⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন

SEBA Class 7 Science Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 9 প্ৰকৃতিত তাপৰ সঞ্চালন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

প্ৰকৃতিত তাপৰ সঞ্চালন

Chapter: 9

অনুশীলনী

1. শুদ্ধ নে অশুদ্ধ কোৱা—

(a) কঠিন পদাৰ্থত পৰিচলন প্ৰক্ৰিয়াৰ জৰিয়তে তাপ সঞ্চালন হয়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(b) পৰিচলন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুৰ উষ্ণতা বৃদ্ধি হয়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(c) তাপ বিকিৰণ প্রক্রিয়াত তাপ সঞ্চালনৰ বাবে এটা মাধ্যমৰ প্ৰয়োজন হয়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(d) শিলতকৈ বোকা-মাটিৰ মাজেৰে সোনকালে পানী নিগৰি ওলাই যায়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(e) জল বতাহ হ’ল দিনৰ ভাগত সাগৰৰ পৃষ্ঠৰপৰা স্থলভাগলৈ বৈ অহা ঠাণ্ডা বতাহ। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

2. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) ধাতুৰে তৈয়াৰী এটা গৰম কেৰাহী জুইৰ পৰা নমাই কোনো এক ধাৰকত থোৱা হ’ল। লাহে লাহে কেৰাহীটো ঠাণ্ডা হৈ কোঠাৰ সাধাৰণ উষ্ণতাৰ সমান হৈ পৰিল। মূলতঃ কি প্ৰক্ৰিয়াৰ দ্বাৰা কেৰাহীটোৰে তাপ হ্রাস হ’ল?

(a) পৰিচলন প্ৰক্ৰিয়াৰ জৰিয়তে।

(b) পৰিবহণ প্ৰক্ৰিয়াৰ জৰিয়তে।

(c) বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে।

(d) পৰিচলন আৰু পৰিবহণ প্ৰক্ৰিয়াৰ জৰিয়তে।

উত্তৰঃ (c) বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে।

(ii) বোকা মাটিতকৈ শিলৰ মাজেৰে পানী কিয় ক্ষিপ্ৰতাৰে নিগৰি ওলাই যায়?

(a) ভূ-গর্ভত মাটি শিলতকৈ তলত পোৱা যায়।

(b) শিলৰ কণিকাবোৰ ক্ষুদ্ৰ আৰু একেলগে লাগি থাকে।

(c) মাটিৰ কণিকাবোৰৰ মাজৰ ঠাইবোৰ সৰু আৰু একেলগে লাগি নাথাকে।

(d) মাটিৰ ৰাসায়নিক গঠনে পানীক বিকর্ষণ কৰে।

উত্তৰঃ (c) মাটিৰ কণিকাবোৰৰ মাজৰ ঠাইবোৰ সৰু আৰু একেলগে লাগি নাথাকে।

(iii) কোন কোন প্ৰক্ৰিয়াৰ জৰিয়তে মূলতঃ কঠিন ধাতুৰ দণ্ড আৰু পানীৰ মাজেৰে তাপ সঞ্চালন হয়?

(a) পৰিচলন আৰু বিকিৰণ।

(b) পৰিবহণ আৰু পৰিচলন।

(c) বিকিৰণ আৰু পৰিচলন।

(d) বিকিৰণ আৰু পৰিবহণ।

উত্তৰঃ (b) পৰিবহণ আৰু পৰিচলন।

(iv) প্ৰেচাৰ কুকাৰ তীখা বা এলুমিনিয়ামৰদ্বাৰা প্ৰস্তুত কৰা হয়। কিন্তু ইয়াৰ নালডাল প্লাষ্টিক বা কাঠেৰে তৈয়াৰ কৰা হয়। কিয়?

(a) তীখা বা এলুমিনিয়াম তাপৰ কুপৰিবাহী আৰু প্লাষ্টিক তাপৰ সুপৰিবাহী।

(b) তীখা বা এলুমিনিয়াম তাপৰ সুপৰিবাহী আৰু প্লাষ্টিক তাপৰ কুপৰিবাহী।

(c) তীখা বা এলুমিনিয়ামত পৰিবহণ প্ৰক্ৰিয়াৰে আৰু প্লাষ্টিকত পৰিচলন প্ৰক্ৰিয়াৰে তাপ সঞ্চালন হয়।

(d) তীখা বা এলুমিনিয়ামত পৰিচলন প্ৰক্ৰিয়াৰে আৰু প্লাষ্টিকত পৰিবহণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালন হয়।

উত্তৰঃ (b) তীখা বা এলুমিনিয়াম তাপৰ সুপৰিবাহী আৰু প্লাষ্টিক তাপৰ কুপৰিবাহী।

3. তলৰ বাকা দুটা ভালদৰে পঢ়া। ইয়াৰ এটা বাক্য উক্তি আৰু আনটো যুক্তি হিচাপে দিয়া আছে।

উক্তি: জলবতাহ দিনৰ ভাগত সাগৰৰপৰা স্থললৈ প্রবাহিত হয়।

যুক্তি: সূর্যৰ তাপত স্থলভাগ সাগৰতকৈ সোনকালে গৰম হয়, সেইবাবে ভূ-পৃষ্ঠৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায় আৰু সেই খালী ঠাই সাগৰৰপৰা অহা ঠাণ্ডা বতাহে পূৰ কৰে।

তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা—

(a) উক্তি আৰু যুক্তি দুয়োটা সত্য আৰু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা।

(b) উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয়।

(c) উক্তি সত্য কিন্তু যুক্তি অসত্য।

(d) উক্তি অসত্য কিন্তু যুক্তি সত্য।

উত্তৰঃ (a) উক্তি আৰু যুক্তি দুয়োটা সত্য আৰু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা।

4. খালী ঠাই পূৰ কৰা—

(a) কণিকাৰ স্থান পৰিৱৰ্তন নোহোৱাকৈ বস্তুৰ গৰম অংশৰপৰা ঠাণ্ডা অংশলৈ তাপ সঞ্চালন প্রক্রিয়াক ____________ বোলে।

উত্তৰঃ কণিকাৰ স্থান পৰিৱৰ্তন নোহোৱাকৈ বস্তুৰ গৰম অংশৰপৰা ঠাণ্ডা অংশলৈ তাপ সঞ্চালন প্রক্রিয়াক পৰিবহণ বোলে।

(b) যিবোৰ সামগ্ৰীৰ মাজেৰে তাপ সহজে পাৰ হৈ যাব নোৱাৰে সেইবোৰক তাপৰ _____________ বোলা হয়।

উত্তৰঃ যিবোৰ সামগ্ৰীৰ মাজেৰে তাপ সহজে পাৰ হৈ যাব নোৱাৰে সেইবোৰক তাপৰ কুপৰিবাহী বোলা হয়।

(c) জুলীয়া আৰু গেছীয় পদার্থত তাপ মূলতঃ _____________ প্রক্রিয়াৰে সঞ্চালন হয়।

উত্তৰঃ জুলীয়া আৰু গেছীয় পদার্থত তাপ মূলতঃ পৰিচলন প্রক্রিয়াৰে সঞ্চালন হয়।

(d) সকলো বস্তুয়ে নিজৰ চৌপাশৰ সৈতে _____________ প্ৰক্ৰিয়াৰ জৰিয়তে তাপ বিনিময় কৰে।

উত্তৰঃ সকলো বস্তুয়ে নিজৰ চৌপাশৰ সৈতে বিকিৰণ প্ৰক্ৰিয়াৰ জৰিয়তে তাপ বিনিময় কৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top