SEBA Class 7 Science Important Chapter 3 তাপ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 3 তাপ Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.
SEBA Class 7 Science Important Chapter 3 তাপ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.
তাপ
Chapter: 3
| IMPORTANT QUESTION AND ANSWER |
১। তাপ আৰু উষ্ণতা কি? দুয়োটাৰে পাৰ্থক্য লিখা।
উত্তৰঃ তাপ (Heat): তাপ এবিধ শক্তি। ইয়াৰ মূল উৎস সূৰ্য। ইয়াক আন শক্তিলৈ পৰিৱৰ্তন কৰিব পাৰে।
উষ্ণতা (Temperature): তাপৰ মাত্ৰাক উষ্ণতা বোলে। অৰ্থাৎ উষ্ণতা হ’ল তাপৰ জোখ।
তাপ আৰু উষ্ণতাৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-
| তাপ | উষ্ণতা |
| তাপ এবিধ শক্তি। ইয়াক এটা ৰূপৰ পৰা আন ৰূপলৈ সলনি কৰিব পাৰি। | উষ্ণতা হ’ল তাপৰ জোখৰ মাত্ৰা। ইয়াৰ দ্বাৰা বস্তুটোৰ তাপীয় অৱস্থাৰ বিষয়ে জানিব পাৰি। |
| তাপৰ জোখৰ একক কেলৰি বা জুল। | উষ্ণতাৰ জোখৰ একক ডিগ্ৰী, ছেলছিয়াস, কেলভিন আৰু ফাৰেনহাইট। |
| তাপ হ’ল কাৰণ। | উষ্ণতা হ’ল কাৰণৰ প্ৰকাশ। |
| তাপ কেলৰি মিটাৰৰ সহায়ত জোখা হয়। | উষ্ণতা থাৰ্ম’মিটাৰৰ সহায়ত জোখা হয়। |
২। উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি? ইয়াক ব্যৱহাৰ কৰাৰ সময়ত কি কি ক্ষেত্ৰত সাৱধান হব লাগে?
উত্তৰঃ উষ্ণতা জোখা যন্ত্ৰটোৰ নাম থাৰ্ম’মিটাৰ। বীজাণুনাশক দ্ৰব্য (ডেটল, পানী আদি)ৰে ধুই ল’ব লাগে।
৩। কেণ্ডেল এটাৰ শিখাৰ উষ্ণতা বা বাৰ্ণৰৰ জুইৰ উষ্ণতা জুখিবৰ বাবে ক্লিনিকেল (ডাক্তৰী) থাৰ্ম’মিটাৰ ব্যৱহাৰ কৰিব পাৰিনে? কাৰণ কি।
উত্তৰঃ নোৱাৰি। কাৰণ এই থাৰ্ম’মিটাৰ স্কেলৰ পৰিসৰ বৰ কম। এই থাৰ্ম’মিটাৰৰ নিম্নাংক 35°C আৰু উচ্চাংক 42°C। কিন্তু কেন্ডেল বা বাৰ্ণাৰৰ শিখাৰ উষ্ণতা অতি বেছি (100°C ছে. তকৈ বেছি) যদি এই থাৰ্ম’মিটাৰেৰে শিখাৰ উষ্ণতা জোখা হয়, থাৰ্ম’মিটাৰটো ফাটি নষ্ট হৈ যাব।
৪। বতাহ কাক বোলে? ইয়াৰ উৎপন্নৰ কাৰক কি? স্থল বতাহ আৰু জল বতাহৰ সৃষ্টিৰ বিষয়ে লিখা।
উত্তৰঃ বতাহ চলাচল কৰাকে বতাহ বোলে। বতাহৰ উৎপন্নৰ মূল কাৰক হ’ল তাপ। স্থল বতাহ আৰু বতাহ (Land Breeze and Sea Breeze) উৎপন্ন হোৱাৰ কাৰণো হ’ল তাপৰ পাৰ্থক্য। সাগৰৰ পাৰত এই বতাহৰ সৃষ্টি হয়। দিনৰ ভাগত সূৰ্যৰ তাপত মাতিভাগ পানীতকৈ সোনকালে উত্তপ্ত হয়। মাটিৰ ওপৰত বতাহ গৰম হয় আৰু পাতল হৈ ওপৰলৈ উঠে। সেই খালী ঠাই পুৰণ কৰাৰ বাবে সাগৰ পানীৰ ঠাণ্ডা বায়ু পাৰলৈ গতি কৰে। দিনৰ ভাগৰ এই বতাহক জলবতাহ বোলে। ৰাতিৰ ভাগত পানিতকৈ মাটি ভাগ সোনকালে চেঁচা হয়। কাৰন মাটিয়ে পানীতকৈ তাপ সোনকালে ধৰে আৰু সোনকালে এৰিও দিয়ে। সাগৰৰ পানীৰ ওপৰৰ বায়ু পাতল হৈ ওপৰলৈ উঠে আৰু এই খালী ঠাই পুৰ কৰাৰ বাবে মাটিৰ পৰা পানীলৈ বতাহ বয়। ৰাতিৰ সাগৰৰ পৰাৰ পৰা সাগৰলৈ বলা এনে বতাহ স্থল বতাহ বোলে।
তলত স্থলবতাহ আৰু জলবতাহৰ চিত্ৰ দিয়া হ’ল-

৫। তাপ বিকিৰণৰ প্ৰক্ৰিয়াৰ বিষয়ে লিখা।
উত্তৰঃ কোনো উৎসৰ পৰা বায়ু বা শূণ্য ( vaccam)ৰ মাজেৰে তাপৰ সঞ্চালন হোৱাক তাপৰ বিকিৰণ বোলে। অৰ্থাৎ বিকিৰণ মাধ্যম অবিহনেও হ’ব পাৰে। সূৰ্য্যৰ পৰা পৃথিৱীলৈ, জুইৰ পৰা তাৰ চাৰিওফালে তাপ এই বিকিৰণ পদ্ধতিৰেই হয়। চৌকাৰ পৰা নমোৱা কেৰাহি এটাও বিকিৰণ পদ্ধতিৰেই চেঁচা হয়। কেৰাহীঠোৱে তাৰ চাৰিওফালে থকা পৰিৱেশত তাপ বিকিৰণ কৰে। আমাৰ শৰীৰেও তাপ পৰিৱেশলৈ এৰি দিয়া বা গ্ৰহন কৰাও বিকিৰণ প্ৰক্ৰিয়াৰ।
৬। উষ্ণতা S.I একক কি?
উত্তৰঃ উষ্ণতাৰ S.I একক কেকভিন ( Kelvin, K)।
৭। বস্তুৰ ওপৰত তাপ আপতিত হ’লে সেই তাপৰ কি কি ঘটে?
উত্তৰঃ বস্তুত আপতিত তাপৰ এক অংশ প্ৰতিফলন, এক অংশ শোষণ আৰু বাকী অংশ বস্তুৰ মাজেৰে নিৰ্গমন হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


