⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 10 প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া

SEBA Class 7 Science Chapter 10 প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 10 প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 10 প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া

Chapter: 10

অনুশীলনী

1. শ্বাস-প্রশ্বাস তন্ত্ৰৰ মাজেৰে বায়ুৰ পথ অনুসন্ধান কৰি তলৰ বাকচবোৰ সঠিক অংশৰে সম্পূৰ্ণ কৰা—।

উত্তৰঃ বায়ু → নাক → নাসাগহ্বৰ → শ্বাস নলী → হাঁওফাঁও → বায়ুমোনা।

2. ৰীতাই ক্রমে ঘেঁহুৰ আটা, চেনি আৰু সিজোৱা আলু থকা তিনিটা পৰীক্ষা নলী A, B আৰু C ত আয়’ডিনৰ দ্ৰৱ যোগ কৰিলে। প্রতিটো ক্ষেত্রতে তাই কি ফলাফল পাব? কাৰণ দর্শোৱা।

উত্তৰঃ পৰীক্ষা নলী A (ঘেঁহুৰ আটা): ইয়াৰ ৰং নীলা-ক’লা হ’ব।

কাৰণ: ঘেঁহুৰ আটাত শ্বেতসাৰ (Starch) থাকে আৰু আয়’ডিনে শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰি নীলা-ক’লা ৰং দিয়ে।

পৰীক্ষা নলী B (চেনি): ইয়াৰ ৰঙৰ কোনো বিশেষ পৰিৱৰ্তন নহয় (আয়’ডিনৰ নিজা ৰঙেই থাকিব)। 

কাৰণ: চেনিত শ্বেতসাৰ নাথাকে।

পৰীক্ষা নলী C (সিজোৱা আলু): ইয়াৰ ৰং নীলা-ক’লা হ’ব।

কাৰণ: আলুত প্ৰচুৰ পৰিমাণে শ্বেতসাৰ থাকে।

3. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(i) বৃহদন্ত্ৰৰ প্রাথমিক ভূমিকা কি?

(a) পৰিপোষক শোষণ কৰা।

(b) পানী আৰু লৱণ জাতীয় দ্রব্য শোষণ কৰা।

(c) প্ৰ’টিন হজম কৰা।

(d) এনজাইমৰ উৎপাদন কৰা।

উত্তৰঃ (b) পানী আৰু লৱণ জাতীয় দ্রব্য শোষণ কৰা।

(ii) হাঁওফাঁওত থকা বায়ুমোনাৰ কাম কি?

(a) হাঁওফাঁওত বায়ু পাম্প কৰা।

(b) উশাহত লোৱা বায়ুৰ ধূলি পৰিশ্ৰুত কৰা।

(c) অক্সিজেন আৰু কার্বন ডাইঅক্সাইডৰ বিনিময় কৰা।

(d) কার্বন ডাইঅক্সাইড জমা কৰা।

উত্তৰঃ (c) অক্সিজেন আৰু কার্বন ডাইঅক্সাইডৰ বিনিময় কৰা।

(iii) শ্বসনৰ সময়ত উশাহত তলৰ কোনটো গেছ আমি গ্রহণ কৰোঁ?

(a) কার্বন ডাইঅক্সাইড।

(b) নাইট্র’জেন।

(c) অক্সিজেন।

(d) হাইড্র’জেন।

উত্তৰঃ (c) অক্সিজেন।

(iv) তলৰ কোনটো পেশীয়ে শ্বাস-প্রশ্বাসত সহায় কৰে?

(a) মধ্যচ্ছদা।

(b) হ্ৰদযন্ত্ৰ।

(c) কামিহাড়।

(d) পাকস্থলী।

উত্তৰঃ (a) মধ্যচ্ছদা।

5. খালী ঠাইবোৰ পূৰ কৰা।

(a) পাচন আৰম্ভ হোৱা পাচনতন্ত্ৰৰ প্ৰথম অংগটো হ’ল ____________।

উত্তৰঃ পাচন আৰম্ভ হোৱা পাচনতন্ত্ৰৰ প্ৰথম অংগটো হ’ল মুখ।

(b) মুখ আৰু পাকস্থলী সংযোগ কৰা খাদ্যৰ নলীটোক _____________ বোলে।

উত্তৰঃ মুখ আৰু পাকস্থলী সংযোগ কৰা খাদ্যৰ নলীটোক গ্ৰাসনলী বোলে।

(c) ____________ য়ে খাদ্য পাচন ৰসৰ সৈতে মিহলাই মন্থন কৰে আৰু তাক জমা কৰি ৰাখে।

উত্তৰঃ পাকস্থলীয়ে খাদ্য পাচন ৰসৰ সৈতে মিহলাই মন্থন কৰে আৰু তাক জমা কৰি ৰাখে।

6. তলত দিয়া ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা।

স্তম্ভ কস্তম্ভ খ
অক্সিজেন(a) শৰীৰে নিশাহত বৰ্জন কৰা গেছ
কাৰ্বন ডাইঅক্সাইড(b) হাঁওফাঁওত বায়ুৰ বিনিময়ৰ স্থান
বায়ুমোনা(c) সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা উশাহ লোৱাত সহায় কৰে
মধ্যচ্ছদা(d) অক্সিজেন লোৱা আৰু কার্বন ডাইঅক্সাইড উলিয়াই দিয়া প্রক্রিয়া
শ্বাস-প্ৰশ্বাস(e) শ্বাস-প্রশ্বাসৰ বাবে প্রয়োজনীয় গেছ

উত্তৰঃ 

স্তম্ভ কস্তম্ভ খ
অক্সিজেন(e) শ্বাস-প্রশ্বাসৰ বাবে প্রয়োজনীয় গেছ
কাৰ্বন ডাইঅক্সাইড(a) শৰীৰে নিশাহত বৰ্জন কৰা গেছ
বায়ুমোনা(b) হাঁওফাঁওত বায়ুৰ বিনিময়ৰ স্থান
মধ্যচ্ছদা(c) সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা উশাহ লোৱাত সহায় কৰে
শ্বাস-প্ৰশ্বাস(d) অক্সিজেন লোৱা আৰু কার্বন ডাইঅক্সাইড উলিয়াই দিয়া প্রক্রিয়া
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top