⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 8 Science Important Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

SEBA Class 8 Science Important Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 8 Science Important Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Solutions and select need one. SEBA Class 8 Science Additional Solutions Download PDF. SEBA Class 8 General Science Important Solutions in Assamese.

SEBA Class 8 Science Important Chapter 11 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 8 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given General Science Important Solutions For Class 8 SEBA for All Chapters, You can practice these here.

Chapter: 11

IMPORTANT QUESTION AND ANSWER

অতি চমু প্ৰশ্ন উত্তৰ:

১। উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ” পাঠটিত শিক্ষাৰ্থীসকলে পাঠৰ আৰম্ভণিত কিহৰ বিষয়ে ভাগ-বতৰা কৰে?

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ” পাঠটিত শিক্ষাৰ্থীসকলে বনভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে ভাগ-বতৰা কৰে।

২। বনাঞ্চল ধ্বংসৰ কাৰণসমূহ কি কি?

উত্তৰঃ বনাঞ্চল ধ্বংসৰ কাৰণসমূহ হ’ল – খেতি-বাতি, বাসস্থান, কল-কাৰখানা, ইন্ধন, আচবাব, বনজুই আৰু খৰাং।

৩। বনাঞ্চল ধ্বংসই মাটিৰ উৰ্বৰতাৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়?

উত্তৰঃ গছ কমি যোৱাত মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু মাটিৰ খহনীয়া ঘটে।

৪। বনাঞ্চল ধ্বংসই বনজীৱৰ ওপৰত কেনেধৰণৰ বিপদ সৃষ্টি কৰে?

উত্তৰঃ বনাঞ্চল ধ্বংসই বনজীৱৰ আবাসস্থলী নষ্ট কৰে আৰু সিহঁতৰ অস্তিত্ব বিপন্ন কৰে।

৫। চৰকাৰে উদ্ভিদ আৰু প্ৰাণীকুল সংৰক্ষণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে?

উত্তৰঃ চৰকাৰে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল স্থাপন কৰিছে।

৬। “বিপন্ন প্ৰজাতি” বুলিলে কি বুজা যায়?

উত্তৰঃ যিসকল প্ৰাণী বিলুপ্ত হোৱাৰ পথত আছে, তেনে প্ৰজাতিক “বিপন্ন প্ৰজাতি” বোলা হয়।

৭। থলুৱা প্ৰজাতিৰ উদাহৰণ দিয়া।

উত্তৰঃ থলুৱা প্ৰজাতি হ’ল – শাল, বনৰীয়া আম, কের্কেটুৱা, মেথোন ইত্যাদি।

৮। পুনৰ্বনানীকৰণৰ অৰ্থ কি?

উত্তৰঃ পুনৰ্বনানীকৰণৰ অৰ্থ হ’ল – পুনৰ গছ ৰোপণ কৰি ধ্বংস হোৱা বনাঞ্চল পুনৰুদ্ধাৰ কৰা।

৯। বনাঞ্চল সংৰক্ষণত কাগজৰ পুনৰ ব্যৱহাৰ কিদৰে সহায় কৰে?

উত্তৰঃ কাগজ পুনৰ ব্যৱহাৰ আৰু পুনৰাবৰ্তনে গছ কটা ৰোধ কৰে, ফলত বহু গছ ৰক্ষা হয়।

১০। অধ্যাপক আহমদে শিক্ষাৰ্থীসকলক কোন বিষয়ে সচেতন কৰে?

উত্তৰঃঅধ্যাপক আহমদে শিক্ষাৰ্থীসকলক বনাঞ্চল আৰু প্ৰাণীকুল সংৰক্ষণৰ প্ৰতি সচেতন কৰে।

দীঘল প্ৰশ্ন উত্তৰ:

১। কি কি কাৰণত বনাঞ্চল ধ্বংস হয়?

উত্তৰঃ তলত দিয়া কাৰণবোৰ বনাঞ্চল ধ্বংসৰ কাৰণ –

(i) খেতি-বাতিৰ বাবে মাটি উলিওৱা।

(ii) কল-কাৰখানা আৰু বাসস্থান নিৰ্মাণৰ বাবে।

(iii) ইন্ধন হিচাবে বাঁহ-কাঠৰ ব্যৱহাৰৰ বাবে।

(iv) আঁচবাব সা-সঁজুলি তৈয়াৰ কৰাৰ বাবে।

২। মৰুভৱন মানে কি বুজা?

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত তাত বৰষুণৰ পৰিমাণ কমি যায়। মাটিৰ উৰ্বৰতা নোহোৱা হয়। লাহে লাহে উৰ্বৰ ভূমি এটুকুৰা মৰুভূমিত পৰিণত হয়। ইয়াকে মৰুভৱন বোলে।

৩। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। 

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হ’ল – কাজিৰঙা, মানাহ, ডিব্ৰু চৈখোৱা, নামেৰি, ওৰাং (ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান) ৰাইমনা, দিহিং পাটকাই।

৪। অসমৰ পাঁচখন বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম লিখা। 

উত্তৰঃ অসমৰ পাঁচখন বন্যপ্রাণী অভয়াৰণ্যৰ নাম হ’ল – পবিতৰা, চক্ৰশীলা, লাওখোৱা, নামবৰ আৰু দিহিং পাটকাই।

৫। এখন জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ নাম লিখা। এই অঞ্চলত থকা এখন ৰাষ্ট্ৰীয় উদ্যান আৰু এখন অভয়াৰণ্যৰ নাম লিখা।

উত্তৰঃ জীৱমণ্ডল সংৰক্ষিত অঞ্চল হ’ল -পাঁচমাৰী।

ৰাষ্ট্ৰীয় উদ্যান – সাতপুৰা।

অভয়াৰণ্য – বৰি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top