Class 11 Biology MCQ Chapter 3 উদ্ভিদ ৰাজ্য Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 3 উদ্ভিদ ৰাজ্য Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.
Class 11 Biology MCQ Chapter 3 উদ্ভিদ ৰাজ্য
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
উদ্ভিদ ৰাজ্য
Chapter – 3
MULTIPLE CHOICE QUESTION ANSWER
১। যৌন প্রজনন কেইটা জননকোষৰ মিলনৰ যোগেদি হয়?
(ক) এক জননকোষ।
(খ) দুটা জননকোষ।
(গ) তিনিটা জননকোষ।
(ঘ) চাৰিটা জননকোষ।
উত্তৰঃ (খ) দুটা জননকোষ।
২। জননকোষ আকাৰত সৰু আৰু ফ্লেজেলা যুক্ত (ক্লেমাইডমনাচ) নাইবা সৰু আৰু ফ্লেজেলা বিহীন (স্পাইৰ’গাইৰা) হ’ব পাৰে। এনে ধৰণৰ প্ৰজননক কি বুলি কোৱা হয়?
(ক) সমজননকোষী।
(খ) অসমজননকোষী।
(গ) উগেমাছ।
(ঘ) অংগজ।
উত্তৰঃ (ক) সমজননকোষী।
৩। এটা ডাঙৰ ফ্লেজেলা বিহীন জননকোষ আৰু এটা সৰু, ফ্লেজেলা যুক্ত জননকোষৰ প্ৰজনন (ক্লেমাইডমনাচ) ক কি বুলি কোৱা হয়?
(ক) উগেমাছ প্ৰজনন।
(খ) সমজননকোষী প্ৰজনন।
(গ) অসমজননকোষী প্ৰজনন।
(ঘ) জননকোষী প্ৰজনন।
উত্তৰঃ (গ) অসমজননকোষী প্ৰজনন।
৪। । এটা ডাঙৰ, ফ্লেজেলা বিহীন, স্থিৰ স্ত্রী জনন কোষ আৰু অন্য এটা সৰু, ফ্লেজেলা যুক্ত, সৰু, সক্রিয় পুংজননকোষৰ মিলনক কি বুলি কোৱা হয়?
(ক) অসমজননকোষী প্ৰজনন।
(খ) সমজননকোষী প্ৰজনন।
(গ) উগেমাছ প্ৰজনন।
(ঘ) জননকোষী প্ৰজনন।
উত্তৰঃ (গ) উগেমাছ প্ৰজনন।
৫। শেলাইক প্রধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
৬। ক্লৰ’ফাইছিৰ সদস্য সমূহক সাধাৰণতে কি বুলি কোৱা হয়?
(ক) সেউজীয়া শেলাই।
(খ) ৰঙা শেলাই।
(গ) জলজ উদ্ভিদ।
(ঘ) বাদমী শেলাই।
উত্তৰঃ (ক) সেউজীয়া শেলাই।
৭। সেউজীয়া শেলাই দেহটো কিহৰ কাৰণে ঘাঁহৰ দৰে সেউজীয়া হয়?
(ক) ক্লৰ’ফিল a আৰু b.
(খ) মেলানিন।
(গ) ট্যানিন।
(ঘ) অ্যান্থোসায়ানিন।
উত্তৰঃ (ক) ক্লৰ’ফিল a আৰু b.
৮। বেছিভাগ সেউজীয়া শেলাইৰে ক্লৰ’প্লাষ্টাত এটা বা তাতোধিক সঞ্চিত অংগ থাকে তাক কি বুলি কোৱা হয়?
(ক) পাইৰেনয়দ।
(খ) স্পাইৰ ‘গাইৰা।
(গ) ইউল ‘থ্রিক্স।
(ঘ) মাইটোকণ্ড্ৰিয়া।
উত্তৰঃ (ক) পাইৰেনয়দ।
৯। বাদামী শেলাইবোৰ ক’ত পোৱা যায়?
(ক) পানীৰ তলত।
(খ) মাটিৰ তলত।
(গ) সামুদ্রীক বাসস্থানত।
(ঘ) বায়ুত।
উত্তৰঃ (গ) সামুদ্রীক বাসস্থানত।
১০। বাদামী শেলাইৰ উচ্চতা কিমান মিটাৰ মান হ’ব পাৰে?
(ক) ২০০ মিটাৰ।
(খ) ৩০০ মিটাৰ।
(গ) ৪০০ মিটাৰ।
(ঘ) ১০০ মিটাৰ।
উত্তৰঃ (ঘ) ১০০ মিটাৰ।
১১। সঞ্চিত খাদ্য দ্রব্য সমূহক কি বুলি কোৱা হয়?
(ক) আম্লজ।
(খ) চেলুল’জ।
(গ) প্ৰ’টিন।
(ঘ) যৌগিক কার্ব’হাইড্রেট।
উত্তৰঃ (ঘ) যৌগিক কার্ব’হাইড্রেট।
১২। প্র’টপ্লাযমত প্লাষ্টিড (Plastid) ৰ উপৰিও কি থাকে?
(ক) ৰশধানী আৰু কোষ কেন্দ্র।
(খ) কণিকা আৰু ৰিব’ছোম।
(গ) মাইটোকণ্ড্ৰিয়া আৰু কণিকা।
(ঘ) কোষ পৰ্দা আৰু চেলুল’জ।
উত্তৰঃ (ক) ৰশধানী আৰু কোষ কেন্দ্র।
১৩। উদ্ভিদ দেহটো সাধাৰণতে কিহৰ সহায়ত শিল বা অন্য বস্তুত খামুচি ধৰি থাকে?
(ক) মূল।
(খ) কাণ্ড।
(গ) স্থাপনাংগ।
(ঘ) ৰশধানী।
উত্তৰঃ (গ) স্থাপনাংগ।
১৪। উদ্ভিদ দেহৰ কাণ্ডৰ দৰে অংগক কি বুলি কোৱা হয়?
(ক) ৰুট।
(খ) ষ্টাইপ।
(গ) ফ্রণ্ড।
(ঘ) প্লাষ্টিড।
উত্তৰঃ (খ) ষ্টাইপ।
১৫। উদ্ভিদৰ সালোকসংশ্লেষিত অংগটো কি নামেৰে জনা যায়?
(ক) ষ্টাইপ।
(খ) স্থাপনাংগ।
(গ) ফ্রণ্ড।
(ঘ) মূল।
উত্তৰঃ (গ) ফ্রণ্ড।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

