SEBA Class 8 Science Important Chapter 16 পোহৰ

SEBA Class 8 Science Important Chapter 16 পোহৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 16 পোহৰ Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 16 পোহৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 16

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। পোহৰ কাক বোলে?

উত্তৰঃ পোহৰ হ’ল এবিধ শক্তি। পোহৰে কোনো বস্তু দেখাত সহায় কৰে। পোহৰ বিদ্যুৎ চুম্বকীয় তৰংগ আৰু সূৰ্য ইয়াৰ প্ৰধান উৎস। 

২। শূন্যত পোহৰৰ বেগ কিমান?

উত্তৰঃ শূন্যত পোহৰৰ বেগ 3,00000 কি.মি./ছে। 

৩। প্রতিফলন কাক বোলে? প্রতিফলনৰ ফলত ঘটা এটা ঘটনা উল্লেখ কৰা। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ পোহৰে এটা মাধ্যমত ঠেকা খাই পুনৰ ঘূৰি অহাকে পোহৰৰ প্ৰতিফলন বোলে।

পোহৰৰ প্ৰতিফলনৰ ফলত প্ৰতিবিম্বৰ সৃষ্টি হয়। 

৪। প্রতিবিম্বৰ সংজ্ঞা দিয়া। 

উত্তৰঃ কোনো লক্ষ্যবস্তুৰ পৰা দাপোণত আপতিত ৰশ্মি প্রতিফলিত হোৱাৰ পিছত দুটা বা ততোধিক প্ৰতিফলিত ৰশ্মিৰ প্ৰকৃত বা আপাত ছেদ বিন্দুকে লক্ষ্যবস্তুৰ প্রতিবিম্ব বোলে।

৫। ব্রেইল কি? 

উত্তৰঃ লুই ব্ৰেইল 1821 চনত দৃষ্টিশক্তিৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে পঢ়াশুনা কৰাৰ বাবে এটা পদ্ধতি আবিষ্কাৰ কৰিছিল। এই পদ্ধতিকে ব্রেইল পদ্ধতি বোলে।

৬। ‘’The story of my life’ নামৰ কিতাপখন কোনে কেতিয়া লিখিছিল?

উত্তৰঃ “The story of my life’ নামৰ কিতাপখন মার্কিন লেখক তথ্য প্রবক্তা হেলেন এ. কেলাৰ নামৰ এগৰাকী দৃষ্টিপ্রতিবন্ধী ব্যক্তিয়ে লিখিছিল। কিতাপখন 1903 চনত লিখিছিল।

৭। আমি কোনো বস্তু কেতিয়া দেখো?

উত্তৰঃ আমি যেতিয়া কোনো এটা বস্তু দেখো সেই বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত সোমায়।

৮। সমতল দাপোণত গঠিত প্রতিবিম্বৰ গুণ কি কি?

উত্তৰঃ ওলোটা, একে আকাৰৰ, সমদূৰত অৱস্থিত আৰু আভাসী হয়।

৯। অক্ষিপটত থকা শংকু-কোষ আৰু দণ্ড-কোষৰ কাৰ্য কি?

উত্তৰঃ শংকু-কোষে উজ্জ্বল পোহৰত ৰঙ চিনে আৰু দণ্ড-কোষে ম্লান পোহৰত কাম কৰে।

১০। দৃষ্টিশক্তিহীনসকলৰ বাবে কেনে পদ্ধতি ব্যৱহাৰ হয়?

উত্তৰঃ দৃষ্টিশক্তিহীনসকলৰ বাবে ব্রেইল পদ্ধতি ব্যৱহৃত হয়, য’ত ৬৩টা বিন্দুৰ সহায়ত শব্দ চিনাক্ত কৰা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top