Modern Political Philosophy Unit 4 মূল সংক্ৰান্ত – I

Modern Political Philosophy Unit 4 মূল সংক্ৰান্ত – I, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Modern Political Philosophy Unit 4 মূল সংক্ৰান্ত – I Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Modern Political Philosophy Unit 4 মূল সংক্ৰান্ত – I Question Answer can be of great value to excel in the examination.

Modern Political Philosophy Unit 4 মূল সংক্ৰান্ত – I

Join Telegram channel

Modern Political Philosophy Unit 4 মূল সংক্ৰান্ত – I Notes cover all the exercise questions in UGC Syllabus. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Ladicals – l 

MODERN POLITICAL PHILOSOPHY

আধুনিক ৰাজনৈতিক দৰ্শন

অতি চমু প্রশ্নোত্তৰ

১। ইতিহাসৰ পৃষ্ঠপোষক কোন? (Who is the sponsor of history?)

উত্তৰঃ কার্ল মার্ক্স।

২। কার্ল মার্ক্সৰ মতে পুঁজিবাদী সমাজৰ প্ৰধান শ্ৰেণী দুটা কি কি? (According to Karl Marx, what are the two main classes of capitalist society?)

উত্তৰঃ পুঁজিপতি আৰু সৰ্বহাৰা।

৩। উৎপাদনৰ শক্তি সম্পর্কে লিখা। (Write about the power of production.) 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ উৎপাদনৰ বাবে মানুহে উৎপাদন শক্তিৰ ব্যৱহাৰ আৰু বিকাশ ঘটাব লাগে। মার্ক্সৰ মতে উৎপাদনশীল শক্তিয়ে উৎপাদনৰ আহিলাকে বুজায়। সঁজুলি, যন্ত্রপাতি, প্রযুক্তিবিদ্যা, মাটি, কেঁচা সামগ্ৰী আৰু উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োগ কৰা মানুহৰ জ্ঞান আৰু সামৰ্থ আদিয়েই হ’ল উৎপাদনৰ আহিলা।

৪। বিচ্ছিন্নতা বুলিলে কি বুজে? (What is the alienation?)

উত্তৰঃ সাধাৰণ ভাষাত বিচ্ছিন্নতা বুলিলে অকলশৰীয়া অৱস্থা বা নিৰ্বিকাৰ মনোভাৱক বুজা যায়। 

৫। গ্রামচিয়ে কেনেকৈ আধিপত্যবাদৰ সংজ্ঞা দিয়ে? (How does Gramsci define hegemony?) 

উত্তৰঃ এন্টোনি গ্ৰামচিৰ লিখনিত, আধিপত্যবাদৰ অৰ্থ হৈছে এক প্রভাৱশালী শ্ৰেণীৰ বলপ্রয়োগৰ বিকল্প হিচাপে তত্ত্বাৱধানৰ অধীনত সকলৰ সন্মতি লাভ কৰি ক্ষমতা প্রয়োগ কৰাৰ সামঞ্জস্য।

৬। গ্ৰামচিৰ মতে, বিদ্যালয় গির্জা আৰু পৰিয়ালৰ দৰে প্ৰতিষ্ঠানৰ উদ্দেশ্য কি? (According to Gramsci, what is the purpose of institutions like the school Church and the family?)

উত্তৰঃ গ্রামচিৰ মতে, পৰিয়াল, বিদ্যালয় আৰু গিৰ্জাৰ দৰে নাগৰিক সমাজৰ প্ৰতিষ্ঠানবোৰে নাগৰিকসকলক আচৰণৰ নিয়মৰ সৈতে পৰিচিত কৰে আৰু তেওঁলোকক শাসক শ্ৰেণীৰ কর্তৃত্বৰ প্ৰতি স্বাভাৱিক সন্মান দেখুৱাবলৈ শিকায়।

৭। কার্ল মার্ক্সৰ বিচ্ছিন্নতা তত্ত্বটো তেওঁৰ কোনখন লিখনিত আলোচনা কৰা হৈছে? (In which of his writings was Karl Marx’s theory of alienation discussed?)

উত্তৰঃ কার্ল মার্ক্সে লিখা প্ৰথমাৱস্থাৰ ৰচনা ইক’নমিক এণ্ড ফিল’ছফিক পাণ্ডুলিপিত (১৮৪৪ চন) পোন প্ৰথমবাৰৰ বাবে বিচ্ছিন্নতা তত্ত্বটো আলোচনা কৰা হৈছিল।

৮। কার্ল মার্ক্সৰ শ্ৰেণীৰ সংজ্ঞাটো দিয়া। (According to Karl Marx define class.)

উত্তৰঃ মার্ক্সৰ মতে এখন সমাজৰ উৎপাদনগত পৰিচালনাত ব্যক্তিসমূহে গ্ৰহণ কৰা অৱস্থান বা ভূমিকাৰ ভিত্তিত সমাজখন কিছু স্তৰত বিভাজিত হয়। মার্ক্সৰ মতে এই স্তৰবোৰকে শ্রেণী বোলা হয়। 

৯। শ্ৰেণীৰ দুটা নির্ণায়ক কি কি? (What are the two criteria of the class?) 

উত্তৰঃ এজন ব্যক্তিয়ে ধাৰণ কৰা অৱস্থান আৰু উপাৰ্জন প্ৰক্ৰিয়াত তেওঁ সম্পন্ন কৰা ভূমিকা।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। গ্রামচিৰ মতে, ৰাজনৈতিক নিয়ন্ত্ৰণৰ দুটা প্ৰকাৰ কি কি? (According to Gramsci, what are the two forms of political control?)

উত্তৰঃ গ্ৰামচিয়ে ৰাজনৈতিক নিয়ন্ত্ৰণৰ দুটা পৃথক প্ৰকাৰ চিনাক্ত কৰিছিল যেনে—

(ক) আধিপত্য যিয়ে আৰক্ষী আৰু সশস্ত্র বাহিনীৰ দ্বাৰা প্ৰত্যক্ষ শাৰীৰিক বলপ্রয়োগৰ কথা উল্লেখ কৰিছিল।

(খ) আদর্শগত নিয়ন্ত্ৰণ আৰু অধিক গুৰুত্বপূৰ্ণভাৱে সন্মতি সম্পন্ন আধিপত্যবাদ।

২। ‘অর্থনৈতিক নির্ণায়ক’ৰ সম্পৰ্কত মার্ক্সৰ দৃষ্টিভংগী কি আছিল? (What was Marx’s view of the economic determinant?)

উত্তৰঃ মার্ক্সৰ মতে সমাজৰ উৎপাদন সম্পর্কই নির্দিষ্ট উৎপাদনশীল শক্তিসমূহৰ ভিত্তিত সৃষ্টি হোৱা সমাজৰ অৰ্থনৈতিক ভিত্তি। তেওঁ এইদৰেও ব্যাখ্যা কৰিছে যে অর্থনৈতিক বুনিয়াদৰ ওপৰতে গঢ় লৈ উঠে বিশেষ ৰাজনৈতিক অনুষ্ঠানসমূহ, আইনসমূহ, ৰীতি-নীতিসমূহ, সংস্কৃতি, ধাৰণা চিন্তাৰ প্ৰণালী, নৈতিকতা ইত্যাদি। এইবিলাকেই সমাজৰ ৰাজনৈতিক আদর্শগত উপৰি সৌধ নিৰ্মাণ কৰে। এই উপৰি সৌধৰ মূল অর্থনৈতিক ভিত্তিতেই যে প্রতিষ্ঠিত এনে নহয়, ইয়াৰ অৱয়বসমূহো অৱশেষত সেই অর্থনৈতিক ভিত্তিৰ চৰিত্ৰ আৰু এনে নহয়। ইয়াৰ অবয়বসমূহো অৱশেষত সেই অর্থনৈতিক ভিত্তিৰ চৰিত্ৰ আৰু বিকাশৰ অনুগামী। অৰ্থাৎ, মানুহে কি দৰে সমাজ সংগঠিত কৰে সেইটো নিৰ্ভৰ কৰে অৰ্থনৈতিক ভেঁটি আৰু উপাৰ্জন। প্ৰণালীৰ পৰা নিসৃত সম্পৰ্কসমূহৰ ওপৰত।

৩। উৎপাদনৰ ধৰণ বুলিলে কি বুজা? উৎপাদনৰ প্ৰধান ধৰণ বা সঁজুলি বিলাক কি কি? (What is the meaning of the type of production? What are the main types or components of the product?)

উত্তৰঃ উৎপাদনৰ সম্পৰ্ক আৰু উৎপাদন শক্তি— এই দুই স্থিতিয়ে একেলগে উৎপাদনৰ ধৰণ গঠন কৰে। ঐতিহাসিক বস্তুবাদৰ প্ৰবক্তা মার্ক্সৰ অনুগামীসকলে সাধাৰণতে ক’ব খোজে যে উৎপাদন বিভিন্ন ধৰণৰ মাজেদিয়েই সমাজে গতি কৰে। তাৰ অৰ্থ হ’ল উৎপাদন সম্পর্কৰ চৰিত্ৰ উৎপাদনশীল শক্তিসমূহৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰশীল। উৎপাদনশীল শক্তিসমূহ সাধাৰণ সঁজুলি আৰু আদিম মানুহে ব্যৱহাৰ কৰে। যন্ত্রপাতিসমূহো হ’ব পাৰে বা আধুনিক যুগৰ অধিক উন্নত যান্ত্রিক কৌশল বা প্রযুক্তিবিদ্যাও হ’ব পাৰে।

মার্ক্সে সাধাৰণভাৱে চিনাক্তকৰণ কৰা উৎপাদনৰ প্ৰধান সজুঁলিসমূহ হ’ল—

(ক) আদিম সাম্যবাদ বা জনজাতীয় (প্রাগ-ঐতিহাসিক স্তৰ)।

(খ) পুৰণি বা ক্রীতদাস।

(গ) সামন্তবাদ।

(ঘ) পুঁজিবাদ।

এই প্ৰতিটো সামাজিক ভৰতে মানুহে প্ৰকৃতিৰ লগত যুঁজি বিভিন্ন ধৰণে নিজৰ নিজৰ উপাৰ্জন কৰে। এই দৰে কৰা উপাৰ্জনৰ ৰাহি অংশটো বিভিন্ন প্ৰকাৰে আৱন্টন কৰে। পুৰণি সমাজ ব্যৱস্থাটো দাসৰ মালিক সকলৰ দ্বাৰা গঠিত এটা শাসক শ্ৰেণী আৰু দাসকলৰ ভিত্তিত প্রতিষ্ঠিত। সামস্ত প্রথা প্রতিষ্ঠিত আছিল ভূ-স্বামী আৰু ছাফসকলৰ ভিত্তিত আৰু পুঁজিবাদৰ ভিত্তি হ’ল পুঁজিপতি শ্ৰেণী আৰু বনুৱা শ্ৰেণী। পুঁজিপতিসকল উপাৰ্জনৰ আহিলাসমূহৰ ব্যক্তিভাৱে অধিকাৰী তেওঁলোকৰ হাততে বিতৰণ আৰু আদান-প্ৰদানৰ ব্যৱস্থাসমূহ (যেনে— ফেক্টৰী, খনি, বজাৰ, বেংক) ন্যস্ত। আনহাতে বনুৱা শ্ৰেণীটো জীয়াই থাকে। বেতনৰ বাবে তেওঁলোকৰ বিশেষ শ্রম পুঁজিপতিসকলৰ লগত বিনিময় কৰি।

৪। উৎপাদনৰ সম্পৰ্ক ধাৰণাটো সম্পর্কে আলোচনা কৰা। (Discuss the concept of ‘Production relations’?)

উত্তৰঃ উৎপাদনৰ সম্পৰ্ক ক্ষেত্ৰত মার্ক্সে তলৰ কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

(ক) উৎপাদন আৰু বিনিময় সফলভাৱে ৰূপায়ণ কৰিবৰ বাবে মানুহে স্পষ্ট সামাজিক সম্পর্ক স্থাপন কৰিবলৈ বাধ্য অন্ততঃ মৌলিকভাৱে উৎপাদন সম্পৰ্ক কৰিবই লাগিব। 

(খ) অৱশ্যে উৎপাদন বিমূর্তভাৱে বা স্বেচ্চাচাৰী সম্পৰ্কক স্থাপনৰ যোগেদি বা ইচ্ছাভিত্তিক বিশৃংখল সম্পৰ্কৰ মাজেদি সম্পন্ন কৰিব নোৱাৰি। মানুহে একত্ৰিতভাৱে প্ৰকৃতিৰ ওপৰত  ক্ৰিয়া কৰে, কিন্তু একেটা কামকে সকলোৱে নকৰে। শ্রম বিভাজন আছে অর্থাৎ মানুহে বেলেগ বেলেগ কাম কৰে।

(গ) শ্রম-বিভাজনৰ ক্ষেত্ৰত কিছুমান লোক উপাৰ্জনৰ আহিলাৰ গৰাকী হৈ আনৰ কামৰ ওপৰত বৰ্তী থাকে। এইটো কেনেকৈ সমাধা কৰে সেইটো নিৰ্ভৰ কৰে সমাজৰ প্ৰকৃতিৰ ওপৰত।

(ঘ) মানুহৰ মাজত স্পষ্ট সম্পৰ্ক প্ৰতিষ্ঠাৰ যোগেদি উৎপাদন সম্পন্ন কৰা হয়।

(ঙ) আনহাতে উৎপাদন সম্পর্ক নিশ্চিত কৰে উৎপাদনশীল শক্তিসমূহৰ আপেক্ষিক অৱস্থান আৰু চৰিত্ৰই– যিটো ইতিহাসৰ সকলো সময়তে বিদ্যমান।

৫। ‘ইউনেস্ক’ ডিক্সনেৰী অব ছোচিয়েল ছায়েন্সচ’ত থকা বিচ্ছিন্নতাৰ সংজ্ঞাটো কি? What is the definition of alienation in UNESCO’s Dictionary of Social Sciences?)

উত্তৰঃ ব্যক্তিত্বৰ অংশ অথবা সামগ্রিক ব্যক্তিত্ব আৰু অভিজ্ঞতাৰ পৃথিৱীখনৰ বিভিন্ন বৈশিষ্ট্যপূৰ্ণ দিশৰ মাজত ঘটা বিচ্ছেদ অথবা পৃথকীকৰণেই হ’ল বিচ্ছিন্নতা।

(ক) এই সাধাৰণ সংজ্ঞাৰ ভিতৰত অভিধাটোৱে এনে ধৰণে বুজায়–

(১) বিচ্ছিন্ন অথবা পৃথকীকৰণৰ এটা বস্তুনিষ্ঠ অৱস্থাৰ কথা বুজাব পাৰে।

(২) বিচ্ছেদ ঘটা ব্যক্তিত্বৰ মানসিক অনুভব স্থিতি বুজাব পাৰে।

(৩) বিচ্ছেদ সৃষ্টিকাৰী কোনো অভিপ্ৰায়সমূহক পৰিস্থিতিৰ কথা বুজাব পাৰে।

(খ) অভিধাটোৱে বুজাৰ খোজা পৃথকীকৰণ প্ৰক্ৰিয়াটো এনে ধৰণে দেখুৱাৰ পাৰি– 

(১) ব্যক্তিসত্তা আৰু বস্তুনিষ্ঠ পৃথিৱীখনৰ মাজত চলিব পাৰে।

(২) ব্যক্তিসত্তা আৰু পৃথক হৈ পৰা ব্যক্তিসত্তাৰ বিভিন্ন দিশ তথা ব্যক্তিসত্তাৰ বিপক্ষে যোৱা বিভিন্ন দিশৰ মাজত চলিব পাৰে।

(৩) ব্যক্তিসত্তা আৰু ব্যক্তিসত্তাৰ মাজত চলিব পাৰে।

সংজ্ঞাটোৰ পৰা ধাৰণাটো সামগ্রিকভাৱে বুজিব পাৰি যদিও ধাৰণাটো বিশেষভাৱে ব্যক্তিত্বৰ সৈতেহে জড়িত। সেয়েহে আইগ’ৰ এছ, ক’নে এই সংজ্ঞাটোক সকলো দিশকে সামৰি লোৱাৰ পৰা আতৰত বুলি অভিহিত কৰি কৈছে যে বিচ্ছিন্নতাৰ ব্যাখ্যা ব্যক্তিগত স্তৰতে ৰৈ যাব নোৱাৰে, ইয়াৰ ব্যাখ্যাই সমূহীয়া ভৰকো যাতে সামৰি লয় তালৈও মনোযোগ দিয়া প্রয়োজন।

৬। ‘প্রজাতি সত্তা’ কি? (What is a species?) 

উত্তৰঃ বিচ্ছিন্নতাৰ চাৰিটা প্ৰধান দিশ আছে। ইয়াৰে এটা প্ৰজাতি সত্তা। প্রজাতি সত্তা হ’ল মার্ক্সৰ মতে বিচ্ছিন্নতাৰ তৃতীয়টো দিশ। প্ৰজাতি সত্তা বুলি মার্ক্সে মানুহৰ প্ৰয়োজনীয় সম্ভাৱনীয়তা অথবা গুণবোৰৰ কথা বুজাইছে। এই ধাৰণাটো বাখ্যা কৰিবলৈ যাওঁতে মার্ক্সে প্রথমে মানুহ আৰু অনা-মানুহ প্ৰাণীৰ মাজৰ প্ৰভেদ নিৰ্ণয় কৰাৰ চেষ্টা কৰিছে। তেওঁ কৈছে যে অন্য প্ৰাণীৰ দৰে মানুহো জীৱন বৰ্তাই ৰাখিবলৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। মানুহ আৰু অন্য প্ৰাণীৰ মাজত থকা প্ৰভেদটো হ’ল মানুহৰ মুক্ত আৰু সচেতন জীৱন ক্রিয়া। মার্ক্সৰ মতে এই মুক্ত আৰু সচেতন জীৱন ক্রিয়াই মানুহক তাৎক্ষণিকভাৱে ‘জীবন্ত জীবন ক্রিয়া ব পৰা পৃথক কৰে। মার্ক্সে যুক্তি দর্শাইছিল যে অন্য জীবজন্তরে জীবন ক্রিয়াত লিপ্ত হয় আৰু উৎপাদন কৰে। কিন্তু এই উৎপাদনে কেৱল তাৎক্ষণিক শাৰীৰিক প্ৰয়োজন পূৰণ কৰে। আনহাতে, মানুহে সৃজনশীল আৰু সচেতনভাৱে নিজৰ জীৱন ক্রিয়া আগবঢ়াই নিয়ে।

৭। নিজে উৎপাদন কৰা সামগ্ৰীৰ পৰা শ্ৰমিকৰ বিচ্ছিন্নতা কেনে ধৰণৰ আলোচনা কৰা। (Discuss what kind of alientation of workers from self- produced materials.)

উত্তৰঃ দ্বিতীয় প্ৰকাৰৰ বিচ্ছিন্নতা উৎপাদনৰ সৈতে জড়িত কার্যকলাপতে লুকাই থাকে। মার্ক্সে যুক্তি দর্শাইছিল যে, “শ্ৰমৰ দ্বাৰা উৎপাদিত সামগ্রী যদি বিচ্ছিন্ন, তেন্তে উৎপাদন কার্যটোও নিশ্চয়, এক সক্রিয় বিচ্ছিন্নতা হ’ব কাৰ্যকলাপৰ বিচ্ছিন্নতা, বিচ্ছিন্নতাৰ কাৰ্যকলাপ। শ্ৰমৰ সামগ্ৰীৰ পৃথকীকৰণতেই শ্ৰমৰ কাৰ্যকলাপত থকা পৃথকীকৰণ, বিচ্ছিন্নতাৰ সাৰাংশ লুকাই থাকে।” সৃজনশীল সত্তা হিচাপে মানুহৰ নিজ শ্ৰম শক্তিৰ জৰিয়তে সামগ্ৰী উৎপাদন কৰাৰ সম্ভাবনীয়তা আছে। কিন্তু পুঁজিবাদী ব্যৱস্থাত পুঁজিপতিসকলেহে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে, পুঁজিপতিসকলেই কি উৎপাদন কৰিব লাগিব কেনেদৰে উৎপাদন কৰিব লাগিব, কেতিয়া উৎপাদন কৰিব লাগিব আৰু ক’ত উৎপাদন কৰিব লাগিব সেয়া সিদ্ধান্ত লয়। 

পুঁজিপতিয়ে দিয়া নিৰ্দেশ অনুসৰি শ্ৰমিকে সামগ্রী উৎপাদন কৰে। সেই কাৰণে শ্ৰমিকসকলে নিজৰ সম্ভাৱনীয়তা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব নোৱাৰে। এইটো দিশৰ পৰা সমগ্ৰ কাৰ্যটোৱেই শ্ৰমিকৰ কাৰণে এটা বাহ্যিক আৰু বিচ্ছিন্ন প্রক্রিয়া। এই মানৱীয় সৃজনশীল প্ৰকৃতিৰ পৰিচায়ক নহয়। সেয়েহে এনে কার্য স্বৈচ্ছিক বুলি কোৱাতকৈ ‘বলপূর্বকভাবে কৰোৱা শ্ৰম” বোলা হয়।

৮। উৎপাদন প্ৰক্ৰিয়াৰ পৰা শ্ৰমিকৰ বিচ্ছিন্নতা কেনে ধৰণৰ আলোচনা কৰা। (Discuss what kind of alientation of workers from the production process.)

উত্তৰঃ শ্ৰমিকসকলক তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ পৰা আতৰাই ৰখাটোৱেই বিচ্ছিন্নতাৰ প্ৰথম পৰ্যায় বুলি মার্ক্সে যুক্তি দর্শাইছে। শ্রমিকে তেওঁলোকৰ শ্ৰম বিক্ৰী কৰে পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত পুঁজিপতিৰ হাতত। ইয়াৰ বিনিময়ত মজুৰি লাভ কৰে। শ্রমিকে মজুৰী লয় কাৰণে পুঁজিপতিৰ হৈ কাম কৰিবলৈ বাধ্য। শ্রমিকে পণ্যদ্রব্যবোৰ উৎপাদন কৰে যদিও এইবোৰৰ ওপৰত তেওঁলোকৰ কোনো অধিকাৰ নাথাকে। অর্থাৎ শ্রমিকে নিজে উৎপাদন কৰা সামগ্ৰীৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে। ৰিটঝাৰৰ মতে, “যদি শ্ৰমিকে নিজৰ শ্ৰমৰ ফচল হিচাপে কোনো সামগ্ৰীৰগৰাকী হ’ব খোজে তেন্তে তেওঁলোকেও অন্য মানুহৰ দৰে সামগ্ৰীবিধ কিনিব লাগিব।”

সামগ্ৰীবোৰ শ্ৰমিকৰ পৰা আতৰাই নি লাভ অৰ্জনৰ বাবে বিক্ৰী কৰা হয়। এনেদৰে পুঁজিপতিসকলে নিজৰ মূলধন বৃদ্ধি কৰে। চমুকৈ ক’বলৈ হ’লে শ্রমিকে যিমানেই অধিক সামগ্রী উৎপাদন কৰিব সিমানেই পুঁজিপতিসকল ধনী হ’ব। পুঁজিপতিসকল যিমানেই ধনী হ’ব সিমানেই তেওঁলোকৰ শ্ৰমিকৰ দমন কৰাৰ ক্ষমতা বাঢ়িব।

৯। ‘প্ৰজাতি সত্তা’ৰ পৰা শ্ৰমিক কেনেদৰে বিচ্ছিন্ন হয়, আলোচনা কৰা। (Discuss how workers are isolated from species.) 

উত্তৰঃ মানুহৰ প্ৰয়োজনীয় সম্ভাৱনীয়তা অথবা গুণবোৰৰ কথা বুজাইছে মার্ক্সে প্রজাতি সত্তাৰ দ্বাৰা। মার্ক্সে কৈছে যে, শ্ৰমৰ উদ্দেশ্য হ’ল মানুহৰ প্ৰজাতি জীৱনৰ বাস্তৱ কৰণ। কিন্তু পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলক তেওঁলোকৰ নিজস্ব সামৰ্থৰ পৰা অথবা প্রজাতি সত্তাৰ পৰা বিচ্ছিন্ন কৰা হয়। যিহেতু পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত শ্ৰমিকসকলৰ নিজৰ উৎপাদনকাৰী কাৰ্যকলাপৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে আৰু তেওঁলোকে কেৱল পুঁজিপতিৰ নিৰ্দেশনা মতে কাম কৰে সেয়েহে শ্রমিকে উৎপাদন কৰা সামগ্ৰী আৰু শ্ৰমিক ব্যস্ত  হৈ থকা কৰ্ম কোনোটোৱেই শ্ৰমিকৰ ইচ্ছা শক্তি আৰু সচেতনাৰ অংশ নহয়। শ্ৰমিকৰ শ্ৰমক এইক্ষেত্ৰত মুক্ত আৰু সচেতন কাৰ্যকলাপৰ প্ৰকাশ বুলি ধৰা নহয়। এনে শ্রমে প্রকৃত মানবীয় সম্ভাবনীয়তা অথবা প্ৰজাতি সত্তা প্রতিফলিত নকৰে। ৰিটঝাৰৰ মতে, পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলে ক্রমে মানুহৰ দৰে কাম কৰিবলৈ এৰি দিয়ে, কাৰণ তেওঁলোকক যন্ত্ৰৰ দৰে কাম কৰিব পৰা কৰি তোলা হয়।” এটা ‘প্ৰজাতি সত্তা’ হিচাপে শ্ৰমিকৰ মনত থকা সচেতনতা কেৱল শাৰীৰিক অস্তিত্ব বৰ্তাই ৰাখিবলৈ প্ৰয়োজন হোৱা ধন উপাৰ্জনৰ মাধ্যমত পৰিণত হয়।

১০। শ্রেণী সংগ্রাম সম্পৰ্কত কার্ল মার্ক্সৰ বক্তব্য চমুকৈ লিখা। (Write briefly Karl Marxs statement about class struggle.)

উত্তৰঃ শ্ৰেণী সংগ্ৰামৰ অধ্যয়নৰ বিকাশৰ সম্পৰ্কত কার্লমাৰ্গে কঠোৰভাৱে সমালোচনা কৰিছে। ‘কমিউনিষ্ট মেনিফেষ্টত শ্রেণী সংগ্রাম সম্পৰ্কত মার্ক্সে তেওঁৰ অভিমত আলোচনা কৰিছে। শ্ৰেণী কাক কয় এই সম্পর্কত মার্ক্সে নিজৰ ব্যাখ্যা দাঙি ধৰি কৈছে যে যেতিয়াই কোনো এটা গোটৰ সদস্যসকলে শ্রেণী সচেতনতা আৰু একাত্মবোধ লাভ কৰে তেতিয়াই এটা শ্ৰেণীৰ সৃষ্টি হয়। এইটো প্রধানতঃ তেতিয়া ঘটে যেতিয়া এটা শ্ৰেণীৰ সদস্যক তেওঁলোকক কৰা শোষণ সম্পৰ্কে আৰু আন এটা শ্ৰেণীৰ লগত তেওঁলোকৰ সংগাত সম্পর্কে সতর্ক হয়। তেতিয়াই শ্ৰেণী এটা ইয়াৰ অংশীদাৰী স্বাৰ্থ আৰু উমৈহতীয়া পৰিচয় উপলব্ধি কৰে। মার্ক্সৰ মতে এই অৱস্থাতে শ্ৰেণী এটাই শোষণকাৰীসকলৰ বিৰুদ্ধে মাৰ বান্ধি উঠে। মার্ক্সে সমাজ স্তৰীভূতকৰণৰ উৎস হিচাপে প্রধানতঃ ঔদ্যোগিক সমাজৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যিটোৰ ফলতেই অৱশেষত সৃষ্টি হয় শ্রেণীসংগ্রাম। তেওঁৰ মতে পণ্য উৎপাদনকাৰী উদ্যোগসমূহত সঘনে দেখা পোৱা শ্ৰেণীসমূহৰ মাজৰ বিভাজনৰ কাৰক হ’ল পুঁজিবাদ। 

উৎপাদন এটা সামাজিক উদ্যোগ হোৱাৰ বাবেই মজদুৰসকল বা সৰ্বহাৰাসকল বুজোৱা শ্ৰেণীটোৰ পৰা পৃথক হৈ পৰে। উদ্যোগসমূহত থকা প্ৰযুক্তি বিদ্যাই এই পৃথকীকৰণত অৰিহণা যোগায়। প্ৰযুক্তিবিদ্যাই মজদুৰসকলক অদক্ষ আৰু বিচ্ছিন্ন কৰি তোলে, কাৰণ এতিয়াৰ পৰা আৰু তেওঁলোকক বিশেষজ্ঞাত পৰিণত দক্ষ লোক বুলি বিবেচনা কৰা নহয়। প্রযুক্তিবিদ্যাৰ আন এটা পৰিণতি হ’ল সহজলভ্য সমসত্ব কর্ম বাহিনী যাক সহজে সলনি কৰিব পাৰি। মার্ক্সে বিশ্বাস কৰিছিল যে এই শ্ৰেণী সংগ্রামেই বুজোৱা সকলক ক্ষমতাচ্যুত কৰিব আৰু ব্যক্তিগত সম্পত্তিসমূহ কমিউনিষ্টৰ হাতলৈ যাব। উৎপাদনৰ সামগ্ৰীসমূহ থাকিব কিন্তু ব্যক্তিগত সম্পত্তি কমিউনিষ্টৰ হাতলৈ যোৱাৰ ফলত শ্ৰেণী সংগ্ৰামৰ অৱসান ঘটিব।

১১। উৎপাদনৰ ধৰণ বুলিলে কি বুঝে? উৎপাদনৰ প্ৰধান ধৰণ বা সঁজুলিবিলাক কি কি, (What do you mean by type of components? What are the main types or materials of production?)

উত্তৰঃ উৎপাদনৰ সম্পৰ্ক আৰু উৎপাদন শক্তি— এই দুই স্থিতিয়ে একেলগে উৎপাদনৰ ধৰণ গঠন কৰে। ঐতিহাসিক বস্তুবাদৰ প্ৰবক্তা মার্ক্সৰ অনুগামীসকলে সাধাৰণতে ক’ব খোজে। যে উৎপাদন বিভিন্ন ধৰণৰ মাজেদিয়েই সমাজে গতি কৰে। তাৰ অৰ্থ হ’ল উৎপাদন সম্পর্ক। চৰিত্ৰ উৎপাদনশীল শক্তিসমূহৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰশীল। উৎপাদনশীল শক্তিসমূহ সাধাৰণ সঁজুলি আৰু আদিম মানুহে ব্যৱহাৰ কৰে। যন্ত্রপাতিসমূহো হব পাৰে বা আধুনিক যুগৰ অধিক উন্নত যান্ত্রিক কৌশল বা প্রযুক্তিবিদ্যাও হ’ব পাৰে।

মার্ক্সে সাধাৰণভাৱে চিনাক্তকৰণ কৰা উৎপাদনৰ প্ৰধান সজুঁলিসমূহ হ’ল— (ক) আদিম সাম্যবাদ বা জনজাতীয় (প্রাগ-ঐতিহাসিক স্তৰ), (খ) পুৰণি বা ক্রীতদাস (গ) সামন্তবাদ আৰু (ঘ) পুঁজিবাদ।

এই প্ৰতিটো সামাজিক স্তৰতে মানুহে প্ৰকৃতিৰ লগত যুঁজি বিভিন্ন ধৰণে নিজৰ নিজৰ জীৱিকা উপাৰ্জন কৰে। এই দৰে কৰা উপাৰ্জনৰ ৰাহি অংশটো বিভিন্ন প্ৰকাৰে আৱন্টন কৰে। পুৰিণ সমাজ ব্যৱস্থাটো দাসৰ মালিক সকলৰ দ্বাৰা গঠিত এটা শাসক শ্ৰেণী আৰু দাসকলৰ ভিত্তিত প্রতিষ্ঠিত, সামস্ত প্রথা প্রতিষ্ঠিত আছিল ভূ-স্বামী আৰু ছাৰ্যসকলৰ ভিত্তিত আৰু পুঁজিবাদৰ ভিত্তি হ’ল পুঁজিপতি শ্ৰেণী আৰু বনুৱা শ্ৰেণী। পুঁজিপতিসকল উপাৰ্জনৰ আহিলাসমূহৰ ব্যক্তিভাৱে অধিকাৰী তেওঁলোকৰ হাততে বিতৰণ আৰু আদান-প্ৰদানৰ ব্যৱস্থাসমূহ (যেনে— ফেক্টৰী, খনি, বজাৰ, বেংক) ন্যস্ত। আনহাতে বনুৱা শ্ৰেণীটো জীয়াই থাকে। বেতনৰ বাবে তেওঁলোকৰ বিশেষ শ্রম পুঁজিপতিসকলৰ লগত বিনিময় কৰি।

১২। বিচ্ছিন্নতাৰ প্রকৃতি আলোচনা কৰা। (Discuss the nature of alientation.)

উত্তৰঃ বিচ্ছিন্নতাৰ ধাৰণাটো আলোচনা কৰাৰ পূৰ্বে অভিধাটো কি ক্ষেত্ৰত ব্যৱহাৰ হৈছে তাৰ পটভূমি জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ। ‘দ্য কনচেপ্ট অব্ এলিয়েনেশ্যন ইন মর্ডান ছ’ছিঅ’ল’জী (১৯৬৭) শিৰোনামৰ ৰচনাত আইগ’ৰ এছ ক’নে বিচ্ছিন্নতাৰ কিছুমান গুৰুত্বপূৰ্ণ প্রকৃতি উল্লেখ কৰিছে প্রকৃতিবোৰ তলত চমুকৈ তুলি দিয়া হ’ল–

এক পৰিঘটনা হিচাপে বিচ্ছিন্নতা মানৱীয় সমস্যাৰ সৈতে জড়িত। অৱশ্যে সমস্যাবোৰ ব্যক্তিগত নে সামূহিক সেয়া পৃথক কৰি লোৱা দৰকাৰ। কিছুমান পণ্ডিতে বিচ্ছিন্নতাক এক ব্যক্তিগত পৰিঘটনা বুলি ক’ব খোজে। আন কিছুমানে ইয়াক এক ‘সৰ্বাঙ্গীন’ পন্থাৰে বিশ্লেষণ কৰিব খোজে। মার্ক্সে আগবঢ়োৱা বিচ্ছিন্নতাৰ ধাৰণাটো কিন্তু মাত্ৰ এজন ব্যক্তি অথবা মাত্র এজন শ্রমিকতে সীমাবদ্ধ নহয়। ই সমগ্ৰ সামাজিক শ্ৰেণীৰ সৈতে জড়িত। এই সামাজিক শ্ৰেণীবোৰক পুঁজিবাদী অর্থনৈতিক ব্যবস্থাই বিচ্ছিন্ন কৰি তুলিছে। একেদৰে মাক্সৰ বিশেষণ মতে এটা অথবা আনটো সামাজিক দলক বিচ্ছিন্নতাৰ বিভিন্ন ৰূপত উপস্থাপন কৰিব পাৰি। যেনে- সমাজৰ আন অংশৰ পৰা ‘নৃগোষ্ঠীয় সংখ্যালঘু’ শ্ৰেণীটোৰ বিচ্ছিন্নতা। ক’নে এই বুলিও কৈছে যে, “এগৰাকী ব্যক্তিৰ ব্যক্তিগত গাইগুটীয়া অস্তিত্বৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰ পৰা ওপজা পৃথক ব্যক্তিত্বৰ সমস্যাবোৰৰ আলোচনা আৰু কোনো এক নির্দিষ্ট সামাজিক দলৰ সমস্যা তথা দলটোৰ সামাজিক স্থিতিৰ পৰা ওপজা সমস্যাবোৰৰ আলোচনা, অথবা, সর্বশেষত সাধাৰণভাৱে কৰা মানৱ জীৱনৰ সমস্যাবোৰৰ আলোচনা একে নহয়। “

যিহেতু বিচ্ছিন্নতা এক বহুমাত্রিক পৰিঘটনা, সেয়েহে এগৰাকী ব্যক্তি বিভিন্ন দিশৰ পৰা বিচ্ছিন্ন হ’ব পাৰে। মার্ক্সৰ ‘শ্ৰমিকৰ বিচ্ছিন্নতা’ৰ ধাৰণাটোৱে শ্ৰমিকে নিজে উৎপাদন কৰা সামগ্ৰীৰ পৰা বিচ্ছিন্নতা, উৎপাদনৰ সৈতে জড়িত কাম-কাজৰ পৰা শ্ৰমিকৰ বিচ্ছিন্নতা, ‘প্রজাতি সত্তা’ অথবা মানৱীয় সম্ভাৱনীয়তাৰ পৰা শ্ৰমিকন বিচ্ছিন্নতা আৰু সহকৰ্মীৰ পৰা | বিচ্ছিন্নতাক সামৰি লয়। একেদৰে, মার্ভিন স্কটে আন চাৰিটা দিশত ঘটিব পৰা বিচ্ছিন্নতাৰ উল্লেখ কৰিছে– প্ৰমূল্যৰ পৰা বিচ্ছিন্নতা, প্রচলিত নীতি-নিয়মৰ পৰা বিচ্ছিন্নতা, ভূমিকাৰ পৰা বিচ্ছিন্নতা আৰু সা-সুবিধাৰ পৰা বিচ্ছিন্নতা। বিচ্ছিন্নতাক সমাজ মনোবৈজ্ঞানিক পৰিঘটনা হিচাপে গণ্য কৰাসকলে ইয়াক নির্ধারিত লক্ষ্যক বাস্তৱ ৰূপ দিব নোৱাৰা অথবা নিজকে অপাৰগ যেন অনুভব কৰা ব্যক্তিগত মনৰ অন্তর্দ্বন্দ্ব বুলি অভিহিত কৰিছে।

বিচ্ছিন্নতাৰ প্ৰকাশ ইয়াৰ আন আন প্রকৃতিবোৰৰ দৰেই অতি ব্যাপক। সেয়েহে বিচ্ছিন্নতাৰ এক নির্দিষ্ট সিদ্ধান্তত উপনীত হোৱাটো এটা জটিল কাম। কানে কৈছিল যে, “বিচ্ছিন্নতাৰ প্রশ্নটোৰ স্পষ্ট উত্তৰবোৰ ইমান বিচিত্র যে সেইবোৰক এটা ব্যবস্থা হিচাপে ধৰাটো একেবাৰেই অসম্ভব কথা।” কনে আঙুলিয়াই দেখুৱাব খোজা মূল কথাটো আছিল বিচ্চিন্নতাৰ প্ৰকৃতি বস্তুনিষ্ঠ’ নে “বিষয়নিষ্ঠ’। বহুতো পণ্ডিতে বিশ্বাস কৰে যে বিচ্ছিন্নতা সম্পূৰ্ণৰূপে এটা মনোবৈজ্ঞানিক বিষয় আৰু মনৰ বিষয়নিষ্ঠ স্থিতি। অর্থাত্ ই এক অনুভব। 

এৰিকেও মেৰী যোচেছনৰ মতে বিচ্ছিন্নতা হ’ল “নিজস্ব সত্তাৰ পৰা, অন্যৰ পৰা আৰু সামগ্রিকভাৱে গোটেই পৃথিৱীখনৰ পৰা সম্পৰ্ক ছেদৰ এক ব্যক্তিগত অনুভব অথবা স্থিতি।” সমাজ-মনোবৈজ্ঞানিক দিশৰ পৰা মেলিভিন চীমেনে বিচ্ছিন্নতাৰ ব্যাখ্যা দাঙি ধৰি কৈছে যে বিচ্ছিন্নতা হ’ল ক্ষমতাহীনতা, অর্থহীনতা ইত্যাদির ব্যক্তিগত অনুভৱৰ প্ৰকাশ। ইয়াৰ বিপৰীতে আন এল পণ্ডিতে বিশ্বাস কৰে যে বিচ্ছিন্নতা এক বিষয়নিষ্ঠ পৰিঘটনা নহয়, ই এক বস্তুনিষ্ঠ সভ্যতা। উপদেশস্থ গে, মার্ক্সে বিচ্ছিন্নতাক এক মনোভাব নথবা বিষয়নিষ্ঠ অনুভৱ বুলি ধৰা নাছিল। তেওঁৰ বাবে অনৰ বিচ্ছিন্নতা আছিল পুঁজিবাদী অর্থ নতিকৰ স্থাত ঘটা এক বস্তুনিষ্ঠ অভিব্যক্তি আৰু কাৰ্যকলাপ।

বিচ্ছিন্নতাৰ ধাৰণাটো যিটো পৰিস্থিতিৰ আধাৰত প্ৰকাশ কৰা হয় তাৰ ভিত্তিত বিচ্ছিন্নতাৰ কাৰণবোৰো ভিন্ন ভিন্‌ ধৰণৰ হয়। কিছুমানে ‘নিউৰ’চিছ’ৰ দৰে ব্যক্তিগত মনোবৈজ্ঞানিক কাৰকবোৰক ব্যক্তিগত বিচ্ছিন্নতাৰ কাৰণ বুলি কয়। কিছুমানে শ্রম বিভাজন, ব্যক্তিগত সম্পত্তি আদিৰ দৰে কিছুমান নিৰ্দিষ্ট আর্থ-সামাজিক দিশক বিচ্ছিন্নতাৰ কাৰণ বুলি অভিহিত কৰে।

বিচ্ছিন্নতাৰে সাধাৰণতে এটা অনাকাংক্ষিত পৰিস্থিতিৰ কথা বুজোৱা হয়। এই পৰিস্থিতি জয় কৰিব পাৰিব লাগে অথবা ‘বিচ্ছিন্নতা বিহীন’ কৰি তুলিব লাগে। যিসকলে ব্যক্তিগত অন্তব্য অথবা ব্যক্তিগত মনোবৈজ্ঞানিক অসুবিধাৰ বাবে বিচ্ছিন্নতাৰ সৃষ্টি হোৱা বুলি গণ্য কৰে তেওঁলোকে ব্যক্তিৰ নৈতিক প্রচেষ্টা অথবা সঠিক ব্যক্তিগত মনোভাব গঢ়ি তোলাৰ পৰামৰ্শ দিয়ে। কিন্তু যিসকলে সামাজিক কাৰণত বিচ্ছিন্নতাৰ জন্ম হোৱা বুলি ভাবে তেওঁলোকে বিচ্ছিন্নতাৰ উৎপত্তি হোৱা সামাজিক পৰিস্থিতিৰ পৰিৱৰ্তন ঘটোৱাৰ পৰামর্শ আগবঢ়ায়।

মার্ক্সৰ বিশ্লেষণ মতে বিচ্ছিন্নতাৰ একমাত্ৰ কাৰণ হ’ল ব্যক্তিগত সম্পত্তি। সেয়েহে তেওঁৰ মতে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো নাইকিয়া কৰিলেহে বিচ্ছিন্নতাৰ সমস্যাটোক সমাধান কৰিব পৰা যাব।

আকৌ ক’নে কৈছে যে, “ব্যক্তিৰ বিচ্ছিন্নতা আৰু ইয়াৰ লক্ষণবোৰ বৰ্ণনা কৰাৰ সময়ত বিভিন্ন পণ্ডিত লেখকে সম্পূর্ণ বেলেগ বেলেগ অৰ্থ বুজাব পাৰে। তেওঁলোকৰ উত্তৰবোৰৰ লগতে সমস্যাটো চালি-জাৰি চোৱাৰ চিন্তাধাৰাও সম্পূর্ণ পৃথক হ’ব পাৰে।”

১৩। কার্ল মার্ক্সে বিশ্লেষণ কৰা বিচ্ছিন্নতাৰ প্ৰধান দিশ চাৰিটাৰ বিষয়ে আলোচনা কৰা। (Discuss the four main aspects of isolation analyzed in Karl Marx.)

উত্তৰঃ কার্ল মার্ক্সে বিশ্লেষণ কৰা বিচ্ছিন্নতাৰ প্ৰধান চাৰিটা দিশ হ’ল–

(ক) উৎপাদিত সামগ্ৰীৰ পৰা বিচ্ছিন্নতা : মার্ক্সৰ মতে শ্রমিকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ পৰা তেওঁলোকক আঁতৰাই ৰখাটোৱেই বিচ্ছিন্নতাৰ প্ৰথম পর্যায়। পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত শ্রমিকে পুঁজিপতিৰ হাতত কেৱল নিজৰ শ্ৰম বিক্ৰী কৰে। তাৰ বিনিময়ত তেওঁলোকে মজুৰি লাভ কৰে। যিহেতু শ্ৰমিকক মজুৰি দিয়া হয়, সেয়েহে তেওঁলোক পুঁজিপতিৰ হৈ কাম কৰিবলৈ বাধ্য। এই কামৰ দ্বাৰা শ্ৰমিকে পণ্যদ্রব্য উৎপাদন কৰে। এনে পণ্যদ্ৰব্য অথবা সামগ্ৰীবোৰ হ’ল শ্ৰমিকৰ শ্ৰম শক্তিৰ বাস্তৱকৰণ’। অৱশ্যে, শ্রমিকে পণ্যদ্রব্য উৎপাদন কৰে যদিও সেই পণ্য দ্রব্যবোৰৰ ওপৰত শ্ৰমিকৰ কোনো অধিকাৰ নাথাকে। পণ্যদ্রব্যবোৰ আন কোনোবাৰ সম্পত্তি, যেনে– পুঁজিপতিসকল। অর্থাৎ শ্রমিকৰ নিজে উৎপাদন করা সামগ্ৰীৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে। 

ৰিট্‌ঝাৰৰ মতে, “যদি শ্ৰমিকে নিজৰ শ্ৰমৰ ফচল হিচাপে কোনো সামগ্ৰীৰ গৰাকী হ’ব খোজে তেন্তে তেওঁলোকেও অন্য মানুহৰ দৰে সামগ্ৰীবিধ কিনিব লাগিব।” যিহেতু শ্ৰমিকৰ নিজে উৎপাদন কৰা সামগ্ৰীৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে। সেয়েহে ই উৎপাদকৰ ক্ষমতাৰ পৰা স্বতন্ত্র এক বিচ্ছিন্ন বস্তুত পৰিণত হয়। শ্রমিকে নিজে উৎপাদন কৰা বস্তুটোৱে অথবা সামগ্রীবিধে তেওঁলোকৰ দমনকাৰীৰ ভূমিকা লয়। অৰ্থাৎ সামগ্ৰীবোৰ শ্ৰমিকৰ পৰা আঁতৰাই নি লাভ অৰ্জনৰ বাবে বিক্ৰী কৰা হয়। এনেদৰে পুঁজিপতিসকলে নিজৰ মূলধন বৃদ্ধি কৰে। চমুকৈ ক’বলৈ হ’লে শ্রমিকে যিমানেই অধিক সামগ্রী উৎপাদন কৰিব সিমানেই পুঁজিপতিসকল ধনী হ’ব। পুঁজিপতিসকল যিমানেই ধনী হ’ব সিমানেই তেওঁলোকৰ শ্ৰমিকৰ দমন কৰাৰ ক্ষমতা বাঢ়িব।

(খ) উৎপাদনৰ সৈতে জড়িত কাৰ্য্যকলাপৰ পৰা বিচ্ছিন্নতা : দ্বিতীয় প্ৰকাৰৰ বিচ্ছিন্নতা উৎপাদনৰ সৈতে জড়িত কার্যকলাপতে লুকাই থাকে। মার্ক্সে যুক্তি দর্শাইছিল যে, “শ্ৰমৰ দ্বাৰা উৎপাদিত সামগ্ৰী যদি বিচ্ছিন্ন, তেন্তে উৎপাদন কার্যটোও নিশ্চয়, এক সক্রিয় বিচ্ছিন্নতা হ’ব কাৰ্যকলাপৰ বিচ্ছিন্নতা, বিচ্ছিন্নতাৰ কার্যকলাপ। শ্ৰমৰ সামগ্ৰীৰ পৃথকীকৰণতেই শ্ৰমৰ কার্যকলাপত থকা পৃথকীকৰণ, বিচ্ছিন্নতাৰ সাৰাংশ লুকাই থাকে।” সৃজনশীল সত্তা হিচাপে মানুহৰ নিজ শ্ৰম শক্তিৰ জৰিয়তে সামগ্ৰী উৎপাদন কৰাৰ সম্ভাবনীয়তা আছে। কিন্তু পুঁজিবাদী ব্যৱস্থাত পুঁজিপতি সকলেহে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে; পুঁজিপতিসকলেই কি উৎপাদন কৰিব লাগিব কেনেদৰে উৎপাদন কৰিব লাগিব, কেতিয়া উৎপাদন কৰিব লাগিব আৰু ক’ত উৎপাদন কৰিব লাগিব সেয়া সিদ্ধান্ত লয়। পুঁজিপতিয়ে দিয়া নিদের্শ অনুসৰি শ্ৰমিকে সামগ্ৰী উৎপাদন কৰে। সেই কাৰণে শ্ৰমিকসকলে নিজৰ সম্ভাৱনীয়তা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব নোৱাৰে। এইটো দিশৰ পৰা সমগ্ৰ কাৰ্যটোৱেই শ্ৰমিকৰ কাৰণে এটা বাহ্যিক আৰু বিচ্ছিন্ন প্রক্রিয়া। এই মানৱীয় সৃজনশীল প্ৰকৃতিৰ পৰিচায়ক নহয়। সেয়েহে এনে কাৰ্যক স্বৈচ্ছিক বুলি কোৱাতকৈ ‘বলপূর্বকভাৱে’ কৰোৱা শ্ৰম বোলা হয়।

(গ) প্ৰজাতি সত্তাৰ পৰা বিচ্ছিন্নতা : বিচ্ছিন্নতাৰ চাৰিটা প্ৰধান দিশ আছে। ইয়াৰে এটা প্রজাতি সত্তা। প্রজাতি সত্তা হ’ল মার্ক্সৰ মতে বিচ্ছিন্নতাৰ তৃতীয়টো দিশ প্ৰজাতি সত্তা বুলি মার্ক্সে মানুহৰ প্ৰয়োজনীয় সম্ভাৱনীয়তা অথবা গুণবোৰৰ কথা বুজাইছে। এই ধাৰণাটো বাখ্যা কৰিবলৈ যাওঁতে মার্ক্সে প্রথমে মানুহ আৰু অনা-মানুহ প্ৰাণীৰ মাজৰ প্ৰভেদ নিৰ্ণয় কৰাৰ চেষ্টা কৰিছে। তেওঁ কৈছে যে অন্য প্ৰাণীৰ দৰে মানুহো জীৱন বৰ্তাই ৰাখিবলৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। মানুহ আৰু অন্য প্ৰাণীৰ মাজত থকা প্ৰভেদটো হ’ল মানুহৰ মুক্ত আৰু সচেতন জীৱন ক্রিয়া। মার্ক্সৰ মতে এই মুক্ত আৰু সচেতন জীৱন ক্ৰিয়াই মানুহক তাৎক্ষণিকভাৱে ‘জান্তর জীবন ক্রিয়া’ৰ পৰা পৃথক কৰে। মার্ক্সে যুক্তি দর্শাইছিল যে অন্য জীবজন্তুরে জীবন ক্রিয়াত লিপ্ত হয় আৰু উৎপাদন কৰে। কিন্তু এই উৎপাদনে কেৱল তাৎক্ষণিক শাৰীৰিক প্ৰয়োজন পূৰণ কৰে। আনহাতে, মানুহে সৃজনশীল আৰু সচেতনভাৱে নিজৰ জীৱন ক্রিয়া আগবঢ়াই নিয়ে।

মানুহৰ প্ৰয়োজনীয় সম্ভাৱনীয়তা অথবা গুণবোৰৰ কথা বুজাইছে মার্ক্সে প্রজাতি সত্ত্বাৰ দ্বাৰা মার্ক্সে কৈছে যে, শ্ৰমৰ উদ্দেশ্য হ’ল মানুহৰ প্ৰজাতি জীৱনৰ বাস্তৱ কৰণ। কিন্তু পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলক তেওঁলোকৰ নিজস্ব সামৰ্থৰ পৰা অথবা প্ৰজাতি সত্তাৰ পৰা বিচ্ছিন্ন কৰা হয়। যিহেতু পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত শ্ৰমিকসকলৰ নিজৰ উৎপাদনকাৰী কাৰ্যকলাপৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে আৰু তেওঁলোকে কেৱল পুঁজিপতিৰ নিৰ্দেশনা মতে কাম কৰে সেয়েহে শ্রমিকে উৎপাদন কৰা সামগ্ৰী আৰু শ্রমিক ব্যস্ত হৈ থকা কৰ্ম  কোনোটোৱেই শ্ৰমিকৰ ইচ্ছা শক্তি আৰু সচেতনতাৰ অংশ নহয়। শ্রমিকৰ শ্ৰমক এইক্ষেত্ৰত মুক্ত আৰু সচেতন কাৰ্যকলাপৰ প্ৰকাশ বুলি ধৰা নহয় এনে শ্রমে প্রকৃত মানবীয় সম্ভাবনীয়তা অথবা প্রজাতি সত্তা প্রতিফলিত নকৰে। ৰিটঝাৰৰ মতে, পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলে  ক্ৰমে মানুহৰ দৰে কাম কৰিবলৈ এৰি দিয়ে, কাৰণ তেওঁলোকক যন্ত্ৰৰ দৰে কাম কৰিব পৰা কৰি তোলা হয়।” এটা ‘প্ৰজাতি সত্তা’ হিচাপে শ্ৰমিকৰ মনত থকা সচেতনতা কেৱল শাৰীৰিক অস্তিত্ব বৰ্তাই ৰাখিবলৈ প্রয়োজন হোৱা ধন উপাৰ্জনৰ মাধ্যমত পৰিণত হয়।

(ঘ) সহকৰ্মীৰ পৰা বিচ্ছিন্নতা : পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত শ্রমিকসকল আন সহকর্মীৰে পৰাও এসময়ত বিচ্ছিন্ন হৈ পৰে। কাম অথবা মজুৰিৰ বাবে শ্ৰমিকৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হোৱা বাবে আৰু কৰ্মক্ষেত্ৰৰ ব্যৱস্থাপনাৰ কাৰণে শ্ৰমিকসকল পৰস্পৰৰ পৰা বিচ্ছিন্ন হৈ পৰিব পাৰে। সামাজিক প্রাণী হিচাপে মানুহে সহযোগিতামূলক পৰিৱেশত কাম কৰাৰ প্রয়োজন অথবা কাম কৰিব খোজে। সহযোগিতামূলক পৰিৱেশত মানুহে প্রকৃতিক যুক্তিসংগতভাবে ব্যৱহাৰ কৰিব পাৰে আৰু গোটেই সমাজখনৰ কল্যাণৰ বাবে সামগ্ৰী পুনৰ উৎপাদন কৰিব পাৰে। কিন্তু পুঁজিবাদত শ্রমিকসকলক পৃথক কৰি পেলোৱা হয়, তেওঁলোকক পুঁজিপতিৰ স্বাৰ্থত পৰস্পৰৰ ওচৰা-ওচৰিকৈ থাকি কাম কৰিবলৈ বাধ্য কৰোৱা হয় আৰু এনেকৈয়ে শ্ৰমিকৰ মাজত থকা সহযোগিতাত বাধা দিয়া হয়। ৰিট্‌ঝাৰে কৈছে যে, “শ্রমিকসকলক প্ৰায়েই পোনপটীয়া প্ৰতিদ্বন্দ্বিতাত ভাগ ল’বলৈ বাধ্য কৰোৱা হয়, তেওঁলোক কেতিয়াবা নিজৰ মাজতে সংঘৰ্ষত লিপ্ত হয়। 

সর্বোচ্চ উৎপাদনশীলতাৰ লক্ষ্যত উপনীত হ’বলৈ আৰু সহযোগিতাপূর্ণ সম্পৰ্কৰ বিকাশ বাধা দিবলৈ পুঁজিপতিসকলে এজন শ্রমিকৰ আনজনৰ বিৰুদ্ধে উচটায় দিয়ে। কোনে অধিক সামগ্রী উৎপাদন কৰিব পাৰে, অধিক সোনকালে কাম শেষ কৰিব পাৰে অথবা মুৰব্বীক অধিক সন্তুষ্ট কৰিব পাৰে শ্ৰমিকসকল তাতেই ব্যস্ত হৈ থাকে। যিসকল শ্রমিক এনেবোৰ কামত সফল হয় তেওঁলোকক কিছু অতিৰিক্ত বঁটা উপহাৰ দিয়া হয়। বিফল হোৱাবোৰক কামৰ পৰা বাদ দিয়া হয়। দুয়োটা ক্ষেত্ৰতে কর্মীসকলৰ মাজত নিজ বন্ধুৰ বিপক্ষে হিংসাত্মক মনোভাব গঢ় লৈ উঠে। বিচ্ছিন্নতা আৰু আন্তব্যক্তিক  হিংসাত্মক মনোভাৱে পুঁজিবাদত শ্রমিকক তেওঁৰ সহকৰ্মীৰ পৰা বিচ্ছিন্ন কৰে।

১৪। মার্ক্সবাদী দর্শনত পুঁজিবাদ সম্পর্কে এটি চমু আলোচনা কৰা। (Give a brief discussion of capitalism in Marxist philosophy.)

উত্তৰঃ কার্ল মার্ক্সে পুঁজিবাদ সম্পর্কে এক বহুল আলোচনা আগবঢ়াই কৈছে যে পুঁজিবাদে দেশৰ উৎপাদনৰ আহিলাসমূহ বুৰ্জোৱা শ্ৰেণীৰ নিয়ন্ত্ৰণ আৰু তত্ত্বৱধানত থাকাকে বুজাই। মার্ক্সে মত পোষণ কৰি স্পষ্ট মতামত দাঙি ধৰিছে যে পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাত দেশৰ উৎপাদন পদ্ধতিৰ আহিলাসমূহ বুৰ্জোৱা শ্ৰেণীৰ হাতত ন্যস্ত থাকে। তেওঁলোকে উৎপাদনত মূলধন খৰচ কৰে। শ্ৰমিকক কম পাৰিশ্রমিক দি অধিক উৎপাদন কৰে। এনেদৰে এওঁলোকে নিজৰ লাভৰ ধনো উৎপাদনত বিনিয়োগ কৰি আৰু অধিক উৎপাদন কৰে আৰু অধিক মুনাফা লাভ কৰে। কিন্তু শ্রমিক শ্ৰেণীৰ লাভ্যাশ নিদি কেৱল মজুৰিহে দিয়ে ফলত শ্রমিক শ্ৰেণী তেওঁলোকৰ হাতত পৰি পণ্য দ্ৰব্যলৈ ৰূপান্তৰিত হয়। 

শ্রমিক সকলৰ পৰিশ্ৰমৰ বিনিময়ত যি উদ্বৃত্ত মূল্যৰ সৃষ্টি হয় সেয়া পুঁজিপতি বা বুৰ্জোৱা বা মালিক শ্রেণীয়েহে উপভোগ কৰে ফলত তেওঁলোকৰ অৰ্থনৈতিক দিশৰ উন্নতি হয় আৰু শ্ৰমিক শ্ৰেণীটো দিনক দিনে নিশকতীয়া হৈ পৰে। মার্ক্সে পুঁজিবাদ উৎপাদনৰ উপাদানসমূহৰ মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি আলোচনা আগবঢ়াইছে। তেওঁলোকে কম পাৰিশ্ৰমিকৰ বিনিময়ত অধিক মুনাফা আদায় কৰে যিটো প্ৰকৃততে সৰ্বহাৰা বা শ্রমিক শ্ৰেণীৰহে প্ৰাপ্য। এই বুৰ্জোৱা শ্ৰেণীৰ ধ্যান ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰিহে অর্থনৈতিক অবস্থা নির্মিত হয়। 

সেয়েহে তেওঁ মত পোষণ কৰে যে পুঁজিবাদৰ বিকাশ ইতিহাসৰ নতুন অধ্যায় নহয়। শ্ৰমিকৰ শ্ৰমৰ বিনিময়ত দেশৰ উৎপাদিত সমাগ্ৰীৰ লাভাংশ বা মুনাফা এক মুষ্টিমেয় শ্রেণীয়ে ভোগ কৰি আছে। মার্ক্সৰ মতে পুঁজিবাদী সমাজত দুটা শ্ৰেণী পৰিলক্ষিত হয়। এটা বুৰ্জোৱা বা পুঁজিপতি শ্ৰেণী আৰু আনটো হ’ল শ্রমিক বা মজদুৰ শ্ৰেণী। পুঁজিপতি শ্ৰেণীটোক পুঁজিৰ গৰাকী, উৎপাদনৰ শক্তিসমূহৰ গৰাকী, মজুৰি জীৱি বনুৱাৰ নিয়োগ কর্তা, লাভখোৰ আৰু ৰাজনৈতিকভাৱে ক্ষমতাসম্পন্ন শ্ৰেণী । তেওঁৰ মতে এই ব্যৱস্থাত বুৰ্জোৱা শ্ৰেণীয়ে যি লাভ্যাংশ অৰ্জন কৰে প্ৰকৃততে সেয়া শ্ৰমিকসকলৰহে প্ৰাপ্য। মার্ক্সৰ মতে যুগে যুগে মানুহৰ এটা শ্রেণীয়ে আন শ্ৰেণীক শোষণ কৰি, প্ৰৱঞ্চনা কৰি উৎপাদনৰ লাভ্যাংশ আত্মসাৎ কৰাৰ প্ৰচেষ্ট চলায় আহিছে।

সেয়ে কালক্ৰমত এক বিপ্লৱৰ সূচনা হৈছে। মার্ক্সৰ মতে পুঁজিবাদী অর্থনৈতিক সম্পর্কক নিঃশেষ কৰি শোষণহীন শ্রেণীবিহীন সমাজ প্রতিষ্ঠা কৰিবৰ কাৰণে সমাজতাত্ত্বিক বিপ্লৱৰ সূচনা হৈছে। দেশৰ উৎপাদন পদ্ধতিৰ পৰিৱৰ্তনৰ ফলশ্ৰুতিতেই কালক্ৰমত শ্ৰেণী সংঘৰ্ষৰো সৃষ্টি হৈছে। তথাপিও যুগ যুগ ধৰি দাস প্ৰথাৰ পৰা সমাপ্ত প্ৰথালৈ, সামন্ত প্ৰথাৰ পৰা পুঁজিবাদ আৰু পুঁজিবাদৰ পৰা সমাজবাদী অর্থনীতিলৈ নিৰৱধিভাৱে গতি কৰি আহিছে।

তেওঁ মত পোষণ কৰিছে যে শ্রমিকে শ্রমদান নকৰিলে উৎপাদন কার্য সম্ভৱ নহয়। পুঁজিপতিসকলৰ হাতত যিহেতু উৎপাদনৰ আহিলা আৰু পদ্ধতি ন্যস্ত থাকে সেয়ে তেওঁলোকে শ্ৰমিকসকলক শোষণ কৰি শ্ৰম আদায় কৰি কম খৰচত অধিক উৎপাদন কৰি অধিক আদায় কৰিব পাৰে।

১৫। কার্ল মার্ক্সৰ দ্বান্দ্বিকবাদৰ বৈশিষ্ট্য কেইটা কি কি? (What are the dialectical features of Karl Marx?) 

উত্তৰঃ কার্ল মার্ক্সৰ দ্বান্দ্বিকৰাদৰ বৈশিষ্ট্য কেইটা হ’ল–

(ক) মার্ক্সে বস্তুতাত্ত্বিক দিশটোহে প্রয়োজনীয় দিশ বুলি উল্লেখ কৰিছে। ভাৱ জগত বস্তুজগতৰ অধীন।

(খ) মার্ক্সৰ মতে বস্তুজগত আৰু ভাৱজগতৰ মাজত বিশেষ সম্বন্ধ আছে। কোনোটোৰ পৰা কোনোটোৰ আলোচনা কৰিব নোৱাৰি।

(গ) দুটা শক্তি সংঘর্ষক মার্ক্সে দ্বান্দ্বিকবাদ বুলি অভিহিত কৰিছে। চলিত বস্তুৰ বস্তুতাত্ত্বিক দিশটো হ’ল স্থাপনা, চিন্তা, চৰ্চা বৈপৰীত্য আৰু নতুন আৱিস্কাৰক সমন্বয় বুলি উল্লেখ কৰিছে।

(ঘ) মার্ক্সৰ মতে সমাজৰ পৰিৱৰ্তন এটা স্থায়ী প্রক্রিয়া। কিয়নো দ্বান্দ্বিকবাদ সকলো সময়তে চলিয়েই থাকে। ফলত নতুন এটা অৱস্থাৰ সৃষ্টি হয় আৰু আগৰ অৱস্থা বিলুপ্তি ঘটে। সমাজৰ প্ৰতিটো দিশতেই পৰিৱৰ্তন হৈ থাকে।

(ঙ) মার্ক্সৰ দ্বান্দ্বিকবাদ এটা জটিল প্রক্রিয়া। সমাজৰ যিকোনো এটা অৱস্থাৰ লগত তুলনীয়।

(চ) দ্বান্দ্বিক পদ্ধতিৰ জৰিয়তে হোৱা পৰিৱৰ্তন তাৎক্ষণিক প্ৰকৃতিৰ। কিয়নো স্থাপনা আৰু বৈপৰীত্যৰ সংঘৰ্ষৰ ফলত সমন্বয় সূচনা হয়। সমন্বয় সূচনাৰ লগে লগে সংঘৰ্ষৰ অন্ত পৰে। সমাজে নতুন ৰূপ লয়। কাজেই সংঘৰ্ষৰ ফলত হোৱা পৰিৱৰ্তন ক্ষীপ্র হয়।

(ছ) মার্ক্সৰ মতে দ্বান্দ্বিক প্রক্রিয়াও গতিশীল। কিয়নো সমন্বয় এটা সময়ত স্থাপন হয় আৰু বৈৰীত্যৰ লগত পুনৰ সংঘৰ্ষৰ হৈ নতুন সমন্বয় প্রতিষ্ঠা হয়। এই সমন্বয়ো পুনৰ স্থাপন হয়। এইদৰে দ্বান্দ্বিক প্রক্রিয়া নিজেও গতিশীল।

(জ) মার্ক্সৰ মতে দ্বান্দ্বিক পদ্ধতিৰ বাবে ব্যৱসায় বাণিজ্যও পৰিবৰ্তন ঘটে। এটা বাণিজ্যিক ব্যৱস্থাই গা কৰি উঠাৰ লগে লগে নতুন আৱিস্কাৰ হয় আৰু ফলত অন্য বাণিজ্যক ব্যৱস্থাই গা কৰি উঠে।

(ঝ) মার্ক্সে দ্বান্দ্বিক বৈজ্ঞানিক ভিত্তিৰে বিশ্লেষণ কৰিছে।

(ঞ) মার্ক্সৰ মতে দান্ত্ৰিক প্ৰক্ৰিয়াৰে সমাজবাদ স্থাপন।

১৬। অপসাৰিতাৰ অৰ্থ স্পষ্টভাৱে দাঙি ধৰা। কার্লমাক্সৰ মতে কেনে ধৰণৰ উৎপাদন প্ৰক্ৰিয়া অপসাৰিতাৰ বাবে দায়ী? আলোচনা কৰা। (Explain the meaning of removal. According to Karl Marx, what kind of production process is responsible for removal? Discuss.) 

উত্তৰঃ মার্ক্সৰ মতে পুঁজিবাদী উৎপাদন ব্যবস্থাত উৎপাদিত সামগ্ৰীৰ ওপৰত উৎপাদনকাৰী সকলৰ মনোভাৱৰ বিচ্ছিন্নতাকে অপসাৰিতা বুলি বুজা যায়।

মার্ক্সে অপসাৰিতাক (ক) উৎপাদনৰ কাৰ্যৰ পৰা অপসাৰিতা, (খ) শ্ৰমৰ পৰা অপসাৰিতা আৰু (গ) সমাজৰ পৰা অপসাৰিতা এই তিনিটা ভাগত ভাগ কৰিছে। 

কার্লমার্ক্সৰ মতে অপসাৰিতাৰ বাবে পুঁজিবাদী উৎপাদন প্রক্রিয়াক তলত উল্লেখ কৰাৰ দৰে জগৰীয়া বুলি কৈছে।

পুঁজিপতি ব্যৱস্থাত সমাজত বুৰ্জোৱা বা পুঁজিপতি আৰু শ্রমিক এই দুটা শ্ৰেণী পৰিলক্ষিত হয়। পুঁজিপতি উৎপাদন ব্যৱস্থাত বুজোৱা শ্ৰেণীটোৱেই উৎপাদিত সামগ্ৰীসমূহ ভোগ কৰে। তেওঁলোকে কম মজুৰিত শ্ৰমিকসকলক উৎপাদন কাৰ্যত নিয়োগ কৰে। এই দিশৰ পৰা চালে প্রকৃততে শ্রমিক সকলেহে লাভৰ অংশ ভোগ কৰিব লাগিছিল। কিন্তু পুঁজিপতি সকল যিহেতু পুঁজিৰ গৰাকী সেয়ে তেওঁলোকেহে উৎপাদিত সামগ্ৰীৰ অধিক লাভ ভোগ কৰে। ফলস্বৰূপে শ্রমিকসকলে শ্ৰমৰ বাবেহে উৎপাদন কৰে, তেওঁলোকে উৎপাদন বৃদ্ধিৰ বাবে আগ্ৰাহী নহয়। এই ক্ষেত্ৰত তেওঁলোকৰ বুদ্ধিমত্তা আৰু কাৰ্যদক্ষতা হ্রাস পায় আৰু স্বভাৱৰো পৰিৱৰ্তন হয়। মালিকৰ প্ৰতি ঈৰ্ষা ভাব জাগে আৰু সেয়ে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ পৰা তেওঁলোকৰ মনোভাৱ আঁতৰাই আনে।

পুঁজিবাদী ব্যৱস্থাত শ্রমিক শ্ৰেণীটোৱে উৎপাদন কৰা বস্তুবোৰ নিজৰ ইচ্ছানুসৰি ভোগ কৰিব নোৱাৰে বাবেই তেওঁলোকে ইচ্ছাৰে নিজৰ শ্ৰমৰ প্ৰতি আগ্ৰহী নহয়। তেওঁলোকৰ শ্ৰমৰ বিনিময়ত মজুৰিহে পায় গতিকে মজুৰিৰ প্ৰতিহে বেছি আগ্ৰহী হয় আৰু বাধ্যত পৰিহে কাম কৰে। তেওঁলোকৰ শ্ৰমক শাৰীৰিক বোজা বুলি ভাবিবলৈ ধৰে সেয়ে তেওঁলোকৰ মাজত শ্ৰমৰ প্ৰতি কোনো সচেতনতা নাথাকে। কেৱল মজুৰি পায় জীয়াই থাকিবৰ বাবে তেওঁলোকৰ মন শ্ৰমৰ পৰা বিচ্ছিন্ন হৈ পৰে।

মার্ক্সৰ মতে পুঁজিবাদী সমাজত মানুহে নিজৰ চৰিত্ৰ হেৰুৱায় আৰু সমাজৰ পৰা অপসাৰিত হৈ পৰে। কিয়নো এই ব্যৱস্থাত কেৱল শ্ৰমৰ লগতহে সম্পৰ্ক ৰাখে। একে উৎপাদন ব্যবস্থাত কাম কৰা বাকী শ্ৰমিকসকলে কৰা কামৰ প্ৰতি সচেতন নহয়। উৎপাদন কার্য কেনেদৰে পৰিচালিত হৈছে, উৎপাদিত সামগ্রী কেনে গুণমাণকৰ হৈছে তাৰ প্ৰতি তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে। লাহে লাহে তেওঁলোক সমাজৰ ব্যক্তিসকলৰ পৰা বিচ্ছিন্ন হৈ পৰে। এনে ব্যৱস্থাত শ্ৰমিকসকল যন্ত্ৰৰ দৰে পৰিচালিত হয়। উৎপাদন কার্যত শ্রম বিভাজন যিমান বেছি হয় সমাজৰ পৰা শ্ৰমিকৰ অপসাৰিতা বা বিচ্ছিন্নতাৰ পৰিমাণো সিমানেই বৃদ্ধি পায়। গতিকে অপসাৰিতাৰ কাৰণে পুঁজিবাদী ব্যৱস্থাক জগৰীয়া কৰিব পাৰি।

১৭৷ ইতিহাসৰ বস্তুতাত্ত্বিক ব্যখ্যা বুলিলে কি বুজা ? আলোচনা কৰা। (What do you mean by materialistic explanation of history? Discuss.)

উত্তৰঃ কার্লমাক্সে বৈজ্ঞানিক সমাজবাদৰ জনক। তেওঁৰ সাম্যবাদৰ ধাৰণাটোকে মার্ক্সবাদ আখ্যা দিয়া হয়। তেওঁ তেওঁৰ বিখ্যাত গ্ৰন্থ Das capital ত সাম্যবাদৰ নীতি আৰু ধাৰণাসমূহ আলোচনা কৰিছে। তেওঁ সেই গ্ৰন্থত মানৱ জাতিৰ বিকাশ সম্পর্কে বিতংভাৱে আলোচনা কৰিছে আৰু মানৱ জাতিৰ ইতিহাস নিৰ্ধাৰণৰ উৎস কি তাকো আলোচনা কৰিছে।

ইতিহাসৰ বস্তুবাদী ব্যাখ্যা : ঐতিহাসিক বস্তুবাদ ইতিহাস আৰু বস্তুবাদৰ সমন্বয়ত সৃষ্টি হৈছে। এই ব্যাখ্যাক মার্ক্সে মানৱ সমাজৰ প্ৰগতিৰ নিয়ম সম্পৰ্কে উদ্ভাৱন কৰা এক বিশিষ্ট পদ্ধতি বুলি কোৱা হয়। মার্ক্সৰ এই ধাৰণা উৎপাদন আৰু উৎপাদিত বস্তুৰ বিতৰণ নাতিৰ পৰা আৰম্ভ হৈছে। এই ব্যাখ্যা অনুযায়ী এখন সমাজৰ সভ্য হিচাপে মানৱ আচৰণ নিৰ্ধাৰণ কৰা গুৰুত্বপূৰ্ণ উপাদানটো হৈছে উৎপাদন পদ্ধতি আৰু উৎপাদিত বস্তু বিতৰণ ব্যৱস্থা। তেওঁৰ মতে উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ পৰিবৰ্তনেই হৈছে সমাজৰ মতপোষণ কৰে যে সমাজৰ ৰাজনীতি, ধৰ্ম, সংস্কৃতি, মূল্যবোধ আদি সকলো ধাৰণা উৎপাদন ব্যৱস্থাই নিৰূপণ কৰে। প্ৰাচীন সাম্যবাদী সমাজত উৎপাদন পদ্ধতি জটিল বিধৰ নাছিল বাবেই মানৱীয় সম্পর্কও জটিল নাছিল। ঠিক সেইদৰে সামন্তবাদৰ উৎপাদন ব্যবস্থা সামান্ত প্ৰভুৰ হাতত কেন্দ্ৰীভূত হৈ আছিল। ফলত জমিদাৰ আৰু কৃষকৰ মাজত শোষণ পার্থক্য বৃদ্ধি পাইছিল আৰু সমাজত শোষণ বৃদ্ধি পাইছিল। কিন্তু সময়ৰ পৰিৱৰ্তন লগত মানুহৰ প্ৰয়োজনীয়তাৰো পৰিৱৰ্তন হৈছে সেয়ে নতুন নতুন উৎপাদন ব্যৱস্থাৰ সৃষ্টি হৈছে আৰু পুৰণি উৎপাদন ব্যবস্থা প্রায় লুপ্ত পাইছে। তেনেদৰেই পুৰণি সমাজ ব্যৱস্থাৰ পৰিবৰ্তন হৈ নতুন সমাজ ব্যৱস্থাৰ সৃষ্টি হৈছে। এনেদৰেই মার্ক্সে ইতিহাসৰ বিৱৰ্তন উৎপাদনী ব্যৱস্থাৰ শক্তিশালী প্রভাৱ লক্ষ্য কৰিছে।

কার্লমার্ক্সৰ ঐতিহাসিক বস্তুবাদ সম্পর্কে আলোচনা কৰিবলৈ যাওঁতে দ্বান্দ্বিক বস্তুবাদ সম্পর্কে প্ৰসংগক্ৰমে উল্লেখ কৰিবলগা হয়। দ্বান্দ্বিক বস্তুবাদ সম্পর্কে বস্তুবাদী বুলি উল্লেখ কৰা হৈছে। ইয়াৰ কাৰণ হৈছে বাহ্যিক জগত বা স্তৰৰ অস্তিত্ব স্বীকৃতি দি তেওঁ দ্বান্দ্বিকবাদ দর্শন স্থাপন কৰিছিল। দ্বন্দ্ববাদৰ অৰ্থ হৈছে সত্য উদঘাটনৰ বাবে হোৱা তৰ্ক বা আলোচনা। গ্রীক দার্শনিক সকলে এই দ্বন্দ্বাত্মক পদ্ধতিটো কোনো বিবাদমান বিষয় এটাৰ সত্য নিৰূপণৰ কাৰণে প্ৰয়োগ কৰিছিল। এই দ্বন্দ্বাবাদ পদ্ধতিত ছিচিচ, এণ্টি’থিচিচ, আৰু চিন্‌থিচিচ এই তিনিওটা দিশ থাকে। থিচিতে কোনো এক বিশেষ ধাৰণাৰ সমৰ্থন কৰে কিন্তু এণ্টি থিচিচে তাৰ বিৰোধিতা কৰে আৰু এই দুই দিশৰ মাজত হোৱা সংঘাতৰ পৰিণতিত যি সত্য আৰু বস্তুৱৰ উদঘাটন হয় তাকে থিনিচেচিচ বোলা হয়।

কাল মার্ক্সৰ মতে মানুহৰ চিন্তা বস্তুগত অৱস্থাইহে প্ৰভাৱিত কৰিব পাৰে। তেওঁ আকৌ কৈছে মানৱ সমাজৰ ইতিহাস দ্বদ্বাত্মকভাৱে পৰিবৰ্তন হোৱৰ মূল কাৰণ চিন্তা হ’ব নোৱাৰে। বৰঞ্চ বস্তুগত অৱস্থাহে ইতিহাসৰ পৰিৱৰ্তনৰ মূল কাৰণ। তেওঁৰ মতে বস্তু আৰু বস্তুৰ উৎপাদনেই হৈছে ইতিহাসৰ মূল চালিকা শক্তি। তেওঁ মত পোষণ কৰে যে প্ৰগতিৰ এটা স্তৰত বস্তুৰ উৎপাদন শক্তি আৰু উৎপাদন সম্পৰ্কৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। তেওঁৰ মতে ইতিহাস তথা বুৰঞ্জীৰ প্ৰত্যেক স্তৰতে ইয়াৰ ধ্বংসও সোমাই থাকে। কাৰণ বিপৰীত শক্তি সমাজৰ মাজত হোৱা সংঘৰ্ষৰ ফলত পুৰণি উৎপাদন পদ্ধতিৰ ঠাইত এক নতুন উৎপাদন পদ্ধতিৰ উদ্ভৱ হয়। ফলত সমাজৰ অৰ্থনৈতিক দিশৰ পৰিৱৰ্তন হয় সমাজৰ গাঁথনিৰো পৰিৱৰ্তন হয়। 

কার্ল মার্ক্সেও মানুহৰ জীৱনটোক বিভিন্ন ভাগত ভাগ কৰি পেলাইছে। কিন্তু দুয়োজনৰে দৃষ্টিভংগী বেলেগ বেলেগ হোৱা দেখা যায়। আগষ্ট ক’টে মানুহৰ চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি সমগ্ৰ ভাৱধাৰাক তিনিটা স্তৰত ভাগ কৰিছে। সেইকেইটা হ’ল– (ক) দৈৱবাদী, (খ) বাস্তৱবাদী, (গ) বৈজ্ঞানিক স্তৰে। কার্লমাৰ্ক্সে অর্থনীতিৰ ওপৰত ভিত্তি কৰিহে মানৱ জীৱনটো বিভিন্ন ভাগত ভাগ কৰিছে।

কার্ল মার্ক্সৰ মতে সামাজিক সত্তাৰ দ্বাৰা সামাজিক চিন্তাসমূহ নিয়ন্ত্রিত হয়। এটা জাতিৰ এটা সময়ত যি আর্থিক উৎপাদন পদ্ধতি সেইটোৱেই সেই সময়ৰ সমাজৰ সামাজিক সম্বন্ধ তথা সামাজিক নিয়ন্ত্ৰণ কৰিছে। গতিকে এটা জাতি, এখন সমাজৰ ইতিহাস নিয়ন্ত্ৰণ কৰিছে। গতিকে এটা জাতিৰ, এখন সমাজৰ ইতিহাস সম্পর্কে জ্ঞান লাভ কৰিবলৈ হ’লে সেই সময়ৰ সমাজখনৰ উৎপাদন পদ্ধতি জনা প্রয়োজন। যিকোনো মানৱ জাতিৰ সভ্যতাৰ ইতিহাস সম্পর্কে জ্ঞান লাভ কৰিবলৈ হ’লে সেই সময়ৰ সমাজখনৰ উৎপাদন পদ্ধতি জনা প্রয়োজন। যিকোনো মানৱ জাতিৰ সভ্যতাৰ ইতিহাস সেই জাতিৰ আৰ্থিক উৎপাদন পদ্ধতি আৰু বস্তুগত অৱস্থাৰ ভিত্তিতহে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন হয়। ইয়াকে আমি কার্ল মার্ক্সৰ মূল বক্তব্য হিচাপে বিবেচনা কৰিব পাৰো আৰু মার্ক্সৰ ঐতিহাসিক বস্তুবাদী দর্শন বুলি ক’লৈ তেওঁৰ দ্বান্দ্বিক বস্তুবাদী দর্শনক এৰি চলিব পৰা নাযায়। কার্লমার্ক্সৰ ঐতিহাসিক বস্তুবাদৰ যি মূলনীতি তাৰ ওপৰত ভিত্তি কৰি এনেদৰে মন্তব্য কৰিব পাৰি যে সমাজৰ বিভিন্ন ব্যক্তিসকলৰ সমাজৰ সম্বন্ধ আর্থিক উৎপাদনৰ দ্বাৰাহে নিয়ন্ত্ৰিত হয়। এনে বিধি ব্যৱহাৰৰ দ্বাৰা মানুহৰ ভাব কল্পনা নিয়ন্ত্রিত হয়। মানুহৰ এনে প্ৰবৃত্তিৰ পৰাই নতুন নতুন চিন্তাধাৰাৰ উদ্ভৱ হয়। মার্ক্সৰ বস্তুবাদী দৰ্শনৰ এই মূল তত্বৰ ওপৰত ভিত্তি কৰিয়েই মানৱ জাতিৰ ঐতিহাসিক ঘটনা তথা পৰিৱৰ্তনৰ গতি ব্যাখ্যা কৰা হয় আৰু এনেদৰে ব্যাখ্যা কৰাটোকে মার্ক্সৰ ঐতিহাসিক দৰ্শন বুলি ক’ব পাৰি।

১৮। কার্ল মার্ক্সৰ মত অনুসৰি শ্ৰেণী আৰু শ্ৰেণী সংগ্রামে কি বুজায়? শ্রেণী সংগ্রামে কিদৰে সামাজিক পৰিৱৰ্তন আনে চমুকৈ লিখা। (What does class and class struggle mean according to Karl Marx? Briefly write about how class struggle brings social change.) 

উত্তৰঃ কার্ল মার্ক্সৰ মতে শ্ৰেণী আৰু শ্ৰেণী সংগ্ৰামৰ ধাৰণা মার্ক্সীয় দৰ্শনৰ এক গুৰুত্বপূর্ণ দিশ। মার্ক্সে তেওঁৰ বিখ্যাত গ্রন্থ Communist Manifesto নামৰ গ্ৰন্থত শ্ৰেণী সংগ্ৰামৰ বিশাদ আলোচনা আগবঢ়াইছিল। তেওঁৰ মতে সমাজত প্ৰচলিত বুৰ্জোৱা আৰু সৰ্বহাৰা, জমিদাৰ আৰু কৃষক, মালিক আৰু শ্রমিক, শোষক আৰু শোষিত শ্ৰেণীৰ মাজত সৃষ্টি হোৱা সংঘাতে কোনো কোনো সময়ত বিপ্লৱৰ ৰূপ লৈ সামাজিক পৰিৱৰ্তন সাধন হয়।

ব্যক্তিগত মালিকীস্বত্ব হোৱাৰ পৰা ইতিহাসৰ বিভিন্ন পৰ্যায়ত আৰু প্ৰতিটো স্তৰতে মালিক আৰু শ্রমিক শ্ৰেণীৰ সৃষ্টি হোৱাৰ ফলত পৰস্পৰ বিৰোধী শ্ৰেণীসমূহৰ মাজত শ্ৰেণী সংঘাতৰ সৃষ্টি হয়।

মার্ক্সৰ মতে আদিম অৱস্থাত সম্পত্তিসমূহ ৰাজহুৱা আছিল বাবে উৎপাদনৰ আহিলাবোৰো উন্নত মানৰ নাছিল। কিন্তু কালক্ৰমত ব্যক্তিগত সম্পত্তি আৱিভাৱৰ পিছত মালিক, দাস, পুঁজিপতি, বুৰ্জোৱা শ্ৰেণীৰ সৃষ্টি হ’ল। আৰু সেই সময়তেই শ্ৰেণী সংঘাতৰ সূত্ৰপাত হ’ল। পুঁজিবাদী উৎপাদন ব্যৱস্থাত পুঁজিপতি সকলে ইচ্ছানুসৰি খৰচ কৰিব পাৰে। কিন্তু শ্রমিক সকলেও আকৌ অধিক মূল্যত নিজৰ শ্ৰম ব্যৱহাৰ কৰিবলৈ বিচাৰে। কিন্তু পৰিয়াল চলোৱা দায়িত্বৰ বাবেই তেওঁলোকে কম মূল্যত শ্রম বিক্ৰী কৰিবলগীয়া হয়। ফলত শ্ৰমিকৰ ওপৰত পুঁজিপতিৰ শোষণ বৃদ্ধি পায় আৰু শ্ৰেণী সচেতনতা বৃদ্ধি হৈ শ্ৰেণী সংগ্ৰামৰ সৃষ্টি হয়।

তেওঁৰ মতে পুঁজিবাদী ব্যৱস্থাত অধিক প্রতিদ্বন্দ্বী সকলৰ মাজৰ পৰা দুৰ্বল প্রতিদ্বন্দ্বীসকল আতৰি গৈ শ্রমিক শ্ৰেণীৰ লগ লয়। আনহাতে শ্ৰমিকৰ অৱস্থা শোচনীয় হোৱাৰ বাবে তেওঁলোকৰ ক্ৰম ক্ষমতা হ্রাস পায়। ফলত উৎপাদন বৃদ্ধি পালেও জনসাধাৰণৰ ক্ৰয় ক্ষমতা কমি যোৱাৰ কাৰখানাবোৰ বন্ধ হৈ যায় আৰু শ্ৰমিকে কাম নোপোৱা হয়। এনেদৰে শ্ৰমিকসকল সৰ্বহাৰা হৈ পৰে আৰু সংগ্ৰামৰ পথ বাছি লয়।

পুঁজিপতি সকলে নিজৰ অধিপত্য বজায় ৰখাৰ ওপৰহে গুৰুত্ব দিয়ে তেওঁলোকে শ্ৰমিকসকলৰ প্রতি কোনো গুৰুত্ব নিদিয়ে সেয়ে পুঁজিপতিসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰু শ্ৰমিকসকলে সশস্ত্র বিপ্লৱ কৰিবলৈ বাধ্য হয়। ইয়াৰ দ্বাৰা শ্ৰমিকসকলে পুঁজিপতিৰ আধিপত্য ওফৰাই ৰাষ্ট্ৰৰ ক্ষমতা নিজৰ হাতলৈ আনি সৰ্বহাৰা একনায়কত্ববাদ প্রতিষ্ঠা হয়।

মার্ক্সবাদৰ মূল নীতি হৈছে সাম্যবাদ প্রতিষ্ঠা কৰা। পুঁজিপতি ধ্বংস হলেই যে সাম্যবাদ প্ৰতিষ্ঠা হ’ব এনে নহয় ইয়াৰ বাবে বুৰ্জেৱা শ্ৰেণীৰ লগত শ্রমিক শ্ৰেণীৰ সমন্বয়ত মৰ্চা গঠন হ’ব লাগিব। তেতিয়াহে সাম্যবাদ প্রতিষ্ঠা হ’ব। এনে সাম্যবাদ ব্যৱস্থাত ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা নাথাকিব।

শ্রেণী বিভাজনৰ বাবে মার্ক্সে অর্থনৈতিক বস্তুৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে প্রতি সমাজতে অৰ্থনীতিৰ লগত সম্পৰ্কীয় বেলেগ বেলেগ শ্রেণী থাকে। সামন্তব্যৱস্থাটো ভূমিপতি আৰু ভূমিহীন দুটা শ্ৰেণী আছিল। সমাজত নিম্ন স্তৰৰ শ্ৰেণীয়ে সদায়ে নিজৰ উন্নয়নৰ প্ৰচেষ্টা চলায়। ইয়াৰ ফলতে শ্ৰেণী সংগ্ৰামৰ সূত্ৰপাত হয় আৰু নিম্ন শ্ৰেণীৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন হয়। গতিকে মার্ক্সে ইতিহাসৰ সকলো ধৰণৰ সংগ্ৰামকেই শ্রেণী সংগ্রাম বুলি কৈছে।

কাল মার্ক্সে ইউৰোপৰ বিভিন্ন দেশবোৰৰ ওপৰত অধ্যয়ন চলায় শ্ৰেণী সংগ্ৰামৰ অৱধাৰণা আগবঢ়াইছে। মার্ক্সৰ মতে আদিম সমাজৰ উৎপাদনৰ সকলো আহিলাই সমাজ নিয়ন্ত্রণ কৰিছিল। সেয়েহে সেই সময়ত সাম্যবাদ চলি আছিল। তেতিয়া সমাজত কোনো শ্রেণী  বৈষম্য নাছিল। সমাজৰ উন্নয়নৰ লগে লগে উৎপাদনৰ উপাদানবোৰ কিছুমান লোকৰ হাতলৈ আহিব আৰু ফলত কিছুমান শ্ৰেণীৰ সৃষ্টি হ’ল। ক্ৰমে সমাজত কৃষি ব্যৱস্থা উদ্ভৱ হ’ল আৰু ভূমিপতি আৰু ভূমিহীন শ্ৰেণীৰ সৃষ্টি হ’ল। ইয়াৰ পাছত সমাজত উদ্যোগৰ প্ৰাধান্য আহি পৰিল আৰু ফলত উদ্যোগপতি আৰু বনুৱা শ্ৰেণীৰ সৃষ্টি হ’ল। ইয়াৰ পাছতে ক্রমে সমাজ পুঁজিবাদী ব্যৱস্থালৈ গতি কৰিলে।

এখন সমাজৰ স্বৰূপ নিৰ্ভৰ কৰে সেই সমাজৰ প্ৰকৃতিৰ ওপৰত। উৎপাদন পদ্ধতিৰ লগত ব্যক্তিৰ সম্পৰ্কই শ্ৰেণীৰ আধাৰ সৃষ্টি কৰে। সম্পদ বিভাজন শ্ৰেণী সংৰচনাত প্ৰধান ভূমিকা গ্ৰহণ কৰে। পুঁজিবাদী সমাজত উৎপাদনৰ পদ্ধতি আৰু বিতৰণৰ মুষ্টিমেয় সংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ থাকে। একচেটিয়া ব্যক্তিগত সম্পদৰ অধিকাৰী পুঁজিপতিসকলে সমসাময়িক ৰাজনৈতিক বাতাবৰণক নিয়ন্ত্ৰণত ৰাখে।

উদ্যোগ প্রধান সমাজ ব্যৱস্থাত বুৰ্জোৱা আৰু পলিতাৰিয়েট এই দুটা প্ৰধান সামাজিক শ্ৰেণী থাকে। মূলধনৰ ওপৰত লাভ আদায় কৰি আড়ম্বৰপূৰ্ণ জীৱন নিৰ্বাহ কৰাসকল হ’ল বুৰ্জোৱা আৰু শ্ৰমৰ কৰি জাৱণ নিৰ্বাহ কৰাসকল হ’ল পলিটেৰিয়েট। এই দুটা শ্ৰেণীৰ বাহিৰে মাৰ্ক্সে পুঁজিবাদী সমাজত আৰু দুটা শ্রেণী আছে বুলি মত পোষণ কৰে। তাৰে এটা হ’ল পেটি বুজোৱা আৰু আনটো হ’ল পেটি পলিটেৰিয়েট। প্ৰথম শ্ৰেণীটোৱে প্ৰায় বুৰ্জোৱা দৰে মূলধনৰ ওপৰত লাভ আদায় কৰি আড়ম্বৰপূৰ্ণ জীৱন নিৰ্বাহ কৰে। যেনে— চিকিৎসক, উকিল, অভিযন্ত্রা, অধ্যাপক আদি। আনহাতে সমাজত এনে শ্ৰেণীৰ মানুহো থাকে যিসকলে কম মূলধন বিনিয়োগ কৰি ব্যৱসায়-বাণিজ্য কৰে। তেওঁলোকে শাৰীৰিক শ্ৰমৰ বিনিয়োগ নকৰে যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা বনুৱাসকলৰ প্ৰায় সমমৰ্যাদাৰ। এই শ্ৰেণীটোক মাৰ্ক্সে পেটিপলিটেৰিয়েট বুলি মন্তব্য কৰিছে। মুঠৰ ওপৰত বৰ্তমান আধুনিক পুঁজিবাদী সমাজ ব্যৱস্থাত বুর্জোৱা পুঁজিপতিসকলে শ্ৰমিক সকলক কৰা শ্ৰমৰ শোষণৰ ফলত শ্রমজীৱিসকলৰ জীৱনধাৰণ প্ৰণালী নিম্নৰ পৰা নিম্নলৈ যাবলৈ ধৰে আৰু আনহাতে উৎপাদনৰ আহিলা হাতত থকা সম্পদশালী মালিকসকলে শ্ৰমিকসকলৰ শ্ৰমৰ বিনিময়ত বিনোদন আৰু বিলাসিতাৰে আড়ম্বৰপূৰ্ণ জীৱন যাপন কৰিছে। এনেকৈয়ে সমাজত ধনী আৰু দুখীয়াৰ সৃষ্টি কৰি সমাজ জীৱনলৈ পৰিৱৰ্তন আনিছে।

মার্ক্সৰ মতে বস্তুগত অৱস্থাৰ পৰা পুঁজিবাদী উৎপাদন পদ্ধতিত অপসাৰিতাৰ উদ্ভৱ হয়। অর্থনৈতিক শোষণ আৰু শ্ৰমিকৰ হাড়ভগা পৰিশ্ৰমে শ্রমিকসকলৰ মনলৈ অপসাৰণমূলক মনোভাৱ আনে। এনেধৰণৰ অপসাৰিতাই শ্ৰেণী সংগ্রাম সৃষ্টি হোৱাত ইন্ধন যোগায়। শ্রমিকৰ মাজত শ্রেণী সচেতনতা বৃদ্ধি পোৱাৰ লগে লগে অর্থনৈতিক স্বাৰ্থৰ তাগিদাত এফালে বুৰ্জোৱাসকল ঐক্যবদ্ধ আৰু আনফালে পলটৰিয়েটসকল ঐক্যবদ্ধ হৈ দুটা প্ৰধান পক্ষলৈ পৰিণত হয়। এনে অৱস্থাত শ্ৰেণী সংগ্রাম তীব্ৰতৰ হৈ উঠে।

এটা সময়ত শ্ৰেণী সংগ্রামে শ্ৰেণী যুদ্ধৰ সৃষ্টি কৰে। ফলত পৰৱৰ্তী পৰ্যায়ত পুঁজিবাদী সমাজৰ ব্যৱস্থা ভাগি পৰে আৰু সৰ্বহাৰাসকলৰ হাতলৈ ক্ষমতা আছে আৰু সাম্যবাদী সমাজৰ উদ্ভৱ হয়। সাম্যবাদী সমাজত সম্পত্তি ব্যক্তিগত মালিকীস্বত্বত নাথাকে সমাজহে ইয়াৰ মালিক হয়। অর্থাৎ মার্ক্সৰ শ্ৰেণী সংগ্ৰামৰ শেষ পৰিণতিয়েই সাম্যবাদ।

১৯। মূল্যৰ শ্ৰমতত্ত্বটো আলোচনা কৰা। (Discuss the labor theory of value.)

উত্তৰঃ মার্ক্সে ৰিকাৰ্ডৰ মূল্যৰ ‘শ্ৰম আৰু তত্ত্বৰ’ পৰিশোধিত কৰিছিল আৰু কিছুমান সমালোচনামূলক সংশোধন আগবঢ়াইছিল। মার্ক্সৰ বাবে শ্ৰমৰ দ্বাৰাহে এটা দ্ৰব্যৰ মূল্য সৃষ্টি কৰা হয়। শ্ৰমিকৰ সামৰ্থ আছে যাক কোৱা হয় ‘শ্রমশক্তি’, যিয়ে দ্ৰৱাত মূল্যৰ যোগ দিব পাৰে, সেইয়া ব্যৱহাৰ্য মূল্যই হওক বা বিনিময় মূল্যই হওক। মার্ক্সে, ‘বিনিময় মূল্য’ আৰু তাক কেনেকৈ নিৰ্ণয় কৰা হয় তাৰ প্ৰতি অতি আগ্রহী আছিল। আমি এটা সৰল ধাৰণাৰে। আৰম্ভ কৰোহক যে এটা প্ৰৱাৰ মূল্য গড় শ্ৰম আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সময়ৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত হয়। এনে পৰিস্থিতি ক’ব পাৰি যে যি যি দ্রব্য উৎপাদনৰ বাবে অধিক শ্ৰমৰ প্ৰয়োজন হয় সেই দ্রব্যটো কম শ্রম প্রয়োজন হোৱা দ্ৰব্য এটাতকৈ বিনিময় মূল্য বেছি। সেয়ে এখন চাইকেলতকৈ এখন গাড়ী অধিক ব্যয়বহুল। যি কি নহওক, এইটো ইমান সৰল কথা নহয়। 

প্রথমতে এটা বিশেষ সামগ্রী উৎপাদন কৰিবলৈ বনুৱাসকল বেলেগ বেলেগ কামত নিয়োজিত হ’ব লাগিব, যিখিনি চূড়ান্ত পৰ্যায়ৰ দ্ৰৱ্য প্ৰদান কৰিব। মার্ক্সে এই বিশেষ শ্রমিকসকলক স্থূল শ্রমিক আখ্যা দিছে। যি কি নহওক স্থুল শ্রমিকে মূল্য উৎপাদন কৰি আছে, গতিকে যেতিয়া সমগ্ৰ উৎপাদিত সামগ্ৰীৰ লক্ষ্য কৰো দেখিম যে প্ৰতিজন স্থূল শ্রমিকে ইয়াত মূল্য আগবঢ়াইছে। দ্বিতীয়তে, যেতিয়া শ্রমিকৰ নাম কৌশলৰ কথা আহে, সকলো  একে নহয়। এইদৰে এক নির্দিষ্ট সময়ছোৱাত, এজন কৌশলী বনুৱাই এজন কৌশলবিহীন শ্রমিকতকৈ অধিক উৎপাদন কৰিব। গতিকে আমি যদি উদাহৰণলৈ চাওঁ দেখিম যে যিবিলাক দ্ৰৱ্যৰ উৎপাদনে বেছি সময় লৈছে, সেইবিলাকৰ উৎপাদনত কম সময় লোৱা দ্ৰৱ্যতকৈ ব্যয়বহুল। সেইদৰে কৌশলী বনুৱাই উৎপাদন কৰা দ্রব্যসমূহ কৌশলবিহীন বনুৱাই উৎপাদন কৰা দ্ৰৱ্যতকৈ অধিক ব্যয়বহুল। যি কি নহওক এনেকুৱা সদায় নহয়।

যিহেতু প্ৰতিজন স্থূল শ্ৰমিকৰ চূড়ান্ত দ্ৰব্য আৰু প্ৰতিজন শ্রমিকৰ ব্যক্তিগত কৌশল জোখাটো কঠিন কাম। গতিকে এই ক্ষেত্ৰত দ্রব্য উৎপাদনৰ বাবে প্রয়োজন হয় সামাজিকভাৱে গুৰুত্বৰ শ্ৰম কাল’ৰ । মার্ক্সে ইয়াকে বুজাইছিল দ্রব্য এটা মূল্য ‘সর্বোচ্চ শ্রম’। (সকলো স্থূল শ্ৰম আৰু গড় শ্ৰম কৌশলৰ পৰ্যায়) আৰু স্বাভাবিক কর্ম কালৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত হ’ব লাগে। তাৰ উপৰি, এটা দ্ৰব্যৰ মূল্যই কেৱল প্রত্যক্ষ শ্রমিককে (যিয়ে চূড়ান্ত দ্রব্য উৎপাদন কৰে, যেনে গাড়ী) অন্তৰ্ভুক্ত নকৰে বৰঞ্চ পৰোক্ষ শ্রমকো (যিয়ে যন্ত্রপাতি, আহিলা আৰু কেঁচামালৰ উৎপাদন কৰে) অন্তৰ্ভুক্ত কৰে। গতিকে মূল্যৰ শ্ৰম তত্ত্বৰ সাৰমৰ্ম এয়ে যে নবাৰ তুলনামূলক বিনিময় মূল্য’ উৎপাদনৰ স্বাভাৱিক সময়ৰ পৰিস্থিতিত গড় শ্রম সময় মতে নিৰ্ধাৰিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top