Class 9 Assamese MCQ Chapter 7 সময়

Class 9 Assamese MCQ Chapter 7 সময়, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 7 সময় Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 7 সময়

Join Telegram channel

SEBA Class 9 Assamese MCQ Chapter 7 সময় Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese MCQ Chapter 7 সময় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সময়

Chapter – 7

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। সময় পাঠটিৰ লেখক কোন?

উত্তৰঃ নীলমণি ফুকন।

২। নীলমণি ফুকনৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ ১৮৮০ চনত ডিব্ৰুগড় জিলাত।

৩। নীলমণি ফুকনৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ লম্বোধৰ খাৰঘৰীয়া ফুকন।

৪। নীলমণি ফুকনৰ দুটিমান সাহিত্যিক কীর্তি উল্লেখ কৰা?

উত্তৰঃ চিন্তামণি’ ‘মানসী’।

৫। নীলমণি ফুকন কোন দুখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ আলোচনী আৰু ন জোন।

৬। নীলমণি ফুকন অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ শিৱসাগৰ।

৭। ‘সময়’ পাঠৰ কেন্দ্ৰীয় বিষয় কি?

উত্তৰঃ সময়ানুবর্তিতা।

৮। সময়ৰ মূল্যায়ন কিহৰ জৰিয়তে কৰিব পাৰি?

উত্তৰঃ কৰ্মৰ জৰিয়তে।

৯। কল্প মানে কি বুজা?

উত্তৰঃ হিন্দু শাস্ত্ৰসতে ব্ৰহ্মাৰ এদিন এৰাতি, এই কালৰ দৈৰ্ঘ্য এহেজাৰ যুগ বা চাৰিশ বত্রিশ কোটি বছৰ।

১০। বাঁহতল শব্দৰ অৰ্থ লিখা?

উত্তৰঃ বিশৃংখল বা অশান্তিকৰ ঠাই বা অৱস্থা।

১১। যুগ মানে কি?

উত্তৰঃ কালৰ এটা ভাগ। যুগ বুলিলে–সত্য, ত্রেতা, দ্বাপৰ, কলি এই চাৰিটাকৈ প্ৰধানকৈ বুজায়।

১২। সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ নৈৰ সোঁতৰ লগত।

১৩। বসন্ত ঋতুৰ আগমন কিহৰ জৰিয়তে ধৰিব পাৰি?

উত্তৰঃ গছৰ ডালত কুঁহিপাত ওলালে।

১৪। বেলি ঘড়ী বুলি ক’লে কিহক বুজায়?

উত্তৰঃ বেলি ফুলক।

১৫। বেলি ফুলক বেলিঘড়ী বুলি কিয় কোৱা হয়?

উত্তৰঃ ই সূৰ্য্যৰ লগে লগে ঘূৰে বাবে ইয়াক বেলিঘড়ী বোলা হয়।

১৬। পাঠটিত লেখকে গধূলি হোৱা সময়খিনিক কিহৰ জৰিয়তে বুজাইছে?

উত্তৰঃ গৰুয়ে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোতে পাঠটিত লেখকে গধূলি হোৱা বুলি উল্লেখ কৰিছে।

১৭। আগতে মানুহে কিদৰে সময় নিৰূপণ কৰি কাম চলাইছিল বুলি পাঠটিত উল্লেখ আছে?

উত্তৰঃ আগতে মানুহে প্রাকৃতিক জগতৰ পৰিৱৰ্তন বিলাক লক্ষ্য কৰি একো একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল।

১৮। সময়ৰ প্ৰকৃত যন্ত্রপাতি কি?

উত্তৰঃ কর্ম।

১৯। কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। উক্তিটো শুদ্ধনে?

উত্তৰঃ শুদ্ধ।

২০। মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। কথাষাৰ শুদ্ধনে অশুদ্ধ?

উত্তৰঃ শুদ্ধ।

২১। ব্ৰহ্মাৰ এদিন আৰু এৰাতিয়ে মানুহৰ কিমান সময়?

উত্তৰঃ এহেজাৰ যুগ বা এক কল্প।

২২। সময়ৰ সদব্যৱহাৰ কেনেদৰে কৰা হয়?

উত্তৰঃ সময়ৰ কাম শৃংখলাবদ্ধভাৱে কৰিলে সময়ৰ সদ ব্যৱহাৰ হয়।

২৩। সময় অমূল্য ধন বোলা কথাষাৰ সঁচানে?

উত্তৰঃ সঁচা।

২৪। ঘড়ীৰ কাইটকেইডালত সময়ৰ জোখ আছে নেকি?

উত্তৰঃ নাই।

২৫। সময়ৰ জোখ ক’ত থাকে?

উত্তৰঃ কামতহে থাকে।

২৬। সময় ____ধন।

উত্তৰঃ সময় অমূল্য ধন।

২৭। নীলমণি ফুকনৰ মৃত্যু কেতিয়া হয়?

উত্তৰঃ ১৯৭৮ চনত।

২৮। নীলমণি ফুকনৰ গদ্যৰ বৈশিষ্ট্য এটা উল্লেখ কৰা?

উত্তৰঃ চুটি চুটি বাক্য গাঁথনি, স্পষ্টভাৱ, বাহুল্যবর্জিত পোনপটীয়া ভাষা আৰু প্ৰতিপাদ্য বিষয়ৰ সমৰ্থনত উদাহৰণৰ উত্থাপন লেখকৰ গদ্যৰ অন্যতম বিশেষত্ব।

২৯। সময় কি গতিত ঘূৰে?

উত্তৰঃ বৃত্তাকাৰ গতিত।

৩০। কল্পান্তৰ শব্দৰ অৰ্থ লিখা?

উত্তৰঃ এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিবৰ্তন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top