SEBA Class 8 Science Important Chapter 2 অণুজীৱঃ মিত্ৰ আৰু শত্রু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 2 অণুজীৱঃ মিত্ৰ আৰু শত্রু Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.
SEBA Class 8 Science Important Chapter 2 অণুজীৱঃ মিত্ৰ আৰু শত্রু
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.
অণুজীৱঃ মিত্ৰ আৰু শত্রু
Chapter: 2
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। অণুজীৱ কি?
উত্তৰঃ অণুজীৱ হৈছে সেই সকলো ক্ষুদ্র জীৱ যাক খালি চকুৰে দেখা নাযায় আৰু ই অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যৱেক্ষণ কৰা হয়।
২। অণুজীৱৰ শ্ৰেণী কেইটা?
উত্তৰঃ অণুজীৱৰ শ্ৰেণী চাৰিটা।
৩। বেক্টেৰিয়াৰ দ্বাৰা কিহত সহায় কৰা হয়?
উত্তৰঃ বেক্টেৰিয়াই নাইট’জেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে।
৪। অণুজীৱৰ দ্বাৰা কি প্ৰস্তুত কৰা হয়?
উত্তৰঃ সুৰা, মদ, এছিটিক এছিড (ভিনেগাৰ) আদি অণুজীবৰ দ্বাৰা প্রস্তুত কৰা হয়।
৫। এন্টিবায়টিক কি?
উত্তৰঃ এন্টিবায়টিক হৈছে সেই ঔষধ যাৰ দ্বাৰা বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰক ধ্বংস কৰা হয় বা বৃদ্ধিত বাধা সৃষ্টি কৰা হয়।
৬। বেক্টেৰিয়াৰ পৰা কি কি এন্টিবায়টিক প্ৰস্তুত কৰা হয়?
উত্তৰঃ বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা সাধাৰণ এন্টিবায়টিক হৈছে টেট্রাছইক্লিন, এবিপ্ল’মাইছিন, আৰু ট্রেপটমাইচিন।
৭। আমাৰ বায়ুমণ্ডলত কিমান শতাংশ নাইট্র’জেন গেছ আছে?
উত্তৰঃ আমাৰ বায়ুমণ্ডলত ৭৮ শতাংশ নাইট্র’জেন গেছ আছে।
৮। ভাইৰাছৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ কি ?
উত্তৰঃ ডেংগু ভাইৰাছৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ।
৯। ইষ্টৰ প্ৰজনন ক্ষিপ্র গতিত হয় আৰু ইহঁতৰ শ্বাস প্রশ্বাসত কি গেছ উৎপন্ন হয়?
উত্তৰঃ ইষ্টৰ প্ৰজনন ক্ষিপ্র গতিত হয় আৰু ইহঁতৰ শ্বাস প্রশ্বাসত কার্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।
১০। গ্রহণী আৰু মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা হয়?
উত্তৰঃ গ্রহণী আৰু মেলেৰিয়া ৰোগ প্ৰট’জ’ৱাৰ দ্বাৰা হয়।
খালী ঠাই পূৰ কৰা:
১। মাটিত থকা _____________ আৰু ___________ শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন মাটিত যৌগীকৰণ কৰি নাইট’জেনৰ যৌগলৈ ৰূপান্তৰ কৰে।
উত্তৰঃ মাটিত থকা বেক্টেৰিয়া আৰু নীল সেউজ শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন মাটিত যৌগীকৰণ কৰি নাইট’জেনৰ যৌগলৈ ৰূপান্তৰ কৰে।
২। আমাৰ বায়ুমণ্ডলত ___________ নাইট্র’জেন গেছ আছে।
উত্তৰঃ আমাৰ বায়ুমণ্ডলত 78% নাইট্র’জেন গেছ আছে।
৩। _____________ আৰু _____________ ৰোগ প্ৰট’জ’ৱাৰ দ্বাৰা হয়।
উত্তৰঃ গ্রহণী আৰু মেলেৰিয়া ৰোগ প্ৰট’জ’ৱাৰ দ্বাৰা হয়।
৪। মাছ, মাংস সংৰক্ষণ কৰিবলৈ সাধাৰণতে _____________ ব্যৱহাৰ কৰা হয়।
উত্তৰঃ মাছ, মাংস সংৰক্ষণ কৰিবলৈ সাধাৰণতে নিমখ ব্যৱহাৰ কৰা হয়।
৫। _____________ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ।
উত্তৰঃ ডেংগু ভাইৰাছৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



