SEBA Class 8 Science Important Chapter 9 বায়ু আৰু পানীৰ প্ৰদূষণ

SEBA Class 8 Science Important Chapter 9 বায়ু আৰু পানীৰ প্ৰদূষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 9 বায়ু আৰু পানীৰ প্ৰদূষণ Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 9 বায়ু আৰু পানীৰ প্ৰদূষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 9

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। বায়ু প্ৰদূষণৰ উৎসসমূহ লিখা?

উত্তৰঃ বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল- কল-কাৰখানা,শক্তি প্রকল্প, যান-বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু ইন্ধন হিচাপে পোবা খৰি আৰু গোবৰৰ পিঠা।

২। বায়ু প্রদূষক বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক পদার্থই বায়ু দূষিত কৰে সেইবোৰ পদার্থকে বায়ু প্রদূষক বোলা হয়।

৩। বায়ুৰ এবিধ প্রদূষকৰ নাম লিখা? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বায়ুৰ এবিধ প্রদূষকৰ নাম ক্ল’ৰ’ফ্লুৰ’ কার্বন (CFC)।

৪। পানীৰ প্রদূষক বুলিলে কি বুজা?

উত্তৰঃ যি বিলাক পদার্থই পানীৰ প্ৰদূষণ ঘটায় তেনে পদার্থক পানীৰ প্রদূষক বোলা হয়।

৫। গংগা নদীক ৰক্ষা কৰাৰ বাবে চৰকাৰে কি কৰিছিল?

উত্তৰঃ গংগা নদীক ৰক্ষা কৰাৰ বাবে 1985 চনত চৰকাৰে ‘গংগা কর্ম পৰিকল্পনা’নামৰ এখন অভিলাসী আঁচনি গ্রহণ কৰিছিল।

৬। প্রদূষিত পানীয়ে কিহত কু-প্ৰভাৱ পেলায়?

উত্তৰঃ প্রদূষিত পানীয়ে মাটিৰ গুণাগুণ নষ্ট কৰি মাটিৰ অম্লতা সলনি কৰে আৰু মাটিত কেঁচুৰ সংখ্যা বৃদ্ধিত কু-প্রভাৱ পেলায়।

৭। পানী দূষিতকৰণৰ কাৰকসমূহ উল্লেখ কৰা?

উত্তৰঃ পানী দূষিতকৰণৰ মুখ্য কাৰকসমূহ হ’ল আৱৰ্জনা, কৃষিভূমিত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু ঔদ্যোগিক খণ্ডৰ পৰা অহা বর্জনীয় পদার্থসমূহ।

৮। প্ৰদূষকবোৰ কি?

উত্তৰঃ প্ৰদূষকবোৰ হ’ল বায়ু আৰু পানীক দুষিত কৰা কিছুমান পদার্থ।

৯। ক্ল’ৰিনেচন কি?

উত্তৰঃ ক্ল’ৰিনেচন হৈছে সাধাৰণতে পানীৰ বিশুদ্ধকৰণত ব্যৱহাৰ কৰা এক ৰাসায়নিক পদ্ধতি।

১০। খোৱাপানী বুলিলে কি বুজা?

উত্তৰঃ যি পানী বিশুদ্ধিকৃত আৰু খোৱাৰ বাবে উপযোগী তেনে পানীকে খোৱাপানী বোলা হয়।

খালি ঠাই পূৰ কৰা।

১। যিবিলাক পদার্থই বায়ু দূষিত কৰে সেইবোৰ পদার্থকে _________ বোলা হয়?

উত্তৰঃ যিবিলাক পদার্থই বায়ু দূষিত কৰে সেইবোৰ পদার্থকে বায়ু প্রদূষক বোলা হয়।

২। পেট্র’ল আৰু ডিজেলৰ দৰে ইন্ধনৰ অর্ধদহনে __________  উৎপন্ন কৰে?

উত্তৰঃ পেট্র’ল আৰু ডিজেলৰ দৰে ইন্ধনৰ অর্ধদহনে কার্বন-মন’ক্সাইড উৎপন্ন কৰে।

৩। শ্বাসজনিত সমস্যাৰ কাৰণ হ’ল __________?

উত্তৰঃ শ্বাসজনিত সমস্যাৰ কাৰণ হ’ল বায়ু প্রদূষণ

৪। শক্তি প্রকল্পত ব্যৱহৃত কয়লা ইন্ধনৰ দহনে __________  গেছ উৎপন্ন কৰে?

উত্তৰঃ শক্তি প্রকল্পত ব্যৱহৃত কয়লা ইন্ধনৰ দহনে ছালফাৰ – ডাই অক্সাইড গেছ উৎপন্ন কৰে।

৫। ________  কার্বনে বায়ুমণ্ডলৰ অ’জ’ন স্তৰ ধ্বংস কৰে?

উত্তৰঃ ক্ল’ৰ’ফ্লুৰ’ কার্বনে বায়ুমণ্ডলৰ অ’জ’ন স্তৰ ধ্বংস কৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top