SEBA Class 7 Science Chapter 11 উদ্ভিদৰ জীৱন প্ৰক্ৰিয়া Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 11 উদ্ভিদৰ জীৱন প্ৰক্ৰিয়া Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.
SEBA Class 7 Science Chapter 11 উদ্ভিদৰ জীৱন প্ৰক্ৰিয়া
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.
উদ্ভিদৰ জীৱন প্ৰক্ৰিয়া
Chapter: 11
| অনুশীলনী |
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) সালোক সংশ্লেষণৰ সময়ত উদ্ভিদৰ কোন অংশই বায়ুৰ পৰা কাৰ্বন ডাইঅক্সাইড লয়?
(a) মূলৰোম।
(b) পাতৰ সিৰা।
(c) পত্ৰৰন্ধ।
(d) বৃতি।
উত্তৰঃ (c) পত্ৰৰন্ধ।
(ii) পাতসমূহ সেউজীয়া হোৱাৰ কাৰণ কি?
(a) পত্ৰহৰিৎ।
(b) জাইলেম।
(c) ফ্ল’ৱেম।
(d) পত্রৰন্ধ।
উত্তৰঃ (a) পত্ৰহৰিৎ।
(iii) পত্ৰৰন্ধৰ চাৰিওকাষে কেইটা ৰক্ষীকোষ থাকে?
(a) 4
(b) 3
(c) 2
(d) 5
উত্তৰঃ (c) 2
(iv) সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কি কি ব্যৱহাৰ কৰে?
(a) নাইট্ৰ’জেন আৰু অক্সিজেন।
(b) কার্বন ডাইঅক্সাইড আৰু পানী।
(c) অক্সিজেন, হাইড্র’জেন, কার্বন ডাইঅক্সাইড।
(d) পানী আৰু খনিজ লৱণ।
উত্তৰঃ (b) কার্বন ডাইঅক্সাইড আৰু পানী।
2. খালী ঠাই পূৰ কৰা—
(a) উদ্ভিদে ____________ৰ পৰা শক্তি আহৰণ কৰি ____________ প্রস্তুত কৰে।
উত্তৰঃ উদ্ভিদে সূৰ্যৰ পৰা শক্তি আহৰণ কৰি খাদ্য প্রস্তুত কৰে।
(b) সালোক সংশ্লেষণত উদ্ভিদে ____________ গ্ৰহণ কৰে আৰু ______________ উলিয়াই দিয়ে।
উত্তৰঃ সালোক সংশ্লেষণত উদ্ভিদে কাৰ্বন ডাইঅক্সাইড গ্ৰহণ কৰে আৰু অক্সিজেন উলিয়াই দিয়ে।
3. তলত দিয়া বিৱৰণসমূহ সঁচানে মিছা লিখা—
(a) সালোক সংশ্লেষণত প্র’টিন উৎপাদন নহয়।
উত্তৰঃ সঁচা।
(b) ৰঙা ৰঙৰ পাত থকা উদ্ভিদত সালোক সংশ্লেষণ নহয়।
উত্তৰঃ মিছা।
4. স্তম্ভ I-ৰ শব্দবোৰৰ সৈতে স্তম্ভ II-ৰ শব্দবোৰৰ সম্পৰ্ক স্থাপন কৰা—
| স্তম্ভ I | স্তম্ভ II |
| (i) পত্রহৰিৎ | (a) জাইলেম |
| (ii) পত্ৰৰন্ধ | (b) পাত |
| (iii) সালোক সংশ্লেষণ | (c) ৰক্ষীকোষ |
| (iv) পানীৰ পৰিবহণ | (d) শ্বেতসাৰ |
উত্তৰঃ
| স্তম্ভ I | স্তম্ভ II |
| (i) পত্রহৰিৎ | (b) পাত |
| (ii) পত্ৰৰন্ধ | (c) ৰক্ষীকোষ |
| (iii) সালোক সংশ্লেষণ | (d) শ্বেতসাৰ |
| (iv) পানীৰ পৰিবহণ | (a) জাইলেম |
5. তলত দুটা বাক্য দিয়া হৈছে তাৰে এটা উক্তি আৰু আনটো কাৰণ
উক্তি : উদ্ভিদৰ পাতত থকা ৰঞ্জক পদার্থক পত্রহৰিৎ বুলি কোৱা হয়।
যুক্তি : পত্ৰহৰিতৰ বাবে উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হয়।
তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা
(a) উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তি, উক্তিৰ শুদ্ধ ব্যাখ্যা।
(b) উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু যুক্তি, উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।
(c) উক্তি শুদ্ধ কিন্তু যুক্তি শুদ্ধ নহয়।
(d) উক্তি অশুদ্ধ কিন্তু যুক্তি শুদ্ধ।
উত্তৰঃ (a) উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ আৰু যুক্তি, উক্তিৰ শুদ্ধ ব্যাখ্যা।
6. তলৰ প্ৰশ্ন কেইটাৰ চমু উত্তৰ লিখা—
(a) সালোক সংশ্লেষণত উৎপন্ন হোৱা কার্ব’হাইড্রেটটোৰ নাম লিখা?
উত্তৰঃ সালোক সংশ্লেষণৰ সময়ত উৎপন্ন হোৱা চেনি হ’ল গ্লুক’জ।
(b) উদ্ভিদত থকা ফ্ল’ৱেমৰ কাম কি?
উত্তৰঃ ফ্ল’ৱেমৰ কাম হ’ল পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহণ কৰা।
(c) উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পাতত থকা পত্ৰৰন্ধৰ ভূমিকা কি?
উত্তৰঃ পত্ৰৰন্ধৰ মাজেৰে উদ্ভিদে বতাহৰ পৰা কাৰ্বন ডাইঅক্সাইড গ্ৰহণ কৰে, যিটো খাদ্য প্ৰস্তুত কৰিবলৈ (সালোক সংশ্লেষণৰ বাবে) অতি প্ৰয়োজনীয়।
(d) শ্বেতসাৰৰ উপস্থিতিৰ পৰীক্ষা কেনেকৈ কৰিবা?
উত্তৰঃ পাতত শ্বেতসাৰৰ উপস্থিতি জানিবলৈ পাতখিলাত কেইটোপালমান আই’ডিন দ্ৰৱ দিয়া হয়। যদি পাতৰ অংশটো নীলা-ক’লা বৰণৰ হৈ পৰে, তেন্তে ই শ্বেতসাৰৰ উপস্থিতি সূচায়।
(e) সালোক সংশ্লেষণত যে অক্সিজেন ওলায় সেয়া দেখুৱাবলৈ এটা পৰীক্ষা কৰা।
উত্তৰঃ এটা বিকাৰত পানী লৈ তাত হাইড্ৰিলাৰ দৰে জলজ উদ্ভিদ এডাল ৰখা হয়। উদ্ভিদডালৰ ওপৰত এটা ফানেল (কাচৰ চুপি) ওভোতাকৈ দি তাৰ ওপৰত পানীভৰ্তি এটা পৰীক্ষানলী বহুৱাই দিয়া হয়। এই সঁজুলিটো সূৰ্যৰ পোহৰত থলে কিছু সময় পাছত দেখা যাব যে উদ্ভিদৰ পৰা বুৰবুৰণি ওলাইছে আৰু পৰীক্ষানলীৰ ওপৰত গেছ জমা হৈছে। এই গেছৰ ওচৰত জ্বলন্ত কাঠি এডাল নিলে ই জ্বলি উঠে, যিয়ে প্ৰমাণ কৰে যে গেছটো অক্সিজেন।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

