⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 3 প্ৰকৃতিলভ্য আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য

SEBA Class 7 Science Chapter 3 প্ৰকৃতিলভ্য আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 3 প্ৰকৃতিলভ্য আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 3 প্ৰকৃতিলভ্য আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

প্ৰকৃতিলভ্য আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য

Chapter: 3

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(i) তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্রৱত ডুবাই দিলা, আৰু ই নীলা হৈ গ’ল। তলৰ কোনটো দ্রৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব?

(a) বেকিং ছ’ডা।

(b) ভিনেগাৰ।

(c) চূণ পানী।

(d) চাবোন পানী।

উত্তৰঃ (b) ভিনেগাৰ।

(ii) বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3 বিধ দ্ৰৱৰ পৰীক্ষা কৰা হ’ল। ‘A’য়ে ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, ‘B’য়ে হালধিৰ দ্রৱক ৰঙা ৰঙলৈ পৰিৱর্তন কৰে আৰু ‘C’য়ে ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱর্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে?

(a) A — আম্লিক, B — আম্লিক, C — আম্লিক।

(b) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — আম্লিক।

(c) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়।

(d) A — প্রশম, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়।

উত্তৰঃ (c) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়।

(iii) তলৰ কোনটো প্রাকৃতিক সূচক ক্ষাৰকীয় দ্রৱত সেউজীয়া হ’ব?

(a) ৰঙা গোলাপৰ আৰক।

(b) হালধি।

(c) বেঙুনীয়া বন্ধাকবি।

(d) লিটমাছ পেপাৰ।

উত্তৰঃ (a) ৰঙা গোলাপৰ আৰক।

(iv) এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আম্লিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্রশমিত কৰাৰ বাবে তলৰ কোনবিধ পদার্থ মাটিৰ লগত মিহলাব লাগিব?

(a) ভিনেগাৰ।

(b) চূণ।

(c) সাধাৰণ নিমখ।

(d) নেমটেঙাৰ ৰস।

উত্তৰঃ (b) চূণ।

2. ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং ছ’ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ ৰঙা পৰুৱাই কামুৰিলে বেকিং ছ’ডা লগোৱাৰ কাৰণ: ৰঙা পৰুৱাই কামুৰিলে আমাৰ গাৰ ভিতৰত এবিধ অম্ল (ফৰ্মিক এছিড) সোমাই দিয়ে। বেকিং ছ’ডা এবিধ ক্ষাৰকীয় পদাৰ্থ হোৱা বাবে ই পৰুৱাৰ কামোৰৰ ফলত সৃষ্টি হোৱা অম্লক প্রশমিত কৰে আৰু বিষৰ পৰা সকাহ দিয়ে।

3. সূচক আৰু ইয়াৰ ৰং মিলোৱা।

সূচকঅম্লতক্ষাৰক
ৰঙা লিটমাছ পেপাৰ
হালধিৰ দ্ৰৱ
ৰঙা গোলাপৰ আৰক

উত্তৰঃ 

সূচকঅম্লতক্ষাৰক
ৰঙা লিটমাছ পেপাৰৰঙানীলা
হালধিৰ দ্ৰৱহালধীয়াৰঙা
ৰঙা গোলাপৰ আৰকৰঙা/গুলপীয়াসেউজীয়া

4. ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰঙহীন জুলীয়া পদার্থ যেনে- চাবোন পানী দিয়া হ’ল। দ্রৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পর্যৱেক্ষণ কৰিব লাগিব?

উত্তৰঃ ৰবিৰ পৰ্যৱেক্ষণ: যিহেতু চাবোন পানী এবিধ ক্ষাৰকীয় দ্ৰৱ, সেয়েহে ৰবিয়ে হালধিৰ কাগজ টুকুৰাত চাবোন পানী দিলে কাগজখনৰ ৰং ৰঙা বা ৰঙচুৱা-মুগা হোৱা পৰ্যৱেক্ষণ কৰিব।

5. তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বার্তাটো কেৱল এবিধ বিশেষ দ্ৰৱ্য ছটিয়াই দিলেহে দেখা পোৱা যায়। কোনবিধ প্রাকৃতিক দ্রৱ বার্তাটো লিখোঁতে ব্যৱহাৰ কৰিবা? কোনবিধ বিশেষ প্রাকৃতিক সূচক ছটিয়াই দি বার্তাটো প্রকাশ কৰিবা? এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানেকি প্রস্তুত কৰা।

উত্তৰঃ গোপন বাৰ্তাৰ পৰীক্ষা: গোপন বাৰ্তাটো লিখিবলৈ আপুনি বেকিং ছ’ডাৰ দ্ৰৱ বা চাবোন পানী (ক্ষাৰকীয় দ্ৰৱ) ব্যৱহাৰ কৰিব পাৰে। এই বাৰ্তাটো প্ৰকাশ কৰিবলৈ আপুনি হালধিৰ আৰক বা দ্ৰৱ সূচক হিচাপে ছটিয়াব লাগিব।

পৰীক্ষাৰ চানেকি: এখন বগা কাগজত চাবোন পানীৰে বাৰ্তাটো লিখি শুকুৱাই ল’ব লাগে। বাৰ্তাটো নেদেখা হোৱাৰ পিছত তাৰ ওপৰত হালধিৰ দ্ৰৱ সানি দিলে বাৰ্তাটো ৰঙা ৰঙত জিলিকি উঠিব।

6. এবিধ দ্ৰৱই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা? ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ’ব?

উত্তৰঃ নীলা অপৰাজিতাৰ পৰীক্ষা: দ্ৰৱটোৰ প্ৰকৃতি ক্ষাৰকীয়, কাৰণ ই নীলা অপৰাজিতাৰ আৰকক সেউজীয়া কৰে। ইয়াত ঔটেঙাৰ ৰস বা ভিনেগাৰ (যিবোৰ আম্লিক) যোগ কৰিলে ই ক্ষাৰকখিনি প্রশমিত কৰিব আৰু দ্ৰৱটোৰ ৰং পুনৰ নীলা বা গুলপীয়া হৈ পৰিব।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top