Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য

Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য

Chapter – 5

ইতিহাস

Multiple Choice Questions & Answers

1. ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে— 

(a) ৪,০৫০ টা।

(b) ৬,৬০০ টা।

(c) ৬,০০০ টা।

(d) ৫,৫০০ টা।

উত্তৰঃ (c) ৬,০০০ টা।

2. ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা— 

(a) ২২ টা।

(b) ১৫ টা।

(c) ১৮ টা।

(d) ২৫ টা।

উত্তৰঃ (a) ২২ টা।

3. ‘বসুধৈব কুটুম্বকম’ এই বাক্যশাৰী মূলতঃ আহিছে— 

(a) উপনিষদৰ পৰা।

(b) মহোপনিষদৰ পৰা।

(c) মহাভাৰতৰ পৰা।

(d) ৰামায়ণৰ পৰা।

উত্তৰঃ (b) মহোপনিষদৰ পৰা।

4. ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ প্ৰণেতা—

(a) জৱাহৰলাল নেহৰু।

(b) মহাত্মা গান্ধী।

(c) আবুল কালাম আজাদ।

(d) গৌতম বুদ্ধ।

উত্তৰঃ (ক) জৱাহৰলাল নেহৰু।

5. বিবিধতাৰ মাজত একতা’ এই কথাঁফাকিয়ে স্থায়িত্ব লাভ কৰিছিল—

(a) ভাৰত সম্ভেদ।

(b) ৰামায়ণ।

(c) ভাগৱত।

(d) গীতা।

উত্তৰঃ (a) ভাৰত সম্ভেদ।

6. “সত্যমেৱ জয়তে” এই বাক্যশাৰী মূলতঃ লোৱা হৈছে— 

(a) মহাভাৰতৰ পৰা।

(b) গীতাৰ পৰা।

(c) মুণ্ডক উপনিষদৰ পৰা।

(d) পুৰাণৰ পৰা।

উত্তৰঃ (c) মুণ্ডক উপনিষদৰ পৰা।

7. পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থ—

(a) বাইবেল।

(b) কোৰাণ।

(c) পুৰাণ।

(d) ঋকবেদ সংহিতা।

উত্তৰঃ (d) ঋকবেদ সংহিতা।

8. সিন্ধু সভ্যতাৰ পতন ঘটে— 

(a) খ্রীষ্টপূর্ব ১২০০ ত।

(b) খ্রীষ্টপূর্ব ২০০০ ত।

(c) খ্রীষ্টপূর্ব ১৫০০ ত।

(d) খ্রীষ্টপূর্ব ৩০০০ ত।

উত্তৰঃ (c) খ্রীষ্টপূর্ব ১৫০০ ত।

9. অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল— 

(a) জোনাকী আলোচনীত।

(b) বাঁহী আলোচনীত।

(c) অৰুণোদয় আলোচনীত।

(d) কেশৰী আলোচনীত।

উত্তৰঃ (c) অৰুণোদয় আলোচনীত।

10. শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল— 

(a) স্বৰ্গদেউ ৰুদ্ৰসিংহই।

(b) স্বৰ্গদেউ গদাধৰ সিংহই।

(c) স্বৰ্গদেউ প্ৰমত্ত সিংহই।

(d) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

উত্তৰঃ (a) স্বৰ্গদেউ ৰুদ্ৰসিংহই।

11. অসমৰ প্ৰথম বার্তালোচনী ‘অৰুণোদয়’ প্রকাশ হৈছিল—

(a) ১৮৩৬ খ্ৰীষ্টাব্দত।

(b) ১৮৪৫ খ্ৰীষ্টাব্দত।

(c) ১৮৪০ খ্রীষ্টাব্দত।

(d) ১৮৪৬ খ্ৰীষ্টাব্দত।

উত্তৰঃ (d) ১৮৪৬ খ্ৰীষ্টাব্দত।

12. মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন— 

(a) অনন্ত কন্দলি।

(b) শ্রীমত্ত শংকৰদেৱ।

(c) মাধৱ কন্দলি।

(d) শ্রীশ্রী মাধৱদেৱৰ।

উত্তৰঃ (b) শ্রীমত্ত শংকৰদেৱ।

13. ‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসব— 

(a) নগাসকলৰ।

(b) মিজোসকলৰ।

(c) খাচীয়াসকলৰ।

(d) জয়ন্তীয়াসকলৰ।

উত্তৰঃ (b) মিজোসকলৰ।

14. মিজো শব্দৰ অৰ্থ—

(a) ভৈয়ামৰ বাসিন্দা।

(b) সহজ-সৰল মানুহ।

(c) পাহাৰৰ বাসিন্দা।

(d) গাঁওৰ বাসিন্দা।

উত্তৰঃ (c) পাহাৰৰ বাসিন্দা।

15. চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল— 

(a) গদাধৰ সিংহৰ দিনত।

(b) শিৱসিংহৰ দিনত।

(c) ৰুদ্ৰ সিংহৰ দিনত।

(d) প্ৰমত্ত সিংহৰ দিনত।

উত্তৰঃ (a) গদাধৰ সিংহৰ দিনত।

16. লোক সংগীতত পদ্মশ্রী সম্মান লাভ কৰা শিল্পীগৰাকী—

(a) ভূপেন হাজৰিকা।

(b) ৰামেশ্বৰ পাঠক।

(c) খগেন মহস্ত।

(d) প্ৰতিমা পাণ্ডে বৰুৱা।

উত্তৰঃ (d) প্ৰতিমা পাণ্ডে বৰুৱা।

17. নাগালেণ্ডত ‘হৰ্ণবিল’ উৎসব পালন কৰা হয়—

(a) অক্টোবৰ মাহৰ প্ৰথম ১০ দিন।

(b) ডিচেম্বৰ মাহৰ প্ৰথম ১০ দিন।

(c) জানুৱাৰী মাহৰ প্ৰথম ১০ দিন।

(d) জুলাই মাহৰ প্ৰথম ১০ দিন।

উত্তৰঃ (b) ডিচেম্বৰ মাহৰ প্ৰথম ১০ দিন।

18. কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অবদান—

(a) অষ্ট্ৰিকসকলৰ।

(b) নিগ্ৰোসকলৰ।

(c) দ্ৰাবিৰসকলৰ।

(d) মংগোলীয়সকলৰ।

উত্তৰঃ (a) অষ্ট্ৰিকসকলৰ।

19. তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ—

(a) কথাকলি।

(b) কুচিপুৰী।

(c) ভাৰত নাট্যম।

(d) অ’ডিচি।

উত্তৰঃ (b) কুচিপুৰী।

20. কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য শেষ কৰিছিল? 

(a) ৰাজেশ্বৰ সিংহ।

(b) চক্ৰধ্বজ সিংহ।

(c) চন্দ্ৰকান্ত সিংহ।

(d) ৰুদ্ৰ সিংহ।

উত্তৰঃ (a) ৰাজেশ্বৰ সিংহ।

21. কপাহৰ পৰা সূতা উলিয়াই কাপোৰ বোৱা কৌশল তলৰ কোনটো নৃ-গোষ্ঠীয়ে সূচনা কৰিছিল—

(a) অষ্ট্ৰিকসকলে।

(b) দ্ৰাবিসকলে।

(c) মংগোলীয়সকলে।

(d) নিগ্রোসকলে।

উত্তৰঃ (a) অষ্ট্ৰিকসকলে।

22. ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতি প্রাপ্ত ধ্রুপদী নৃত্যৰ সংখ্যা হ’ল—

(a) ৭ টা।

(b) ৮ টা।

(c) ১০ টা।

(d) ১২ টা।

উত্তৰঃ (b) ৮ টা।

23. উত্তৰ পূৰ্বাঞ্চল শব্দটো উদ্ভাৱন কৰিছিল— 

(a) আর্য সকলে।

(b) মোগল সকলে।

(c) ঔপনিবেশিক ব্ৰিটিছ শাসক সকলে।

(d) মঙ্গোলীয় সকলে।

উত্তৰঃ (c) ঔপনিবেশিক ব্ৰিটিছ শাসক সকলে।

24. ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গঠন কৰা পৰিষদ খন হ’ল—

(a) নর্থ-ইষ্ট কাউন্সিল।

(b) নর্থ-ইষ্টার্ন ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেচন।

(c) নৰ্থ-ইষ্ট ৰিচাৰ্চ এণ্ড ছ’চিয়েল ওৱৰ্ক নেটৱকিং।

(d) ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি।

উত্তৰঃ (a) নর্থ-ইষ্ট কাউন্সিল।

25. তলৰ কোনটো জনজাতিৰ লোক অষ্ট্ৰিক গোষ্ঠীৰ লোক— 

(a) নগা।

(b) কাৰ্বি।

(c) কুকি।

(d) খাছী।

উত্তৰঃ (d) খাছী।

26. অর্থশাস্ত্ৰৰ লিখকজন হ’ল— 

(a) কালিদাস।

(b) ভট্টদেৱ।

(c) কৌটিল্য।

(d) মাধৱ কন্দলী।

উত্তৰঃ (c) কৌটিল্য।

27. ‘পদ্য গীতা’ লিখিছিল— 

(a) অনন্ত কন্দলীয়ে।

(b) ৰাম সৰস্বতীয়ে।

(c) ৰুদ্ৰ কন্দলীয়ে।

(d) গোবিন্দ মিশ্ৰই।

উত্তৰঃ (d) গোবিন্দ মিশ্ৰই।

28. শংকৰদেৱৰ প্ৰধান নাটখনৰ নাম আছিল—

(a) চিহ্নযাত্ৰা।

(b) ৰামবিজয়।

(c) পত্নীপ্রসাদ।

(d) কলিয়দমন।

উত্তৰঃ (a) চিহ্নযাত্ৰা।

29. ৰঙালী বিহু পালন কৰা হয়—

(a) ৫ দিন।

(b) ৭ দিন।

(c) ৬ দিন।

(d) ৮ দিন।

উত্তৰঃ (b) ৭ দিন।

30. অসমৰ ধ্ৰুপদী নৃত্য বিধৰ নাম হ’ল— 

(a) সত্ৰীয়া।

(b) কথাকলি।

(c) কথক।

(d) মোহিনী আট্‌।

উত্তৰঃ (a) সত্ৰীয়া।

Very Short & Short Type Questions and Answers

1. সিন্ধু উপত্যকাৰ উন্নত নাগৰিক সভ্যতাৰ বিকাশ কেতিয়া হৈছিল? 

উত্তৰঃ খ্ৰীষ্ট পূর্ব চতুৰ্থ সহস্রাব্দত। 

2. সিন্ধু উপত্যকাৰ সভ্যতাৰ ক’ত বিকাশ হৈছিল? 

উত্তৰঃ হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰ কেইখনক সামৰি সিন্ধু উপত্যকাৰ পৰা গাঙ্গেয় উপত্যকাৰ মীৰাট পর্যন্ত এই সভ্যতাৰ বিকাশ হৈছিল। 

3. সিন্ধু উপত্যকাৰ ঘাই নির্মাতা কোন আছিল? 

উত্তৰঃ বহু সংখ্যক পণ্ডিতৰ মতে সিন্ধু উপত্যকাৰ ঘাই নির্মাতা আছিল দ্রাবিড় সকল। 

4. বৈদিক যুগৰ সূচনা কেতিয়া হৈছিল? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত সিন্ধু সভ্যতাৰ পতন হোৱাৰ পিচত বৈদিক যুগৰ সূচনা হয়। 

5. আটাইতকৈ পুৰণি লিখিত ধৰ্মগ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ ঋকবেদ। 

6. আদি বৈদিক কাল বুলিলে কোন সময়ছোৱাক বুজোৱা হয়? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পর্যন্ত সময়ছোৱাক ঋকবৈদিক যুগ বা আদি বৈদিক যুগ বুলি কোৱা হয়। 

7. পৰবৰ্তী বৈদিক যুগ বুলিলে কোনখিনি সময়ক কোৱা হয়? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১০০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০ লৈ সময়ছোৱাক পৰবৰ্তী বৈদিক যুগ বুলি কোৱা হয়। 

৪. আর্যসংস্কৃতি কেতিয়া গোটেই ভাৰততে বিয়পি পৰিছিল?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুর্থ শতিকাৰ ভিতৰত। 

9. বৈদিক সংস্কৃতিৰ মূল নির্মাতা কোন আছিল?

উত্তৰঃ এক জনপ্রিয় তত্ত্ব অনুসৰি বৈদিক সংস্কৃতিৰ মূল নির্মাতা আছিল আৰ্যভাষী নর্ডিক গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকৰ এটা দল। 

10. নর্ডিক সকলে কি ভাষা কৈছিল?

উত্তৰঃ আর্য ভাষা কৈছিল। 

11. প্রাচীন ভাৰতৰ দুখন উপনিষদৰ নাম লিখা। 

উত্তৰঃ ব্ৰাহ্মণ আৰু আৰণ্যক। 

12. প্রাচীন ভাৰতৰ দুখন বিখ্যাত মহাকাব্যৰ নাম লিখা। 

উত্তৰঃ ৰামায়ণ আৰু মহাভাৰত। 

13. প্ৰাচীন ভাৰতৰ ৰাজনীতিৰ সম্পৰ্কে লিখা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্র।

14. প্রাচীন ভাৰতৰ চিকিৎসা বিষয়ক গ্ৰন্থ দুখনৰ নাম লিখা। 

উত্তৰঃ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। 

15. প্রাচীন ভাৰতৰ বুৰঞ্জীমূলক গ্রন্থ এখনৰ নাম লিখা। 

উত্তৰঃ কলহনৰ ৰাজতৰংগিনী। 

16. ‘অহিংসা পৰম ধৰ্ম’ এই কথাষাৰি কোনখন গ্রন্থই প্রতিষ্ঠা কৰিছিল? 

উত্তৰঃ মহাভাৰতে।

17. ‘জননী জন্মভূমিশ্চ স্বর্গাদপি গৰিয়সী’ এই কথাষাৰি কোনখন গ্ৰন্থই প্রতিষ্ঠা কৰিছিল? 

উত্তৰঃ ৰামায়ণে। 

18. ‘বসুধৈৱ কুটুম্বকম্‌’ এই কথাষাৰি কোনখন গ্ৰন্থই প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ মহোপনিষদে। 

19. ৰাষ্ট্ৰসংঘই কোনটো দিন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে? 

উত্তৰঃ ২১ জুনৰ দিনাখন। 

20. বৰ্মণ বংশ কেতিয়া প্ৰতিষ্ঠা হৈছিল? 

উত্তৰঃ চতুর্থ শতিকাত।

21. ডনিপ’লক কোনখন ৰাজ্যৰ বাসিন্দাই পূজা কৰে? 

উত্তৰঃ আৰুণাচল প্ৰদেশৰ বাসিন্দাই।

22. হৰ্ণবিল উৎসৱ ক’ত পালন কৰা হয় ? 

উত্তৰঃ নাগালেণ্ডত। 

23. ‘হে ৰাকা আন্দোলন কোনে গঢ়ি তুলিছিল?

উত্তৰঃ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে। 

24. মেঘালয়ৰ সমাজ ব্যবস্থা কেনেকুৱা? 

উত্তৰঃ মেঘালয়ৰ সমাজ ব্যৱস্থা হ’ল মাতৃতান্ত্রিক। 

25. ‘মিজো’ শব্দটোৰ অৰ্থ কি? 

উত্তৰঃ ‘মিজো’ শব্দটোৰ অৰ্থ হ’ল পাহাৰৰ বাসিন্দা। 

26. অসম চীনৰ লগত কিদৰে সংযোজিত হৈ আছে?

উত্তৰঃ চীনদেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ জৰিয়তে। 

27. সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিল? 

উত্তৰঃ মাধৱ কন্দলীয়ে। 

28. শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি আছিল? 

উত্তৰঃ চিহ্নযাত্রা। 

29. প্রথম অসমীয়া আলোচনী আৰুণোদয় কোন চনত প্ৰকাশ পাইছিল? 

উত্তৰঃ ১৮৪৬ চনত। 

30. ইছলাম ধর্মাৱলম্বীৰ লোকসকল অসমলৈ কেতিয়া আহিছিল? 

উত্তৰঃ খ্ৰীষ্টিয় ত্রয়োদশ শতিকাৰ প্ৰথম ভাগত। 

31. অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পবিত্ৰ তীৰ্থস্থানৰ নাম লিখা। 

উত্তৰঃ হাজোৰ পোৱামক্কা।

32. হস্তীবিদ্যার্ণব কোনে লিখিছিলি?

উত্তৰঃ সুকুমাৰ বৰকাইথে। 

33. আজান ফকীৰ কোন ঠাইৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ বাগদাদৰ পৰা।

34. আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ চাহ মিলন। 

35. সিন্ধু উপত্যকাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? 

উত্তৰঃ সিন্ধু উপত্যকাৰ পূব সীমা গাংগেয় উপত্যকাৰ মীৰাটলৈ বিস্তৃত আছিল। 

36. ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য কি কি?

উত্তৰঃ সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত একতা। 

37. ভাৰত সম্ভেদ গ্ৰন্থখন কোনে লিখিছিল? 

উত্তৰঃ জৱাহৰলাল নেৰুৱে। 

38. ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ বাক্যাংশশাৰী কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছিল? 

উত্তৰঃ জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ জৰিয়তে।

39. প্ৰাচীন ভাৰতৰ এগৰাকী বিজ্ঞানীৰ নাম লিখা। 

উত্তৰঃ আর্যভট্ট/বৰাহমিহিৰ/ব্ৰহ্মগুপ্ত /প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য /মহর্ষি ভৰদ্বাজ।

40. ৱেচৰ শৈলীৰ মন্দিৰ সমূহত কোন দুটা শৈলীৰ মিশ্রণ ঘটা দেখা যায়? 

উত্তৰঃ নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্রণ ঘটা দেখা‌ যায়। 

41. ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল? 

উত্তৰঃ গান্ধাৰ শিল্পকলাত। 

42. অমৰাৱতী শিল্পকলাক কোনটো ৰাজবংশই পৃষ্ঠপোষকতা কৰিছিল?

উত্তৰঃ সাতবাহন সকলে। 

43. ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? 

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা ২য় শতিকাৰ ভিতৰত।

44. ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? 

উত্তৰঃ ৬০০০ শ্লোক আছে।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

১। ভাৰতৰ নাট্যশাস্ত্ৰত শ্লোক আছে—

(ক) ৪,০৫০ টা।

(খ) ৬,৬০০ টা।

(গ) ৬,০০০ টা।

(ঘ) ৫,৫০০ টা।

উত্তৰঃ (গ) ৬,০০০ টা।

২। ভাৰতীয় সংবিধানত চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা ভাষা—

(ক) ২২ টা।

(খ) ১৫ টা।

(গ) ১৮ টা।

(ঘ) ২৫ টা।

উত্তৰঃ (ক) ২২ টা।

৩। ‘বসুধৈৱ কুটুম্বকম’ এই বাক্যশাৰী মূলতঃ আহিছে-

(ক) উপনিষদৰ পৰা।

(খ) মহোপনিষদৰ পৰা।

(গ) মহাভাৰতৰ পৰা।

(ঘ) ৰামায়ণৰ পৰা।

উত্তৰঃ (খ) মহোপনিষদৰ পৰা।

৪। ‘ভাৰত সম্ভেদ’ নামৰ গ্ৰন্থখনৰ প্ৰণেতা—

(ক) জৱাহৰলাল নেহৰু।

(খ) মহাত্মা গান্ধী।

(গ) আবুল কালাম আজাদ।

(ঘ) গৌতম বুদ্ধ।

উত্তৰঃ (ক) জৱাহৰলাল নেহেৰু। 

৫। “বিবিধতাৰ মাজত একতা’ এই কথাঁফাকিয়ে স্থায়িত্ব লাভ কৰিছিল—

(ক) ভাৰত সম্ভেদ।

(খ) ৰামায়ণ।

(গ) ভাগৱত।

(ঘ) গীতা।

উত্তৰঃ (ক) ভাৰত সম্ভেদ।

৬। “সত্যমেৱ জয়তে” এই বাক্যশাৰী মূলতঃ লোৱা হৈছে—

(ক) মহাভাৰতৰ পৰা।

(খ) গীতাৰ পৰা।

(গ) মুণ্ডক উপনিষদৰ পৰা।

(ঘ) পুৰাণৰ পৰা।

উত্তৰঃ (গ) মুণ্ডক উপনিষদৰ পৰা।

৭। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থ—

(ক) বাইবেল।

(খ) কোৰাণ।

(গ) পূৰাণ।

(ঘ) ঋকবেদ সংহিতা।

উত্তৰঃ (ঘ) ঋকবেদ সংহিতা।

৮। সিন্ধু সভ্যতাৰ পতন ঘটে—

(ক) খ্রীষ্টপূর্ব ১২০০ ত।

(খ) খ্রীষ্টপূর্ব ২০০০ ত।

(গ) খ্রীষ্টপূর্ব ১৫০০ ত।

(ঘ) খ্রীষ্টপূর্ব ৩০০০ ত।

উত্তৰঃ (গ) খ্ৰীষ্টপূর্ব ১৫০০ ত।

৯। অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল—

(ক) জোনাকী আলোচনীত।

(খ) বাঁহী আলোচনীত।

(ঘ) কেশৰী আলোচনীত।

(গ) অৰুণোদয় আলোচনীত।

উত্তৰঃ (গ) অৰুণোদয় আলোচনীত।

১০। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল—

(ক) স্বৰ্গদেউ ৰুদ্ৰসিংহই।

(খ) স্বৰ্গদেউ গদাধৰ সিংহই।

(গ) স্বৰ্গদেউ প্রমত্ত সিংহই।

(ঘ) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

উত্তৰঃ (ক)স্বৰ্গদেউ ৰুদ্ৰসিংহই।

১১। অসমৰ প্ৰথম বাৰ্তালোচনী ‘অৰুণোদয়’ প্ৰকাশ হৈছিল—

(ক) ১৮৩৬ খ্রীষ্টাব্দত।

(খ) ১৮৪৫ খ্রীষ্টাব্দত।

(গ) ১৮৪০ খ্রীষ্টাব্দত।

(ঘ) ১৮৪৬ খ্রীষ্টাব্দত।

উত্তৰঃ (ঘ) ১৮৪৬ খ্ৰীষ্টাব্দত।

১২। মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন—

(ক) অনন্ত কন্দলি।

(খ) শ্ৰীমন্ত শংকৰদেৱ।

(গ) মাধৱ কন্দলি।

(ঘ) শ্ৰীশ্ৰী মাধৱদেৱ।

উত্তৰঃ (খ) শ্ৰীমন্ত শংকৰদেৱ।

১৩। উষা-পৰিণয় কাব্য ৰচনা কৰিছিল—

(ক) পীতাম্বৰ কবিয়ে।

(খ) শ্রীশ্রীমাধৱদেৱে।

(গ) সূৰ্যৰী দৈৱজ্ঞই।

(ঘ) ৰামায়ণ চক্ৰৱতীয়ে।

উত্তৰঃ (ক) পীতাম্বৰ কবিয়ে।

১৪। ‘চপচৰ কূট’ কোন জনগোষ্ঠীৰ উৎসৱ—

(ক) নগাসকলৰ।

(খ) মিজোসকলৰ।

(গ) খাচীয়াসকলৰ।

(ঘ) জয়ন্তীয়াসকলৰ।

উত্তৰঃ (খ) মিজোসকলৰ।

১৫। মিজো শব্দৰ অৰ্থ-

(ক) ভৈয়ামৰ বাসিন্দা।

(খ) সহজ-সৰল মানুহ।

(গ) পাহাৰৰ বাসিন্দা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) পাহাৰৰ বাসিন্দা।

১৬। চাহ মিলান কোনজন আহোম স্বৰ্গদেউৰ দিনত অসমলৈ আহিছিল—

(ক) গদাধৰ সিংহৰ দিনত।

(খ) শিৱসিংহৰ দিনত।

(গ) ৰুদ্ৰ সিংহৰ দিনত।

(ঘ) প্ৰমত্ত সিংহৰ দিনত।

উত্তৰঃ (ক) গদাধৰ সিংহৰ দিনত।

১৭। লোক সংগীতত পদ্মশ্রী সন্মান লাভ কৰা শিল্পীগৰাকী—

(ক) ভূপেন হাজৰিকা।

(খ) ৰামেশ্বৰ পাঠক।

(গ) খগেন মহন্ত।

(ঘ) প্ৰতিমা পাণ্ডে বৰুৱা।

উত্তৰঃ (ঘ) প্ৰতিমা পাণ্ডে বৰুৱা।

১৮। নাগালেণ্ডত ‘হৰ্ণবিল’ উৎসৱ পালন কৰা হয়-

(ক) অক্টোবৰ মাহৰ প্ৰথম ১০ দিন।

(খ) ডিচেম্বৰ মাহৰ প্ৰথম ১০ দিন।

(গ) জানুৱাৰী মাহৰ প্ৰথম ১০ দিন।

(ঘ) জুলাই মাহৰ প্ৰথম ১০ দিন।

উত্তৰঃ (খ) ডিচেম্বৰ মাহৰ প্ৰথম ১০ দিন।

১৯। কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান—

(ক) অষ্ট্ৰিকসকলৰ।

(খ) নিগ্ৰোসকলৰ।

(গ) দ্রাবিৰসকলৰ।

(ঘ) মংগোলীয়সকলৰ।

উত্তৰঃ (ক) অষ্ট্ৰিকসকলৰ।

২০। তলৰ কোনবিধ ভাৰতীয় ধ্রুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ-

(ক) কথাকলি।

(খ) কুচিপুৰী।

(গ) ভাৰত নাট্যম।

(ঘ) অ’ডিচি।

উত্তৰঃ (খ) কুচিপুৰী।

২১। কোনজন আহোম ৰজাই কেবামহলীয়া তলাতল ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিছিল?

(ক) ৰাজেশ্বৰ সিংহ।

(খ) চক্ৰধ্বজ সিংহ।

(গ) চন্দ্ৰকান্ত সিংহ।

(ঘ) ৰুদ্ৰ সিংহ।

উত্তৰঃ (ক) ৰাজেশ্বৰ সিংহ।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। অন্ধ্ৰপ্ৰদেশৰ ভাষাটোৰ নাম কি?

উত্তৰঃ তেলেগু।

প্রশ্ন ২। নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱে। 

প্রশ্ন ৩। বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো কি?

উত্তৰঃ ভট্টদেৱ।

প্রশ্ন ৪। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থখনৰ নাম কি?

উত্তৰঃ ঋকবেদ।

প্রশ্ন ৫। মিচিংসকলে বিহুক কি বোলে?

উত্তৰঃ আলি আই লৃগাং।

প্রশ্ন ৬। বিহু উৎসৱৰ আৰ্যমূলীয় নে জনজাতিৰ্মূলীয়?

উত্তৰঃ জনজাতিমূলীয়।

প্রশ্ন ৭। আজান ফকীৰ ক’ৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ বাগদাদৰপৰা।

প্রশ্ন ৮। লালুংসকলে বিহুক কি বোলে?

উত্তৰঃ বহাগী উৎসৱ বা মেলা।

প্রশ্ন ৯। নামনি অসমৰ দুটা জনপ্রিয় নৃত্যৰ নাম লিখা।

উত্তৰঃ ভোৰতাল নৃত্য আৰু থিয়নাম।

প্রশ্ন ১০। বৰো জনাজাতি লোকসকলে বিহুক কি বোলে?

উত্তৰঃ বৈছাগু।

প্রশ্ন ১১। অসমত প্রচলিত এটা ওজাপালিৰ নাম লিখা।

উত্তৰঃ সুকনানি ওজাপালি।

প্রশ্ন ১২। বৈদিক যুগৰ কেতিয়া সূচনা হৈছিল?

উত্তৰঃ খ্ৰীষ্টপূর্ব ১৫০০ চনত।

প্রশ্ন ১৩। পৃথিৱী বিখ্যাত চিত্রকলা দেৱাল কোনখন?

উত্তৰঃ অজন্তাৰ দেৱাল চিত্র।

প্রশ্ন ১৪। অসমত কেতিয়াৰ পৰা চিত্ৰকলাৰ পৰম্পৰা গঢ়ি উঠিছিল?

উত্তৰঃ সপ্তদশ শতিকাৰপৰা।

প্রশ্ন ১৫। অসমৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন থকা ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ তেজপুৰৰ দ-পৰ্বতীয়া আৰু গোৱালপাৰাৰ সূৰ্য পাহাৰ৷

প্রশ্ন ১৬। তলাতল ঘৰটো কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই।

প্রশ্ন ১৭। ‘অষ্টাংগ’ যোগ কি?

উত্তৰঃ পতঞ্জলিৰ যোগ`পদ্ধতিত যম, নিয়ম, আসন, প্রাণায়াম, প্রত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি নামেৰে অষ্টাংগ যোগৰ বিধান দিয়া হৈছে।

প্রশ্ন ১৮। চেৰা বিহু কাক বোলে?

উত্তৰঃ বহাগ বিহুৰ অন্তিম দিনটোক চেৰা বিহু বা এৰা বিহু বুলি কোৱা হয়।

প্রশ্ন ১৯। ‘কৰাল’ কি?

উত্তৰঃ আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, প্রাসাদ, ঘৰ-দুৱাৰ আদি নিৰ্মাণ কাৰ্যত ইটা আদি গাঁথিবলৈ অসমত নিজা পদ্ধতিৰ শ’লমাছ, কণী, বৰা চাউল আদিৰে ‘কৰাল’ নামৰ বৰ্তমানৰ চিমেণ্ট সদৃশ দ্রব্য তৈয়াৰ কৰা হৈছিল।

প্রশ্ন ২০। ডনিপ’ল কি?

উত্তৰঃ অৰুণাচলৰ বহুসংখ্যক লোকৰ বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে তেওঁলোকৰ জনপ্ৰিয় দেৱতা চন্দ্ৰ-সূর্যক ডনিপ’ল বোলা হয়।

প্রশ্ন ২১। ভাৰতীয় জাতীয় চৰিত্ৰৰ এটা অন্যতম বৈশিষ্ট্য কি?

উত্তৰঃ বিভিন্নতাৰ মাজত একতা।

প্রশ্ন ২২। ঐতিহাসিকসকলৰ অনুমান মতে কাৰ ৰাজত্বৰ সম-সাময়িকভাৱে আৰ্যসকল ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিছিল?

উত্তৰঃ ঐতিহাসিকসকলৰ অনুমান মতে মহাভূতি বৰ্মনৰ ৰাজত্বৰ (৫১০-৫৫৫ খ্ৰীষ্টাব্দ) সমসাময়িকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আৰ্যলোকৰ আগমন হৈছিল।

প্রশ্ন ২৩। আজান ফকীৰে ক’ৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ ইৰাকৰ ৰাজধানী সুদূৰ বাগদাদৰ পৰা ভায়েক নবী চাহাবৰ সৈতে ছাহ মিৰান ওৰফে আজান ফকীৰ অসমলৈ আহিছিল।

প্রশ্ন ২৪। ড° ভেংকটাৰাওৰ মতে অসমত মুঠতে প্রধান জনজাতি আছে?

উত্তৰঃ ড° ভেংকটাৰাওৰ মতে অসমত ৬১ টা প্রধান জনজাতি আছে।

প্রশ্ন ২৫। মানুহৰ সাংস্কৃতিক ইতিহাসৰ প্ৰধান উপাদান কি?

উত্তৰঃ সাহিত্য।

প্রশ্ন ২৬। কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল?

উত্তৰঃ ত্রয়োদশ শতিকাৰ শেষৰফালে কামৰূপ-কমতাপুৰৰ ৰজা দুর্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিয়েই হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল।

প্রশ্ন ২৭। কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি কোনে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল?

উত্তৰঃ চতুৰ্দশ শতিকাৰ আদি ভাগৰ মধ্য অসম নগাঁৱৰ লালুং ৰজা মহামাণিক্যফাৰ পৃষ্ঠপোষকতা লাভ কৰি মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল।

প্রশ্ন ২৮। মধ্যযুগৰ অসমৰ অন্যতম সাংস্কৃতিক বৈশিষ্ট্য কি?

উত্তৰঃ বুৰঞ্জী সাহিত্যৰ সৃষ্টি।

প্রশ্ন ২৯। কাৰ নেতৃত্বত আৰু ক’ত পোনতে টাই-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰাৰ সৃষ্টি হৈছিল?

উত্তৰঃ আহোমসকলৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ উপত্যকাত পোনতে টাই-আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰাৰ সৃষ্টি হৈছিল।

প্রশ্ন ৩০। অসমীয়া ভাষাত ৰচনা কৰা প্ৰথমখন বুৰঞ্জীৰ নাম কি আছিল আৰু এইখন কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ “স্বৰ্গনাৰায়ণ মহাৰাজৰ আখ্যান” অসমীয়া ভাষাত ৰচনা কৰা প্ৰথমখন বুৰঞ্জীৰ নাম আৰু এইখন ১৫২৬ চনত ৰচনা কৰা হৈছিল।

প্রশ্ন ৩১। মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষী এজনৰ নাম লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৯ খ্রীঃ)।

প্রশ্ন ৩২। শ্ৰীমন্ত শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ কামৰূপ-কমতাপুৰৰ কোঁচ মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

প্রশ্ন ৩৩৷ মাধৱদেৱে ব্ৰজাৱলী উপভাষাত মুঠতে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ মুঠতে ১৫৭ টা বৰগীত।

প্রশ্ন ৩৪। ‘কীর্তন-ঘোষা’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।

প্রশ্ন ৩৫। “ঊষা-পৰিণয়” কাব্যখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ সাহিত্যিক পীতাম্বৰ কবিয়ে।

প্রশ্ন ৩৬। কাৰ আজ্ঞামতে আৰু কোনে “হস্তিবিদ্যাৰ্ণৱ” গ্ৰন্থখন ৰচনা কৰিছিল?

উত্তৰঃ শিৱ-সিংহ (১৭১৪-৪৪) আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰকাইথে “হস্তিবিদ্যাৰ্ণৱ” গ্ৰন্থখন ৰচনা কৰিছিল।

প্রশ্ন ৩৭। “পদ্ম পুৰাণ” কোনে ৰচনা কৰিছিল?

উত্তৰঃ ধৰ্মনাৰায়ণৰ ৰাজত্বকালত সুকবি নাৰায়ণ দেৱে অসমীয়া ভাষাত “পদ্ম পুৰাণ” ৰচনা কৰিছিল।

প্রশ্ন ৩৮। “দৰঙ্গ ৰাজ বংশাৱলী” কোনে ৰচনা কৰিছিল?

উত্তৰঃ দৰঙী কোঁচ ৰজাসকলৰ ৰাজত্ব কালতেই বলদেৱ সূৰ্য্য খৰী দৈৱজ্ঞই “দৰঙ্গ ৰাজ বংশাৱলী” ৰচনা কৰিছিল।

প্রশ্ন ৩৯। বিহু উৎসৱ আৰ্যমূলীয় নে জনজাতিমূলীয়?

উত্তৰঃ জনজাতিমূলীয়।

প্রশ্ন ৪০। ভাৰতবৰ্ষত লোকসমাজৰ ৰাজনৈতিক চৰিত্ৰটো কেতিয়া গঢ় লৈ উঠিছে?

উত্তৰঃ ব্ৰিটিছসকলৰ আগমনৰ পৰৱৰ্তীকালত।

প্রশ্ন ৪১। কেৰেলাৰ ভাষা কি?

উত্তৰঃ মালায়ালম।

প্রশ্ন ৪২। হিন্দুস্থানী লোকসকলৰ ভাষা কি?

উত্তৰঃ হিন্দী।

প্রশ্ন ৪৩। বিহাৰত কি ভাষাৰ প্ৰচলন আছে?

উত্তৰঃ বিহাৰত ভোজপূৰী আৰু হিন্দী ভাষাৰ প্ৰচলন আছে।

প্রশ্ন ৪৪। চাহ মিৰান ক’ৰ লোক?

উত্তৰঃ চাহ মিৰাণ সুদূৰ বাগদাদৰ লোক।

প্রশ্ন ৪৫। অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতি কোন আছিল?

উত্তৰঃ অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতি আছিল মহেন্দ্ৰ বৰা।

প্রশ্ন ৪৬। শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?

উত্তৰঃ ৩৬ টা।

প্রশ্ন ৪৭। ৰাভা, গাৰো আৰু কাৰ্বিসকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভুক্ত।

উত্তৰঃ তিবেতো-বৰ্মন ভাষা গোষ্ঠীৰ।

প্রশ্ন ৪৮। বিশেষজ্ঞসকলৰ মতে স্কাইথিয়ান প্ৰজাতিৰ লোক সকল ক’ত দেখা যায়?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত।

প্রশ্ন ৪৯। তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো হ’ল—

(ক) নগা।

(খ) কাৰ্বি।

(গ) খাচীয়া।

(ঘ) আদি।

উত্তৰঃ (গ) খাচীয়া।

প্রশ্ন ৫০। ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল?

উত্তৰঃ ৪৭ টা।

প্রশ্ন ৫১। আহোমসকলৰ আমোলত আৰু বহু শতিকা পূৰ্বৰপৰা চলি অহা সংমিশ্ৰণৰ ফলশ্রুতিত গঢ়ি উঠা মধ্য যুগৰ অসমৰ জনগাঁথনিৰ ৰূপটো হৈ পৰিছিল এটি সুগঠিত নহৰুৰ দৰে, বিভিন্নতাৰ মাজত একতাৰ যোগসূত্ৰৰে আবদ্ধ এটি জনসমুদ্র। এই বিষয়ে কোনে সুন্দৰকৈ উনুকিয়াই গৈছে।

উত্তৰঃ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সভাপতি ড° মহেন্দ্ৰ বৰাদেৱে।

প্রশ্ন ৫২। বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো কি?

উত্তৰঃ ভট্টদেৱ।

প্রশ্ন ৫৩। চৈতন্য দেৱ কোন আছিল?

উত্তৰঃ বংগদেশৰ চৈতন্যদেৱে ভক্তি আন্দোলনৰ সূচনা কৰিছিল। তেওঁ ৰাধা-কৃষ্ণৰ প্ৰেম-মহিমা কীৰ্তনৰ যোগেদি শুনাইছিল।

প্রশ্ন ৫৪। সমাহৰণ প্ৰক্ৰিয়া বুলিলে কি বুজা?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন নৃ-গোষ্ঠীয়ে সাংস্কৃতিক সমলৰ সংযোগত পৰিপূৰ্ণ সংস্কৃতি গঢ়ি তোলে তাক সমাহৰণ প্ৰক্ৰিয়া বোলে।

প্রশ্ন ৫৫। কি কি নৃ-গোষ্ঠীৰ সমন্বয়ত অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে?

উত্তৰঃ অষ্ট্ৰলয়ড, মঙ্গলয়ড, ভূমধ্য সাগৰীয় আৰু নাৰ্ডিক— এই নৃ-গোষ্ঠীসমূহৰ সাংস্কৃতিক সমাহৰণেৰে গঢ় লৈ উঠিছে অসমীয়া সংস্কৃতি।

প্রশ্ন ৫৬। অসমলৈ প্ৰব্ৰজিত নৃ-গোষ্ঠীকেইটাৰ ভিতৰত কোনটো নৃগোষ্ঠীক সর্বপ্রথম বুলিব পাৰি?

উত্তৰঃ প্ৰট-অষ্ট্ৰলয়ড গোষ্ঠী।

প্রশ্ন ৫৭। অসমত হিন্দু বৰ্ণৰ লোকসকল আৰু মুছলমানসকল কি প্ৰজাতিৰ লোক?

উত্তৰঃ ককেছীয় প্ৰজাতিৰ লোক।

প্রশ্ন ৫৮। অসমৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ (ক) শাক্ত। আৰু 

(খ) বৈষ্ণৱ।

প্রশ্ন ৫৯। ধর্মীয় দিশেৰে অসমীয়া মানুহক কেইটা ভাগত ভগাব পাৰি? ভাগকেইটা কি কি?

উত্তৰঃ চাৰিটা ভাগত ভগাব পাৰি। ভাগ চাৰিটা হ’ল—

(ক) হিন্দু ।

(খ) ইছলাম। 

(গ) বৌদ্ধ। আৰু 

(ঘ) খ্ৰীষ্টান।

প্রশ্ন ৬০। লোকগীত কাক বোলে?

উত্তৰঃ অতীত কালৰে পৰা মানুহৰ মুখে মুখে যিবোৰ গীতৰ প্ৰচলন হৈ আহিছে সেইবোৰ গীতক লোকগীত বোলে৷

প্রশ্ন ৬১। লোক সংস্কৃতি বুলিলে কি বুজা? অসমৰ লোক সংস্কৃতিক কেইটা শ্ৰেণীত ভগাব পাৰি?

উত্তৰঃ লোক সমাজৰ সামাজিক আচৰণেই লোক সংস্কৃতি। অর্থাৎ লোক সংস্কৃতি লোকজীৱনৰ দলিছাস্বৰূপ। এটা জাতিৰ লোক সংস্কৃতিৰ স্বৰূপ মূলতঃ লোক সাহিত্য আৰু লোক বিশ্বাস।

প্রশ্ন ৬২। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰঃ অসমীয়া জন-সংস্কৃতিৰ ধাৰক বুলিলে মূলতঃ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিবা কাৰবি আদি লোকসকলক বুজায়।

প্রশ্ন ৬৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰঃ অলিখিত গৰখীয়া নাম, বিয়া নাম, আই নাম, নিচুকণি গীত, বনগীত, বিহুগীত, ডাকৰ বচন, সন্ত সাহিত্য, বাৰমাহী গীত, দেহ বিচাৰৰ গীত, খেলোৱা গীত আদি।

প্রশ্ন ৬৪। অজন্তা ক’ত অৱস্থিত?

উত্তৰঃ মহাৰাষ্ট্ৰত ঔৰঙ্গাবাদত অজন্তা অৱস্থিত।

প্রশ্ন ৬৫। ভট্টদেৱে ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ভট্টদেৱৰ প্ৰকৃত নাম হ’ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেওঁ ৰচনা কৰা গ্ৰন্থ তিনিখন হ’ল-

(ক) কথা-ভাগৱত।

(খ) কথা-গীতা। আৰু 

(গ) কথা ভক্তি ৰত্নাৱলী।

প্রশ্ন ৬৬। আহোম ৰজা ৰুদ্ৰ সিংহৰ পৃষ্ঠপোষকতা লাভ কৰি ৰামায়ণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষালৈ ৰচনা কৰা কাব্য কেইখনৰ নাম লিখা।

উত্তৰঃ ৰামায়ণ চক্ৰৱৰ্তীয়ে অসমীয়া ভাষলৈ ৰচনা কৰা কাব্য কেইখন হ’ল— 

(ক) গীত গোবিন্দ। 

(খ) ব্ৰহ্মবৈবর্ত পুৰাণ।

(গ) শকুন্তলা কাব্য। আৰু 

(ঘ) শংখচুড় বধ।

প্রশ্ন ৬৭। মোগল চিত্রাংকন কলা সমূহত কিহৰ আভাস পোৱা যায়?

উত্তৰঃ মোগল চিত্রাংকন কলা সমূহত প্রধানতঃ ৰাজপৰিয়ালৰ, ৰাজসভাৰ আৰু সভাসদৰ জীৱন ধাৰণৰ প্ৰতিচ্ছবিৰ আভাস পোৱা যায়।

প্রশ্ন ৬৮। মোগল যুগত চিত্ৰাংকনৰ দ্বাৰা অলংকৃত কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ মোগল যুগত চিত্ৰাংকনৰ দ্বাৰা অলংকৃত কৰা কেইখনমান গ্ৰন্থৰ নাম হ’ল— 

(ক) ৰামায়ণ।

(খ) দিৱান।

(গ) তাৰিখ-ই-কান্দাহাৰী।

(ঘ) আকবৰ নামা।

(ঙ) বাহাৰিস্তান। আৰু 

(চ) বাবৰ নামা আদি।

প্রশ্ন ৬৯। মোগল যুগত চিত্রাংকনৰ দ্বাৰা মহিমামণ্ডিত উল্লেখনীয় পাৰ্চী ভাষাত ৰচিত তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ মোগল যুগত চিত্ৰাংকনৰ দ্বাৰা মহিমামণ্ডিত উল্লেখনীয় পাৰ্চী ভাষাত ৰচিত তিনিখন গ্ৰন্থৰ নাম হ’ল— 

(ক) দাস্তান-ই-আমিৰ হামজাহ।

(খ) তাৰিখ-ই-খান্দান-ই-তাইমূৰীয়া। আৰু 

(গ) পাদছাহনামা।

প্রশ্ন ৭০। আমিৰ খছৰু আৰু হাফিছৰ দ্বাৰা ৰচিত গ্ৰন্থ দুখনৰ নাম লিখা।

উত্তৰঃ গ্ৰন্থ দুখন হ’ল— 

(ক) আমিৰ খছৰ— খামছা। আৰু 

(খ) হাফিছ – তাৰিখ-ই-আলফি।

প্রশ্ন ৭১। চিত্ৰ অলংকৰণ কৰা কেইখনমান সাঁচিপতীয়া পুথিৰ নাম লিখা।

উত্তৰঃ চিত্র অলংকৰণ কৰা কেইখনমান সাঁচিপতীয়া পুথিৰ নাম হ’ল— 

(ক) লৱ-কুশৰ যুদ্ধ।

(খ) বনমালীদেৱ চৰিত।

(গ) কুমাৰ হৰণ।

প্রশ্ন ৭২। বিহুৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰঃ বিহুৰ উৎপত্তিকাল নিৰ্ণয় কৰাটো অতি কঠিন যদিও এইটো অনুমান কৰিব পাৰি যে আহোমসকল অসমলৈ অহাৰ বহু আগৰে পৰাই বিহু উৎসৱৰ প্ৰচলন আছিল৷

প্রশ্ন ৭৩। লোকসংস্কৃতি কি?

উত্তৰঃ সাধাৰণতে লোকসংস্কৃতি মানে সাধাৰণ কৃষিজীৱী আৰু শ্ৰমজীৱী লোকৰ জীৱনৰ বৰ্ণাঢ্য ৰূপৰ এক প্রতিফলন।

প্রশ্ন ৭৪। গান্ধাৰ শিল্পকলা ক’ত গঢ়ি উঠিছিল? 

উত্তৰঃ গান্ধাৰ শিল্পকলা উত্তৰ পশ্চিম পাকিস্তান তথা পূব আফগানিস্তানত অৱস্থিত। 

প্রশ্ন ৭৫। প্রাচীন কালৰ মঠ-মন্দিৰসমূহৰ শৈলী কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ তিনি ভাগত ভগাব পাৰি— 

(ক) উত্তৰ ভাৰতীয় নগৰ।

(খ) দক্ষিণ ভাৰতীয় দ্রাবীয়। আৰু 

(গ) বেচৰ শৈলী।

প্রশ্ন ৭৬। অসমৰ লোক সংস্কৃতিৰ দুটা গুৰুত্বপূৰ্ণ ৰূপৰ নাম লিখা?

উত্তৰঃ বৈষ্ণৱ ধৰ্ম আৰু বিহু।

প্রশ্ন ৭৭। মধ্যযুগৰ দুটা গুৰুত্বপূৰ্ণ সাংস্কৃতিক বৈশিষ্ট্য লিখা?

উত্তৰঃ (ক) বুৰঞ্জী সাহিত্য। আৰু 

(খ) ভক্তিমূলক গীত আৰু কাব্য ৰচনা কৰা।

প্রশ্ন ৭৮। চুলতানী আৰু বাদশ্বাহী যুগৰ কি কি প্ৰকাৰৰ স্থাপত্য পৰিলক্ষিত হয়?

উত্তৰঃ (ক) মছজিদ।

(খ) মঞ্জিল।

(গ) মাকুৱাৰা।

(ঘ) মিনাৰ।

প্রশ্ন ৭৯। অসমৰ যিকোনো তিনিটা প্রধান জনজাতীয় বিহু উৎসৱ কি কি?

উত্তৰঃ বড়োসকলৰ বৈছাগু, মিচিং সকলৰ আলি-আই-লিগাং, লালুং সকলৰ বহাগী উৎসৱ বা মেলা।

প্রশ্ন ৮০। লোকগীত বুলিলে কি বুজা?

উত্তৰঃ অতীতকালত মানুহৰ মুখে মুখে মুখ বাগৰি যিবোৰ গীতৰ প্ৰচলন হৈ আহিছে সেইবোৰ গীতকে লোকগীত বোলা হয়।

প্রশ্ন ৮১। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।

উত্তৰঃ ওজাপালিৰ দুটা ভাগ হ’ল- 

(ক) ব্যাসৰ ওজা। আৰু 

(খ) সুকনান্নী ওজা।

প্রশ্ন ৮২। অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পার্বত্য জনজাতিৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ দুটা ভৈয়াম জনজাতিৰ নাম হ’ল— দেউৰী, মিচিং, কছাৰী, বড়ো।

অসমৰ দুটা পার্বত্য জনজাতিৰ নাম হ’ল— খাচী গাৰো, মিকিৰ, জয়ন্তীয়া।

1 thought on “Class 10 Social Science MCQ Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top