SEBA Class 7 Science MCQ Chapter 17 অৰণ্যঃ আমাৰ জীৱন ৰেখা

SEBA Class 7 Science MCQ Chapter 17 অৰণ্যঃ আমাৰ জীৱন ৰেখা Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 17 অৰণ্যঃ আমাৰ জীৱন ৰেখা Notes and select need one.

SEBA Class 7 Science MCQ Chapter 17 অৰণ্যঃ আমাৰ জীৱন ৰেখা

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

অৰণ্যঃ আমাৰ জীৱন ৰেখা

Chapter – 17

MCQ

১। অণুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হ’ল?

(i) বালি।

(ii) কাঠফুলা।

(iii) হিউমাছ। 

(iv) কাঠ।

উত্তৰঃ (iii) হিউমাছ।

২। অৰণ্যৰ ওপৰৰ স্তৰটো কোনে সৃষ্টি কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ঘাঁহ-বন।

(ii) গুল্ম।

(iii) মাটি।

(iv) বৃক্ষ।

উত্তৰঃ (iv) বৃক্ষ।

৩। অৰণ্যৰ বিভিন্ন স্তৰে প্ৰাণী, চৰাই আৰু পোক-পতংগৰ বাবে কি যোগান ধৰে?

(i) খাদ্য আৰু বাসস্থান।

(ii) কেৱল অক্সিজেন।

(iii) কেৱল খাদ্য।

(iv) কেৱল পানী। 

উত্তৰঃ (i) খাদ্য আৰু বাসস্থান।

৪। অৰণ্যৰ কোনটো গুণ বুজা নাযায়?

(i) পূৰ্ণৰুজ্জীৱিত হ’ব পাৰে।

(ii) বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ পৰিৱেশ।

(iii) মাটিক খহনীয়াৰ পৰা ৰক্ষা নকৰে।

(iv) জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়।

উত্তৰঃ (iii) মাটিক খহনীয়াৰ পৰা ৰক্ষা নকৰে।

৫। তলৰ কোনবোৰ উক্তি সত্য নহয়?

(i) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়।

(ii) অৰণ্যই জলবায়ু আৰু জলচক্রত প্রভাৱ পেলায়।

(iii) অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে।

(iv) মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰে।

উত্তৰঃ (i) অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয়।

৬। অৰণ্যৰ বৃদ্ধিৰ বাবে কিহৰ প্ৰয়োজনীয়?

(i) পৰ্যাপ্ত পৰিমাণে পৰিৱৰ্তন।

(ii) পানী।   

(iii) বায়ু।

(iv) মাটি।

উত্তৰঃ (iv) মাটি।

৭। অৰণ্যৰ মাটি, পানী, বায়ু আৰু জীৱৰ মাজত কোনটো সম্পর্ক আছে?

(i) পৰস্পৰ সহায়ক।

(ii) পৰজীৱি।

(iii) শিকাৰী।

(iv) প্ৰতিযোগিতামূলক।         

উত্তৰঃ (i) পৰস্পৰ সহায়ক।

৮। অৰণ্যত বাস কৰা লোকসকলৰ বাবে অৰণ্য কি?

(i) বিনোদনৰ স্থান।

(ii) শিক্ষাৰ উৎস।

(iii) কোনো বিশেষ প্ৰভাৱ নাথাকে।

(iv) জীৱনৰ মূল আধাৰ।

উত্তৰঃ (iv) জীৱনৰ মূল আধাৰ।

৯। অৰণ্যৰ ক্ষেত্ৰত কোনটো সঠিক?

(i) বিভিন্ন স্তৰৰ গছ-গছনিৰ গঠন থাকে।

(ii) অৰণ্যক একক পৰিৱেশ বুলি কোৱা যায়।

(iii) ধ্বংস হ’লে পূৰ্ণৰুজ্জীৱিত হ’ব নোৱাৰে।

(iv) বায়ুৰ গুণাগুণৰ ওপৰত কোনো প্ৰভাৱ নাথাকে।

উত্তৰঃ (i) বিভিন্ন স্তৰৰ গছ-গছনিৰ গঠন থাকে।

১০। অৰণ্যৰ কোনটো উপাদানৰ ওপৰত প্ৰভাৱ থাকে?

(i) জলবায়ু।

(ii) বায়ুৰ গুণাগুণ।

(iii) সকলো।

(iv) জলচক্ৰ।

উত্তৰঃ (iii) সকলো।

১১। অৰণ্যৰ ওপৰৰ স্তৰত বৃক্ষৰ ভূমিকা কি?

(i) ডাঙৰ জন্তুৰ বাবে বাসস্থান সৃষ্টি কৰে।

(ii) মাটিৰ পৰা সকলো পুষ্টি শোষণ কৰে।

(iii) বনাঞ্চলৰ মুকলি স্থান সৃষ্টি কৰে।

(iv) মাটিত পোহৰ পৰাৰ পৰা বাধা সৃষ্টি কৰে।

উত্তৰঃ (i) ডাঙৰ জন্তুৰ বাবে বাসস্থান সৃষ্টি কৰে।

১২। অৰণ্যৰ বিভিন্ন উপাদানবোৰ কিয় পৰস্পৰ নিৰ্ভৰশীল?

(i) খাদ্য, বাসস্থান আৰু পৰিৱেশৰ স্থিতিশীলতাৰ বাবে।

(ii) একে জীৱ বৈশিষ্ট্যৰ বাবে।

(iii) একেটা স্থানত থাকিবলৈ।

(iv) একেটা উৎসৰ বাবে প্ৰতিযোগিতা কৰে।  

উত্তৰঃ (i) খাদ্য, বাসস্থান আৰু পৰিৱেশৰ স্থিতিশীলতাৰ বাবে।

১৩। তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্রী নহয়?

(i) আঠা।

(ii) প্লাইউড।

(iii) লা।

(iv) কেৰাচিন।

উত্তৰঃ (iv) কেৰাচিন।

১৪। কোনবোৰ অণুজীৱক বিয়োজক বুলি জনা যায়?

(i) যিবোৰ অণুজীৱে নতুন উদ্ভিদৰ সৃষ্টি কৰে।

(ii) যিবোৰ অণুজীৱে পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে।

(iii) যিবোৰ অণুজীৱে অৰণ্যৰ তাপমান নিয়ন্ত্ৰণ কৰে।

(iv) যিবোৰ অণুজীৱে অৰণ্যত গুল্মৰ বৃদ্ধিত সহায় কৰে।

উত্তৰঃ (ii) যিবোৰ অণুজীৱে পচা উদ্ভিদ আৰু প্ৰাণীক হিউমাছলৈ পৰিৱৰ্তিত কৰে।

১৫। হিউমাছৰ উপস্থিতিয়ে মাটিত কি নিশ্চিত কৰে?

(i) উদ্ভিদৰ বীজৰ ৰোপন কৰে।

(ii) মাটিৰ শক্তি বৃদ্ধি কৰে।

(iii) পানীৰ শোষণ বৃদ্ধি কৰে।

(iv) মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্ৰৱ্য মাটিত মিহলি হোৱা।

উত্তৰঃ (iv) মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোষক দ্রব্য মাটিত মিহলি হোৱা।

১৬। অৰণ্যৰ খাদ্য শৃংখলৰ বিষয়ে কোনটো সত্য?

(i) খাদ্য শৃংখলত সাপৰ ভূমিকা মূখ্য নহয়।

(ii) এটা খাদ্য শৃংখল ব্যাহত হ’লে আন খাদ্য শৃংখলৰ ওপৰত কোনো প্ৰভাৱ নাথাকে।

(iii) সকলো খাদ্য শৃংখলৰ কোনো সম্পৰ্ক নাই।

(iv) অৰণ্যৰ সকলোবোৰ অংশ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ (iv) অৰণ্যৰ সকলোবোৰ অংশ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।

১৭। নিম্নস্তৰীয় তৰপ কিহৰ দ্বাৰা গঠন কৰা হয়?

(i) অপৰিসৰ গছ আৰু সৰু ফুলৰ দ্বাৰা।

(ii) ওখ আৰু প্ৰকাণ্ড গছৰ দ্বাৰা।

(iii) ওখ ঘাঁহ-বন আৰু লতাবোৰৰ দ্বাৰা।

(iv) মুকুটৰ আকাৰৰ দ্বাৰা।

উত্তৰঃ (iii) ওখ ঘাঁহ-বন আৰু লতাবোৰৰ দ্বাৰা।

১৮। অৰণ্যৰ প্ৰধান ভূমিকা কি?

(i) বায়ু প্ৰদূষণ বৃদ্ধি কৰা।

(ii) পানীৰ প্ৰাকৃতিক শোষণ কৰা।

(iii) মাটি খামুচি ধৰা।

(iv) তাপ বৃদ্ধি কৰা।

উত্তৰঃ (ii) পানীৰ প্ৰাকৃতিক শোষণ কৰা।

১৯। অৰণ্য কিদৰে ভূ-গর্ভ জলপৃষ্ঠ অব্যাহত ৰাখে?

(i) পানী মাটিৰ ভিতৰলৈ নিগৰাই দিয়াৰ মাধ্যমে।

(ii) গছ-গছনিৰ মূলৰ দ্বাৰা।

(iii) বতাহৰ পৰিৱৰ্তনৰ মাধ্যমে।

(iv) তাপ নিয়ন্ত্ৰণৰ মাধ্যমে।

উত্তৰঃ (i) পানী মাটিৰ ভিতৰলৈ নিগৰাই দিয়াৰ মাধ্যমে।

২০। নদীৰ পাৰত থকা গছ-গছনিৰ কি উপকাৰিতা আছে?

(i) মাটি খামুচি ধৰি গৰাখহনীয়া ৰোধ কৰা।

(ii) বায়ুক পৰিষ্কাৰ কৰা।

(iii) তাপ শোষণ কৰা।

(iv) পানী পৰিসৰ বৃদ্ধি কৰা।

উত্তৰঃ (i) মাটি খামুচি ধৰি গৰাখহনীয়া ৰোধ কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top