Class 3 Environment Chapter 10 আমাৰ যান-বাহন

Class 3 Environment Chapter 10 আমাৰ যান-বাহন, SEBA Chapter 10 আমাৰ যান-বাহন Class 3 Environment Study Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 3 পৰিৱেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ যান-বাহন

Chapter – 10

পৰিৱেশ অধ্যয়ন

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। উত্তৰ লিখা :

(ক) কেইখনমান যান-বাহনৰ নাম লিখা। 

উত্তৰ : চাইকেল, ৰিক্সা, বাছ, ট্রাক, গরুগাড়ী, ঠেলাগাড়ী, মটৰচাইকেল, ৰেল, অটো, টেম্পো, পানীজাহাজ, উৰাজাহাজ আদি। 

(খ) তোমালোকৰ অঞ্চলত কি কি যান-বাহনৰ সুবিধা আছে? 

উত্তৰ : আমাৰ অঞ্চলত বাছ, ট্রাক, অটো, বেল, ৰিক্সা, ঘোঁৰা গাড়ী, ঠেলা, টেম্পো, গৰু গাড়ী, ঠেলা গাড়ী, আদি যানবাহনৰ সুবিধা আছে।

(গ) প্রাণীয়ে টনা দুবিধ যান-বাহনৰ নাম লিখা। 

উত্তৰ : গৰুগাড়ী আৰু ঘোঁৰাগাড়ী।

(ঘ) হাট-বজাৰলৈ বস্তু অনা-নিয়া কৰিবৰ বাবে ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম লিখা।

উত্তৰ : ঠেলাগাড়ী, গৰুগাড়ী, আৰু চাইকেল।

(ঙ) যান-বাহনৰ পৰা আমাৰ কি কি সুবিধা হয় ?

উত্তৰ : যান-বাহনৰ বাবে আমাৰ বহুত সুবিধা হৈছে। যেনে— মানুহে এঠাইৰ পৰা আন ঠাইলৈ কম সময়ত যাব পৰা হৈছে, যান-বাহনৰ দ্বাৰা বয়বস্তু ইখন ঠাইৰ পৰা সিখন ঠাইলৈ কঢ়িয়াব পৰা হৈছে। পানীত চলা যান-বাহনৰ জৰিয়তে নদী বা সাগৰত বস্তু কাঢ়িওৱা ইত্যাদি বহুত সুবিধা হৈছে।

প্রশ্ন ২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখা :

‘ক’‘খ’
মটৰ গাড়ীআকাশত উৰে
উৰাজাহাজমাটিত চলে
ফেৰীজুই নুমোৱাত সহায় কৰে
মালবাহী ৰে’লপানীত চলে
অগ্নিনির্বাপক গাড়ীবস্তু অনা-নিয়া কৰে

উত্তৰ :

‘ক’‘খ’
মটৰ গাড়ীমাটিত চলে
উৰাজাহাজআকাশত উৰে
ফেৰীপানীত চলে
মালবাহী ৰে’লবস্তু অনা-নিয়া কৰে
অগ্নিনির্বাপক গাড়ীজুই নুমোৱাত সহায় কৰে

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা : 

(ক) হাট-বজাৰত বিভিন্ন ধৰণৰ বস্তু ––––– কৰা হয়।

উত্তৰ : হাট-বজাৰত বিভিন্ন ধৰণৰ বস্তু কিনা-বেচা কৰা হয়।

(খ) হাট-বজাৰত বিভিন্ন ধৰণৰ মানুহৰ লগত ––––– হয়।

উত্তৰ : হাট-বজাৰত বিভিন্ন ধৰণৰ মানুহৰ লগত পৰিচয় হয়। 

(গ) ঘোঁৰা-গাড়ীৰে ––––– অনা-নিয়া কৰা হয়।

উত্তৰ : ঘোঁৰা গাড়ীৰে বযবস্তু অনা-নিয়া কৰা হয়।

(ঘ) ডাঙৰ নদীত ––––– চলাচল কৰে।

উত্তৰ : ডাঙৰ নদীত জাহাজ চলাচল কৰে।

(ঙ) ভিন ভিন মানুহৰ মাজত সাংস্কৃতিক সম্পর্ক গঢ়ি তোলাতো–––––সুবিধা কৰি দিছে।

উত্তৰ : ভিন ভিন মানুহৰ মাজত সাংস্কৃতিক সম্পর্ক গঢ়ি তোলাতো যান-বাহনে সুবিধা কৰি দিছে। 

প্রশ্ন ৪। তোমাৰ ঘৰৰ পৰা তলত দিয়া ঠাইবোৰলৈ কি ধৰণৰ যান-বাহনত যাবা লিখা।

বিদ্যালয়লৈ, নৈৰ সিপাৰলৈ, দিল্লীলৈ। 

উত্তৰ : বিদ্যালয়লৈ ― চাইকেলত বা, স্কুলবাছত। 

নৈৰ সিপাৰলৈ ― নাওত, ফেৰীত।

দিল্লীলৈ ― ৰেলগাড়ীত বা উৰাজাহাজত।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। মাটিত চলাচল কৰা দুবিধ যান-বাহনৰ নাম লিখা।

উত্তৰ : অটো আৰু বাছ।

প্রশ্ন ২। পানীত চলাচল কৰা দুবিধ যান-বাহনৰ নাম লিখা। 

উত্তৰ : নাও আৰু জাহাজ। 

প্রশ্ন ৩। আকাশত উৰা যান-বাহন দুবিধৰ নাম লিখা।

উত্তৰ : উৰাজাহাজ আৰু হেলিকাপ্তাৰ।

প্রশ্ন ৪ ৰোগীক চিকিৎসালয়লৈ নিয়া এখন যান-বাহনৰ নাম লিখা।

উত্তৰ : এম্বুলেন্স ৷

প্রশ্ন ৫। চিঠিপত্র কঢ়িয়াৱৰ বাবে কি গাড়ী ব্যৱহাৰ কৰা হয় ? 

উত্তৰ : ডাকঘৰৰ ৰঙা গাড়ী বা ডাকগাড়ী ব্যৱহাৰ কৰা হয়।

প্রশ্ন ৬। বহুদূৰলৈ বয়-বস্তু অনা-নিয়া কৰা দুখন যান-বাহনৰ নাম লিখা।

উত্তৰ : ট্রাক আৰু মালবাহী ৰে’লগাড়ী।

প্রশ্ন ৭। ঘৰে ঘৰে চাইকেলেৰে বস্তু বেচা মানুহজনক কি বোলে ?

উত্তৰ : ফেীৱালা বোলে।

প্রশ্ন ৮। আফৰীণৰ মোমায়েকহঁতৰ ঘৰ ক’ত ?

উত্তৰ : আফৰীণৰ মোমায়েকহঁতৰ ঘৰ গুৱাহাটীৰ নিজৰাপাৰত। 

প্রশ্ন ৯। আফীণে মোমায়েকহঁতৰ ঘৰলৈ যোৱা যান-বাহন দুখন কি আছিল ?

উত্তৰ : ৰেলগাড়ী আৰু অটো-ৰিক্সা।

প্রশ্ন ১০। শেৱালিৰ বাইদেউৰ বিয়াত মহেশ ককাইদেউৱে অহা যান-বাহনখন কি আছিল ?

উত্তৰ : উৰাজাহাজ।

প্রশ্ন ১১। গুৱাহাটীৰ বিমানবন্দৰটো ক’ত অৱস্থিত ? 

উত্তৰ : বৰঝাৰত।

প্রশ্ন ১২। গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰটোৰ নাম কি ? 

উত্তৰ : লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ।

প্রশ্ন ১৩। অৰুণৰ দদায়েকে পঢ়া কলেজখন কোনটো নদীৰ সিপাৰে ?

উত্তৰ : কপিলী নদীৰ সিপাৰে।

প্রশ্ন ১৪। অৰুণে মাহীয়েকৰ ঘৰলৈ যোৱা যান-বাহনখন কি আছিল ?

উত্তৰ : অৰুণে মাহীয়েকৰ ঘৰলৈ যোৱা যান-বাহনখন নাও আছিল।

প্রশ্ন ১৫। হাটত কিনা-বেচা কৰা দুবিধ থলুৱাভাৱে উৎপন্ন কৰা বস্তুৰ নাম লিখা।

উত্তৰ : মাটিৰ সাজবাচন আৰু বাঁহৰ সঁজুলি। 

প্রশ্ন ১৬। যোৰহাটৰ ফ্ৰেীঘাটটোৰ নাম কি ?

উত্তৰ : যোৰহাটৰ ফ্ৰেীঘাটটোৰ নাম নিমাতীঘাট। 

প্রশ্ন ১৭। হাটবজাৰত দেখা দুবিধ পাচলিৰ নাম লিখা।

উত্তৰ : ৰঙালাও আৰু জাতিলাও।

প্রশ্ন ১৮। হাটবজাৰখনত দেখা দুবিধ ফলৰ নাম লিখা। 

উত্তৰ : আম আৰু কল।

প্রশ্ন ১৯। হাটবজাৰখনত দেখা দুখন যান-বাহনৰ নাম লিখা। 

উত্তৰ : ঠেলাগাড়ী আৰু চাইকেল।

প্রশ্ন ২০। দুৱৰিৰ পেহীয়েকৰ ঘৰ ক’ত আছিল ?

উত্তৰ : দুৱৰিৰ পেহীয়েকৰ ঘৰ মাজুলীত আছিল।

প্রশ্ন ২১। খালী ঠাই পূৰ কৰা :

(ক) –––––চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেন্স ব্যৱহাৰ কৰা হয়।

উত্তৰ : ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে এম্বুলেন্স ব্যৱহাৰ কৰা হয়।

(খ) ––––– জুই নুমোৱাত ব্যৱহাৰ কৰা হয়।

উত্তৰ : অগ্নিনির্বাপক গাড়ী জুই নুমোৱাত ব্যৱহাৰ কৰা হয়। 

(গ) ––––– পানী যোগান ধৰিবলৈ গাড়ী ব্যৱহাৰ কৰা হয়।

উত্তৰ : নগৰত পানী যোগান ধৰিবলৈ গাড়ী ব্যৱহাৰ কৰা হয়।

(ঘ) হাট-বজাৰত বস্তু বেচি বহু মানুহে ––––– কৰে।

উত্তৰ : হাট-বজাৰত বস্তু বেচি বহু মানুহে জীৱন নিৰ্বাহ কৰে। 

(ঙ) ভিন ভিন মানুহৰ মাজত ––––– সম্পর্ক গঢ়ি তোলাত যান বাহনে সুবিধা কৰি দিছে। 

উত্তৰ : ভিন ভিন মানুহৰ মাজত সাংস্কৃতিক সম্পর্ক গঢ়ি তোলাত যান-বাহনে সুবিধা কৰি দিছে।

(চ) ডাঙৰ নদী আৰু ––––– জাহাজ চলাচল কৰে।

উত্তৰ : ডাঙৰ নদী আৰু সাগৰত জাহাজ চলাচল কৰে।

(ছ) বাপুদাহঁতে গৰু গাড়ীখনেৰে ––––– পৰা ধানো আনে। 

উত্তৰ : বাপুদাহঁতে গৰু গাড়ীখনেৰে পথাৰৰ পৰা ধানো আনে।

প্রশ্ন ২২। শুদ্ধ উত্তৰটো বাচি উলিওৱা :

(ক) এম্বুলেন্স বস্তু/ৰোগা নিয়াত ব্যৱহাৰ কৰা হয়।

উত্তৰ : এম্বুলেন্স ৰোগী নিয়াত ব্যৱহাৰ কৰা হয়। 

(খ) বাছত উঠি দূৰলৈ যাব নোৱাৰি পাৰি। 

উত্তৰ : বাছত উঠি দূৰলৈ যাব পাৰি। 

(গ) ফেৰী মাটিত/আকাশত/পানীত চলে। 

উত্তৰ। ফেৰী পানীত চলে।

(ঘ) হাট-বজাৰত বস্তু বেচি বহু মানুহে জীৱন নিৰ্বাহ কৰে/নকৰে।

উত্তৰ : হাট-বজাৰত বস্তু বেচি বহু মানুহে জীৱন নিৰ্বাহ কৰে। 

(ঙ) আফৰীণৰ মোমায়েকে মটৰ গাড়ীৰে/ৰিক্সাৰে তেওঁলোকক চিৰিয়াখানালৈ নিছিল।

উত্তৰ : আফৰীণৰ মোমায়েকে মটৰ গাড়ীৰে তেওঁলোকক চিৰিয়াখানালৈ নিছিল।

(চ) অৰুণৰ দদায়েকে বাছেৰে/নাৱেৰে কলেজলৈ অহা-যোৱা কৰিছিল। 

উত্তৰ : অৰুণৰ দদায়েকে নাৱেৰে কলেজলৈ অহা-যোৱা কৰিছিল।

(ছ) শেৱালিৰ খুৰাকৰ ল’ৰা মহেশে গুৱাহাটীত/দিল্লীত চাকৰি কৰিছিল। 

উত্তৰ : শেৱালিৰ খুৰাকৰ ল’ৰা মহেশে দিল্লীত চাকৰি কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top