Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান and select needs one.
Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান Solutions for All Subject, You can practice these here.
মুদ্রা আৰু বেংক ব্যৱস্থা
( MONEY AND BANKING )
তৃতীয় খণ্ড
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
প্রশ্ন ১। ‘Every time you spend money. You’re casting a vote for the kind of world you want. ” – কথাষাৰ কোনে কৈছিল?
উত্তৰঃ Anna Lappe (আন্না লোপি)।
প্রশ্ন ২। “পৰম্পৰাগত বিনিময় প্রথা একেশ শতিকাৰ আধুনিক যুগতো অব্যাহত আছে।”- – এটা উদাহৰণ দিয়া।
উত্তৰঃ জোনবিল মেলা।
প্রশ্ন ৩। মূল্য মানে কি?
উত্তৰঃ মূল্য বুলিলে সা-সামগ্ৰীৰ দামকেই বুজায়।
প্রশ্ন ৪। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি?
উত্তৰঃ মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব।
প্রশ্ন ৫। দুটা হিচাপ-নিকাচৰ মুদ্ৰাৰ নাম লিখা।
উত্তৰঃ টকা’ আৰু ‘ডলাৰ’।
প্রশ্ন ৬। ভাৰতবৰ্ষৰ মান মুদ্রা কি?
উত্তৰঃ টকা।
প্রশ্ন ৭। ভাৰতবৰ্ষৰ হিচাপৰ মুদ্রা কি?
উত্তৰঃ টকা।
প্রশ্ন ৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিচাপৰ মুদ্ৰা কি?
উত্তৰঃ ডলাৰ।
প্রশ্ন ৯। প্রকৃত মুদ্ৰাৰ দুটা প্ৰকাৰ লিখা।
উত্তৰঃ সামগ্ৰী মুদ্ৰা আৰু জন্তু মুদ্ৰা।
প্রশ্ন ১০। প্রদর্শিত মূল্য কি?
উত্তৰঃ মুদ্ৰাৰ ওপৰত যিটো সংখ্যা লিখা থাকে সেইটো হ’ল প্ৰদৰ্শিত মুদ্রা।
অতি চমু উত্তৰৰ প্রশ্ন :
১। বিনিময় প্রথা কি ?
উত্তৰঃ বিনিময় প্রথা হৈছে এনে এক ব্যৱস্থা যত সামগ্ৰীৰ বিপৰীতে প্রত্যক্ষভাৱে সামগ্রী বিনিময় কৰা হয় ।
২। মুদ্রা কি ?
উত্তৰঃ ইংৰাজ অর্থনীতিবিদ জিয়ফ্রী ক্রাউথাৰৰ মতে , “ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযােগ্যতা থকা আৰু সামগ্ৰীৰ মূল্যৰ মাপকাঠী হিচাপে আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনাে সামগ্রীয়েই হৈছে মুদ্রা ” ।
৩। মুদ্ৰাৰ এটা মুখ্য কার্য উল্লেখ কৰা ৷
উত্তৰঃ মুদ্ৰাৰ এটা মুখ্য কার্য এয়ে যে ই লেনদেন সুবিধাজনক কৰিবলৈ বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায় ।
৪। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল চেক মুদ্রা বা ধনাদেশ ।
৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ?
উত্তৰঃ প্রতিনিধিত্বমূলক কাগজী মুদ্রাই প্রতীকী মুদ্রাক সূচায় যাক সমমূল্যৰ সােণ বা ৰূপলৈ পৰিৱৰ্তিত কৰাটো সম্ভৱ ।
৬। বেংক কি ?
উত্তৰঃ বেংক হ’ল সঞ্চয় গ্রহণ কৰা আৰু ঋণ প্রদান কৰা একধৰণৰ বিত্তীয় প্রতিষ্ঠান ।
৭। ভাবতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল ?
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল ।
৮। চলিত আমানত কি ?
উত্তৰঃ চলিত আমানত ( Current deposit ) হৈছে এনে একধৰণৰ আমানত ব্যৱস্থা য’ত সঞ্চয়কাৰীয়ে যিকোনাে সময়তে নিজৰ জমা ধন উলিয়াই আনিব পাৰে ।
চমু উত্তৰৰ প্রশ্ন :
১। সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?
উত্তৰঃ বিনিময় প্রথা অভাৱৰ দ্বৈত সংগতি বা দুয়ােপক্ষৰ অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে । এই প্রথাত দুয়ােপক্ষৰ অভাৱসমূহৰ মাজত সংগতি নাথাকিলে বিনিময় কৰাটো অসম্ভৱ হৈ পৰে ।
উদাহৰণস্বৰূপে , যদি ‘ক’ আৰু ‘খ’ য়ে পৰস্পৰৰ মাজত বিনিময় কৃৰিব বিচাৰে , তেন্তে ‘ ‘খ’ ই বিচৰা বস্তুটো ‘ক’ ৰ ওচৰত থাকিবই লাগিব আৰু একে সময়তে ‘ক’ ই বিচৰা বস্তুটোও ‘খ’ ৰ ওচৰত থাকিব লাগিব । যদি ‘ক’ আৰু ‘খ’ ই এই চর্ত পূৰণ কৰিব নােৱাৰে , তেন্তে ইয়াত অভাৱৰ সংগতিবিহীনতাই দেখা দিব আৰু এনেক্ষেত্ৰত বিনিময় অসম্ভৱ হৈ পৰিব ।
২। মূল্যভাণ্ডাৰ বুলিলে কি বুজা ?
উত্তৰঃ মূল্যৰ ভাণ্ডাৰ বুলিলে মুদ্ৰাৰ কাৰ্যক বুজায় যিয়ে মুদ্ৰাৰ সঞ্চয় কৰি ৰখাৰ লগতে পৰৱৰ্তী সময়ত প্রয়ােজন অনুসৰি সামগ্রী ক্রয় কৰোঁতে ইয়াক ব্যৱহাৰােপযােগী কৰি তােলে ।
৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতােকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?
উত্তৰঃ মুদ্ৰাৰ সবাতােকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে ইয়াৰ সাধাৰণ গ্রহণযােগ্যতা কিয়নাে বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়োৱা যিকোনাে সামগ্ৰীৰে সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব । মুদ্রাক সর্বসাধাৰণ লােকে কোনাে সংকোচ নকৰাকৈ গ্ৰহণ কৰি লােৱা বাবেহে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে ।
৪। মুদ্ৰাৰ তাৰল্য গুণ কি ?
উত্তৰঃ মুদ্ৰাৰ তাৰল্য গুণ বুলি ক’লে প্রয়ােজন সাপেক্ষে মুদ্রা সমমূল্যৰ সেৱা তথা সা – সামগ্রীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ’ব পৰা গুণটোকে বুজোৱা হয় । মুদ্রাক সকলােতকৈ তাৰল্য গুণসম্পন্ন সম্পত্তি হিচাপে গণ্য কৰা হয় কিয়নাে ইয়াক সহজে অন্য সম্পদলৈ ৰূপান্তৰিত কৰিব পৰা যায় ।
মুদ্ৰাৰ উপৰি এনেধৰণৰ অন্যান্য সম্পদসমূহ হৈছে সােণ , ৰূপ , ভূমি আদি ।
৫। “মুদ্রা সা – সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ” —ব্যাখ্যা কৰা ।
উত্তৰঃ আমি জানাে যে সকলােবােৰ আর্থিক সামগ্ৰীৰে মূল্য আছে । মূল্যৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠী হিচাপে মুদ্রাই যিকোনাে সা – সামগ্রী বা সেৱাৰ মূল্য প্রকাশ কৰাত সহায় কৰে । যিহেতু মুদ্ৰা হৈছে সামগ্ৰীৰ উমৈহতীয়া মাপকাঠী সেয়েহে ইয়াৰ দ্বাৰা যিকোনাে সেৱা বা সা – সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰাটো অতি সহজ হৈ পৰে ।
গতিকে , এইটোৱে শুদ্ধকৈ ব্যক্ত কৰিছে যে “ মুদ্ৰা হৈছে সা – সামগ্রী তথা সেৱাসমূহৰ মূল্যৰ উমৈহতীয়া মাপকাঠী ” ।
৬। সসীম বিহিত মুদ্রা আৰু অসীম বিহিত মুদ্রা পার্থক্য কি ?
উত্তৰঃ সসীম বিহিত মুদ্রা আৰু অসীম বিহিত মুদ্ৰাৰ মাজৰ পাৰ্থক্যসমূহ হলঃ

৭। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে ?
উত্তৰঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা কাৰ্যসমূহ হলঃ
( ক ) কম সুতৰ হাৰত গাঁওবাসীসকললৈ ঋণ প্রদান কৰি তেওঁলােকক ব্যক্তিগত ঋণদাতাসকলৰ দ্বাৰা দাবী কৰা উচ্চ পৰিমাণৰ সুতৰ হাৰৰ পৰা সকাহ দিয়া । আৰু
( খ ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত ব্যৱহাৰ কৰাৰ দ্বাৰা গ্রাম্য সঞ্চয়ক উৎসাহিত কৰা ।
৮। অনা – বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগে ?
উত্তৰঃ নিম্নোল্লিখিত দিশসমূহৰ ক্ষেত্ৰত অনা – বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ পৃথক :

দীঘল উত্তৰৰ প্ৰশ্ন :
১। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা ।
উত্তৰঃ বিনিময়ৰ প্ৰথাৰ চাৰিটা অসুবিধা হৈছেঃ
(ক ) সংগতিবিহীন অভাৱ :- বিনিময় প্রথা সাধাৰণতে অভাৱৰ সংগতিৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াত বিনিময় কার্য সম্পাদন কৰিব বিচৰা ব্যক্তি দুজনৰ হাতত থকা সামগ্রীসমূহ পৰস্পৰৰ অভাৱ পূৰণ কৰিব পৰা সামগ্ৰী হ’ব লাগিব । যদিহে এই চর্ত পূৰণ নহয় তেন্তে বিনিময় প্রথা সম্ভৱ নহয় ।
( খ ) হিচাপ – নিকাচৰ উমৈহতীয় একক অভাৱ :- সকলাে সামগ্ৰীৰ মূল্য অন্য সামগ্ৰীৰ দ্বাৰা নিৰ্ধাৰণ বা প্রকাশ কৰিব লাগিব , ফলস্বৰূপে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে অন্য সামগ্রীৰ বিনিময় হাৰ ভিন্ন হ’ব । এনেদৰে প্ৰতিটো সামগ্ৰীৰ বিপৰীতে বিনিময় হাৰ মনত ৰখা তথা ৰক্ষা কৰাটো অসম্ভৱ ।
( গ ) বিনিময়যােগ্য সামগ্ৰীৰ অবিভাজ্যতা :- বিনিময়যােগ্য সামগ্রীসমূহ অবিভাজ্য প্রকৃতিৰ হ’লে বিনিময় প্রথা সম্পন্ন কৰাটো অসম্ভৱ হৈ উঠে ।
উদাহৰণস্বৰূপে – হাতী এটাৰ দৰে ডাঙৰ বস্তু এটা আপেলৰ দৰে সৰু বস্তু এটাৰ সৈতে বিনিময় কৰিবলৈ বিচাৰিলে যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব কাৰণ হাতীটোক সৰু সৰু অংশত বিভাজিত কৰি বিনিময় কার্য সম্পাদন কৰাটো সম্ভৱ নহয় ।
( ঘ ) সঞ্চয় তথা মূল্য ভাণ্ডাৰৰ অভাৱ :- বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব । কিন্তু সামগ্ৰীৰ ৰূপত মূল্যৰ ভাণ্ডাৰ সঞ্চয় কৰিলে নির্দিষ্ট কিছুমান সমস্যাৰ সৃষ্টি হ’ব , যেনেঃ
( i ) সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয়ৰ খৰছ । আৰু
( ii ) গাখীৰ , মাছ , কণী আদিৰ দৰে ক্ষয়িষ্ণু বা পচনশীল দ্রব্যসমূহৰ ক্ষেত্ৰত মূল্যৰ হানি ।
২। মুদ্ৰাৰ যিকোনাে চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা ।
উত্তৰঃ মুদ্ৰাৰ প্রধান চাৰিটা বৈশিষ্ট্যসমূহ হ’ল-
( ক ) সাধাৰণ গ্রহণযােগ্যতা :- বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়াবলৈ হ’লে মুদ্রা সর্বসাধাৰণ লােকৰ দ্বাৰা কোনাে সংকোচ নােহােৱাকৈ গ্রহণযােগ্য হােৱাটো অতি প্রয়ােজনীয় । সাধাৰণ গ্রহণযােগ্যতা নহ’লে বিনিময়ৰ মাধ্যম হব নােৱাৰে ।
( খ ) সহজ বােধগম্যতা বা চিনাক্তকৰণ :- মুদ্ৰাৰ সহজ বােধগম্যতা শব্দটোৰ দ্বাৰা মুদ্ৰাক যে সহজে চিনাক্তকৰণ কৰিব পাৰি তাকে বুজোৱা হৈছে । ই আন সকলােবােৰ সামগ্ৰীতকৈ বেলেগ আৰু ইয়াক সহজে চিনাক্ত কৰিব পৰা যায় ।
( গ ) দীর্ঘস্থায়িত্ব :- মুদ্ৰাৰ দীর্ঘস্থায়িত্বতা বুলিলে দীর্ঘ সময়ৰ ভিতৰত নষ্ট নােহােৱা অথবা অৱনতি নঘটা ধৰণৰ গুণসম্পন্ন হ’ব লাগিব । যদিহে মুদ্ৰাৰ অৱনতি ঘটিলহেঁতেন তেন্তে ইয়াক দীর্ঘ সময়লৈ মূল্যৰ ভাণ্ডাৰ হিচাপে সঞ্চয় কৰাটো সম্ভৱ নহ’লহেঁতেন ।
( ঘ ) সাদৃশ্যতা :- মুদ্রা প্রকৃতিত পূর্ণ সাদৃশযুক্ত । সহজ অর্থত ক’বলৈ গ’লে , সদৃশ পৰিমাণৰ মুদ্ৰা সকলাে দিশৰ পৰা অবিকল একে হ’ব লাগিব অর্থাৎ আকাৰ , আকৃতি , কাগজৰ গুণাগুণ আদি সকলাে দিশৰ পৰা ।
৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা ৷
উত্তৰঃ মুদ্রাই সম্পন্ন কৰা কাৰ্যক বিস্তৃতভাৱে তিনিটা ভাগত ভাগ কৰিব পাৰি :
( ক ) মুখ্য কার্য :
( i ) বিনিময়ৰ মাধ্যম :- মুদ্ৰাৰ প্রধান কার্য হ’ল যে ই বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়ায় । আমি সকলাে ধৰণৰ সেৱা তথা সা – সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত মুদ্রা ব্যৱহাৰ কৰোঁ । মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থকাৰ বাবে ইয়াৰ সহায়ত সকলাে ধৰণৰ সেৱা আৰু সা – সামগ্ৰীৰ বিনিময় সম্ভৱ হৈছে ।
( ii ) সা – সামগ্ৰীৰ মূল্যৰ মাপকাঠী :- মুদ্রাই সকলােধৰণৰ সা – সামগ্রী তথা সেৱাৰ মূল্য নির্ধাৰণৰ ক্ষেত্ৰত মূল্যৰ মাপকাঠী হিচাপে সেৱা আগবঢ়ায় । মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীটোৰ বিনিময় মূল্যই হ’ল সামগ্ৰীটোৰ দাম ।
মুদ্ৰা হৈছে হিচাপ বা সামগ্রীৰ মূল্যৰ উমৈহতীয়া একক যাৰ দ্বাৰা সকলােবােৰ আর্থিক সামগ্রী আৰু সেৱাৰ মূল্য নিৰূপণ কৰা হয় ।
( খ ) গৌণ কার্য :
( i ) মূল্যৰ ভাণ্ডাৰ :- মুদ্রা হ’ল মূল্যৰ তৰল ভাণ্ডাৰ আৰু ইয়াক ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে সাঁচি ৰাখিব পৰা । যায় । ই অতি দীর্ঘস্থায়ী আৰু ইয়াক যিকোনাে সময়তে প্রয়ােজন অনুসৰি যিকোনাে সেৱা বা সা – সামগ্রীলৈ পৰিৱৰ্তিত কৰিব পৰা যায় ৷
সেয়েহে , ইয়াৰ নিজৰ মূল্য দ্রুতভাবে হ্রাস নােহােৱালৈ ই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্যসম্পাদন কৰিব পাৰে ।
( iii ) স্থগিত দেনা – পাওনাৰ মানদণ্ড :- যেতিয়া মুদ্ৰাক সাধাৰণভাৱে বিনিময়ৰ মাধ্যম তথা মূল্যৰ একক হিচাপে গ্ৰহণ কৰি লােৱা হয় , তেতিয়াই ই স্বতঃস্ফুর্তভাৱে স্থগিত বা ভৱিষ্যৎ দেনা – পাওনাৰ হিচাপৰ এককত -পৰিণত হয় ।
এইদৰে মুদ্রাই কেৱল চলন্ত লেনদেনতে সহায় নকৰে , বৰঞ্চ স্থগিত দেনা – পাওনাৰ মানদণ্ড হিচাপে সম্পাদন কৰা কাৰ্যৰ জৰিয়তে বাকী বা স্থগিত লেনদেনো সম্পন্ন কৰাত সহায় কৰে । মুঠতে ঋণ গ্রহণ , ঋণ প্রদান আৰু ঋণ পৰিশােধ কৰা কার্য সম্পাদন কৰাটো মুদ্রাই সহজসাধ্য কৰি তােলে ।
( গ ) উপনিমিত্ত কার্য :
( I ) সমাজৰ ধনিক শ্রেণীৰ পৰা দুখীয়া শ্রেণীলৈ মুদ্ৰাৰ স্থানান্তৰণৰ জৰিয়তে অর্থনৈতিক বৈষম্য দূৰ হােৱাত সহায় হয় ।
( ii ) আকলন সৃষ্টিৰ ভিত্তি হিচাপে সেৱা আগবঢ়ায় ।
S.L. No. | Contents |
HISTORY (ইতিহাস) | |
পাঠ-1 | বংগ বিভাজন আৰু স্বদেশী আন্দোলন |
পাঠ-2 | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম |
পাঠ-3 | অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ |
পাঠ-4 | ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ |
পাঠ-5 | ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য |
GEOGRAPHY (ভূগােল) | |
পাঠ-1 | অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ |
পাঠ-2 | পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা |
পাঠ-3 | পৃথিৱীৰ ভূগোল |
পাঠ-4 | অসমৰ ভূগোল |
POLITICAL SCIENCE AND ECONOMICS | |
পাঠ-1 | ভাৰতীয় গণতন্ত্ৰ |
পাঠ-2 | আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য |
পাঠ-3 | মুদ্রা আৰু বেংক ব্যৱস্থা |
পাঠ-4 | অৰ্থনৈতিক উন্নয়ন |
৪। চেক এখন মুদ্রা নে ? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা ।
উত্তৰঃ চেক এখন প্রকৃততে মুদ্রা নহয় । নিম্নোল্লিখিত কাৰণসমূহৰ বাবে চেক এখনক মুদ্রা হিচাপে বিৱেচনা কৰা নহয় :
( ক ) চেক এখনৰ বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযােগ্যতা গুণ নাই ।
( খ ) চেক হৈছে ধন পৰিশােধৰ এক প্রতিশ্রুতি – পত্র ।
( গ ) চেক এখনক তৎক্ষণাত মুদ্ৰালৈ ৰূপান্তৰিত কৰিব নােৱাৰি অর্থাৎ , ইয়াৰ তাৰল্য গুণৰ অভাৱ ঘটিছে ।
( ঘ ) চেক সহজে চিনাক্তকৰণ কৰিব নােৱাৰি । যদিহে চেক এখন বেংকৰ দৃষ্টিত মূল্যহীন হৈ পৰে তেন্তে লেনদেন প্রক্রিয়াত সমস্যা হ’ব পাৰে ।
( ঙ ) চেক সহজবােধগম্য নহয় । চেক বাউন্স হ’লে লেনদেনত সমস্যাৰ উদ্ভৱ হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Thanks