🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 9 Assamese MCQ Chapter 5 মোৰ দেশ

Class 9 Assamese MCQ Chapter 5 মোৰ দেশ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, Class 9 Assamese Multiple Choice Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese MCQ Chapter 5 মোৰ দেশ Question Answer can be of great value to excel in the examination.

SEBA Class 9 Science MCQ Chapter 5 মোৰ দেশ

SEBA Class 9 Assamese MCQ Chapter 5 মোৰ দেশ covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Assamese Objective Types Question Chapter 5 মোৰ দেশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মোৰ দেশ

Chapter – 5

Multiple Choice Questions & Answers

অতি চমু প্রশ্নোত্তৰ:

১। ‘মোৰ দেশ’ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ হীৰেণ ভট্টাচার্য।

২। হীৰেণ ভট্টাচার্যৰ জন্ম ক’ত, কেতিয়া হৈছিল?

উত্তৰঃ ১৯৩২ চনত যোৰহাটত।

৩। হীৰেণ ভট্টাচাৰ্যক কি কবি হিচাপে জনা যায় ?

উত্তৰঃ সুগন্ধি পখিলাৰ কবি।

৪। হীৰেণ ভট্টাচাৰ্য দেৱে ৰচনা কৰা আন দুখন কবিতা পুথিত নাম লিখা?

উত্তৰঃ ‘ৰৌদ্ৰ কামনা’ ‘তোমাৰ বাঁহী’।

৫। কোনখন পুথিৰ বাবে হীৰেণ ভট্টাচাৰ্য দেৱে সাহিত্য অঁকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ শইচৰ পথাৰ মানুহ।

৬। কবিৰ বাবে তেওঁৰ দেশ কি?

উত্তৰঃ কবিৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ।

৭। কবিয়ে দেশৰ বুকুত কি সপোন ৰচিছে?

উত্তৰঃ সোণোৱালী শইচেৰে পূৰ্ণ ভৱিষ্যতৰ সপোন কবিয়ে ৰচিছে।

৮। আন দেশলৈ গৈ কবিয়ে কি কৰে?

উত্তৰঃ আন দেশৰ বন্ধুৰ সৈতে হাতে হাত ধৰি কৰি ঘুৰিছে, কথা পাতিছে, সাগৰ পাৰত, কেতিয়াবা পাহাৰৰ তলত ক্ষন্তেক জিৰাইছে।

৯। কবিৰ যাত্ৰাৰ শেষ ক’ত?

উত্তৰঃ নিজৰ আপোন দেশত।

১০। কবিয়ে নিজ দেশৰ বুকুৰ উমত কি পায়?

উত্তৰঃ ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুর্য।

১১। প্ৰতিটো পুৱাই কবিক কি দি যায়?

উত্তৰঃ ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।

১২। প্ৰতিটো সন্ধিয়াই কবিলৈ কি আনে?

উত্তৰঃ স্নিগ্ধ ফুলৰ সুৱাস।

১৩। ধাতুবোৰে কবিক কি দিয়ে বুলি কৈছে?

উত্তৰঃ জীৱনৰ আশীর্বাদ।

১৪। ‘অনৈক্যৰ মাজত ঐক্য হৈ’ শব্দাংশৰ অর্থ কি?

উত্তৰঃ ভিন্ন খাম খিয়ালিত মাজতো মিলা-প্রীতি অর্থাৎ অসমৰ ভিন্ন জাতি জনজাতিৰ কথা পাহৰি ‘এক অসমীয়া’ হৈ থকাৰ মন্ত্ৰ।

১৫। কবিয়ে শান্তিৰ চৰাই যুৰিক কি দিছে?

উত্তৰঃ কবিয়ে শান্তিৰ চৰাইযুৰিক আজলি ভৰাই দিছে, ভঁৰালৰ এমুঠি ধান প্ৰাণৰ একোটা গান।”

১৬। শান্তিৰ চৰাইযুৰি মানে কি?

উত্তৰঃ ইয়াত শান্তিত চৰাইযুৰি য়ে সমন্বয়ৰ প্রতীকক বুজাইছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top