মাও জেদং (Mao Zedong) চীন দেশৰ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰত তেওঁ চীনৰ য়ুনান প্ৰদেশৰ ছাও ছান নামৰ এখন গাঁওতে এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এগৰাকী কঠোৰ স্বভাৱৰ খেতিয়ক আছিল, যিয়ে মাওকো কৃষিকাৰ্যৰ লগত জড়িত হোৱাৰ বাবে উৎসাহিত কৰিছিল। কিন্তু মাও শৈশৱৰ পৰাই এক সূক্ষ্ম দৃষ্টিভংগী আৰু গভীৰ চিন্তা শক্তিৰ অধিকাৰী আছিল। ছাত্ৰ অৱস্থাতে থাকোঁতেই তেওঁ উপলব্ধি কৰিছিল যে চীনৰ বৃহৎ কৃষক আৰু শ্ৰমিক সমাজ গভীৰ দুখ-দৈন্যৰ মাজত জীৱন অতিবাহিত কৰি আছে। এই বঞ্চিত আৰু শোষিত জনসাধাৰণৰ মুক্তিৰ বাবে বিপ্লৱ অবশ্যম্ভাৱী বুলি তেওঁ বিশ্বাস কৰিছিল। শিক্ষাই সমাজৰ পৰিবর্তন আনিব পাৰে বুলি দৃঢ় প্রত্যয়ী মাও জেদং নিজৰ অধ্যয়ন অব্যাহত ৰাখিবলৈ দৃঢ়সংকল্পবদ্ধ হৈছিল। তথাপি, তেওঁৰ পিতৃয়ে উচ্চশিক্ষাৰ বাবদ খৰচ যোগাবলৈ অমান্তি হৈছিল, যাৰ ফলত তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু এই বাধাবিপত্তি মাওৰ মনোবল লোপ নকৰিলে। শিক্ষা অব্যাহত ৰাখিবলৈ তেওঁ নিজৰ বন্ধুবৰ্গৰ পৰা টকা ধাৰ লৈ নিজেই নিজৰ পাঠ্যক্রমৰ খৰচ বহন কৰিছিল। মাও জেদং শিক্ষাক শক্তিশালী অস্ত্ৰ হিচাপে গ্ৰহণ কৰে আৰু বিপ্লৱী চিন্তাধাৰা গঢ় লৈ যাবলৈ আগবাঢ়ি যায়।

Read also: Barack Obama Biography | বাৰাক অ’বামাৰ জীৱনী
নাম | মাও জেদং (Mao Zedong) |
জন্ম | ২৬ ডিচেম্বৰ, ১৮৯৩ চন |
পেচা | ৰাজনীতিবিদ |
মৃত্যু | ৯ ছেপ্তেম্বৰ, ১৯৭৬ চন |
মাও জেদং (Mao Zedong) ৰ জীৱনৰ প্ৰাৰম্ভিক প্ৰভাৱ আৰু বিপ্লৱী চিন্তা
পৃথিৱীৰ এক তৃতীয়াংশ জনতাৰ ভাগ্য পৰিবৰ্তনৰ লক্ষ্য ৰাখি, মাও জেদং প্ৰথমতে চীনৰ অতীত ইতিহাস অধ্যয়ন কৰে। এই অধ্যয়নৰ সময়ত, দুটা উল্লেখযোগ্য ঐতিহাসিক ঘটনা তেওঁক গভীৰভাৱে আকৃষ্ট কৰে। প্ৰথমটো হ’ল ১৮৫০-১৮৬৫ চনৰ টাইপিং (Taiping) বিপ্লৱ, য’ত নেতাসকলে শ্ৰমিক শ্ৰেণীৰ মুক্তিৰ বাবে সংঘটিত আন্দোলন চলাইছিল। দ্বিতীয়টো হ’ল চানয়েট চেনৰ নেতৃত্বত মাঞ্চু শাসনৰ বিৰুদ্ধে চলা স্বাধীনতা সংগ্রাম।
১৯১৯ চনত, ২৬ বছৰ বয়সত, মাও জেদংয়ে সমগ্ৰ চীন ভ্ৰমণ কৰাৰ অন্তত ছাংহাইত উপস্থিত হয়। তেতিয়া প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ আৰু ফৰাচী মিত্ৰ শক্তিৰ বিশ্বাসঘাতকতাৰ প্ৰতিবাদত ছাত্ৰসকলে আৰম্ভ কৰা আন্দোলনত তেওঁ সক্ৰিয়ভাৱে যোগ দিয়ে।
মাও জেদং (Mao Zedong) ৰ কৰ্ম আৰু ৰাজনৈতিক জীৱনৰ আৰম্ভণি
১৯২১ চনত মাও জেদং চীন কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা চে-টু-ছিওৰ (Chen-Tu-Hsiu) সংস্পৰ্শলৈ আহি কমিউনিষ্ট মতাদৰ্শ গ্ৰহণ কৰে। তেওঁ ছাংহাইত অনুষ্ঠিত চীন কমিউনিষ্ট পাৰ্টিৰ সভাত অংশগ্ৰহণ কৰে, যি তেওঁৰ ৰাজনৈতিক জীৱনৰ এক গুৰুত্বপূর্ণ পদক্ষেপ আছিল।
১৯২৬ চনত, চিয়াং কাই চেকৰ নেতৃত্বত কুমিণ্টাং দল চীনৰ শাসনভাৰ লয়। এই সময়ছোৱাত মাও জে দঙৰ ৰাজনৈতিক কাৰ্য্যদক্ষতা পৰিলক্ষিত হৈ, কুমিণ্টাং চৰকাৰে তেওঁক চৰকাৰী প্ৰচাৰ বিভাগৰ পৰিচালন সঞ্চালক আৰু জাতীয় কৃষক আন্দোলন অনুষ্ঠানৰ নেতৃত্ব দিয়া হৈছিল। কিন্তু, মাওৰ প্ৰস্তুত কৰা “Report on an Investigation into the Peasant Movement in Unan” শীৰ্ষক প্ৰতিবেদনটোৰ বাবে তেওঁক প্ৰতিক্ৰিয়াশীল বুলি অভিযুক্ত কৰি পার্টিৰ পলিটবুৰো আৰু কেন্দ্ৰীয় কমিটীৰ পৰা নিলম্বিত কৰা হয়।
তথাপি, মাওৰ নেতৃত্বত এটা শক্তিশালী কৃষক আন্দোলন আৰম্ভ হয়। তেওঁ য়ুনান প্ৰদেশত কৃষকসকলক সংগঠিত কৰি আন্দোলন আৰম্ভ কৰে, যদিও কুমিণ্টাং চৰকাৰে কঠোৰভাৱে দমন কৰে। মাওক বন্দী কৰি মৃত্যুদণ্ড ঘোষণা কৰা হৈছিল, কিন্তু তেওঁ বন্দী অৱস্থাৰ পৰা পলাই যায়। আনুমানিক এহেজাৰ কৃষক বিপ্লৱীক সংগ্ৰহ কৰি, মাও ছিঙকাংছাঙৰ দুৰ্গম বৰফাচ্ছন্ন অঞ্চলত আশ্ৰয় লয় আৰু তাতকৈ আন্দোলনৰ নতুন পৰিকল্পনা প্ৰস্তুত কৰে।
মাও জেদংৰ গেৰিলা ৰণনীতি আৰু লাল বাহিনীৰ উত্থান
ছিঙকাংছাঙত থকাৰ সময়তে, ১৯২৮ চনৰ মে মাহত কুমিয়েণ্টাঙ চৰকাৰে তেওঁৰ বিৰুদ্ধে এটা সৈন্যদল পঠায়। কিন্তু মাও জেদংৰ নেতৃত্বত থকা বিপ্লৱী বাহিনীয়ে এই সৈন্য দলক সম্পূৰ্ণৰূপে পৰাস্ত কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। এই জব্দ কৰা অস্ত্ৰৰে মাওয়ে লাল সৈনিক প্ৰথম বাহিনী গঠন কৰে।
এই সময়তে মাওৰ বুদ্ধিমান নেতৃত্ব আৰু বিপ্লৱী কাৰ্য্যকলাপে ছোভিয়েত নেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰে। ফলস্বৰূপে, মস্কোত অনুষ্ঠিত ছোভিয়েত কমিউনিষ্ট পাৰ্টিৰ ষষ্ঠ কংগ্ৰেছত মাওক কেন্দ্ৰীয় কমিটি আৰু পলিটবুৰ’ৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়।
১৯৩০ ৰ ডিচেম্বৰৰ পৰা ১৯৩৩ ৰ অক্টোবৰলৈ, ছিয়াংকাই ছেকে মাওৰ বিপ্লৱী আস্থান ধ্বংস কৰিবলৈ চাৰিটা সু-সজ্জিত সামৰিক অভিযান চলায়। কিন্তু প্ৰতিটো অভিযানতেই কুমিয়েণ্টাঙ সেনাদল মাওৰ গেৰিলা বাহিনীৰ হাতত শোচনীয়ভাৱে পৰাস্ত হয়। এই বিজয়ৰ মূল কাৰণ আছিল মাওৰ কৌশলী ৰণনীতি, গেৰিলা যুদ্ধ কৌশল, আৰু কঠোৰ নিয়মানুবৰ্তিতা। তদুপৰি, স্থানীয় কৃষকসকলৰ সহায় আৰু তেওঁৰ প্রধান সহায়ক চু-টেইৰ অৱদানেও এই বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
মাও জেদং (Mao Zedong) আৰু লং মাৰ্চ: বিপ্লৱৰ এক যুগান্তকাৰী অধ্যায়
চিয়াংকাই ছেকে মাও জেদংৰ বিপ্লৱী বাহিনীৰ বিৰুদ্ধে পঞ্চমটো অভিযান চলোৱাৰ পূৰ্বে জাৰ্মান সমৰ বিশেষজ্ঞসকলৰ সৈতে মিলিত হৈ এক সুদৃঢ় সমৰ কৌশল প্ৰস্তুত কৰে। ১৯৩৪ চনৰ আৰম্ভণিতে, প্ৰায় এক নিযুত সৈন্য মোতায়েন কৰি কুমিয়েণ্টাং বাহিনীয়ে লাল বাহিনীৰ আস্তনা ঘেৰি ধৰে। কিন্তু মাওৰ দল ইতিমধ্যেই সেই অঞ্চল ত্যাগ কৰি বহু দূৰলৈ গতি কৰে আৰু নতুন ছাউনী স্থাপন কৰে। ফলত, কুমিয়েণ্টাং বাহিনীৰ এই অভিযানো ব্যৰ্থ হয়।
সেই বছৰৰে অক্টোবৰ মাহতে মাও জেদংৰ নেতৃত্বত আৰম্ভ হয় ৰাজনৈতিক ইতিহাসৰ এক অভূতপূৰ্ব ঘটনা— লং মাৰ্চ। এই এক বছৰীয়া পদযাত্ৰা নানান বিপদ-বিপত্তিৰ মাজেদি অতিক্ৰম কৰি ১৯৩৫ চনৰ অক্টোবৰ মাহত উত্তৰ চেনছীত সমাপ্ত হয়। ইয়াত লাল বাহিনীৰ পুনৰ গঠন আৰম্ভ হয়। সৈন্যসকলক নতুনকৈ গঠিত কৰি শিক্ষাদান প্ৰদান কৰাৰ উপৰিও, মাও জেদং জনসংগঠনৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ নিজৰ স্বাৰ্থক ত্যাগ কৰি আগন্তুক ১২ বছৰ বৈপ্লৱিক আন্দোলনৰ বিস্তৃতি ঘটায়।
১৯৪৯ চনৰ ১ অক্টোবৰ তাৰিখে কমিউনিষ্ট নেতাসকলে বেইজিং অভিমুখে আগবাঢ়ি যায়। ৫৫ বছৰ বয়সত মাও জেদং ‘চেয়াৰমেন’ হিচাপে স্বীকৃতি লাভ কৰে আৰু ‘চেণ্ট্ৰেল পিপল্ছ গভৰ্ণমেণ্ট’ গঠন হয়। চীনৰ ৮০ কোটি জনতাই তেওঁক আদৰি লয়, আৰু বিশাল দেশখনত এক নতুন কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠিত হয়। শাসনভাৰ গ্ৰহণ কৰি, মাও জেদং ধ্বংসপ্ৰাপ্ত অৰ্থনীতি পুনৰ জীয়াই তুলিবলৈ প্ৰাণপণ চেষ্টা কৰে। বিভিন্ন নীতি আৰু আঁচনি বাস্তবায়িত কৰি দেশখনক শক্তিশালী কৰিবলৈ তেওঁ অগ্ৰসৰ হয়।
তাৰ পিছতে, সাংস্কৃতিক বিপ্লৱ আৰম্ভ হয়, য’ত মাওৰ চিন্তা-ভাবনা চীনৰ সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ লক্ষ্যত কেন্দ্ৰীভূত হয়। তেওঁৰ নেতৃত্বত দেশখন এক নতুন যুগলৈ আগবাঢ়ে, যি বিশ্ব ৰাজনীতিত এক বিশেষ অধ্যায় হিচাপে খ্যাত হয়।
মাও জেদং (Mao Zedong) ৰ মৃত্যু
১৯৪৯ চনত ক্ষমতা দখল কৰাৰ পিছৰ পৰা দীঘলীয়া ২৭ বছৰ দেশক সফল নেতৃত্ব প্ৰদান কৰাৰ লগতে বহুতো সংকটৰ পৰা ৰক্ষা কৰি ১৯৭৬ চনৰ ৯ ছেপ্তেম্বৰত মাও জেদং মৃত্যু বৰণ কৰে। তেওঁৰ শাসনকালত বহু আন্তৰ্জাতিক মতভেদৰ সৃষ্টি হৈছিল যদিও তেওঁ কোনো বাহিৰা শক্তিৰ প্ৰভাৱক গুৰুত্ব নিদি কেৱল দেশৰ কল্যাণৰ বাবে প্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিছিল।
উপসংহাৰ | Conclusion
মাও জেদং আছিল চীনৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী আৰু বিতৰ্কিত নেতা। তেওঁ চীন গণপ্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠাতা আছিল আৰু দেশখনৰ সমাজ, অৰ্থনীতি, আৰু ৰাজনীতি সম্পৰ্কে গভীৰ প্ৰভাৱ পেলাইছিল। মাওৰ নীতি আৰু পৰিকল্পনাবোৰে দেশখনক আধুনিকতাৰ পথত আগবঢ়াই নিয়াৰ লগতে বহু সংকটও সৃষ্টি কৰিছিল। যদিও তেওঁৰ নেতৃত্ব বিতৰ্কিত, তথাপিও তেওঁ চীনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে অৱস্থান লাভ কৰিছে।
FAQs
1. মাও জেদং কোন আছিল?
A: মাও জেদং আছিল চীন গণপ্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠাতা আৰু দেশখনৰ প্ৰথম কমিউনিষ্ট নেতা।
2. মাও জেদং কেতিয়া জন্মগ্ৰহণ কৰিছিল?
A: তেওঁ ১৮৯৩ চনৰ ২৬ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল।
3. মাও জেদং কিয় বিখ্যাত?
A: তেওঁ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতৃত্ব দিছিল, আৰু দেশখনৰ ৰাজনৈতিক আৰু সাম্যবাদী নীতি ৰূপায়ণ কৰিছিল।
4. মাও জেদংৰ গুৰুত্বপূর্ণ নীতি কি আছিল?
A: তেওঁ “গ্ৰেট লীপ ফৰৱাৰ্ড” আৰু “সাংস্কৃতিক বিপ্লৱ”ৰ দৰে নীতি প্ৰণয়ন কৰিছিল।
5. মাও জেদং কেতিয়া মৃত্যু হৈছিল?
A: তেওঁ ১৯৭৬ চনৰ ৯ ছেপ্তেম্বৰত মৃত্যু হৈছিল।
Read also: Adolf Hitler Biography | এডল্ফ হিটলাৰৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.