Class 12 Sociology Important Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি

Class 12 Sociology Important Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Sociology Important Solutions Assamese Medium and select need one. Class 12 Sociology Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Sociology.

Class 12 Sociology Important Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Sociology Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Sociology Important Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 2

প্ৰথম খণ্ড: ভাৰতীয় সমাজ
IMPORTANT QUESTION AND ANSWER

১। জনসংখ্যা শব্দটোৰ অৰ্থ কি?

উত্তৰঃ জনসংখ্যা শব্দটো গ্ৰীক শব্দ ‘ডেমচ’ (Demos- মানুহ) আৰু ‘গ্ৰাফিন’ (Graphein) শব্দৰ সংমিশ্ৰণ। য’ত মানুহৰ বিষয়ে বৰ্ণনা কৰা হয়।

২। আনুষ্ঠানিক জনসংখ্যাতত্ত্ব বুলিলে কি বুজা?

উত্তৰঃ আনুষ্ঠানিক জনসংখ্যাতত্ত্বত কোনো সমাজৰ জনসংখ্যাৰ সংখ্যা, জন্ম, মৃত্যু, প্ৰব্ৰজন ইত্যাদি সংখ্যাগত তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰা হয়।

৩। সামাজিক জনসংখ্যাতত্ত্ব বুলিলে কি বুজা যায়?

উত্তৰঃ সামাজিক জনসংখ্যাতত্ত্বত জনসংখ্যাৰ গাঁথনি, সংৰচনা, পৰিৱৰ্তনৰ কাৰণ আৰু ফলাফলসমূহ সামাজিক দৃষ্টিভংগীৰে অধ্যয়ন কৰা হয়।

৪। মালথাছৰ জনসংখ্যা তত্ত্বৰ মূল কথা কি?

উত্তৰঃ মালথাছৰ মতে জনসংখ্যা জ্যামিতিক হাৰে বৃদ্ধি পায় আৰু খাদ্য উৎপাদন গাণিতিক হাৰে বৃদ্ধি পায়, যাৰ ফলত খাদ্য সংকট আৰু দৰিদ্ৰতা সৃষ্টি হয়।

৫। জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰতিৰোধমূলক উপায় কি?

উত্তৰঃ জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰতিৰোধমূলক উপায় হৈছে বিয়াক বিলম্বিত কৰা, যৌন সংযম মানি চলা আদিৰ দ্বাৰা জনসংখ্যা বৃদ্ধি ৰোধ কৰা।

৬। ধনাত্মক নিয়ন্ত্ৰণ বুলিলে কি বুজা যায়?

উত্তৰঃ ধনাত্মক নিয়ন্ত্ৰণৰ অৰ্থ হৈছে মহামাৰী, ৰোগ-বেমাৰ, দুর্ভিক্ষ আদিৰ জৰিয়তে জনসংখ্যা স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ হোৱা।

৭। ‘Demographic Transition’ তত্ত্বত কিমান স্তৰ থাকে?

উত্তৰঃ ‘Demographic Transition’ তত্ত্বত তিনিটা স্তৰ থাকে- নিম্ন বৃদ্ধি স্তৰ, উচ্চ বৃদ্ধি স্তৰ, আৰু কম বৃদ্ধি স্তৰ।

৮। জন্ম হাৰ বুলিলে কি বুজা যায়?

উত্তৰঃ জন্ম হাৰ হৈছে প্ৰতি হাজাৰ মহিলা শিশুৰ সংখ্যা, অৰ্থাৎ এটা বছৰত প্ৰতি হাজাৰ জনসাধাৰণৰ ভিতৰত কিমান শিশুৰ জন্ম হয় সেয়া।

৯। মৃত্যু হাৰ বুলিলে কি বুজা যায়?

উত্তৰঃ মৃত্যু হাৰ হৈছে এটা বছৰত প্ৰতি হাজাৰ জনসংখ্যাৰ ভিতৰত কিমান লোকৰ মৃত্যু হয় তাৰ সংখ্যাগত প্ৰতিবেদন।

১০। ‘Age Structure’ বুলিলে কি বুজা যায়?

উত্তৰঃ মুঠ জনসংখ্যাক বয়সৰ ভিত্তিত ভাগ কৰি জনসংখ্যাৰ গাঁথনিক সংৰচনা জনাবলৈ Age Structure ব্যৱহাৰ কৰা হয়।

১১। লিঙ্গ অনুপাত বুলিলে কি বুজা যায়?

উত্তৰঃ কোনো এলেকাত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা লিঙ্গ অনুপাত বুলি জনা যায়।

১২। শিশু মৃত্যুৰ হাৰ বুলিলে কি বুজা যায়?

উত্তৰঃ শিশু মৃত্যুৰ হাৰ বুলিলে কোনো দেশ বা এলেকাত এটা বছৰৰ ভিতৰত জন্ম হোৱা প্রতি হাজাৰ শিশুৰ ভিতৰত যিসকল শিশুৱে এক বছৰ পূৰ্বে মৃত্যুবৰণ কৰে, সেই শিশুসংখ্যাক বুজায়।

১৩। মালথাছৰ মতে জনসংখ্যা বৃদ্ধিয়ে কি সৃষ্টি কৰে?

উত্তৰঃ মালথাছৰ মতে জনসংখ্যা অতিবৃদ্ধিৰ ফলত খাদ্য ঘাটতি, দৰিদ্ৰতা আৰু সামাজিক সমস্যা সৃষ্টি হয়।

১৪। কেৰালাত সাক্ষৰতাৰ হাৰ কিয় সৰ্বাধিক?

উত্তৰঃ কেৰালাত শিক্ষা ব্যৱস্থাৰ উন্নয়ন, মহিলা শিক্ষাৰ গুৰুত্ব আৰু চৰকাৰী আঁচনিৰ বাবে সাক্ষৰতাৰ হাৰ সৰ্বাধিক।

১৫। “Social Demography” বুলিলে কি বুজা যায়?

উত্তৰঃ জনসংখ্যাৰ গাঁথনি, সামাজিক পৰিৱৰ্তন আৰু জনসংখ্যাৰ পৰিৱৰ্তনৰ সামাজিক দিশসমূহ অধ্যয়ন কৰা বিজ্ঞানক “Social Demography” বোলা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top