SEBA Class 7 Science Important Chapter 7 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ

SEBA Class 7 Science Important Chapter 7 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 7 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 7 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 7

IMPORTANT QUESTION AND ANSWER

১। বতাহ কাক বোলে? 1999 চনত উৰিষ্যাত হোৱা এটা ভয়ংকৰ ঘূৰ্ণিবতাহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বায়ু চলাচল কৰাকে বতাহ বোলে। 1999 চনৰ 18 অক্টোবৰ তাৰিখত আৰু সেই একে মাহৰে 27 অক্টোবৰ তাৰিখত উৰিষ্যাত যি ঘূৰ্ণিবতাহ হৈছিল হিহঁতৰ দ্ৰুতি আছিল ক্ৰমে 200 কি.মি./ঘণ্টা আৰু 260 কি.মি./ঘণ্টা প্ৰথমটো ঘূৰ্ণিবতাহ 45,000, ঘৰ ভাঙিছিল আৰু প্ৰায় 7 লাখ মানুহ অঘৰী হৈছিল। দ্বিতীয়বাৰৰ ঘূৰ্ণিবতাহত সাগৰৰ পানী প্ৰায় ৯ মিটাৰ উচ্চতালৈ উঠিছিল আৰু হাজাৰ হাজাৰ মানুহৰ প্ৰাণ গৈছিল। কোটি কোটি টকাৰ সম্পত্তি নাশ হৈছিল। খেতি-বাতি, বিজুলী সৰবৰাহ, যাতায়ত আদিৰ প্ৰভূত পৰিমাণৰ ক্ষতি হৈছিল।

২। দুটা প্ৰায় আকাৰৰ ফুলাই লোৱা বেলুন ওচৰা-উচৰিকৈ ৰাখি তাৰ মাজৰ বায়ুখিনিত ফূলাই দিলে, বেলুন দুটা পৰম্পৰে ওচৰ চাপে কিয়?

উত্তৰঃ 

প্ৰায় সমান আকাৰৰ বেলুন দুটা ফূলাই লৈ এডাল মাৰিত ওচৰা-উচৰিকৈ আৰি দিয়া হ’ল। যদি বেলুন দুটাৰ মাজৰ বায়ুখিনিত ফূলাই দিয়া হয়, তেতিয়া তাত বায়ুৰ চাপ কমি যায়। চাপ হ্ৰাস হোৱাৰ লগে লগে কাষৰ বায়ুৰ গতি বৃদ্ধি পায় আৰু বেলুন দুটাই নিম্ন চাপৰ দিশে টান খায়। গতিকে ইহঁত পৰম্পৰে ওচৰ চাপে।

৩। শিলাবৃষ্টি কি? ই কিদৰে সৃষ্টি হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ শিলাবৃষ্টি গ্ৰীষ্ম প্ৰধান আৰু আদ্ৰপ্ৰধন টাইত জলীয় বাষ্পযুক্ত বায়ু জোৰেৰে ওপৰলৈ উঠি যায়। ওপৰৰ শীতল বায়ুত এই জলীয় বাষ্প ঘূৰ্নিভূত হয়। এই পানীৰ কণিকাবোৰে বৰফত পৰিনত হৈ গধুৰ হয় আৰু ডাৱৰৰ চপাৰৰ সৃষ্টি হয়। দুচ্পৰা ডাৱৰৰ মাজত সৃষ্টি হোৱা বিপৰীত বিদ্যুৎ অধানৰ বাবে তাৰ মাজৰ বায়ুত বিদ্যুৎ যোজন হয় আৰু বায়ু জ্বলি উঠে। ইয়াকে বিজুলী বোলে। বিদ্যুৎ মুক্ষনৰ সময়ত তাত হোৱা কম্পনৰ বাবে শব্দৰ সৃষ্টি হয়। প্ৰচণ্ড জোৰেৰে নামি অহা বৰফবোৰে পানীলৈ পৰিণত হৈ বৰষুণৰ সৃষ্টি কৰে। ইয়াকে শিলবৃষ্টি বোলে।

৪। দূমূহা-বিজুলী-গাজনি (শিলাবৃষ্টি) সহ দিয়া বৰষুণৰ পৰা ৰক্ষা পৰিবলৈ আগতীয়াকৈ কি কি ধৰণৰ সৰ্তকা লব লাগিব?

উত্তৰঃ দূমূহা- বিজুলী-গাজনসহ দিয়া বৰষুণ (শিলাবৃষ্টি) ৰ পৰা ৰক্ষা পাবলৈ আগতীয়াকৈ ল’ব লগা সতৰ্কতা হ’ল-

(i) অকলশৰীয়াকৈ থকা গছৰ তলত আশ্ৰয় লব নালাগে। যদি হাবিত থকা অৱস্থাত এনে পৰিস্থিতি হয়। তেন্তে তাত থকা আটাইতকৈ চাপৰ গছডালৰ তলত আশ্ৰয় লব লাগে। মাটিত শুই দিব নালাগে।

(ii) কোনো ধাতুৰ সৰঞ্জামেৰে তৈয়াৰি ছাতীৰ তলত থাকিব নালাগে।

(iii) গেৰেজ, খিৰখি, ভঁৰাল ঘৰৰ ধাতুৰ চালি আদিৰ তলত আশ্ৰয় লব নালাগে।

(iv) বাস, গৰু গাড়ী আদি নিৰাপদ আশ্ৰয় ।

(v) পানীত থকা সময়ত এই পৰিস্থিতিৰ হ’লে লগে লগে পৰা উঠি আহি ঘৰৰ ভিতৰত আশ্ৰয় লব লাগে।

৫। ঘূৰ্ণিবতাহৰ গঠনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ঘূৰ্ণিবতাহৰ সৃষ্টি হবলৈ প্ৰয়োজনীয়া কাৰকসমূহ হ’ল- বেগ, বতাহৰ দিশ, উষ্ণতা আৰু আৰ্দতা। ঘূৰ্ণিবতাহ হ’ল কোনো এটা বিন্দুক কেন্দ্ৰ কৰি প্ৰচণ্ড বেগেৰে ঘূৰি থকা একাংশ স্থলবায়ু। এনে বতাহ প্ৰায় 10ৰ পৰা 30 কি. মি. ব্যাস জুৰি হব পাৰে। উচ্চতা 10ৰ পৰা 15 কি. মি. হব পাৰে। যেতিয়া মেঘৰ পৰা বৰষুণ হয়, বৰষুণৰ পানীৰে টোপালে হৈ সৰি পৰোতেই তাপ নিৰ্গত কৰে। ঘূৰ্ণিবতাহৰ কেন্দ্ৰটোক তাৰ চকু বোলে। ঘূৰ্ণিবতাহৰ চকুৰ অঞ্চলত মেঘ নাথাকে কিন্তু তাৰ চাৰিওফালে প্ৰায় 150 কি.মি. আকৃতিৰ অঞ্চল জুৰি মেঘা ছন্ন হয়। এই অঞ্চলত 150-250 কি.মি./ঘণ্টা বেগত বেগত বতাহ বলে। বৰাহৰ লগত ডাঠ মেঘ আৰু বৰষুণ হয়। অঞ্চলটোৰ পৰা আঁতৰি গলে বতাহৰ দ্ৰুতি ক্রমান্দয়ে কমে। মুঠতে ঘূৰ্ণিবতাহ উৎপন্ন হোৱা পৰিঘটনাটো অতি জটিল।

চিত্ৰত এটা আৰ্হি দেখুওৱা হ’ল-

খালী ঠাই পূৰ কৰা:

১। গৰম বায়ু ওপৰলৈ উঠি ____________ চাপ সৃষ্টি কৰে।

উত্তৰঃ গৰম বায়ু ওপৰলৈ উঠি নিম্ন চাপ সৃষ্টি কৰে।

২। 1999 চনত উৰিষ্যাত অহা দ্বিতীয়টো ঘূর্ণিবতাহৰ বেগ আছিল ___________ কি.মি./ঘণ্টা।

উত্তৰঃ 1999 চনত উৰিষ্যাত অহা দ্বিতীয়টো ঘূর্ণিবতাহৰ বেগ আছিল 260 কি.মি./ঘণ্টা। 

৩। গ্ৰীষ্মকালত স্থলভাগ সোনকালে গৰম হৈ উঠাৰ ফলত সাগৰৰ পৰা ___________ বতাহ আহে।

উত্তৰঃ গ্ৰীষ্মকালত স্থলভাগ সোনকালে গৰম হৈ উঠাৰ ফলত সাগৰৰ পৰা মৌচুমী বতাহ আহে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top