⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 4 পোহৰৰ সৈতে ধেমালিঃ ছাঁ আৰু প্ৰতিফলন

SEBA Class 7 Science Chapter 4 পোহৰৰ সৈতে ধেমালিঃ ছাঁ আৰু প্ৰতিফলন Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 4 পোহৰৰ সৈতে ধেমালিঃ ছাঁ আৰু প্ৰতিফলন Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 4 পোহৰৰ সৈতে ধেমালিঃ ছাঁ আৰু প্ৰতিফলন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

পোহৰৰ সৈতে ধেমালিঃ ছাঁ আৰু প্ৰতিফলন

Chapter: 4

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো পোহৰৰ কৃত্রিম উৎস?

(a) সূর্য।

(b) জোনাকী পৰুৱা।

(c) জেলিমাছ।

(d) বৈদ্যুতিক বাল্ব।

উত্তৰঃ (d) বৈদ্যুতিক বাল্ব।

(ii) ছাঁৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্রয়োজনীয় নহয়?

(a) পর্দা।

(b) লক্ষ্যবস্তু।

(c) বস্তুৰ ৰং।

(d) পোহৰ উৎস।

উত্তৰঃ (c) বস্তুৰ ৰং।

(iii) ছাঁৰ ৰং হৈছে—

(a) সদায় ক’লা আৰু বগা।

(b) কেৱল ক’লা।

(c) কেৱল বগা।

(d) লক্ষ্যবস্তুৰ সৈতে একে।

উত্তৰঃ (b) কেৱল ক’লা।

(iv) তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ?

(a) এটুকুৰা লো।

(b) এটুকুৰা কাঠ।

(c) স্বচ্ছ কাচৰ গিলাচ।

(d) এখন ডাঠ কিতাপ।

উত্তৰঃ (c) স্বচ্ছ কাচৰ গিলাচ।

(v) সীমাই এখন সমতল দাপোণৰপৰা 3 মিটাৰ দূৰৈত আছে। যদি তাই দাপোণৰ পিনে কেইখোজমান আগবাঢ়ে, তেন্তে দাপোণত প্রতিবিম্বৰ আকাৰৰ কি পৰিৱৰ্তন হ’ব?

(a) আকাৰ সৰু হ’ব।

(b) আকাৰ ডাঙৰ হ’ব।

(c) আকাৰ একে থাকিব।

(d) আকাৰ ওলোটা হ’ব।

উত্তৰঃ (c) আকাৰ একে থাকিব।

2. খালী ঠাই পূৰ কৰা—

(i) ছাঁৰ কোনো _____________ নাই।

উত্তৰঃ ছাঁৰ কোনো ৰং নাই।

(ii) পিনহ’ল কেমেৰাই _____________ প্রতিবিম্ব গঠন কৰে।

উত্তৰঃ পিনহ’ল কেমেৰাই ওলোটা প্রতিবিম্ব গঠন কৰে।

(iii) ৰাবাৰ _____________, কিন্তু কাচ ______________।

উত্তৰঃ ৰাবাৰ অস্বচ্ছ, কিন্তু কাচ স্বচ্ছ।

(iv) যেতিয়া আমি দাপোণত চাওঁ, বাঁওহাতখন সোঁহাত যেন দেখা যায়। এনে পৰিঘটনাক _______________ বুলি কোৱা হয়।

উত্তৰঃ যেতিয়া আমি দাপোণত চাওঁ, বাঁওহাতখন সোঁহাত যেন দেখা যায়। এনে পৰিঘটনাক পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয়।

3. শুদ্ধ নে অশুদ্ধ লিখা।

(i) অদীপ্তিমান বস্তুয়ে নিজে নিজৰ পোহৰ বিলায়।

উত্তৰঃ অশুদ্ধ।

(ii) পোহৰে সদায় সৰলৰেখাত গতি কৰে।

উত্তৰঃ শুদ্ধ।

(iii) পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত।

উত্তৰঃ শুদ্ধ।

(iv) চন্দ্র দীপ্তিমান বস্তু।

উত্তৰঃ অশুদ্ধ।

4. তলত দিয়াবোৰ মিলাই লিখা—

ক-অংশখ-অংশ
(i) যিবোৰ বস্তুয়ে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে(i) দীপ্তিমান বস্তু
(ii) চন্দ্ৰ(ii) প্ৰতিফলন
(iii) যিবোৰ বস্তুয়ে নিজে নিজৰ পোহৰ বিলায়(iii) স্বচ্ছ বস্তু
(iv) কোনো পৃষ্ঠতপৰা পোহৰ উভতি অহা(iv) অদীপ্তীমান বস্তু

উত্তৰঃ 

ক-অংশখ-অংশ
(i) যিবোৰ বস্তুয়ে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে(iii) স্বচ্ছ বস্তু
(ii) চন্দ্ৰ(iv) অদীপ্তীমান বস্তু
(iii) যিবোৰ বস্তুয়ে নিজে নিজৰ পোহৰ বিলায়(i) দীপ্তিমান বস্তু
(iv) কোনো পৃষ্ঠতপৰা পোহৰ উভতি অহা(ii) প্ৰতিফলন
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top