SEBA Class 8 Science Important Chapter 7 ঘর্ষণ

SEBA Class 8 Science Important Chapter 7 ঘর্ষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 7 ঘর্ষণ Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 7 ঘর্ষণ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। স্প্রিং তুলা কি?

উত্তৰঃ স্প্রিং তুলা হৈছে বস্তুৰ ওপৰত ক্রিয়া কৰা বলৰ মান জোখা সঁজুলি।

২। সংস্পর্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে কিহৰ সৃষ্টি হয়?

উত্তৰঃ সংস্পর্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হয়।

৩। ঘূর্ণি ঘর্ষণ কাক বোলে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ যেতিয়া বস্তু এটা কোনো পৃষ্ঠৰ ওপৰেৰে বাগৰি যায়, তেতিয়া ইয়াৰ গতিৰ বিপৰীতে সৃষ্টি হোৱা বাধাক ঘূর্ণি ঘর্ষণ বোলে।

৪। তৰল পদার্থ বুলিলে কি বুজা?

উত্তৰঃ গেছীয় আৰু জুলীয়া পদার্থক তৰল পদার্থ বুলি কোৱা হয়।

৫। তৰল পদাৰ্থত থকা কোনো বস্তুৰ ওপৰত প্রয়োগ হোৱা ঘর্ষণ বল থকা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ তৰল পদাৰ্থত থকা কোনো বস্তুৰ ওপৰত প্রয়োগ হোৱা ঘর্ষণ বল বস্তুটোৰ তৰল পদাৰ্থৰ সাপেক্ষে থকা দ্রুতিৰ ওপৰত নিৰ্ভৰ কৰে।

৬। পিছল ঘর্ষণ স্থিতি ঘর্ষণতকৈ কম নে বেছি?

উত্তৰঃ পিছল ঘর্ষণ স্থিতি ঘর্ষণতকৈ কম।

৭। মেচিনত কি ব্যৱহাৰ কৰি ঘর্ষণ কমোৱা হয়?

উত্তৰঃ মেচিনত বল বিয়েৰিং ব্যৱহাৰ কৰি ঘর্ষণ কমোৱা হয়।

৮। সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে কিহৰ সৃষ্টি হয়?

উত্তৰঃ সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হয়।

৯। দুখন পৃষ্ঠ পৰস্পৰ সংস্পৰ্শত থাকিলে কি হয়?

উত্তৰঃ দুখন পৃষ্ঠ পৰস্পৰ সংস্পৰ্শত থাকিলে অসমতা বা খলা-বমাবোৰ খাজে খাজে মিলি যায় আৰু পৃষ্ঠ দুখন খাপ খাই ধৰে।

১০। স্থিতি ঘৰ্ষণৰ জোখ কি?

উত্তৰঃ স্থিতাৱস্থাত থকা বস্তু এটাই গতি আৰম্ভকৰাৰ মুহূৰ্তত ঘৰ্ষণ অতিক্রম কৰিবলৈ প্রয়োজন হোৱা বলেই স্থিতি ঘৰ্ষণৰ জোখ।

খালি ঠাই পূৰ কৰা।

১। সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে _________ হয়।

উত্তৰঃ সংস্পৰ্শত থকা পৃষ্ঠ দুখনৰ অসমতাৰ বাবে ঘৰ্ষণৰ সৃষ্টি হয়।

২। ঘর্ষণে ________ উৎপন্নও কৰিব পাৰে।

উত্তৰঃ ঘর্ষণে তাপ উৎপন্নও কৰিব পাৰে।

৩। বিজ্ঞানত _________ পদার্থক তৰল পদার্থ বুলি কোৱা হয়।

উত্তৰঃ বিজ্ঞানত গেছীয় আৰু জুলীয়া পদার্থক তৰল পদার্থ বুলি কোৱা হয়।

৪। সংস্পর্শত থকা পৃষ্ঠ দুখনৰ প্ৰকৃতিৰ ওপৰত __________ ।

উত্তৰঃ সংস্পর্শত থকা পৃষ্ঠ দুখনৰ প্ৰকৃতিৰ ওপৰত ঘর্ষণ নিৰ্ভৰশীল

৫। বহুতো মেচিনত _________ ব্যৱহাৰ কৰি ঘর্ষণ কমোৱা হয়।

উত্তৰঃ বহুতো মেচিনত বল বিয়েৰিং ব্যৱহাৰ কৰি ঘর্ষণ কমোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top