⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন

SEBA Class 7 Science Chapter 5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন

Chapter: 5

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) অনুপ আৰু ইকবাল দুয়োৰে বয়স প্রায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা-ভঙা ধৰণৰ হ’বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি?

(a) অনুপ স্বাস্থ্যৱান নহয়।

(b) ইকবালে কেতিয়াও এই পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে।

(c) কেশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।

(d) কৈশোৰত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল’ৰাৰ ক্ষেত্ৰতহে ঘটে।

উত্তৰঃ (c) কেশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।

(ii) তলৰ কোনটো ল’ৰাৰ গৌণ যৌন চৰিত্ৰ?

(a) বহল নিতম্ব।

(b) ঋতুস্ৰাৱৰ আৰম্ভণি।

(c) মুখমণ্ডলত নোমৰ বিকাশ।

(d) স্তনৰ বিকাশ।

উত্তৰঃ (c) মুখমণ্ডলত নোমৰ বিকাশ।

(iii) ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্রান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত?

(a) অকলশৰে থকা উচিত।

(b) অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত।

(c) সংগীত বা ক্রীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।

(d) সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত।

উত্তৰঃ (c) সংগীত বা ক্রীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।

(iv) কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ’ব পাৰে?

(a) টোপনি ভাল হ’ব পাৰে।

(b) স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

(c) কিশোৰ-কিশোৰীসকলক অধিক সামাজিক কৰি তুলিব পাবে।

(d) পড়াশুনাত মনোযোগ বৃদ্ধি হ’ব পাৰে।

উত্তৰঃ (b) স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

2. খালী ঠাই পূৰ কৰা—

(i) _____________ হৈছে জীৱনৰ সেই পর্যায় য’ত এক প্রজননক্ষম প্রাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ’বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ অভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে।

উত্তৰঃ কৈশোৰকাল হৈছে জীৱনৰ সেই পর্যায় য’ত এক প্রজননক্ষম প্রাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ’বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ অভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে।

(ii) _____________ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্রত্যক্ষভাৱে জড়িত নহয়।

উত্তৰঃ গৌণ যৌন চৰিত্ৰ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্রত্যক্ষভাৱে জড়িত নহয়।

3. নিম্নলিখিত বিবৃতিসমূহ সত্য [স] নে অসতা [অ] উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা—

(i) শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্রতিগৰাকী কিশোৰ-কিশোৰীৰ বাবে বেলেগ বেলেগ হয়।

উত্তৰঃ সত্য।

কাৰণ: প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ জিনীয় গঠন আৰু হৰ’মনৰ ক্ৰিয়া বেলেগ বেলেগ হোৱাৰ বাবে তেওঁলোকৰ শৰীৰত নোমৰ বিকাশ বা বৃদ্ধিৰ সময় ভিন্ন হ’ব পাৰে।

(ii) ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম-কাজবোৰ কৰিব পাৰে।

উত্তৰঃ সত্য।

কাৰণ: ঋতুস্ৰাৱ এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। এই সময়ত ছোৱালীয়ে নিয়মিত কাম-কাজ, পঢ়া-শুনা আৰু খেলা-ধূলা কৰাত কোনো বাধা নাথাকে। বৰঞ্চ সক্ৰিয় হৈ থকাটো স্বাস্থ্যৰ বাবে ভাল।

(iii) মহিলাৰ ঋতুস্রাৱ গোটেই জীৱনজুৰি চলি থাকে।

উত্তৰঃ অসত্য।

কাৰণ: মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি নচলে। সাধাৰণতে ৪৫-৫৫ বছৰ বয়সত ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হৈ যায়, যাক ‘ৰজোনিবৃত্তি’ (Menopause) বোলা হয়।

4. তলৰ শব্দ শৃংখলটো সমাধান কৰা।

থিয়কৈ

1. চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদার্থ।

উত্তৰঃ ধঁপাত।

3. ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফর্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য।

উত্তৰঃ চাইবাৰ উৎপীড়ন।

4. কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদার্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা।

উত্তৰঃ শালমন।

5. ঋতুস্রাৱক সাধাৰণ ভাষাত ____________ বুলি জনা যায়।

উত্তৰঃ মাহেকীয়া।

6. ঋতুচক্রৰ দশা য’ত কিশোৰীৰ দেহৰপৰা তেজ নির্গত হয়।

উত্তৰঃ ঋতুস্ৰাৱ।

8. শৰীৰত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদার্থ যিয়ে কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্রণ কৰে।

উত্তৰঃ হৰম’ন।

পথালিকৈ

2. খাদ্যত থকা এবিধ (খনিজ) পুষ্টিকৰ পদার্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে।

উত্তৰঃ লৌহ।

7. মহিলাৰ জীৱনৰ সেই পর্যায় য’ত ঋতুস্রাৱ স্বাভাৱিকতে বন্ধ হৈ পৰে।

উত্তৰঃ ৰজোনিবৃত্তি।

9. বাল্যকাল আৰু প্ৰাপ্তবয়স্ককালৰ মাজৰ জীৱনৰ বিশেষ পর্যায় ____________।

উত্তৰঃ কৈশোৰকাল।

10. শৰীৰৰ প্ৰজনন কৰিবপৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পর্যায়।

উত্তৰঃ কৈশোৰকাল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top