SEBA Class 8 Science Important Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.
SEBA Class 8 Science Important Chapter 15 কিছুমান প্রাকৃতিক পৰিঘটনা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.
কিছুমান প্রাকৃতিক পৰিঘটনা
Chapter: 15
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। বিদ্যুতৰ আৱিষ্কাৰ ক’ত কেতিয়া হৈছিল?
উত্তৰঃ বিদ্যুতৰ আৱিষ্কাৰ 600 খৃষ্টাব্দৰ পূৰ্বেই গ্ৰীকসকলে এম্বাৰ প্ৰাণীৰ নোমেৰে ঘঁহি বিদ্যুৎ উৎপাদনৰ প্ৰমাণ কৰিছিল।
২। ঢেৰেকনিৰ সময়ত যে বিজুলী উৎপন্ন হয়, সেই পৰীক্ষা কোনে কেতিয়া কৰিছিল?
উত্তৰঃ আমেৰিকাৰ বিজ্ঞানী বেঞ্জামিন ফ্রোংকলিনে মেঘত বিজুলী উৎপাদনৰ বিষয়ে চিলা উৰুৱাই থকা সময় 1752 চনত প্ৰমাণ পাইছিল।
৩। চুনামি কি? ই ভাৰতৰ ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ ছুনামি হ’ল সাগৰৰ বক্ষত সৃষ্টি হোৱা ভূমিকম্পৰ ফলত সাগৰ পৃষ্ঠত উঠা প্ৰচণ্ড ঢৌৰ পৰিঘটনা।
ই ভাৰত মহাসাগৰৰ বুকুত (সুমাত্রা দ্বীপত) 2004 চনত 26 ডিচেম্বৰত হৈছিল। ইয়াৰ ফলত লাখ লাখ মানুহৰ জীৱন আৰু সম্পত্তি ক্ষতিগ্ৰস্ত হৈছিল।
৪। ভূমিকম্পৰ উৎপত্তিৰ কাৰণ দৰ্শোৱা আধুনিক তত্ত্ব কি?
উত্তৰঃ প্লেট টেকটনিক তত্ত্ব।
৫। বজ্ৰপাত কিয় হয়?
উত্তৰঃ মেঘত থকা ধনাত্মক আৰু ঋণাত্মক আধানৰ ঘঁহনিত বৈদ্যুতিক স্ফুলিঙ্গ বা ক্ষৰণ হয়, যাৰ ফলত বজ্ৰপাত হয়।
৬। বজ্ৰপাতৰ সময়ত কিমান ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে?
উত্তৰঃ ঘৰৰ ভিতৰত থাকিব, ধাতুৰ সংস্পর্শ নোহোৱা, বৈদ্যুতিক তাঁৰ বা টেলিফোন স্পৰ্শ নকৰা, গছৰ তলত নথকা, ছাতি নোলোৱা।
৭। বজ্ৰপাতৰ পৰা ৰক্ষা পাবলৈ কি ব্যৱস্থা ল’ব পাৰি?
উত্তৰঃ অট্টালিকাত বজ্ৰ ৰোধক দণ্ড স্থাপন কৰিব লাগে।
৮। ভূমিকম্প কিয় হয়?
উত্তৰঃ টেক্টনিক প্লেটসমূহৰ সংঘাত, ঘঁহনি, বা হঠাৎ সৰি যোৱাৰ ফলত ভূমিকম্প হয়।
৯। ভূমিকম্পৰ প্ৰবলতা কেনেদৰে মাপা হয়?
উত্তৰঃ ভূমিকম্পৰ প্ৰবলতা ৰিখ্টাৰ স্কেলত মাপা হয়।
১০। ভূমিকম্পৰ সময়ত কি সাৱধানতা ল’ব লাগে?
উত্তৰঃ টেবুলৰ তলত আশ্ৰয় লোৱা, গধুৰ বস্তুৰ পৰা আঁতৰত থাকিব, মুকলি ঠাইলৈ যাব, আৰু ভূমিকম্প-প্ৰতিৰোধী ঘৰ নিৰ্মাণ কৰা।
শুদ্ধ নে অশুদ্ধ লিখা।
১। বজ্রপাতত নিজকে ৰক্ষা কৰিবলৈ সাৱধানতা অৱলম্বন কৰা অনুচিত।
উত্তৰঃ অশুদ্ধ।
২। ভূমিকম্প যিকোনো সময়তে পৃথিৱীৰ যিকোনো ঠাইতে হ’ব পাৰে।
উত্তৰঃ শুদ্ধ।
৩। এম্বাৰ হ’ল এবিধ ৰেজিন।
উত্তৰঃ শুদ্ধ।
৪। বজ্রপাত এবিধ বৈদ্যুতিক স্ফুলিংগ।
উত্তৰঃ শুদ্ধ।
৫। এটা আহিত বেলুনে আন এটা আহিত বেলুনক আকৰ্ষণ কৰে।
উত্তৰঃ অশুদ্ধ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



