালকো এক নির্দিষ্ট অঞ্চলত কাইটীয়া বেৰ দি আৱদ্ধ কৰি ৰাখিব বিচাৰিছিল যাতে ভিয়েট কংগৰ সদস্যসকলে গাঁও অঞ্চলত লুকাই থাকিব নোৱাৰে। কিন্তু ভিয়েটনামৰ লোক সকল আমেৰিকাৰ এই কাৰ্যত ক্ষোভিত হৈ পৰিছিল।

৩। আমেৰিকাই উত্তৰ ভিয়েটনামৰ পৰা দক্ষিণ ভিয়েটনামলৈ সামগ্ৰী পঠোৱা পথত আঘাত হানিছিল। কিন্তু তাৰ বেছিভাগ বোমা-বাৰুদে শত্ৰুক আঘাত নকৰি বিদ্যালয় চিকিৎসালয় আদিক ধ্বংস কৰিছিল আৰু নিজৰ বিপদ চপাই লৈছিল।

৪। ভিয়েটনামৰ গাঁও বিলাকৰ পৰা ভিয়েট কংগক উৎখাত কৰাৰ বাবে আমেৰিকাই যিবোৰ অভিযান লৈছিল সেই অভিযানত সাধাৰণ লোকৰ বহুতৰে মৃত্যু হৈছিল। গতিকে আমেৰিকাৰ যুদ্ধ কৌশলবোৰে সাধাৰণ লোকৰ যথেষ্ট ক্ষতি কৰিছিল বাবে আমেৰিকাই ভিয়েট কংগ দখলত অপাৰ্গ হৈছিল।

(খ) আনহাতে আমেৰিকাৰ বিৰুদ্ধে ভিয়েট কংগে যিবোৰ সামৰিক কৌশল অৱলম্বন কৰিছিল সেইবোৰে সাধাৰণ লোকৰ ক্ষতি কৰা নাছিল আৰু সঠিক ভাবে আক্রমণ চলাই আমেৰিকাৰ সৈন্যক ধৰাশায়ী কৰিব পাৰিছিল। ভিয়েট কংগৰ যুদ্ধৰ কৌশলবোৰ আছিল – গৰিলা কৌশল, খেতিয়কৰ সমৰ্থন, সুৰংগ কৌশল, বৈদেশীক সাহায্য টেট আক্রমন (Tet Offensive) আদি। ভিয়েট কংগ বা জাতীয় মুক্তি বাহিনীৰ সংগ্ৰামী সত্তাৰ সন্মুখত আমেৰিকা সেনাই হাৰ মানিবলৈ বাধ্য হৈছিল।

(গ) ভিয়েটনাম যুজত আমেৰিকাই হাৰিব লগা হোৱাৰ আন এক অন্যতম কাৰন আছিল এই যুদ্ধ সম্বন্ধে আমেৰিকাৰ নিজ দেশত সৃষ্টি হোৱা বিৰূপ প্রতিক্রিয়া আমেৰিকান সকলে এই যুদ্ধত সমর্থন দিবলৈ টান পাইছিল আৰু তাৰ সমালোচনা, প্রতিবাদ সৃষ্টি হৈছিল। সমালোচনাৰ প্ৰধান উৎসবোৰ আছিল—

১। ভিয়েটনাম যুদ্ধক টেলিভিচন পদাত দেখিবলৈ পোৱা প্ৰথম যুদ্ধ বুলি কোৱা হয়। অৰ্থাৎ প্ৰচাৰ মাধ্যম বিলাকে ভিয়েটনাম যুদ্ধৰ নামত আমেৰিকাৰ সৈন্যই সাধাৰণ লোকক কেনেকৈ হত্যা কৰিছিল, অত্যাচাৰ চলাইছিল তাৰ বিৱৰণ দাঙি ধৰিছিল আৰু এনে অমানৱীয় যুদ্ধক আমেৰিকাবাসীয়ে সহজে লোৱা নাছিল।

২। আমেৰিকান চৰকাৰে দক্ষিণ ভিয়েটনামৰ দুৰ্নীতিপৰায়ণ চৰকাৰক সহায় কৰা কাৰ্যৰ ওপৰত আমেৰিকান সকলে সমালোচনা কৰিছিল। আমেৰিকা সদায় গণতন্ত্ৰ আৰু স্বাধীনতাত বিশ্বাসী। য’ত দুৰ্নীতিগ্ৰস্ত চৰকাৰ চলি আছে, য’ত সাধাৰণ জনতা খেতিয়কসকলে আমেৰিকাৰ সৈন্যক স্বাগতম বা সহজ ভাবে লোৱা নাছিল তাত আমেৰিকাবাসীয়ে অৰ্থহীন পৰিশ্ৰম কৰাৰ দৰকাৰ নাই বুলি সমালোচনা কৰিছিল।

৩। ভিয়েটনাম যুদ্ধত আমেৰিকাৰ বহুত সেনাৰ মৃত্যু হৈছিল আৰু তাৰ বাবে বাধ্যতামূলক সেনা নিযুক্তিৰ আঁচনি লৈছিল। ভিয়েটনামৰ বাবে হাজাৰ হাজাৰ আমেৰিকাৰ যুৱকৰ মৃত্যু ঘটোৱাৰ অৰ্থ কি? এই লৈ সৃষ্টি হৈছিল বিতর্ক।

৪। ভিয়েটনাম যুদ্ধৰ ওপৰত সৰৱ সমালোচনা কৰিছিল আমেৰিকাৰ নাগৰিক অধিকাৰ আন্দোলনৰ কাৰ্যকৰ্তা সকলে।

৫। এই ধৰণৰ আন্দোলন ছাত্র সমাজতো গঢ়ি উঠিছিল। ১৯৬০ চনত কালিফৰ্নীয়াত এই প্রতিবাদী আন্দোলন সৃষ্টি হৈ গোটেই দেশলৈ প্ৰসাৰ হৈছিল। আনকি ১৯৭০ চনৰ ওহিওৰ (Ohio) Kent State University ৰ শান্তি পূর্ণ ছাত্ৰ সমাৱেশত পুলিচে গুলি চলাইছিল।

৬। আমেৰিকাৰ শক্তিকামী সকলে এই যুদ্ধক সমালোচনা কৰিছিল। ১৯৬৯ চনত ৱাছিংটন চহৰতো আন্দোলন হৈছিল। গায়ক তথা লেখকসকল—ব’ব ডিলন (Bob Dylan), জন লেন্নন (John Lennon) য়ে যুদ্ধ বিৰোধী ঢৌ সৃষ্টি কৰিব পাৰিছিল।

৭। আমেৰিকা চৰকাৰৰ বিৰোধী দলেও যুদ্ধৰ নামত যথেষ্ট খৰচৰ সমালোচনা আনিছিল।

এনেবিলাক কাৰণৰ বাবে আমেৰিকাৰ চৰকাৰে ভিয়েটনাম যুদ্ধৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈছিল আৰু ইথান দীঘলীয়া যুদ্ধ হ’ব বুলিও ভবা নাছিল। সেয়ে আমেৰিকাৰ চৰকাৰে দৃষ্টিভংগী সলনি কৰি ১৯৬৯ চনত ৰাষ্ট্ৰপতি নিক্সনে (Nixon) ভিয়েটনামৰ পৰা আমেৰিকাৰ সৈন্য অপসাৰণ কৰা হ’ব বুলি ঘোষণা কৰে আৰু ১৯৭৩ চনৰ ২৭ জানুৱাৰীত, আমেৰিকাই উত্তৰ ভিয়েটনাম, ভিয়েট কংগ আৰু দক্ষিণ ভিয়েটনাম চৰকাৰৰ সৈতে যুদ্ধ বিৰতীৰ ‘পেৰিচ শান্তি’ চুক্তি স্বাক্ষৰিত কৰিছিল। ১৯৭৪ চনৰ পৰা আমেৰিকাই সকলো ধৰণৰ সহায় বন্ধ কৰি দিয়ে। ফলত ১৯৭৫ চনত উত্তৰ ভিয়েটনাম আৰু ভিয়েট কংগে দক্ষিণ ভিয়েটনামক পৰাস্ত কৰি ভিয়েটনাম দখল কৰে আৰু ১৯৭৬ চনত দুয়োখন ভিয়েটনাম এক ভিয়েটনাম ৰাষ্ট্ৰত পৰিণত হয়।

৩। ভিয়েটনাম যুদ্ধৰ‘পেৰিচ শান্তি’ (Paris Peace) চুক্তিৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ ১৯৬৫ চনত আমেৰিকাই ভিয়েটনামত বোমা পেলোৱা বন্ধ কৰিছিল আৰু শান্তিপূৰ্ণ উপায়েৰে মীমাংসা কৰাৰ চেষ্টা আৰম্ভ হৈছিল। কিন্তু উত্তৰ ভিয়েটনামৰ চৰ্তৰ বাবে শাস্তি আলোচনা আৰম্ভ নহ’ল। তেনেকৈ ১৯৬৮ আৰু ১৯৬৯ চনতো আঠ দফীয়া আৰু ৫ দফীয়া শান্তিৰ প্ৰস্তাব আমেৰিকাই আগবঢ়াইছিল যদিও সি গ্রাহ্য নহৈছিল। শেষত ১৯৭৩ চনৰ ২৭ জানুৱাৰীত যুদ্ধ বিৰতীৰ চুক্তি ‘পেৰিচ শাস্তি চুক্তি’ আমেৰিকা যুক্তৰাষ্ট্ৰ উত্তৰ ভিয়েটনাম, দক্ষিণ ভিয়েটনাম চৰকাৰ আৰু ভিয়েট কংগৰ মাজত স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ মূল নিয়ম / চৰ্তবোৰ আছিল এনেধৰণৰঃ —

(ক) যুদ্ধবিৰতি অনির্দিষ্ট সময়লৈ চলি থাকিব।

(খ) ইন্দো-চীনা যুদ্ধৰ আমেৰিকাৰ যুদ্ধ বন্দীসকলক যুদ্ধবিৰতিৰ ৬০ দিনৰ ভিতৰত মুকলি কৰি দিব লাগিব।

(গ) দক্ষিণ ভিয়েটনামত থকা সকলো আমেৰিকাৰ সৈন্য বাহিনীৰ লোকক এই ৬০ দিনৰ ভিতৰত আমেৰিকাই ঘূৰাই দিব লাগিব।

(ঙ) দক্ষিণ ভিয়েটনাম চৰকাৰৰ সৈন্য য’তে আছে তাতে যুদ্ধবিৰতিৰ সময়তো থাকিব লাগিব।

(চ) যুদ্ধবিৰতিৰ ৩০ দিনৰ ভিতৰত এই চুক্তিক স্বীকৃতি দিয়াৰ উদ্দেশ্য এখন আন্তর্জাতিক অধিৱেশন আহৱান কৰাব লাগিব যাতে এই চুক্তিয়ে ভিয়েটনামৰ যুদ্ধৰ অন্ত ঘটায় আৰু শান্তি প্ৰতিষ্ঠা কৰে ।

(ছ) আমেৰিকাই দক্ষিণ ভিয়েটনামৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব।

(জ) ৬০ দিনৰ ভিতৰত আমেৰিকাকে ধৰি অন্য বৈদেশীক দেশবোৰে দক্ষিণ ভিয়েটনামত থকা তেওঁলোকৰ সামৰিক ঘাটিবোৰ নিঃশেষ কৰিব লাগিব।

(ঝ) আমেৰিকা আৰু উত্তৰ ভিয়েটনামে দক্ষিণ ভিয়েটনামৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰক স্বীকৃতি দিব লাগিব।

(ঞ) দক্ষিণ ভিয়েটনামৰ চৰকাৰ আৰু জাতীয় মুক্তি বাহিনী বা ভিয়েট কংগ জাতীয় সমিলমিলকৰণ আৰু বুজাবুজিৰে কাম কৰিব লাগিব।

এই বিলাক চৰ্তৰ উপৰিও যুদ্ধবিৰতি চুক্তিৰ নিশ্চয় তাৰ বাবে আন চাৰিটা আন্তৰ্জাতিক গোট গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। এনেধৰনে এই শান্তি চুক্তিয়ে ভিয়েটনামত স্থায়ী শান্তিৰ পথ প্রশস্ত কৰি তুলিছিল।

এই চুক্তি সম্পাদনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিক্সনে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৬৯ চনত ভিয়েটনামৰ পৰা আমেৰিকাৰ সৈন্য অপসাৰণ হোৱাৰ কথা ঘোষণা কৰিছিল, ১৯৭৩ চনত পেৰিচ শান্তি চুক্তি স্বাক্ষৰ কৰিছিল আৰু ১৯৭৪ চনত ভিয়েটনামলৈ সকলো সাহায্য বন্ধ কৰি দিছিল। ফলত ১৯৭৫ চনত ভিয়েটনামৰ যুদ্ধৰ পৰিসমাপ্তি ঘটে আৰু ১৯৭৬ চনত দুই ভিয়েটনাম লগ হৈ এক ভিয়েটনাম ৰাষ্ট্ৰ সৃষ্টি হৈছিল। এনেদৰে দক্ষিণ পূৱ এচিয়াত শান্তি স্থাপন হৈছিল আৰু শীতল যুদ্ধৰ শংকা নিঃশেষ হৈ বিশ্বৰ শান্তি আৰু নিৰাপত্তা নিশ্চয়তা সৃষ্টি হৈছিল।

৪। আমেৰিকাৰ ভিয়েটনাম আক্ৰমণৰ বিষয়ে আলোচনা কৰা আৰু ভিয়েটনামত শান্তি প্ৰতিষ্ঠাৰ প্ৰচেষ্টাবোৰ (ৰাষ্ট্ৰসংঘকে ধৰি) বর্ণনা কৰা।

উত্তৰঃ ভিয়েটনাম যুদ্ধ আমেৰিকাৰ যুদ্ধসমূহৰ ভিতৰত এক অন্যতম দীঘল যুদ্ধ। দ্বিতীয় মহাযুদ্ধৰ সময়লৈকে ভিয়েটনাম ফ্রান্স উপনিৱেশৰ অধীনত আছিল। উপনিৱেশ শাসনৰ বিৰুদ্ধে হো-চি-মিনৰ নেতৃত্বত এক সশস্ত্র বিপ্লৱ গঢ়ি উঠিছিল। জাপানে ভিয়েটনামত আক্রমণ চলাই তাৰ ফ্ৰান্স বাহিনীক ধৰাশায়ী কৰি তুলিছিল। কিন্তু দ্বিতীয় মহাযুদ্ধত জাপানে হাৰিব লগা হোৱাত ভিয়েটনামৰ পৰা গুচি আহিবলৈ বাধ্য হৈছিল। তেনে এক জটিল সময়ত ভিয়েটনামৰ ফ্ৰান্স বাহিনীয়ে হো-চি-মিনৰ ভিয়েট মিনৰ আন্দোলনক বাধা দিব নোৱাৰিলে আৰু হো-চি-মিনে ১৯৪৫ চন ২ চেপ্তেম্বৰত ভিয়েটনাম স্বাধীন বুলি ঘোষণা কৰিছিল। আনফালে বাও ডাই (Baw Dai) ৰ নেতৃত্বত ফ্রান্সে দক্ষিণ ভিয়েটনামত পুঁজিবাদৰ প্ৰজাতন্ত্ৰ গঠন কৰে। দক্ষিণ ভিয়েটনামক আমেৰিকা, ইংলেণ্ড, থাইলেণ্ড আদি চৰকাৰে স্বীকৃতি প্রদান কৰে । 

আদৰ্শৰ ফালৰ পৰা উত্তৰ ভিয়েটনামৰ চৰকাৰ হৈছিল সাম্যবাদী আৰু দক্ষিণ ভিয়েটনামৰ পুঁজিবাদী। দ্বিতীয় মহাযুদ্ধৰ সময়ত যেতিয়া হো-চি-মিনে জাপানৰ বিৰুদ্ধে যুঁজিছিল তেতিয়া ৰাছিয়া, চীনৰ লগতে আমেৰিকাও হো-চি-মিনক সহায় কৰিছিল। কিন্তু দ্বিতীয় বিশ্ব যুদ্ধৰ অন্তত যেতিয়া শীতল যুদ্ধৰ প্ৰকোপে দেখা দিলে তেতিয়া আমেৰিকাই উত্তৰ ভিয়েটনামৰ সাম্যবাদৰ বিৰুদ্ধে দক্ষিণ ভিয়েটনামৰ পুজিবাদী চৰকাৰৰ পক্ষলৈ আহিছিল। ১৯৫০ চনত ১ মে’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রুমেনে (Truman) ইন্দো-চীনত সাম্যবাদ ৰোধৰ কাৰ্যত ১০ মিলিয়ন ডলাৰ সহায় আগবঢ়াই ভিয়েটনামত অংশ লৈছিল। ১৯৫০ চনৰ ৮ মে’ত আমেৰিকাই ফ্ৰান্সক সামৰিক আৰু অৰ্থনৈতিক সাহায্য দিবলৈ সম্মত প্ৰকাশ কৰিছিল। ফ্ৰান্সৰ কূটনৈতিক বিচক্ষণতাৰ অভাৱৰ বাবে ভিয়েটনামত সাম্যবাদ আৰু পুঁজিবাদৰ মাজৰ বিবাদে গৃহযুদ্ধ সৃষ্টি কৰিছিল আৰু ১৯৫৪ চনৰ মে মাহত ভিয়েট মিনে ফ্ৰান্সৰ বাহিনীক পৰাস্ত কৰে আৰু প্ৰায় ১৫ হাজাৰ ফ্ৰান্স সৈন্য বন্দী কৰে। তেতিয়া ফ্রান্সে আমেৰিকাৰ সহায় বিচাৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি- ইচেনহোৱাৰে (Eisenhower) ভিয়েটনামৰ শান্তিপূর্ণ সমাধানত প্ৰস্তাৱ আগবঢ়াইছিল আৰু শেষত ১৯৫৪ চনৰ ২১ জুলাইত জেনেভা চুক্তি স্বাক্ষৰিত হৈছিল আৰু চুক্তিৰ ফলস্বৰূপে, ফ্রান্সে ১৯৫৪ চনৰ ৯ অক্টোবৰত ভিয়েটনাম ত্যাগ কৰিছিল। ১৯৫৫ চনৰ ১ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি-ইচেনহোৱাৰে দক্ষিণ ভিয়েটনামৰ পুঁজিবাদী চৰকাৰৰ সৈন্য বাহিনীকে প্রশিক্ষন দিয়াৰ উদ্দেশ্যেৰে সামৰিক উপদেষ্টা পঠিয়াই দিছিল। ১৯৫৮ চনৰ পৰা দক্ষিণ ভিয়েটনামত সাম্যবাদৰ কাৰ্যকলাপে সংঘাত বঢ়াইছিল আৰু ১৯৬০ চনত সাম্যবাদৰ জাতীয় মুক্তি বাহিনী গঠন হৈ দক্ষিণ ভিয়েটনাম চৰকাৰৰ তীব্ৰ ভাবুকি হৈ পৰে। 

জাতীয় মুক্তি বাহিনী বা ভিয়েট কংগৰ বিৰুদ্ধে আমেৰিকাই ১৯৬১ চনত ‘Operation Trail Dust’, ১৯৬২ চনত ‘Strategic hamlets’ সামৰিক কৌশলে ব্যৱহাৰ কৰিছিল। ১৯৬৩ চনত ২ আৰু ৪ আগষ্টৰ ট’নকিন উপসাগৰত উত্তৰ ভিয়েটনামে আমেৰিকাৰ জাহাজ ধ্বংস কৰাৰ পৰিণামত আমেৰিকাৰ কংগ্ৰেছে ৰাষ্ট্ৰপতি জনচনক ভিয়েটনামত আক্ৰমন চলোৱাৰ কৰ্তৃত্ব প্রদান কৰে আৰু সেই মৰ্মে আমেৰিকাই ভিয়েটনামত যুদ্ধ চলোৱাৰ সম্পূৰ্ণ অনুমতি লাভ কৰে। ১৯৬৫ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকাই উত্তৰ ভিয়েটনামত উৰাজাহাজেৰে আক্ৰমণ চলাই সাধাৰণলোকৰ অশেষ ক্ষতি সাধিছিল। এনেদৰে ১৯৭৩ চনত পেৰিচ শান্তি চুক্তিলৈ আমেৰিকা বাহিনী আৰু ভিয়েটনামৰ সাম্যবাদ পক্ষৰ মাজত যুঁজ চলি আছিল।

ভিয়েটনামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুত সৈন্য (৫৮,২২০ জন) ৰ মৃত্যু হৈছিল, ১ লাখৰ অধিক সৈন্যৰ অংগ নাইকিয়া হৈছিল, ৮২৬ বিলিয়ন ডলাৰ সামৰিকৰ নামত খৰচ হৈছিল আৰু প্ৰায় ২০ বছৰৰ সময় খৰচ হৈছিল। সেয়ে আমেৰিকাবাসীয়ে ভিয়েটনামৰ যুঁজৰ বাবে চৰকাৰক বেয়াকৈ সমালোচনা কৰাৰ বাবে ১৯৬৯ চনৰ পৰা আমেৰিকাৰ চৰকাৰে কঠোৰ দৃষ্টিভংগী পৰিহাৰ কৰিছিল আৰু ১৯৭৩ চনৰ পেৰিচ শান্তিৰ যোগেদি যুদ্ধবিৰতি শাসন কৰি ১৯৭৪ চনত আমেৰিকাই ভিয়েটনামলৈ সকলা ধৰণৰ সহায় বন্ধ কৰি আমেৰিকাই পৰিসমাপ্তি ঘটায়।

শান্তি প্রতিষ্ঠাঃ— ভিয়েটনামৰ যুদ্ধ যথেষ্ট দীঘলীয়া আছিল যদিও ইয়াৰ শান্তিপূর্ণ সমাধানত ৰাষ্ট্ৰসংঘৰ ভূমিকা শক্তিশালী নাছিল। কিয়নো এই ৰাষ্ট্ৰ সংঘৰ নিৰাপত্তা পৰিষদৰ ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ আটাইকেইখনে জড়িত আছিল। উত্তৰ ভিয়েটনামৰ সাম্যবাদক সহায় কৰাৰ বাবে চোভিয়েট ৰাছিয়া আৰু চীন দেশ আছিল আৰু দক্ষিণ ভিয়েটনামৰ পুঁজিবাদী চৰকাৰক সহায় কৰাৰ বাবে আমেৰিকাকে ধৰি ফ্ৰান্স আৰু ইংলেণ্ড আছিল। গতিকে ভেটো ক্ষমতা সকলোৰে হাতত থকাৰ বাবে ৰাষ্ট্ৰসংঘই ভিয়েটনামৰ শান্তি প্ৰস্তাৱ উত্থাপন কৰিব পৰা নাছিল। তথাপি ১৯৫৪ চনৰ জেনেভা চুক্তিৰ কাম কাজ চোৱাৰ বাবে ৰাষ্ট্ৰসংঘই আন্তর্জাতিক নিয়ন্ত্রণ আয়োগ (IC.C, 1954) গঠন কৰি দিছিল। কানাডা, পোলেন্ড আৰু ভাৰত ৰাষ্ট্ৰৰ সদস্যৰে গঠিত এই গোটে ভিয়েটনামৰ তুমুল সংঘৰ মাজতো টিকি আছিল। ১৯৭৩ চনত পেৰিচ শান্তি চুক্তিৰ সময়ত ই ভংগ হৈছিল। 

পুনৰ পেৰিচ শান্তি চুক্তিৰ চৰ্তৰ কাম কাজ চোৱা চিতাৰ বাবে নতুনকৈ – International Commission of Control and Supervision গঠন কৰিছিল। এই আয়োগৰ সদস্য হল কানাডা, পোলেন্ড হাঙ্গেৰী আৰু ইন্দোনেছিয়া। এই আয়োগেও সফল হ’ব নোৱাৰিছিল যিহেতু আমেৰিকা আৰু চোভিয়েট ৰাছিয়া দুয়ো বিপৰীত স্থানত আছিল। আমেৰিকাই নিজ দেশৰ প্ৰবল জনমতৰ হেচাত পৰিহে আমেৰিকাৰ চৰকাৰে ১৯৭৩ চনত পেৰিচ শান্তি চুক্তি স্বাক্ষৰ কৰিছিল আৰু ১৯৭৪ চনৰ পৰা সকলো সম্পর্ক বন্ধ কৰি দিয়াৰ ফলত ভিয়েটনামৰ যুদ্ধ শেষ হয়। শেষত ১৯৭৬ চনত দুই ভিয়েটনাম এক হয় আৰু শান্তি প্রতিষ্ঠা হয়।

আফগানিস্তানৰ যুদ্ধসমূহ ( AFGHANISTAN WARS )

অতি চমু প্রশ্নোত্তৰঃ 

১। কেতিয়া আফগানিস্তানে ৰাষ্ট্ৰসংঘৰ সদস্য পদ লৈছিল?

উত্তৰঃ ১৯ নৱেম্বৰ ১৯৪৬ ইং।

২। আফগানিস্তান শব্দৰ অৰ্থ কি?

উত্তৰঃ আফগান অর্থাৎ পাঠান সকলৰ ভূমি বা দেশ।

৩। কোন জনগোষ্ঠীৰ সৰ্বাধিক লোক আফগানিস্তানৰ বাসিন্দা?

উত্তৰঃ পাঠান জনগোষ্ঠী।

৪। আফগানিস্তানৰ ৰাজধানী কত?

উত্তৰঃ কাবুল চহৰ।

৫। ৰাষ্ট্ৰসংঘৰ সদস্য হোৱাৰ সময়ত আফগানিস্তানত কি শাসনতন্ত্র চলি আছিল?

উত্তৰঃ ৰাজতন্ত্ৰ।

৬। আফগানিস্তানত ৰাজতন্ত্ৰৰ শাসন কিমান বছৰ চলিছিল?

উত্তৰঃ ১৯১৯-১৯৭৩ ইং চনলৈ সুদীৰ্ঘ ৫৪ বছৰ ৰাজতন্ত্ৰৰ শাসন আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top