SEBA Class 8 Science Important Chapter 5 দহন আৰু শিখা

SEBA Class 8 Science Important Chapter 5 দহন আৰু শিখা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 5 দহন আৰু শিখা Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 5 দহন আৰু শিখা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 5

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ

১। দহন বুলিলে কি বুজা?

উত্তৰঃ যি ৰাসায়নিক প্রক্রিয়াত দ্রব্য এটাই অক্সিজেনৰ সৈতে বিক্রিয়া কৰি তাপ উৎপন্ন কৰে তাক দহন বোলে।

২। ইন্ধন বুলিলে কি বুজা?

উত্তৰঃ যি দ্রব্যৰ দহন হয় তাক ইন্ধন বুলি কোৱা হয়।

৩। জ্বলন উষ্ণতা কাক বোলে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ যি নিম্নতম উষ্ণতাত দ্রব্য এটাত জুই লাগে তাকেই ইয়াৰ জ্বলন উষ্ণতা বোলে।

৪। অগ্নি-নির্বাপণকাৰীৰ কাম কি?

উত্তৰঃ অগ্নি-নির্বাপণকাৰীৰ কাম হ’ল বায়ুৰ যোগান বন্ধ কৰা বা ইন্ধনটোৰ উষ্ণতা তললৈ নমোৱা অথবা, দুয়োটাই।

৫। প্ৰজ্বালক পদাৰ্থৰ উদাহৰণসমূহ লিখা?

উত্তৰঃ প্ৰজ্বালক পদাৰ্থৰ উদাহৰণসমূহ হ’ল- পেট্র’ল, এলক ‘হল , তৰলীকৃত পেট্রলিয়াম গেছ আদি ।

৬। পানী কি?

উত্তৰঃ পানী হ’ল আটাইতকৈ সাধাৰণভাৱে ব্যৱহাৰ হোৱা অগ্নি-নির্বাপক।

৭। CO₂ ৰ এটা সুবিধা উল্লেখ কৰা?

উত্তৰঃ CO₂ ৰ এটা সুবিধা হ’ল বেছিভাগ ক্ষেত্রতে ই বৈদ্যুতিক আহিলাবোৰৰ অনিষ্ট নকৰে।

৮। দাহ্য বুলিলে কি বুজা?

উত্তৰঃ যি দ্রব্যৰ দহন হয় তাক দাহ্য বুলি কোৱা হয়।

৯। ফট্ কাৰ ওপৰত কি প্রয়োগ কৰিলে বিস্ফোৰণ ঘটিব পাৰে?

উত্তৰঃ ফট্ কাৰ ওপৰত চাপ প্রয়োগ কৰিলে বিস্ফোৰণ ঘটিব পাৰে।

১০। প্ৰজ্বালক পদার্থ কাক বোলে?

উত্তৰঃ যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে সেইবোৰক প্ৰজ্বালক পদার্থ বুলি কোৱা হয়।

খালি ঠাই পূৰ কৰা।

১। যি ৰাসায়নিক প্রক্রিয়াত দ্রব্য এটাই অক্সিজেনৰ সৈতে বিক্রিয়া কৰি তাপ উৎপন্ন কৰে তাক _______ বোলে।

উত্তৰঃ যি ৰাসায়নিক প্রক্রিয়াত দ্রব্য এটাই অক্সিজেনৰ সৈতে বিক্রিয়া কৰি তাপ উৎপন্ন কৰে তাক দহন বোলে।

২। যি দ্ৰব্যৰ দহন হয় তাক ________ বুলি কোৱা হয়।

উত্তৰঃ যি দ্ৰব্যৰ দহন হয় তাক দাহ্য বুলি কোৱা হয়।

৩। ইন্ধনবোৰ গোটা, ________ হ’ব পাৰে।

উত্তৰঃ ইন্ধনবোৰ গোটা, জুলীয়া বা গেছীয় হ’ব পাৰে।

৪। যি নিম্নতম উষ্ণতাত দ্রব্য এটাত জুই লাগে তাকেই ইয়াৰ _________ বোলে।

উত্তৰঃ যি নিম্নতম উষ্ণতাত দ্রব্য এটাত জুই লাগে তাকেই ইয়াৰ জ্বলন উষ্ণতা বোলে।

৫। যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে সেইবোৰক _________ বুলি কোৱা হয়।

উত্তৰঃ যিবোৰ দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে সেইবোৰক প্ৰজ্বালক পদার্থ বুলি কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top