⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 8 ধাতু আৰু অধাতুৰ ধাৰণা

SEBA Class 7 Science Chapter 8 ধাতু আৰু অধাতুৰ ধাৰণা Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 8 ধাতু আৰু অধাতুৰ ধাৰণা Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 8 ধাতু আৰু অধাতুৰ ধাৰণা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

ধাতু আৰু অধাতুৰ ধাৰণা

Chapter: 8

অনুশীলনী

1.শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো লোৰ ক্ষেত্ৰত প্রযোজ্য নহয়?

(a) সনাদী।

(b) অনুজ্জ্বল।

(c) ঘাতসহনীয়।

(d) নমনীয়।

উত্তৰঃ (b) অনুজ্জ্বল।

(ii) তলৰ কোনটো ধাতু পানীৰ সৈতে তীব্রভাৱে বিক্রিয়া কৰি জুই লাগে?

(a) মেগনেছিয়াম।

(b) তাম।

(c) ছ’ডিয়াম।

(d) ইউৰেনিয়াম।

উত্তৰঃ (c) ছ’ডিয়াম।

(iii) তলৰ কোনটো ধাতু সস্তা আৰু ইয়াৰ পাতল পাত সহজে ভাঁজ কৰি যিকোনো আকৃতি দিব পাৰি বাবে সাধাৰণতে খাদ্য পেকেজিং সামগ্রী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়?

(a) এলুমিনিয়াম।

(b) তাম।

(c) লো।

(d) সোণ।

উত্তৰঃ (a) এলুমিনিয়াম।

(iv) ছালফাৰ জ্বলালে উৎপন্ন হোৱা অৱশিষ্ট খিনি পানীত দ্রৱীভূত কৰিলে তলৰ কোনটো গঠন হয়?

(a) ছালফিউৰিক এছিড।

(b) ছালফিউৰাছ এছিড।

(c) ছালফনিক এছিড।

(d) ছালফাৰ ডাইঅক্সাইড।

উত্তৰঃ (b) ছালফিউৰাছ এছিড।

(v) ব্র’ঞ্জ হ’ল এবিধ ___________ৰ মিশ্রণ।

(a) তাম আৰু জিংক।

(b) তাম আৰু লো।

(c) টিন আৰু জিংক।

(d) টিন আৰু তাম।

উত্তৰঃ (d) টিন আৰু তাম।

2. খালী ঠাই পূৰ কৰা—

(i) ছালত ব্যৱহাৰ কৰা মলমত এন্টিচেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ’ল _____________।

উত্তৰঃ ছালত ব্যৱহাৰ কৰা মলমত এন্টিচেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ’ল আয়’ডিন।

(ii) কাঁহ ধাতুত থকা ধাতু দুটা হ’ল _____________ আৰু _____________।

উত্তৰঃ কাঁহ ধাতুত থকা ধাতু দুটা হ’ল তাম আৰু টিন।

(iii) ___________ ধাতু সাধাৰণ উষ্ণতাত তৰল।

উত্তৰঃ পাৰা ধাতু সাধাৰণ উষ্ণতাত তৰল।

(iv) তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু হ’ল ______________।

উত্তৰঃ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী অধাতু হ’ল গ্ৰেফাইট।

(v) টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধর্মটো হ’ল ______________।

উত্তৰঃ টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধর্মটো হ’ল ঘাতসহনীয়তা।

3. তলৰ উক্তিবোৰ শুদ্ধনে অশুদ্ধ কাৰণসহ ব্যাখ্যা কৰা।

(i) এলুমিনিয়াম আৰু তাম হ’ল বাচন-বর্তন আৰু মূর্তি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা অধাতু।

উত্তৰঃ অশুদ্ধ।

কাৰণ: এলুমিনিয়াম আৰু তাম অধাতু নহয়, ইহঁত ধাতু। ইহঁত ঘাতসহনীয় আৰু তাপৰ সুপৰিবাহী হোৱাৰ বাবেহে বাচন-বৰ্তন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

(ii) ধাতুৱে অক্সিজেনৰ সৈতে লগলাগি অক্সাইড গঠন কৰে, যাৰ দ্ৰৱই নীলা লিটমাছ কাগজ ৰঙা কৰে।

উত্তৰঃ অশুদ্ধ।

কাৰণ: ধাতুৰ অক্সাইডবোৰ সাধাৰণতে ক্ষাৰকীয় প্ৰকৃতিৰ হয়, সেয়েহে ই ৰঙা লিটমাছক নীলা কৰে, নীলাক ৰঙা নকৰে।

(iii) অক্সিজেন শ্বাস-প্রশ্বাসৰ বাবে অপৰিহার্য অধাতু।

উত্তৰঃ শুদ্ধ।

কাৰণ: সকলো জীৱই উশাহত অক্সিজেন গ্ৰহণ কৰে যিটো জীয়াই থকাৰ বাবে অপৰিহাৰ্য।

(iv) তামৰ পাত্ৰত পানী উতলাবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এইবোৰ বিদ্যুতৰ সুপৰিবাহী।

উত্তৰঃ অশুদ্ধ।

কাৰণ: তামৰ পাত্ৰ পানী উতলাবলৈ ব্যৱহাৰ কৰা হয় কাৰণ তাম তাপৰ সুপৰিবাহী (Good conductor of heat), বিদ্যুতৰ পৰিবাহিতাৰ বাবে নহয়।

(v) স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাঁহ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতু নমনীয়।

উত্তৰঃ অশুদ্ধ।

কাৰণ: স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাঁহ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ ই সনাদী (Sonorous), অৰ্থাৎ আঘাত কৰিলে ইয়াৰ পৰা ৰিং ৰিং শব্দ উৎপন্ন হয়।

(vi) কাঠ পেঞ্চিলত থকা ক’লা অংশটো এক ধাতু যি বিদ্যুত পৰিবহণ কৰে।

উত্তৰঃ অশুদ্ধ।

কাৰণ: পেঞ্চিলৰ ক’লা অংশটো গ্ৰেফাইটৰে তৈয়াৰী। গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী সঁচা, কিন্তু ই ধাতু নহয়, ই কাৰ্বনৰ এটা ৰূপ বা অধাতু।

4. স্তম্ভ। ৰ সৈতে স্তম্ভ ।। মিলোৱা।

স্তম্ভ Iস্তম্ভ II
1. ঘাতসহনীয়(a) তাঁৰ প্ৰস্তুত কৰিব পাৰি।
2. নমনীয়(b) আতচবাজী প্ৰস্তুত কৰা হয়।
3. অক্সিজেন(c) হাতুৰীৰে কোবালে পাত সৃষ্টি হয়।
4. তাম(d) পানী বিশুদ্ধীকৰণৰ বাবে।
5. ছালফাৰ(e) সকলো জীৱই উশাহত গ্ৰহণ কৰে।
6. হীৰা(f) বৈদ্যুতিক তাঁৰ প্ৰস্তুত কৰাত।
7. সনাদী(g) ৰে’লৰ চিৰি নিৰ্মাণত ব্যৱহৃত।
8. লো(h) আটাইতকৈ কঠিন অধাতু।
9. ক্ল’ৰিন(i) ঘন্টাৰ ৰিং ৰিং শব্দ।
10. প্লেটিনাম(j) অলংকাৰ প্ৰস্তুতত ব্যৱহৃত।

উত্তৰঃ 

স্তম্ভ Iস্তম্ভ II
1. ঘাতসহনীয়(c) হাতুৰীৰে কোবালে পাত সৃষ্টি হয়।
2. নমনীয়(a) তাঁৰ প্ৰস্তুত কৰিব পাৰি।
3. অক্সিজেন(e) সকলো জীৱই উশাহত গ্ৰহণ কৰে।
4. তাম(f) বৈদ্যুতিক তাঁৰ প্ৰস্তুত কৰাত।
5. ছালফাৰ(b) আতচবাজী প্ৰস্তুত কৰা হয়।
6. হীৰা(h) আটাইতকৈ কঠিন অধাতু।
7. সনাদী(i) ঘন্টাৰ ৰিং ৰিং শব্দ।
8. লো(g) ৰে’লৰ চিৰি নিৰ্মাণত ব্যৱহৃত।
9. ক্ল’ৰিন(d) পানী বিশুদ্ধীকৰণৰ বাবে।
10. প্লেটিনাম(j) অলংকাৰ প্ৰস্তুতত ব্যৱহৃত।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top