SEBA Class 8 Science Important Chapter 6 বল আৰু চাপ

SEBA Class 8 Science Important Chapter 6 বল আৰু চাপ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 6 বল আৰু চাপ Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 6 বল আৰু চাপ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 6

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। বল কাক বোলে?

উত্তৰঃ কোনো বস্তুক ঠেলা বা টনা কার্যকে বিজ্ঞানৰ ভাষাত বল বোলা হয়।

২। কোনো বস্তুৰ দ্রুতি বা ইয়াৰ গতিৰ দিশ নতুবা উভয়ৰে পৰিবৰ্তন ঘটাক কি বুলি কোৱা হয়?

উত্তৰঃ কোনো বস্তুৰ দ্রুতি বা ইয়াৰ গতিৰ দিশ নতুবা উভয়ৰে পৰিবৰ্তন ঘটিলে বস্তুৰ গতি-অৱস্থা সলনি হোৱা বুলি কোৱা হয়।

৩। কোনো এটা বস্তুৰ গতি-অৱস্থাক কিহৰ দ্বাৰা বুজোৱা হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কোনো এটা বস্তুৰ গতি-অৱস্থাক ইয়াৰ দ্রুতি আৰু দিশৰ দ্বাৰা বুজোৱা হয়।

৪। পেশীয় বল কাক বোলে?

উত্তৰঃ মাংসপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলক পেশীয় বল বোলা হয়।

৫। বস্তু এটাক স্থিৰ অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ নিব পাৰে নে নোৱাৰে?

উত্তৰঃ বস্তু এটাক স্থিৰ অৱস্থাৰ পৰা গতিশীল অবস্থালৈ নিব পাৰে।

৬। স্পর্শ বল কাক বোলে?

উত্তৰঃ যিহেতু বস্তু এটাৰ সংস্পৰ্শত থাকিলেহে পেশীয় বল প্রয়োগ কৰিব পাৰি, সেয়েহে এনে পেশীয় বলক স্পর্শ বল বুলিও কোৱা হয়।

৭। ঘর্ষণ বলে গতিশীল বস্তুৰ ওপৰত কেনেকৈ ক্ৰিয়া কৰে?

উত্তৰঃ ঘর্ষণ বলে গতিশীল বস্তুৰ ওপৰত সদায়ে ক্রিয়া কৰে আৰু সদায় এই ঘর্ষণ বলৰ দিশ বস্তুৰ গতিৰ দিশৰ বিপৰীতমুখী হয়।

৮। অস্পর্শ বলৰ এটা উদাহৰণ লিখা?

উত্তৰঃ অস্পর্শ বলৰ এটা উদাহৰণ হ’ল – চুম্বকে প্রয়োগ কৰা বল। 

৯। স্থিতি বৈদ্যুতিক বল বুলিলে কি বুজা?

উত্তৰঃ আধানযুক্ত বস্তু এটাই আন এটা আধানযুক্ত বা আধানহীন বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলক স্থিতি বৈদ্যুতিক বল বুলি জনা যায়।

১০। মাধ্যাকর্ষণ বল বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুক নিজৰ ফালে টানি থকাৰ বাবে বস্তুবোৰ ওপৰৰ পৰা মাটিত পৰে। এই বলক মাধ্যাকর্ষণ বল বা চমুকৈ মাধ্যাকর্ষণ বোলা হয়।

খালি ঠাই পূৰ কৰা।

১। কোনো এটা বস্তুৰ গতি-অৱস্থাক ইয়াৰ _________ বুজোৱা হয়।

উত্তৰঃ কোনো এটা বস্তুৰ গতি-অৱস্থাক ইয়াৰ দ্রুতি আৰু দিশৰ দ্বাৰা বুজোৱা হয়।

২। বস্তুৰ গতি-অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে ________।

উত্তৰঃ বস্তুৰ গতি-অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে ঘর্ষণ বল

৩। এটুকুৰা লোৰ ওপৰত চুম্বকে প্রয়োগ কৰা বল _________।

উত্তৰঃ এটুকুৰা লোৰ ওপৰত চুম্বকে প্রয়োগ কৰা বল অ-স্পর্শ বল

৪। আধানযুক্ত বস্তু এটাই আন এটা আধানযুক্ত বা আধানহীন বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলক _________ বুলি জনা যায়।

উত্তৰঃ আধানযুক্ত বস্তু এটাই আন এটা আধানযুক্ত বা আধানহীন বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলক স্থিতি বৈদ্যুতিক বল বুলি জনা যায়।

৫। পৃথিৱীয়ে সকলো বস্তুক নিজৰ ফালে টানি থকাৰ বাবে বস্তুবোৰ ওপৰৰ পৰা মাটিত পৰে। এই বলক ___________ বোলা হয়।

উত্তৰঃ পৃথিৱীয়ে সকলো বস্তুক নিজৰ ফালে টানি থকাৰ বাবে বস্তুবোৰ ওপৰৰ পৰা মাটিত পৰে। এই বলক মাধ্যাকর্ষণ বল বা চমুকৈ মাধ্যাকর্ষণ বোলা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top