SEBA Class 8 Science Important Chapter 4 কয়লা আৰু পেট্র’লিয়াম Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 4 কয়লা আৰু পেট্র’লিয়াম Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.
SEBA Class 8 Science Important Chapter 4 কয়লা আৰু পেট্র’লিয়াম
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.
কয়লা আৰু পেট্র’লিয়াম
Chapter: 4
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। অংগাৰীকৰণ কাক বোলে?
উত্তৰঃ মৃত উদ্ভিদৰ পৰা কয়লা গঠনৰ প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বোলে।
২। ক’ক কি?
উত্তৰঃ ক’ক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ, যাক ইন্ধন আৰু ধাতু গলন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়।
৩। C.N.G. বুলিলে কি বুজা?
উত্তৰঃ C.N.G. হৈছে উচ্চ চাপত সংকুচিত প্ৰাকৃতিক গেছ, যাক যানবাহন আৰু বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰা হয়।
৪। পেট্রলিয়াম শোধন কাক বোলে?
উত্তৰঃ পেট্রলিয়ামৰ পৰা তাৰ উপাদানবোৰ পৃথক কৰাৰ প্ৰক্ৰিয়াটোক পেট্রলিয়াম শোধন বোলে।
৫। বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ কি ব্যৱহৃত হয়?
উত্তৰঃ চি. এন. জি. (CNG) বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহৃত হয়।
৬। পেট্ৰ’ল আৰু ডিজেল কিহৰ দ্বাৰা লাভ কৰা হয়?
উত্তৰঃ পেট্ৰ’ল আৰু ডিজেল পেট্রলিয়ামৰ শোধনৰ দ্বাৰা লাভ কৰা হয়।
৭। নেথেলিন বল কিহৰ পৰা তৈয়াৰী হয়?
উত্তৰঃ নেথেলিন বল আঙ্কতৰাৰ পৰা তৈয়াৰী হয়।
৮। ভাৰতত প্ৰাকৃতিক গেছ ক’ত পোৱা যায়?
উত্তৰঃ অসম, ত্ৰিপুৰা, ৰাজস্থান, মহাৰাষ্ট্ৰ, আৰু কৃষ্ণা-গোদাৱৰী অৱবাহিকাত পোৱা যায়।
৯। সমুদ্রত বাস কৰা জীৱসমূহৰ পৰা কিহৰ সৃষ্টি হৈছিল?
উত্তৰঃ সমুদ্রত বাস কৰা জীৱসমূহৰ পৰা পেট্রলিয়ামৰ সৃষ্টি হৈছিল।
১০। কয়লা জ্বলালে কি গেছ উৎপন্ন হয়?
উত্তৰঃ কয়লা জ্বলালে কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।
খালী ঠাই পূৰ কৰা:
১। ___________ বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহৃত হয়।
উত্তৰঃ চি. এন. জি. বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহৃত হয়।
২। প্রায় ____________ বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল।
উত্তৰঃ প্রায় 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসমূহত অটব্য অৰণ্য আছিল।
৩। ____________ আৰু ___________ পেট্রলিয়াম নামৰ এবিধ প্রাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয়।
উত্তৰঃ পেট্র’ল আৰু ডিজেল পেট্রলিয়াম নামৰ এবিধ প্রাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয়।
৪। সমুদ্রত বাস কৰা জীৱসমূহৰ পৰা ___________ৰ সৃষ্টি হৈছিল।
উত্তৰঃ সমুদ্রত বাস কৰা জীৱসমূহৰ পৰা পেট্রলিয়ামৰ সৃষ্টি হৈছিল।
৫। __________ লণ্ডনত আৰু ___________ নিউয়র্কত ৰাস্তা পোহৰাবলৈ প্ৰথম বাৰৰ বাবে কয়লা-গেছ ব্যৱহাৰ কৰা হৈছিল।
উত্তৰঃ 1810 চনত লণ্ডনত আৰু 1820 চনত নিউয়র্কত ৰাস্তা পোহৰাবলৈ প্ৰথম বাৰৰ বাবে কয়লা-গেছ ব্যৱহাৰ কৰা হৈছিল।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


