SEBA Class 7 Science Important Chapter 5 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

SEBA Class 7 Science Important Chapter 5 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 5 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.

SEBA Class 7 Science Important Chapter 5 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.

Chapter: 5

IMPORTANT QUESTION AND ANSWER

১। আমাৰ চাৰিওফালে দেখা পৰিৱৰ্তনসমূহক কি কি শ্ৰেণীত ভাগ কৰা হয়?

উত্তৰঃ আমাৰ চাৰিওফালে দেখা পৰিৱৰ্তনসমূহক দুটা শ্ৰেণীত ভাগ কৰা হয়–

(i) ভৌতিক পৰিৱৰ্তন। আৰু

(ii) ৰাসায়নিক পৰিৱৰ্তন।

২। ভৌতিক পৰিৱৰ্তনৰ বস্তুৰ কি কি ঘটে?

উত্তৰঃ ভৌতিক পৰিৱৰ্তনৰ বস্তুৰ আকাৰ, আকৃতি, বৰণ আৰু অবস্থাৰ সলনি ঘটে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। মামৰ ধৰিবলৈ কি কি চৰ্ত সিদ্ধ হ’ব লাগে?

উত্তৰঃ মামৰ ধৰিবলৈ হ’লে বায়ুত জলীয় বাষ্প আৰু অক্সিজেন থাকিব লাগিব।

৪। গেলভেনাইজেচন কাক কয়?

উত্তৰঃ লোৰ বস্তুৰ ওপৰত জিংকৰ প্ৰলেপ দিয়াকে গেলভেনাইজেচন বোলে।

৫। ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্যবোৰ হ’ল—

(i) প্ৰায়বোৰ পৰিৱৰ্তনৰ অপৰিৱৰ্তনীয়।

(ii) নতুন যৌগ বা মৌলৰ উৎপন্ন হয়।

(iii) সদায় শক্তিৰ পৰিৱৰ্তন ঘটে।

(iv) বিক্ৰীয়ক আৰু বিক্ৰীয়জাত পদাৰ্থৰ ধৰ্ম বেলেগ বেলেগ।

৬। নতুন পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও ৰাসায়নিক পৰিৱৰ্তনত আৰু কি কি ঘটে?

উত্তৰঃ নতুন পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থবোৰৰ গোন্ধ, তাপ, বৰণৰ সলনি ঘটে। তাৰোপৰি গেছৰ উদ্ভৱ হব পাৰে। শব্দও উৎপন্ন হ’ব পাৰে।

৭। তলত দিয়াবোৰৰ ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তনবোৰ চিনাক্ত কৰা।

(i) ফল পকা।

(ii) খাদ্য ৰন্ধা।

(iii) ভিনেগাৰত বাকিং ছ’ডা মিহলি কৰা।

(iv) ব্ৰড ভেঁকুৰি যোৱা।

(v) কেঁচুৱা এটা কিশোৰ হোৱা।

(vi) বৰফ এটুকুৰা পানীলৈ পৰিৱৰ্তন হোৱা।

(vii) চক এডাল ভাঙি গুৰি কৰা।

(viii) কৰপুৰ এটা বায়ুত মিহলি হৈ যোৱা।

(ix) বাল্ব এটা জ্বলি উঠা।

(x) নিমখ পানীত গলি যোৱা।

উত্তৰঃ 

ৰাসায়নিক পৰিৱৰ্তনভৌতিক পৰিৱৰ্তন
(i) ফল পকা।(vi) বৰফ এটুকুৰা পানীলৈ পৰিৱৰ্তন হোৱা।
(ii) খাদ্য ৰন্ধা।(viii) কৰপুৰ এটা বায়ুত মিহলি হৈ যোৱা।
(iii) ভিনেগাৰত বাকিং ছ’ডা মিহলি কৰা।(ix) বাল্ব এটা জ্বলি উঠা।
(iv) ব্ৰড ভেঁকুৰি যোৱা।(x) নিমখ পানীত গলি যোৱা।
(v) কেঁচুৱা এটা কিশোৰ হোৱা।
(vii) চক এডাল ভাঙি গুৰি কৰা।

খালী ঠাই পূৰ কৰা:

১। এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনকে ____________ বোলে।

উত্তৰঃ এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনকে ৰাসায়নিক পৰিৱৰ্তন বোলে।

২। ভিনেগাৰ আৰু বেকিং ছ’ডাৰ মিশ্ৰণত ______________ গেছৰ উৎপত্তি হয়।

উত্তৰঃ ভিনেগাৰ আৰু বেকিং ছ’ডাৰ মিশ্ৰণত কার্বন-ডাই-অক্সাইড গেছৰ উৎপত্তি হয়।

৩।  _____________ হৈছে এক তাপ পৰিৱৰ্তনৰ উদাহৰণ।

উত্তৰঃ দহন হৈছে এক তাপ পৰিৱৰ্তনৰ উদাহৰণ।

৪। দহন কার্যত সদায়েই ___________ উৎপন্ন হয়।

উত্তৰঃ দহন কার্যত সদায়েই তাপ উৎপন্ন হয়।

৫। লোৰ ওপৰত দস্তা (জিংক)ৰ প্ৰলেপ দিয়া প্রক্রিয়াটোক _____________ বুলি কোৱা হয়।

উত্তৰঃ লোৰ ওপৰত দস্তা (জিংক)ৰ প্ৰলেপ দিয়া প্রক্রিয়াটোক দস্তালেপন বুলি কোৱা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top