SEBA Class 7 Science Important Chapter 16 পানী: এক অমূল্য সম্পদ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Important Chapter 16 পানী: এক অমূল্য সম্পদ Solutions in Assamese and select need one. SEBA Class 7 Science Additional Solutions Download PDF. SEBA Class 7 General Science Important Solutions Assamese Medium.
SEBA Class 7 Science Important Chapter 16 পানী: এক অমূল্য সম্পদ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 General Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 General Science Important Notes for All Chapters, You can practice these here.
পানী: এক অমূল্য সম্পদ
Chapter: 16
| IMPORTANT QUESTION AND ANSWER |
১। বিশ্ব পানী দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ বিশ্ব পানী দিৱস প্ৰতিবছৰে ২২ মাৰ্চ তাৰিখে পালন কৰা হয়।
২। ৰাষ্ট্ৰসংঘৰ মতে এজন ব্যক্তিৰ দৈনিক পানীৰ খৰচ কিমান হোৱা উচিত?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মতে এজন ব্যক্তিৰ দৈনিক পানীৰ প্ৰয়োজনীয় খৰচ প্ৰায় ৫০ লিটাৰ হোৱা উচিত।
৩। পৃথিৱীৰ কিমান অংশ পানীৰে আৱৃত?
উত্তৰঃ পৃথিৱীৰ প্ৰায় ৭১% অংশ পানীৰে আৱৃত, যাৰ অধিকাংশ ভাগ মহাসাগৰ, সাগৰ, হ্ৰদ, নদী আৰু বৰফ ৰূপে থাকে।
৪। পৰিষ্কাৰ পানী বুলিলে কি বুজা যায়?
উত্তৰঃ পৰিষ্কাৰ পানী বুলিলে এনে পানীক বুজা যায় যিটো পানী মানুহে খোৱাত আৰু দৈনন্দিন কাৰ্যত নিৰ্ভয়ে ব্যৱহাৰ কৰিব পাৰে।
৫। পৃথিৱীৰ মুঠ পানীৰ কিমান অংশ পৰিষ্কাৰ পানী?
উত্তৰঃ পৃথিৱীৰ মুঠ পানীৰ ভিতৰত কেৱল ০.০১% অংশহে পৰিষ্কাৰ পানী হিচাপে উপলব্ধ।
৬। ভু-গৰ্ভস্থ জল বুলিলে কি বুজা যায়?
উত্তৰঃ যি পানী মাটিৰ তলত ৱাটাৰ টেবুলৰ তলত সঞ্চিত থাকে তাক ভু-গৰ্ভস্থ জল বোলে, আৰু ই কুঁৱা, টিউবৱেল আদিৰে উঠাই ব্যৱহাৰ কৰা হয়।
৭। ডাৱৰ কিদৰে গঠন হয়?
উত্তৰঃ সূৰ্য্যৰ তাপে ভু-পৃষ্ঠৰ পানী বাষ্প হৈ ওপৰলৈ উঠি ঠাণ্ডা হ’লে জলীয় কণাসমূহ একত্ৰিত হৈ ডাৱৰ গঠন কৰে।
৮। ডাৱৰ গধুৰ হ’লে কি হয়?
উত্তৰঃ ডাৱৰ গধুৰ হ’লে, সেয়া বৰষুণৰ ৰূপত তললৈ পৰে আৰু সেই পানী পুনৰ মাটিত, নদী বা সাগৰত জমা হয়।
৯। জল-চক্ৰত বৰষুণৰ পানী ক’ত জমা হয়?
উত্তৰঃ বৰষুণৰ পানী খাল, বিল, নদী, হ্ৰদ, সাগৰ আদিত জমা হয় আৰু পুনৰ বাষ্প হৈ ডাৱৰ গঠন কৰে।
১০। জল-চক্ৰ কাক বোলে?
উত্তৰঃ সূৰ্য্যৰ তাপে পানী বাষ্প হৈ ওপৰলৈ উঠি, ডাৱৰ গঠন কৰি, বৰষুণৰূপে তললৈ পৰি পুনৰ মাটিত বা জলাশয়ত মিলি যোৱা প্ৰক্ৰিয়াক জল-চক্ৰ বোলে।
খালী ঠাই পূৰ কৰা:
১। ___________ পানী সাগৰ, মহাসাগৰ, নদী, হ্রদ আৰু ভূগৰ্ভত পোৱা যায়।
উত্তৰঃ জুলীয়া পানী সাগৰ, মহাসাগৰ, নদী, হ্রদ আৰু ভূগৰ্ভত পোৱা যায়।
২। প্ৰতিজন ব্যক্তিৰ কাৰণে প্রতিদিনে কমেও ________ লিটাৰ পানী লাগে বুলি অনুমোদন কৰিছে।
উত্তৰঃ প্ৰতিজন ব্যক্তিৰ কাৰণে প্রতিদিনে কমেও 50 লিটাৰ পানী লাগে বুলি অনুমোদন কৰিছে।
৩। মাটিৰ ভিতৰলৈ পানী নিগৰি সোমাই যোৱা, প্ৰক্ৰিয়াটো ____________ বোলে।
উত্তৰঃ মাটিৰ ভিতৰলৈ পানী নিগৰি সোমাই যোৱা, প্ৰক্ৰিয়াটো আন্তঃপৰিস্ৰাৱণ বোলে।
(iv) জীৱ জীয়াই থাকিবলৈ ___________ প্ৰয়োজন।
উত্তৰঃ জীৱ জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন।
(v) অতীতে পানী সংৰক্ষণৰ পৰম্পৰাগত ব্যৱস্থাটোক __________ বোলে।
উত্তৰঃ অতীতে পানী সংৰক্ষণৰ পৰম্পৰাগত ব্যৱস্থাটোক বাউৰী বোলে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


