SEBA Class 8 Science Important Chapter 14 শব্দ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 14 শব্দ Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.
SEBA Class 8 Science Important Chapter 14 শব্দ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.
শব্দ
Chapter: 14
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। শব্দ কাক বোলে?
উত্তৰঃ শব্দ হ’ল এবিধ তৰংগ। কোনো বস্তুত আঘাত কৰিলে এই আঘাত কাণত পৰি কাণৰ পৰ্দাত যি কম্পনৰ সৃষ্টি হয় তাকে শব্দ বোলে। এই কম্পনৰ অনুভূতি মগজুৱে আহৰণ কৰে।
২। কম্পনাংকৰ এছ. আই একক কি ? মানুহৰ কাণৰ শ্ৰব্যসীমা কিমান?
উত্তৰঃ কম্পনাংকৰ এছ. আই. একক হ’ল- হার্টজ (Hertz: Hz)।
মানুহৰ কাণৰ শ্ৰাব্যসীমা 20 হাৰ্টজৰ পৰা 20 কিল ‘হার্টজ।
৩। মানুহৰ ক্ষেত্ৰত শব্দৰ সৃষ্টিৰ বাবে ব্যৱহাৰ হোৱা বাকযন্ত্রৰ অংশসমূহৰ নাম লিখা।
উত্তৰঃ মানুহৰ ক্ষেত্ৰত শব্দৰ সৃষ্টিৰ বাবে ব্যৱহাৰ হোৱা বাকযন্ত্ৰৰ অংশসমূহ হ’ল-
স্বৰকক্ষ, বায়ুনলী, আৰু স্বৰতন্ত্ৰী।
৪। শব্দ কিহত সঞ্চাৰিত নহয়?
উত্তৰঃ শব্দ বায়ুশূন্য অৱস্থাত সঞ্চাৰিত নহয়।
৫। কাণে শব্দ কেনেকৈ শুনে?
উত্তৰঃ কাণৰ বহি, অন্ত আৰু আভ্যন্তৰ ভাগে সংলগ্নভাৱে শব্দৰ কম্পন ধৰি মগজুলৈ সংকেত পঠিয়ায়।
৬। শব্দৰ তীব্ৰতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ শব্দৰ তীব্ৰতা কম্পনৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে।
৭। শব্দ সঞ্চালনৰ বাবে কিহৰ প্ৰয়োজন হয়?
উত্তৰঃ শব্দ সঞ্চালনৰ বাবে এটা মাধ্যমৰ (যেনে বায়ু, জল, কঠিন পদাৰ্থ) প্ৰয়োজন হয়।
৮। মানুহে কিমান Hz ৰ পৰা কিমান Hz পৰ্যন্ত শব্দ শুনিব পাৰে?
উত্তৰঃ ২০ Hz ৰ পৰা ২০,০০০ Hz পৰ্যন্ত।
৯। শব্দ প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিব পাৰি?
উত্তৰঃ ছাইলেন্সাৰ, গছ ৰোপণ, শব্দ উৎস নিয়ন্ত্ৰণ, আৰু কোলাহল ৰোধ কৰি।
১০। শব্দ প্ৰদূষণৰ দ্বাৰা মানুহত কি সমস্যা হ’ব পাৰে?
উত্তৰঃ শ্রৱণ শক্তি হ্ৰাস, বধিৰতা, মানসিক চাপ, আৰু শারীৰিক অস্বস্তি।
দীঘল প্ৰশ্ন উত্তৰ:
১। পুৰুৰ, মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ মাতৰ ভিন্নতাৰ কাৰণ কি?
উত্তৰঃ পুৰুষ, মহিলা আৰু সৰু ল’ৰা-ছোৱালীৰ বাত থকা স্বৰতন্ত্রী আকৃতি বা দৈর্ঘ্য বেলেগ বেলেগ। পুৰুষৰ স্বৰতন্ত্ৰীৰ দৈৰ্ঘ্য হ’ব 20 মি.মি.। মহিলাৰ প্ৰায় 15 মি.মি.। সৰু ল’ৰা- ছোৱালীৰ তাতকৈও কম।
গতিকে স্বৰতন্ত্ৰীৰ কম্পনাংক বেলেগ বেলেগ হয়। গতিকে সৃষ্টি হোৱা শব্দৰো তীক্ষ্ণতা বেলেগ বেলেগ হয়।
২। ‘শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন’। ব্যাখ্যা কৰা।
উত্তৰঃ শব্দ মাধ্যম অবিহনে সঞ্চালন হ’ব নোৱাৰে। ইয়াক প্ৰমাণ কৰিবলৈ এটা কাঁচৰ গিলাছ লোৱা হয় । এতিয়া তাত এটা টেবুল ঘড়ী ৰখা হ’ল। টেবুল ঘড়ীৰ টিক্ টিক্ শব্দ শুনা যাব। এতিয়া যদি গিলাছৰ ভিতৰৰ বায়ুখিনি উলিয়াই অনা হয়, তেতিয়া ঘড়ীৰ টিক্ টিক্ শব্দ কমি যাব। শোষক পাম্প বা মুখেৰে শোহা মাৰি বায়ু কমাব পাৰি। যদি বায়ু সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰি ঘড়ীৰ শব্দ একেবাৰে নুশুনা হ’ব।
ইয়াৰ দ্বাৰা বুজা যায় যে বায়ু নহ’লে (মাধ্যম নহ’লে) শব্দ সঞ্চালিত হ’ব নোৱাৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



