SEBA Class 8 Science Important Chapter 8 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্রিয়া

SEBA Class 8 Science Important Chapter 8 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্রিয়া Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 8 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্রিয়া Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 8 বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্রিয়া

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। বিদ্যুতৰ কু-পৰিবাহী কি?

উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদুৎ প্ৰৱাহিত নহয় সেইবোৰ বিদ্যুতৰ কু-পৰিবাহী।

২। বিদ্যুৎ পৰিবহণ কৰা দুটা ধাতুৰ নাম লিখা?

উত্তৰঃ বিদ্যুৎ পৰিবহণ কৰা দুটা ধাতুৰ নাম হ’ল –

তাম আৰু এলুমিনিয়াম।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। জুলীয়া পদার্থখিনিয়ে বিদ্যুৎ প্ৰৱাহিত হ’লে টেষ্টাৰত কি হয়?

উত্তৰঃ জুলীয়া পদার্থখিনিয়ে বিদ্যুৎ প্ৰৱাহিত হ’লে টেষ্টাৰৰ বৰ্তনী সম্পূর্ণ হয় আৰু বাল্বটো জ্বলি উঠে।

৪। বিদ্যুতৰ তাপীয় ক্ৰিয়াৰ ফলত কি হয়?

উত্তৰঃ বিদ্যুতৰ তাপীয় ক্ৰিয়াৰ বাবে বাল্বৰ তাঁৰডালৰ উষ্ণতা বহু পৰিমাণে বাঢ়ে আৰু সেইবাবে ই জ্বলি উঠে।

৫। পাতিত পানীত নিমখ মিহলালে কি হয়?

উত্তৰঃ পাতিত পানীত নিমখ মিহলালে নিমখৰ দ্ৰৱ পোৱা যায়, যি বিদ্যুতৰ সু-পৰিবাহী।

৬। নল, দমকল, কুঁৱা আৰু পুখুৰীৰ পানী কিয় বিশুদ্ধ নহয়?

উত্তৰঃ কাৰণ এইসকল উৎসৰ পানীত বিভিন্ন লৱণ আৰু খনিজ পদাৰ্থ প্ৰাকৃতিকভাৱে দ্রবীভূত হৈ থাকে।

৭। এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে কি হয়?

উত্তৰঃ এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে ৰাসায়নিক বিক্রিয়া সংঘটিত হয়।

৮। চিক্-মিকনি থকা এবিধ ধাতুৰ নাম লিখা?

উত্তৰঃ ক্রমিয়াম এবিধ স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু।

৯। কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে কি হয়?

উত্তৰঃ কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হ’লে ই তাম আৰু ছালফেট লৈ বিয়োজিত হয়।

১০। বিদ্যুৎলেপন বুলিলে কি বুজা?

উত্তৰঃ বিদ্যুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত আন এবিধ পছন্দৰ ধাতুৰ লেপন দিয়াকে বিদ্যুৎলেপন বোলে।

খালি ঠাই পূৰ কৰা।

১। এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে ________ সংঘটিত হয়?

উত্তৰঃ এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে ৰাসায়নিক বিক্রিয়া সংঘটিত হয়।

২। _______  বনাবলৈ লোৰ ওপৰত টিনৰ লেপন দি লোবা হয়?

উত্তৰঃ খাদ্য ৰখা পাত্র বনাবলৈ লোৰ ওপৰত টিনৰ লেপন দি লোবা হয়।

৩। দলং আৰু মটৰগাড়ীবোৰ মজবুত কৰিবলৈ সেইবোৰ ________ নিৰ্মাণ কৰা হয়?

উত্তৰঃ দলং আৰু মটৰগাড়ীবোৰ মজবুত কৰিবলৈ সেইবোৰ লোৰে নিৰ্মাণ কৰা হয়।

৪। _______ এবিধ স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু?

উত্তৰঃ ক্রমিয়াম এবিধ স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু।

৫। বিদ্যুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত আন এবিধ পছন্দৰ ধাতুৰ লেপন দিয়াকে _________ বোলে?

উত্তৰঃ বিদ্যুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত আন এবিধ পছন্দৰ ধাতুৰ লেপন দিয়াকে বিদ্যুৎলেপন বোলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top