SEBA Class 7 Science Important Chapter 8 মাটি

SEBA Class 7 Science Important Chapter 8 মাটি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 8 মাটি Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 8 মাটি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

১। মাটি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ বহিৰতম স্তৰ যিটো হিউমাছ আৰু শিলৰ কণিকাৰে গঠিত তাকে মাটি বোলে।

২। হিউমাছ কি?

উত্তৰঃ হিউমাছ হ’ল মাটিত থকা পচা জৈৱ পদাৰ্থ।

৩। মাটিৰ উলস্বাচেদত দৃশ্যমান হোৱা স্তৰবোৰে নাম কি?

উত্তৰঃ মাটিৰ উলস্বাচেদত দৃশ্যমান হোৱা স্তৰবোৰে নাম হ’ল– হৰাইজন-A, হৰাইজন-B, হৰাইজন-C, আৰু শিলাষ্টৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। মাটি কিদৰে আমাৰ জীৱন ধাৰণৰ এক অপৰিহাৰ্য অংগ, ব্যাখ্যা কৰা।

উত্তৰঃ মাটি আমাৰ এবিধ প্ৰাকৃতিক উৎস। ই উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। মাটিয়েই উদ্ভিদক পানী, খনিজ পদাৰ্থ যোগান ধৰে। উদ্ভিদক শিপাৰ দ্বাৰা মাটিত কামূচি ধৰি থিয় হৈ থকাতো সহায় কৰে। বহু প্ৰাণীৰ মাটি হ’ল বাসস্থান। মাটিতেই খেতি কৰা হয় আৰু এই খেতিত উৎপন্ন হোৱা বস্তুই আমাক খাদ্যৰ যোগান ধৰে। অন্যথা প্ৰাণী জীয়াই থকাটো অসম্ভৱ। সেই বাবেই মাটি জীৱন ধাৰণৰ এক অপৰিহাৰ্য অংগ।

৫। মাটিৰ প্ৰফাইলবোৰৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ মাটিৰ প্ৰফাইলবোৰ হ’ল—

(ক) A- হৰাইজন বা টপচইল (বহিস্থৰ): পৃথিৱীৰ আটাইতকৈ বাহিৰৰ খোলাটোত এই স্তৰটো পোৱা যায়। ৰং সাধাৰণতে কলা। হিউমাছ আৰু জৈৱ পদাৰ্থৰ পৰিমান আটাইতকৈ বেছি। মাটি কোমল আৰু সৰন্দ্ৰ। পানী ধৰি ৰক্ষা বেছি। এই স্তৰতে পোক-পৰুৱা অধিক পৰিমানে বাস কৰে।

(খ) B-হোৰাইজন বা মধ্যস্তৰ: ইয়াত হিউমাছৰ পৰিমান কম। খনিজ পদাৰ্থৰ পৰিমান (লোৰ অক্সাইড) বেছি।

(গ) C-হোৰাইজন বা অন্তস্তৰ: সৰু সৰু শিলৰ টুকুৰাৰে গঠিত। এই স্তৰটো আচলতে প্ৰকৃত মাটি নহয়।

৬। মাটিৰ কণাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি তাৰ স্তৰবোৰক কি কি নামেৰে জনা যায়? এটা পৰীক্ষাত সহায়ত দেখুওৱা।

উত্তৰঃ মাটিৰ কণাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি তাৰ স্তৰবোৰক বিভিন্ন নামেৰে জনা যায়-

(i) হিউমাছ।

(ii) পানী।

(iii) বুকা।

(iv) বালি। আৰু

(v) শিল।

পৰীক্ষা: এটা মাটিৰ লডা আনি তাক শুকুৱাই মিহিকৈ গুড়ি কৰি লোৱা হয়। এতিয়া এটা কাঁচৰ গিলাসত প্ৰায় তিনি চতুৰ্তাংশ পানী লোৱা হ’ল। এমুতি মান গুড়ি কৰা মাটি সেই পানীত মিহলাই ঘুটি লুৱা হ’ল। কিছু সময় নলৰৰোৱাকৈ গিলাছটো থৈ দিয়া হ’ল। নিৰিক্ষণ কৰিলে মাটিৰ স্তৰবোৰ চিত্ৰত দিয়াৰ দৰে দেখা যাব। মাটিৰ কণিকাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি সৰুৰ পৰা ডাঙৰ অনিয়ায়ী স্তৰবোৰ ওপৰৰ পৰা ক্ৰমান্বয়ে তলৰ ফালে দেখা যাব।

৭। এচপৰা মাটিৰ কেঁচাই থাকোতে ওজন 750 গ্ৰাম। যেতিয়া ইয়াক ভালদৰে শুকোৱাৰ পাছত জোখা হ’ল, তেতিয়া ইয়াৰ ওজন 550 গ্ৰাম হ’ল। মাটি চপৰাৰ শতকৰা আদ্ৰতাৰ মান নিৰ্ণয় কৰা।

খালী ঠাই পূৰ কৰা:

১। মাটিত পচা মৃত পদাৰ্থক __________ বুলি কোৱা হয়।

উত্তৰঃ মাটিত পচা মৃত পদাৰ্থক হিউমাছ বুলি কোৱা হয়।

২। মাটিৰ __________ত খনিজ পদাৰ্থৰ পৰিমাণ বেছি থাকে।

উত্তৰঃ মাটিৰ B-স্তৰ ত খনিজ পদাৰ্থৰ পৰিমাণ বেছি থাকে।

৩। মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক ___________ বুলি কোৱা হয়।

উত্তৰঃ মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বুলি কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top