⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ

SEBA Class 7 Science Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Science Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ Solutions and select need one. SEBA Class 7 Science Textual Notes Download PDF. SCERT Class 7 Science New Textbook Question Answer in Assamese.

SEBA Class 7 Science Chapter 2 বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Amar Bijnan (Science) Textual Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Amar Bijnan (Science) Question Answer for All Chapters, You can practice these here.

বিদ্যুৎ বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ

Chapter: 2

অনুশীলনী

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্রৱাহ পাৰ হ’বলৈ দিব?

(ক) দিয়াচলাই কাঠী।

(খ) প্লাষ্টিকৰ ফণি।

(গ) মোহৰা ৰবৰ।

(ঘ) লোৰ গজাল।

উত্তৰঃ (ঘ) লোৰ গজাল।

(ii) বৈদ্যুতিক বর্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূর্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি?

(ক) পৰিবাহী।

(খ) ছুইচ।

(গ) প্রৱাহ।

(ঘ) মেৰু।

উত্তৰঃ (খ) ছুইচ।

(iii) তলৰ কোনটো অন্তৰক?

(ক) তাম।

(খ) পাৰা।

(গ) কাচ।

(ঘ) সোণ।

উত্তৰঃ (গ) কাচ।

(iv) বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়?

(ক) সীহ।

(খ) সোণ।

(গ) তাম।

(ঘ) টাংস্টেন।

উত্তৰঃ (ঘ) টাংস্টেন।

(v) বৈদ্যুতিক বর্তনীৰ ছুইচটো ‘অফ’ অৱস্থাত থাকিলে বর্তনীটোৰ নাম কি?

(ক) বন্ধ বর্তনী।

(খ) শ্বর্ট চার্কিট।

(গ) মুক্ত বর্তনী।

(ঘ) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (গ) মুক্ত বর্তনী।

(vi) বৈদ্যুতিক বর্তনীৰ ছুইচটো ‘অন’ অৱস্থাত থাকিলে বর্তনীটোৰ নাম কি?

(ক) শ্বর্ট চার্কিট।

(খ) বন্ধ বর্তনী।

(গ) মুক্ত বর্তনী।

(ঘ) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (খ) বন্ধ বর্তনী।

2. খালী ঠাই পূৰ কৰা।

(i) দুই বা ততোধিক কোষৰ সংমিশ্রণক ___________ বুলি কোৱা হয়।

উত্তৰঃ দুই বা ততোধিক কোষৰ সংমিশ্রণক বেটাৰী বুলি কোৱা হয়।

(ii) আমাৰ শৰীৰটো বিদ্যুতৰ _____________।

উত্তৰঃ আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী।

(iii) বৈদ্যুতিক কোষ এটাত _____________ টা টার্মিনেল থাকে।

উত্তৰঃ বৈদ্যুতিক কোষ এটাত দুটা টার্মিনেল থাকে।

(iv) বিদ্যুৎ কেৱল _____________ বর্তনী এটাতহে প্রৱাহিত হ’ব।

উত্তৰঃ বিদ্যুৎ কেৱল বন্ধ বর্তনী এটাতহে প্রৱাহিত হ’ব।

(v) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ দিয়ে সেইবোৰক _____________ বোলা হয়।

উত্তৰঃ যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ দিয়ে সেইবোৰক পৰিবাহী বোলা হয়।

(vi) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ নিদিয়ে সেইবোৰক ______________ বোলা হয়।

উত্তৰঃ যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ’বলৈ নিদিয়ে সেইবোৰক অন্তৰক বোলা হয়।

(vii) বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ______________ বুলি কোৱা হয়।

উত্তৰঃ বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ফিলামেণ্ট বুলি কোৱা হয়।

(viii) বৈদ্যুতিক _____________ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয়।

উত্তৰঃ বৈদ্যুতিক বৰ্তনী হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয়।

(ix) ____________ হৈছে পদার্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নির্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।

উত্তৰঃ পৰিবাহিতা টেষ্টাৰ হৈছে পদার্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নির্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।

3. তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা।

(i) বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপীটো হৈছে ধনাত্মক মেৰু।

উত্তৰঃ সঁচা।

(ii) এটা বর্তনী চিত্রত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয়।

উত্তৰঃ সঁচা।

(iii) বেটাৰিৰ এটা গোটক কোষ বুলি কোৱা হয়।

উত্তৰঃ মিছা।

(iv) অন্তৰকে বিদ্যুৎ প্ৰৱাহ তাৰ মাজেৰে পাৰ হ’বলৈ দিয়ে।

উত্তৰঃ মিছা।

(v) এটা বৈদ্যুতিক বাল্বত এটা টার্মিনেল থাকে।

উত্তৰঃ মিছা।

(vi) যি বর্তনীত বৈদ্যুতিক প্ৰৱাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয়, সেই বর্তনীটোক মুক্ত বর্তনী বুলি কোৱা হয়।

উত্তৰঃ সঁচা।

(vii) প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী।

উত্তৰঃ মিছা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top