⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

SEBA Class 7 Science Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ

Chapter: 6

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে?

(a) অক্সিজেন।

(b) কার্বন ডাইঅক্সাইড।

(c) হাইড্র’জেন।

(d) নাইট্র’জেন।

উত্তৰঃ (b) কার্বন ডাইঅক্সাইড।

(ii) তলৰ কোনটো সেউজগৃহ গেছ নহয়?

(a) কার্বন ডাইঅক্সাইড।

(b) মিথেন।

(c) নাইট্রাছ অক্সাইড।

(d) অক্সিজেন।

উত্তৰঃ (d) অক্সিজেন।

(iii) জলবায়ু পৰিৱৰ্তনে মূলতঃ তলৰ কোনটো বুজায়—

(a) দৈনিক বতৰৰ পৰিৱৰ্তন।

(b) সাপ্তাহিক বতৰৰ পৰিৱৰ্তন।

(c) উষ্ণতা আৰু বৰষুণৰ দীর্ঘম্যাদী পৰিৱৰ্তন।

(d) ঋতুৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন।

উত্তৰঃ (c) উষ্ণতা আৰু বৰষুণৰ দীর্ঘম্যাদী পৰিৱৰ্তন।

(iv) তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে—

(a) গোলকীয় উষ্ণতা বৃদ্ধিত।

(b) অক্সিজেনৰ পৰিমাণ হ্রাস কৰাত।

(c) অজ’ন বিন্ধাৰ বৃদ্ধিত।

(d) কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত।

উত্তৰঃ (d) কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত।

(v) জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে?

(a) ভূমিকম্প।

(b) আগ্নেয়গিৰিৰ উদ্‌গীৰণ।

(c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি।

(d) ভূমিস্খলন।

উত্তৰঃ (c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি।

2. খালী ঠাই পূৰ কৰা—

(a) পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক _____________ বুলি কোৱা হয়।

উত্তৰঃ পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়।

(b) _____________ হৈছে যান-বাহনৰপৰা নিৰ্গত হোৱা প্রধান সেউজগৃহ গেছ।

উত্তৰঃ কাৰ্বন ডাইঅক্সাইড হৈছে যান-বাহনৰপৰা নিৰ্গত হোৱা প্রধান সেউজগৃহ গেছ।

(c) বনাঞ্চৰ গছ-গছনি কাটি পেলোৱাটোকে _____________ বুলি কোৱা হয়।

উত্তৰঃ বনাঞ্চৰ গছ-গছনি কাটি পেলোৱাটোকে নিৰ্বনানীকৰণ বুলি কোৱা হয়।

(d) বৃক্ষৰোপণে বায়ুমণ্ডলত ____________ বৃদ্ধি কৰে।

উত্তৰঃ বৃক্ষৰোপণে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে।

(e) নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত _____________ৰ পৰিমাণ বৃদ্ধি হয়।

উত্তৰঃ নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধি হয়।

3. শুদ্ধ নে অশুদ্ধ লিখা।

(a) জলবায়ু পৰিৱর্তনে কেৱল মানুহক প্রভাৱিত কৰে। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(b) জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নির্গত হয়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(c) নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্রাস কৰাত সহায় কৰে। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(d) গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পর্ক নাই। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(e) জলবায়ু পৰিৱৰ্তন হ্রাস কৰাৰ এটা সমাধান হ’ল বৃক্ষৰোপণ। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

4. তলত দিয়াবোৰ মিলোৱা—

স্তম্ভ Aস্তম্ভ B
(a) মিথেন(i) জীৱাশ্ম ইন্ধনৰ দহনত ওলায়
(b) সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি(ii) পৃথীৱীৰ উষ্ণতা বৃদ্ধি
(c) গোলকীয় উষ্ণতা বৃদ্ধি(iii) হিমবাহৰ গলন
(d) কাৰ্বন ডাইঅক্সাইড(iv) গৰু-ম’হৰ গোৱৰৰ পৰা সৃষ্ট সেউজ গৃহ গেছ

উত্তৰঃ 

স্তম্ভ Aস্তম্ভ B
(a) মিথেন(iv) গৰু-ম’হৰ গোৱৰৰ পৰা সৃষ্ট সেউজ গৃহ গেছ
(b) সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি(iii) হিমবাহৰ গলন
(c) গোলকীয় উষ্ণতা বৃদ্ধি(ii) পৃথীৱীৰ উষ্ণতা বৃদ্ধি
(d) কাৰ্বন ডাইঅক্সাইড(i) জীৱাশ্ম ইন্ধনৰ দহনত ওলায়
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top