গল্প: বত্ৰিশ লক্ষণীয়া দৰা – কইনা | Botrish Lokhyonia Dora – Koina

বত্ৰিশ লক্ষণীয়া দৰা – কইনা | Botrish Lokhyonia Dora – Koina, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, বত্ৰিশ লক্ষণীয়া দৰা – কইনা কাহিনী, সাধুকথা, অসমীয়া কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এজন ৰজাৰ এটি বত্ৰিশ লক্ষণীয়া লৰা হৈছিল। লৰাটি ক্ৰমে ডাঙৰ দীঘল হৈ ডেকা হʼলত, ৰজাই লৰালৈ ছোৱালী বিচাৰিবলৈ মন মেলিলে; কিন্তু ৰজাৰ লৰাই কলে যে তেওঁ তেওঁৰ নিচিনা বত্ৰিশ লক্ষণেৰে এজনী ছোৱালী নেপালে বিয়া নকৰায় আৰু সেই ছোৱালী তেওঁ নিজে চাই লব। এই কথা শুনি ৰজাই পুতেকক মাতি নি কলে, “বোপা, তুমি বিবাহৰ কন্যা নিজে চাই লবা বুলি শুনি মই বৰ সন্তোষ পাইছোঁ। এই বুঢ়া মানুহজন তোমাৰ লগত দিলোঁ, ঘোঁৰাশালৰ পৰা এটা সুন্দৰ ঘোঁৰা বাছি নি তুমি বিদেশলৈ যাত্ৰা কৰা।” ৰজাৰ এই আদেশ পাই কোঁৱৰে কলে, “দেউতা, আপোনাৰ আদেশ শিৰোধার্য কৰিলোঁ; কিন্তু মই বিদেশৰ কিমান দিন কত ঠাইত ফুৰিব লাগিব তাৰ কি ঠিক? এই কাৰণে মোৰ লগত এটা ডেকা মানুহ দিয়ক, বুঢ়া মানুহৰ পৰা মোৰ সুবিধা নহয়।”

ৰজাই এটা ডেকা মানুহক যুৱৰাজৰ লগোৱা কৰি দিলে। কোঁৱৰেও ঘোঁৰাশালৰ পৰা এটা সুন্দৰ তেজী ঘোঁৰা বাছি লৈ আনন্দেৰে বিদেশলৈ যাত্ৰা কৰিলে। কোঁৱৰ এখন সুন্দৰ ৰাজ্যত উপস্থিত হলগৈ। সেই ৰাজ্যৰ ৰজাৰ এজনী বত্ৰিশ লক্ষণীয়া সুন্দৰী ছোৱালী আছিল। কন্যাই তেওঁৰ সখীসকলেৰে সৈতে ওচৰৰ এখন সৰু নদীত স্নান কৰিবলৈ যাওঁতে কোঁৱৰে দেখা পালে আৰু তেওঁৰ মনৰ জোখাৰে কন্যা দেখি পৰম আনন্দ লভিলে। কোঁৱৰে যদিও দূৰৈৰপৰা ৰাজকন্যাক দেখিছিল, তথাপি ৰাজকন্যা আৰু তেওঁৰ সখীসকলে কোঁৱৰক দেখা নাছিল। তেওঁলোকে হাঁহি মাতি ধেমালি কৰি নদীলৈ গৈছিল। নদীলৈ যোৱা বাটৰ দুয়ো শাৰীতে মণিৰাজ, যুতি, তগৰ, বকুল, খলপদ্ম, গুটিমালি আৰু শেৱালি প্ৰভৃতি ফুল ৰমক জমক কৰি ফুলি আছিল। সেই সুন্দৰ ফুলনিৰ মাজত ৰাজকন্যা আৰু তেওঁৰ সখীসকলক কোঁৱৰে দেৱকন্যাৰ দৰে দেখি বৰ বিমোহিত হৈছিল। সেই ফুলনিৰ এটা মণিৰাজ ফুলৰ পাতত কোঁৱৰে তেওঁৰ সকলো বৃত্তান্ত লিখি ৰাজকন্যাই দেখাকৈ থৈ আহিল। তাৰ পাছত কোঁৱৰে কি উপায়েৰে কন্যা লাভ কৰিব এই চিন্তাত লাগি গল আৰু অৱশেষত মালিনীৰ ঘৰত আশ্ৰয় লৈ কাৰ্য সিদ্ধিত উপায় চিন্তিবলৈ ধৰিলে।

ইফালে ৰাজকন্যাই সখীসকলেৰে সৈতে গা ধুই উভতি আহোঁতে কোঁৱৰে লিখি থৈ যোৱা ফুলৰ পাতত তেওঁৰ চকু পৰিল। তাত লিখা সকলোখিনি তেওঁ পঢ়ি চাই কোঁৱৰৰ ৰূপ, গুণ আদি আৰু কোঁৱৰ মালিনীৰ ঘৰত থাকিব বুলি জানিব পাৰিলে। ৰাজকন্যাই সেই ফুলৰ পাত চিঙি ঘৰলৈ লৈ আহিল। ঘৰত তেওঁ কোঁৱৰৰ নামে এখন পত্ৰ লিখি এটা টেমাত কেইখনমান থুৰীয়া তামোলেৰে সৈতে ভৰাই মালিনীৰ হাতত কোঁৱৰলৈ দি পঠালে। কোঁৱৰে চিঠি পঢ়ি চালে। তাত লিখা আছিল যে, দুদিনৰ পাছত ৰাজকন্যাৰ স্বয়ম্বৰ হব; সেই স্বয়ম্বৰৰ দিনা কোঁৱৰে কন্যা অহা দেখা পালেই সোঁহাত আগবঢ়াই দিব আৰু কন্যাইও তেঁওৰ মূৰতে মালা দিব। কোঁৱৰে চিঠিখন পঢ়ি চাই গাৰুৰ তলত থলে। ৰাতি কোঁৱৰৰ টোপনি আহিলত লগুৱাটোৱে চিঠিখন উলিয়াই চাই আকৌ আগৰ দৰেই গাৰুৰ তলতে সুমুৱাই থলে আৰু সি মনে মনে কোঁৱৰক ঠগি বত্ৰিশ লক্ষণীয়া কন্যাক পাবলৈ ফন্দী পাতিবলৈ ধৰিলে।

ৰাজকন্যাৰ স্বয়ম্বৰৰ দিনা লগুৱাটোৱে এটা বুদ্ধি সাজি মোহনীভাং আনি ঘোটা কৰিলে। কোঁৱৰৰ বাটিত সি ভাং সৰহকৈ দি নিজে নামমাত্ৰ ললে। ঘোটাভাং খাই কোঁৱৰ অচেতন হৈ পৰি থাকিল। সি কোঁৱৰৰ সাজ পিন্ধি ঘোঁৰাত উঠি স্বয়ম্বৰৰ ঠাই পালেগৈ। কন্যা সমাজলৈ আহিবৰ পৰ হলত সি সোঁহাত আগবঢ়াই দিলে কন্যায়ো কোঁৱৰ বুলি তাৰে মূৰত মালা দিলে। লগুটোৱে তেতিয়াই কন্যাৰ সৈতে কোঁৱৰৰ ঘোঁৰাত উঠি ঘোঁৰা চেঁকুৰাই গুচি গল। কিছুমান বাট গৈ কন্যাই তাৰ গাৰ দুৰ্গন্ধ পালে আৰু মুখলৈ চাই সি ৰাজকোঁৱৰ নহয় বুলি জানিব পাৰিলে। তাৰ পাছত কন্যাই ভাবি চিন্তি তাক কলে, “মোৰ বৰ পিয়াহ লাগিছে, যেনেতেনে অলপ পানী আনি দিয়া।” সি কন্যাৰ সঁচাসচিকৈয়ে পিয়াহ লাগিছে বুলি ভাবি, কন্যাক ঘোঁৰাৰ ওপৰতে ৰাখি, ওচৰৰ এখন নৈৰপৰা পানী আনিবলৈ গল। ইফালে কন্যাই মুনিহৰ দৰে সাজ পিন্ধি ঘোঁৰা চেঁকুৰাই দিলে। সেইদিনা কন্যা গৈ এখন নতুন ৰাজ্যত উলালগৈ আৰু সেই ৰাজ্যত তেওঁৰ নাম বাহুবল বুলি চিনাকি দিলে। সেই ৰাজ্যত এটা বৰ ভয়ানক ৰাক্ষস আছিল। সেই ৰাক্ষসে ৰাজ্যত বহুত উপদ্ৰৱ কৰি মানুহৰ সুখ শান্তি নাইকিয়া কৰিছিল; ৰাজ্যৰ মানুহবিলাকে বাহুবলক সেই ৰাক্ষস মাৰিব পাৰিব নে নোৱাৰে এই কথা সুধাত তেওঁ অনায়াসে পাৰিম বুলি কলে। ৰাইজে এই কথা ৰজাক জনালেগৈ। ৰজাই আনন্দ পাই ৰাক্ষস মাৰিব পাৰিলে বাহুবলক তেওঁৰ নিজৰ কন্যা আৰু অৰ্দ্ধৰাজ্য দিব বুলি প্ৰতিজ্ঞা কৰিলে। বাহুবলে এডাল ডাঙৰ শূল গঢ়াবলৈ ৰজাক কলে। ৰজাই দুদিনৰ ভিতৰতে শূলডাল গঢ়োৱাই দিলে। বাহুবলে মৰণলৈ ভয় এৰি সেই শূল লৈ ভৰ দুপৰৰ সময়ত ৰাক্ষস মাৰিবলৈ গল; কাৰণ ৰাক্ষসে ৰাতি মানুহ গৰু আদি খাই দুপৰীয়া ধোবাং জুৰি এজোপা ডাঙৰ বৰ গছৰ তলত শুই থাকে। বাহুবলে দেখিলে যে ৰাক্ষসৰ বৰ টোপনি। হাতত সাৰে, ভৰিত সাৰে লাহে লাহে তেওঁ ওচৰ চাপি গৈ ৰাক্ষসৰ মেল খাই থকা মুখত শূলডাল ঠাহি ভৰাই দিলে। ৰাক্ষসে ডেডাউৰি মাৰি তৎক্ষণাৎ মৰি থাকিল। ৰাক্ষসৰ ডেডাউৰি শুনি বাহুবলক খালে বুলি সকলোৱে অনুমান কৰিছিল; কিন্তু যেতিয়া ৰাক্ষস মাৰি তেওঁ ওলালহি তেতিয়া সকলোৱে দেখি তেওঁক নানান প্ৰশংসা কৰিবলৈ ধৰিলে। ৰজাই তেওঁৰ প্ৰতিজ্ঞামতে বাহুবলক কন্যাদান কৰিবলৈ ধৰিলত, বাহুবলে কিছুদিনৰ পাছতহে বিয়া কৰাব বুলি কলে আৰু ৰজাৰ পদূলিতে এতিয়া এটা ঘৰ সজাই দিয়াবলৈ মাথোন ৰজাক খাটিলে। ৰজাই আনন্দেৰে বাহুবলৰ পদূলিতে এটা সুন্দৰ ঘৰ সজাই দিয়ালে। বাহুবলে সেই ঘৰতে বহি দিনে ৰাতিয়ে অহা যোৱা কৰা মানুহ চাবলৈ ধৰিলে। 

লগুৱাটোৱে কন্যাক ঘোঁৰাত তুলি লৈ যোৱাৰ পাছত, সন্ধা সময়ত ৰাজকোঁৱৰৰ গাত তত আহিল, ডাঙৰ ৰাগিয়ে এৰিলে। তেওঁ শোৱাপাটিৰ পৰা উঠি, দুষ্ট লগুৱাটোৱে তেওঁক ফাঁকি দিলে বুলি জানিব পাৰিলে। পিছদিনা ৰাতিপুৱাই তেওঁ সেই ঠাইৰপৰা গুচি গল। কোঁৱৰ কন্যাৰ বেজাৰত বলিয়াৰ দৰে হল বলিয়ালি কৰি এমাহ ফুৰি ফুৰি কোঁৱৰ সেই কন্যা থকা ৰাজ্যতে উলালগৈ। কন্যাই কোঁৱৰক চিনি পাই মাতি নি তেওঁৰ বিষয়ে অচিনাকিভাৱে সকলো কথা সুধি ললে। তাৰ পাছত তিৰোতাৰ সাজ পিন্ধি তেওঁ তেতিয়া কোঁৱৰৰ ওচৰ চাপিল তেতিয়াহে কন্যাক চিনি পাই অতি আনন্দ পালে। 

ইপিনে লগুৱাটোৱে পানী আনি কন্যাক নাপাই সিও কোঁৱৰৰ দৰে বলিয়া হল। বলিয়ালি কৰি গৈ থাকোঁতে এদিন সি ভয়ংকৰে কন্যা থকা ঠাইতে উলালগৈ। কন্যাই তাক চিনি পাই মতাই সকলো কথা সুধিলে। ছদ্ম কৰি থকা কন্যাক সি চিনি নাপাই কলে, “মই এইবাৰ তাইক পালে ওভোতাই ছাল বখলিয়াই তাত লোণ খাৰ সানিম।” তাৰ পাছত কন্যাই নিজৰ সাজ পিন্ধিলত সি কন্যাক চিনিব পাৰি আচৰিত মানিলে। তেতিয়া কন্যাৰ আদেশমতে ৰজাৰ মানুহে তাক ধৰি ওভোতাই ছাল বখলিয়াই লোণ খাৰ সানি শাস্তি দিলে। সি যন্ত্ৰণা ভোগ কৰি মৰি থাকিল।

অৱশেষত কন্যাই নিজৰূপে সকলোৰে আগত দেখা দিলে। ৰাজ্যৰ ৰজা প্ৰজা সকলোৱে ঘটনাটো দেখি শুনি আচৰিত মানিলে। বত্ৰিশ লক্ষণীয়া ৰাজকন্যাৰ আদেশ অনুসাৰে সেই দেশৰ ৰজাই ৰাজকন্যাক কোঁৱৰলৈকে বিয়া দিলে আৰু অৰ্দ্ধৰাজ্যও এৰি দিলে। এইদৰে দুজনী সুন্দৰী কন্যা আৰু অৰ্দ্ধৰাজ্য লাভ কৰি ৰাজকোঁৱৰ স্বদেশলৈ উভতি আহিল। ৰজাইও পুতেকৰ সৌভাগ্য দেখি আনন্দ মনেৰে কাল কটাবলৈ ধৰিলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top