তীৰ্থনাথ শৰ্মা (Tirthanath Sharma) অসমীয়া সাহিত্য জগতৰ অন্যতম সুপ্রসিদ্ধ ব্যক্তিত্ব আছিল। তেওঁ এজন বিদ্বান শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ তথা সমাজ চিন্তাবিদ আছিল। অধ্যাপক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল, আৰু তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্বও পালন কৰিছিল। অসমীয়া সাহিত্যক্ষেত্ৰত তেওঁৰ অৱদান অসীম।
তেওঁৰ দ্বাৰা লিখিত উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত আছে— মহাত্মাৰ বাণী,পঞ্চপুষ্পা, শক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝঞ্জীৰ ৰাণী, বেণুধৰ শৰ্মাৰ জীৱনী আদি। লগতে, ‘কামসেন্দুৰ’ শীৰ্ষক এখন কবিতা পুথিও প্ৰকাশ কৰিছিল। তেওঁ ছদ্মনামেৰে বিভিন্ন চুটিগল্প লিখিছিল, যিয়ে সাহিত্যিক ৰূপত তেওঁৰ প্ৰগাঢ় সৃষ্টিশীলতাক প্ৰতিফলিত কৰে।
১৯৭১ চনত মাকুমত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতি হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ স্বদেশী আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। তেওঁ কলিকতাৰ এ এচ এল ক্লাব, গান্ধী সাহিত্য পৰিষদ, বিশ্বহিন্দু পৰিষদ আদি সংগঠনৰ সক্ৰিয় সদস্য আছিল। সাহিত্যক্ষেত্ৰৰ লগতে কামধেনু নামৰ আলোচনীও সম্পাদনা কৰিছিল।
১৯৮৬ চনত ‘বেণুধৰ শৰ্মা’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা তীৰ্থনাথ শৰ্মাই গান্ধীজীৰ আদৰ্শক গভীৰভাৱে গ্ৰহণ কৰিছিল। ১৯২৯ চনত তেওঁ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতীয় স্বাধীনতা আন্দোলনৰ আইন অমান্য আন্দোলনত যোগ দি কাৰাবাস ভোগ কৰিছিল।
তেওঁ একেধাৰে সংগীত, অভিনয়, নাট্য সাহিত্য, দৰ্শন, নৃত্য, অলংকাৰশাস্ত্ৰ, ৰাজনীতি, সমাজনীতি, ভক্তি-আদৰ্শ, চাৰু-কাৰুকলা, শ্ৰুতি-স্মৃতি আদি বিভিন্ন ক্ষেত্ৰত সুদক্ষ ব্যক্তি আছিল। সাহিত্য, শিক্ষা, সমাজ সংস্কৃতি, ৰাজনীতি—সকলোতেই তেওঁৰ অৱদান চিৰস্মৰণীয়।
নাম (Name): তীৰ্থনাথ শৰ্মা
জন্ম (Date of Birth): ২৩ অক্টোবৰ, ১৯১১
জন্ম স্থান (Place of Birth): শিৱসাগৰ, আমগুৰি, জৰাবাৰী বামুণ গাঁৱ
নাম (Father Name): গোলাপ চন্দ্ৰ শৰ্মা
মাতৃৰ নাম (Mother Name): চেনেহী দেৱী
দাম্পত্যসংগী (Spouse): নিৰ্মলা দেৱী
শিক্ষা (Education): এম.এ (MA)
মৃত্যু (Death): ১৯৮৬ চনৰ ২৩ অক্টোবৰ
পুৰস্কাৰ-সম্মান : সাহিত্য অকাডেমি
Read also: জীৱনী
তীৰ্থনাথ শৰ্মাৰ প্ৰাৰম্ভিক জীৱন তথা শিক্ষা | Earlier Life and Education of Tirthanath Sharma
তীৰ্থনাথ শৰ্মাৰ (Tirthanath Sharma) জন্ম ১৯১১ চনৰ ২৩ অক্টোবৰ তাৰিখে শিৱসাগৰৰ আমগুৰি সমষ্টিৰ ভূঞাহাট পঞ্চায়তৰ অন্তৰ্গত জৰাবাৰী বামুণ গাঁৱত হৈছিল। তেওঁৰ পৰৱৰ্তী জীৱন জাঁজীৰ ঢেকিয়াল চাউদাং গাঁৱত কটালে। পিতৃ গোলাপ চন্দ্ৰ শৰ্মা আৰু মাতৃ চেনেহী দেৱীৰ সন্তান তীৰ্থনাথ শৰ্মাই প্ৰাথমিক শিক্ষাৰ শুভাৰম্ভ কৰে যোৰহাট ১ নং প্ৰেকটিচিং স্কুলত। তাৰপাছত, তেওঁ যোৰহাট চৰকাৰী হাইস্কুল আৰু জাঁজী হাইস্কুলত অধ্যয়ন কৰি ১৯২৯ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
একেই বছৰত তেওঁ কটন কলেজত নামভৰ্তি হয় আৰু ১৯৩২ চনত ইণ্টাৰমিডিয়েট পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ১৯৩৪ চনত কটন কলেজৰ পৰা সংস্কৃত বিষয়ত অনাৰ্ছসহ বি এ ডিগ্ৰী লাভ কৰে। ব্যক্তিগত জীৱনত, তেওঁ ১৯৩৬ চনত নিৰ্মলা দেৱীৰ সৈতে বিবাহবন্ধনত আবদ্ধ হয়। বিয়াৰ এবছৰ পিছত, অৰ্থাৎ ১৯৩৭ চনত, তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীত এম এ ডিগ্ৰী লাভ কৰে।
কৰ্ম জীৱন | Career Life of Tirthanath Sharma
১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনাৰ শুভাৰম্ভ কৰা শৰ্মাদেৱে ১৯৫০ চনলৈ এম আই এল বিভাগৰ অধ্যাপকৰূপে দ্বায়িত্ব পালন কৰে। ১৯৫১ চনত তেওঁ “আছাম ব’ৰ্ড অৱ মিউজিক” প্ৰতিষ্ঠা কৰে। তাৰ পিছত, ১৯৫৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয় স্থাপন কৰি প্ৰথমতে অবৈতনিক অধক্ষ্য হিচাপে আৰু ১৯৫৬ চনৰ পৰা স্থায়ী অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৬৭ চনত বিশ্ব হিন্দু পৰিষদৰ অসম শাখাৰ কাৰ্যকৰী সভাপতিকূপে নিযুক্ত হয়। ১৯৭১ চনত মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা অৱসৰ লয়। ৰাজনীতিত গভীৰ উৎসাহ থাকোঁতে তেওঁ ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
তীৰ্থনাথ শৰ্মাৰ সাহিত্যিক জীৱন | Literary Life of Tirthanath Sharma
তীৰ্থনাথ শৰ্মা অসমীয়া সাহিত্যৰ অন্যতম উজ্জ্বল নক্ষত্র হিচাপে পৰিচিত। তেওঁ নিজৰ সাহিত্যিক জীৱন সম্পূৰ্ণৰূপে অসমীয়া ভাষা, সংস্কৃতি, আৰু সাহিত্যৰ বিকাশৰ বাবে উৎসর্গ কৰিছিল। তেওঁ সাহিত্যৰ বিভিন্ন শাখাত নিজৰ দক্ষতা প্ৰতিফলিত কৰিছিল আৰু অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিবলৈ অপূৰ্ব অৱদান আগবঢ়াইছিল।
শৰ্মাদেৱে ১৯৭১ চনত অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। এই পদত থাকোতে, তেওঁ অসমীয়া সাহিত্যৰ বিকাশ আৰু প্ৰচাৰৰ বাবে বহু গুৰুত্বপূর্ণ কাম আগবঢ়াইছিল। ১৯৮৭ চনৰ ফেব্ৰুৱাৰী মাহত তেখেতক মৰোণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়, যি তেওঁৰ সাহিত্যিক জীৱনৰ এক বিশেষ স্বীকৃতি।
তেওঁৰ সাহিত্য সাধনাৰ অন্যতম গুৰুত্বপূর্ণ দিশ হ’ল বিভিন্ন শ্ৰেণীৰ গ্ৰন্থ ৰচনা আৰু সম্পাদনা। তেখেতে কামধেনু নামৰ এখন আলোচনীৰ সম্পাদক হিচাপে কাম কৰিছিল, য’ত সাহিত্যৰ বিভিন্ন বিষয় আলোচিত হৈছিল। তেখেত সংস্কৃত সাহিত্যত অগাধ জ্ঞান থকা এজন বিদ্বান আছিল আৰু বিশেষকৈ উপনিষদৰ অসমীয়া অনুবাদ কৰাৰ জৰিয়তে অসমীয়া সাহিত্যক এক নবীন দিশত উন্নীত কৰিছিল। এই অনুবাদসমূহ অসমৰ ধৰ্ম, সাহিত্য আৰু সংস্কৃতিৰ বিকাশত বিশেষ ভূমিকা পালন কৰিছে।
তেখেতৰ উল্লেখযোগ্য গ্ৰন্থসমূহ:
- কামসেন্দূৰ (কবিতা সংকলন)
- পঞ্চপুষ্প (প্ৰবন্ধ সংকলন)
- সাহিত্য বিদ্যা পৰিক্ৰমা
- আউনিআটী সত্ৰৰ বুৰঞ্জী
- বেণুধৰ শৰ্মা (সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থ)
- ভক্তিবাদ
- ঝান্সীৰ ৰাণী লক্ষীবাঈ
- কামাখ্যাৰাম বৰুৱা
- প্ৰৱেশিকা কথা চানেকি
- চানেকি পাঠ
- গান্ধী-শিক্ষা সাৰ
- মহাত্মাৰ বাণী
বঁটা সমূহ | Award
১৯৮৭ চনৰ ফেব্ৰুৱাৰী মাহত, তীৰ্থনাথ শৰ্মাক সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অসামান্য অৱদানৰ বাবে মৰোণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। এই বঁটা তেওঁৰ সাহিত্যিক পৰিসৰে এক উল্লেখযোগ্য মাইলষ্ট’ন হিচাপে পৰিগণিত হয়। তীৰ্থনাথ শৰ্মাৰ সাহিত্যৰ জগতত যে অবিশ্বাস্য প্ৰভাৱ পৰিছিল, সেয়া এই সন্মানৰ জৰিয়তে আৰু অধিক গুৰুত্ব লাভ কৰে। সাহিত্য অকাডেমি বঁটা তেওঁৰ দীর্ঘকালীন সাহিত্যিক যাত্ৰাৰ এক শক্তিশালী প্ৰমাণ আছিল আৰু এই সন্মান তেখেতৰ সৃষ্টি আৰু কৰ্মৰ মূল্যক পৰিস্ফুটিত কৰে।
সামৰণি | Conclusion
তীৰ্থনাথ শৰ্মাৰ (Tirthanath Sharma) দেহাৱসান ১৯৮৬ চনৰ ২৩ অক্টোবৰ তাৰিখে হৈছিল। তীৰ্থনাথ শৰ্মাৰ সাহিত্যিক আগ্ৰহ আৰু গভীৰ অধ্যয়ন অসমীয়া ভাষাৰ বিকাশত এক অপূৰ্ব অৱদান আগবঢ়াইছে। অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য যোগদান ভাষাটোক অধিক সমৃদ্ধিশালী কৰি তুলিছে। তেওঁৰ সাহিত্যকর্মৰ দ্বাৰা অসমীয়া ভাষা নতুন দিশ লাভ কৰিছে, যাৰ প্ৰভাৱ যুগে যুগে অনুভূত হ’ব। তেওঁৰ সৃষ্টি আৰু অৱদান অসমীয়াৰ সাহিত্য-সংস্কৃতিক এক অনন্য উচ্চতালৈ লৈ গৈছে, যি চিৰস্মৰণীয় হৈ থাকিব।
FAQ
১. তীৰ্থনাথ শৰ্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?
A: তীৰ্থনাথ শৰ্মা গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা অধ্যক্ষ আছিল।
২. তীৰ্থনাথ শৰ্মাৰ জন্ম কেতিয়া আৰু কʼত হৈছিল?
A: তীৰ্থনাথ শৰ্মাৰ জন্ম ১৯১১ চনৰ ২৩ অক্টোবৰ তাৰিখে শিৱসাগৰৰ আমগুৰি সমষ্টিৰ ভূঞাহাট পঞ্চায়তৰ অন্তৰ্গত জৰাবাৰী বামুণ গাঁৱত হৈছিল।
৩. তীৰ্থনাথ শৰ্মাৰ মাতৃৰ নাম কি?
A: চেনেহী দেৱী।
৪. মহাত্মাৰ বাণী কোনে লিখা?
A: মহাত্মাৰ বাণী তীৰ্থনাথ শৰ্মায়ে লিখা।
৫. কামসেন্দূৰ কবিতা কবিতা সংকলনৰ কবি কোন?
A: কামসেন্দূৰ কবিতা কবিতা সংকলনৰ কবি – তীৰ্থনাথ শৰ্মা।
Read alsoo: Biography in Assamese
My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.