Assam Jatiya Bidyalay Class 7 Science Chapter 8 তাপ আৰু ইয়াৰ প্ৰভাৱ

Assam Jatiya Bidyalay Class 7 Science Chapter 8 তাপ আৰু ইয়াৰ প্ৰভাৱ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 8 তাপ আৰু ইয়াৰ প্ৰভাৱ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 8 তাপ আৰু ইয়াৰ প্ৰভাৱ Understand the concepts behind every chapter and score well in the board exams.

তাপ আৰু ইয়াৰ প্ৰভাৱ

Chapter -8

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১ l তাপ এবিধ শক্তি। উদাহৰণসহ ব্যাখ্যা কৰাঁ।

উত্তৰঃ তাপৰ কাম কৰাৰ সামৰ্থ্য আছে। সেইবাবে তাপ এবিধ শক্তি। যেনে-তাপে ঠাণ্ডা বস্তু গৰম কৰিব পাৰে, পানী উতলাই বাষ্প কৰিব পাৰে; কাগজ এখন পুৰি ছাই কৰিব পাৰে ইত্যাদি।

প্রশ্ন ২ l তাপ শক্তিৰ পৰা বৈদ্যুতিক শক্তি আৰু বৈদ্যুতিক শক্তিৰ পৰা তাপ শক্তি পোৱাৰ একোটাকৈ উদাহৰণ দিয়াঁ ।

উত্তৰঃ (i) দুটা ভিন্ন ধাতুৰ টুকুৰা মূৰ দুটাত জ্বালাই কৰি লগ লগোৱা হ’ল। এটা মূৰ তপতালে টুকুৰা দুটাৰ মাজেদি সৰু বিদ্যুৎ প্ৰৱাহ চালিত হয়। ইয়াত তাপ শক্তিৰ পৰা বিদ্যুৎশক্তি পোৱা যায়।

(ii) বৈদ্যুতিক কোষ (টৰ্চৰ ‘বেটাৰী”) এটাৰ দুই মূৰৰ লগত তাঁৰ এডাল সংযোগ কৰা হ’ল। তাঁৰডাল তৎক্ষণাৎ গৰম হৈ উঠে। হাতেৰে চুই থাকিব নোৱাৰা হয়। তাঁৰ ডালেদি পাৰ হৈ যাওঁতে বৈদ্যুতিক শক্তি তাপ শক্তিলৈ সলনি হয়।

প্রশ্ন ৩ l দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয়। এটা পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা l

উত্তৰঃ দুটা কাচৰ গিলাচ লৈ তাৰে এটা গিলাচত আধা ঠাণ্ডা পানী আৰু আনটো গিলাচত আধা গৰম পানী লোৱা হয়। প্রতিটোৰ থার্মমিটাৰেৰে উষ্ণতা জোখা হয় । ছেলছিয়াছ স্কেলৰ থার্মমিটাৰ ব্যৱহাৰ কৰা হয়। থার্মমিটাৰটো ঠাণ্ডাপানীৰ গিলাচটোত থৈ তাত গৰম পানীখিনি ঢালি দিয়া হয়।

এডাল ঘোটনীৰে পানীখিনি (ঠাণ্ডা আৰু গৰম পানী) মিহলি কৰিবলৈ লাহে লাহে ছুটি দিয়া হয়। থার্মমিটাৰে উষ্ণতা বৃদ্ধি হোৱা দেখুৱাব। উষ্ণতা বাঢ়ি এসময়ত ৰৈ যাব। ঠাণ্ডা পানী তাপ লৈ নিজৰ উষ্ণতা বঢ়াব। গৰম পানীৰ উষ্ণতা তাপ এৰি দিয়া বাবে কমিব। এসময়ত উষ্ণতা একে হোৱাত তাপ বিনিময় নোহোৱা হ’ব।

প্রশ্ন ৪ l গলনাংক কাক বোলে? বৰফ এটুকুৰা গলি শেষ নোহোৱালৈকে উষ্ণতা কিয় একে থাকে ব্যাখ্যা কৰা।

উত্তৰঃ গলনাংক : যি উষ্ণতাত তাপ গ্ৰহণ কৰি কোনো বস্তুৱে গোটাৰ পৰা জুলীয়া হয় সেইটোকে তাৰ গলনাংক বোলে। 

বৰফ হ’ল পানীৰ গোটা অৱস্থা । বৰফ এটুকুৰাত তাপ দিলে ই গলিবলৈ আৰম্ভ কৰে। এই অৱস্থাটো হ’ল পানীৰ গলনাংক। বৰফখিনি গলিবলৈ আৰম্ভ কৰোতে বৰফ টুকুৰাৰ আটাইবোৰ অণুৰ বান্ধোন শিথিল নহয়। তলৰ বৰফখিনিয়ে তাপ প্রথমে বেছি পাইছে, সেইবাবে তলৰখিনি আগেয়ে জুলীয়া হৈছে। ওপৰৰ অণুবোৰৰ বান্ধোন তেতিয়াও বেছি শিথিল হোৱা নাই। সেইবাবে শিথিল হ’বলৈ৷ আৰু তাপৰ প্ৰয়োজন । এইখিনি তাপে সেইবাবে উষ্ণতা নবঢ়ায়। এইখিনি তাপ ওপৰৰ অণুবোৰৰ বান্ধোন ঢিলা কৰাত ব্যৱহাৰ হয়। সেইবাবে গোটেইখিনি বৰফ গলি নোযোৱালৈকে উষ্ণতা একে থাকে। গলনত ব্যৱহাৰ হোৱা তাপখিনিক গলনৰ লীন তাপ বোলা হয়। গোটেইখিনি বরফ গলাৰ পিছত তাপ দি থাকিলে উষ্ণতা বাঢ়িবলৈ ধৰে।

প্রশ্ন ৫ l উতলাংক কাক বোলে? এবাটি পানী উতলি শেষ নোহোৱালৈকে উষ্ণতা কিয় একে থাকে ব্যাখ্যা কৰাঁ।

উত্তৰঃ উত্তলাংক : যি উষ্ণতাত পদাৰ্থই তাপ গ্ৰহণ কৰি জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থা পায় সেই উষ্ণতাক উতলাংক বোলে।

এবাটি পানী গৰম কৰিলে পানীৰ অণুৰ বান্ধোন শিথিল হ’বলৈ ধৰিব। প্রথমে তলৰ পানীৰ অণুৰ মাজৰ বন্ধন শিথিল কৰে আৰু তাৰ পিছত ক্ৰমে ওপৰলৈ অণুসমূহৰ মাজৰ বান্ধোন শিথিল কৰে। এনেকৈ তাপ দিয়াৰ পিছত পানীৰ উষ্ণতা 100°C লৈ বৃদ্ধি হয় আৰু গেছীয় অৱস্থা অর্থাৎ বাষ্পীকৰণ হ’বলৈ ধৰে। গোটেই পানীখিনি উতলি শেষ নোহোৱালৈকে ইয়াৰ উষ্ণতা আৰু নাবাঢ়ে। এই ক্ষেত্ৰত প্রয়োগ কৰা তাপে অৱস্থাৰহে পৰিবর্তন কৰে। বাষ্পীকৰণত ব্যৱহাৰ হোৱা তাপখিনিক লীন তাপ বোলা হয়।?

প্রশ্ন ৬l কেল’ৰি কিহৰ একক? ইয়াৰ সূত্ৰ কি

উত্তৰঃ কেল’ৰি হ’ল তাপৰ একক।

1 গ্রা. পানীৰ উষ্ণতা 1° ছেল, বঢ়াবলৈ যিখিনি তাপৰ প্ৰয়োজন সেইখিনিক 1 কেলৰি বুলি ধৰা হয়।

প্রশ্ন ৭ l (ক) লোৰ আপেক্ষিক তাপ 0.11 কেলৰি বুলিলে কি বুজা যায়? 

উত্তৰঃ 1 গ্ৰাঃ লোৰ উষ্ণতা  1° ছেল বৃদ্ধি কৰিবলৈ 0.11 কেল’ৰি তাপৰ প্ৰয়োজন হয়। গতিকে লোৰ আপেক্ষিক তাপ হ’ল 0.11 কেল’ৰি।

(খ) 100 গ্রাম লোৰ উষ্ণতা 100° ছেল বঢ়াবলৈ কিমান তাপৰ প্ৰয়োজন হ’ব?

উত্তৰঃ লোৱে গ্ৰহণ কৰা তাপ = লোৰ ভৰ x আপেক্ষিক তাপ × উষ্ণতাৰ বৃদ্ধি

= 100 x 0.11×100° 

= 1100 কেল’ৰি।

(গ) 100 গ্রা. লোৰ উষ্ণতা 100° ছেল কমিলে ই কিমান তাপ এৰি দিব? (লোৰ আপেক্ষিক তাপ হ’ল 0.11 কেলৰি/ ° ছেল/গ্রা.)

উত্তৰঃ লোৱে এৰি দিয়া তাপ = লোৰ ভৰ × আপেক্ষিক তাপ × উষ্ণতাৰ হ্ৰাস = 100×0.11x.01

                     = 0.11 কেলৰি

প্রশ্ন ৮ l তামৰ আপেক্ষিক তাপ লোতকৈ কম। সমান সমান পৰিমাণৰ তাম আৰু লোক 120 কেলৰিকৈ তাপ যোগান ধৰিলে কাৰ উষ্ণতা বেছি হ’ব? 

উত্তৰঃপ তামৰ আপেক্ষিক তাপ লোতকৈ কম। সমান সমান পৰিমাণৰ তাম আৰু লোক 120 কেলৰিকৈ তাপ যোগান ধৰিলে তামৰ উষ্ণতা অধিক হ’ব।

প্রশ্ন ৯ l গলনৰ লীন তাপ কাক বোলে? লীন তাপখিনি কি কামত ব্যৱহাৰ কৰা হয়? 

উত্তৰঃ যিকোনো বস্তু গোটা অৱস্থাৰ পৰা জুলীয়া অৱস্থালৈ পৰিবৰ্তন হওঁতে গলনত ব্যৱহাৰ হোৱা তাপখিনিক গলনৰ লীন তাপ বোলা হয়। লীন তাপখিনি শক্তিৰ সংৰক্ষণত ব্যৱহাৰ কৰা হয়।

প্রশ্ন ১০ l জুলীয়া পদাৰ্থৰ বাষ্পীভৱন যিকোনো উষ্ণতাতে হয়। পৰীক্ষাৰ সহায়ত প্রতিপন্ন কৰা ।

উত্তৰঃ 

মধ্যমীয়া আকাৰৰ এটা কাচৰ বটলত কিছু পানী ভৰাই ঠিলাটো মৰা হয়। পানী ভৰাওতে সাৱধান হোৱা উচিত যাতে বটনটোৰ ভিতৰৰ বেৰত পানী লাগি নাথাকে। এক ঘণ্টামানৰ ভিতৰত বটলটোৰ ভিতৰৰ বেৰত ওপৰফালে সৰু সৰু পানীৰ টোপাল জমা হয়।

পানীৰ কিছুমান অণু বা অৱস্থালৈ গৈ থাকে। গেছীয় অণুবোৰ ওপৰলৈ উঠে। বটলৰ চেঁচা বেৰত পানীৰ অণুবোৰৰ ঘণীভৱন হয়। অণুবোৰে সৰু সৰু টোপাল বান্ধে।

দিনটোৰ যিকোনো সময়ত পৰীক্ষাটো কৰিব পাৰি। দিনটোৰ ভিতৰত উষ্ণতাৰ সলনি হয়। সেয়েহে পৰীক্ষাটোৱে প্ৰমাণ কৰেযে বাষ্পীভবন যিকোনো উষ্ণতাতে হয়।

প্রশ্ন ১১ l এটা পৰীক্ষাৰ সহায়ত দেখুওঁৱা যে বাষ্পীভৱন উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে? 

উত্তৰঃ দুটা একে ধৰণৰ কাচৰ বটলত সমান পৰিমাণৰ পানী লোৱা হয়। দুয়োটাৰে ঠিলা মৰা হয়। ওপৰফালে ভিতৰ বেৰত পানী লাগি থাকিব নালাগে। এটা বটল ঘৰৰ ভিতৰত আৰু আনটো বাহিৰত ৰ’দত থোৱা হয়।

এঘণ্টা মানৰ মূৰত দুয়োটা বটল চোৱা হয়। বাহিৰত থোৱা বঁটলটোৰ ভিতৰফালে ওপৰত সৰু সৰু টোপাল বেছি জমা হয়। ই বুজায় যে বাহিৰৰ বটলটোত পানীৰ বাষ্পীভৱন বেছি হৈছে। ঘৰৰ ভিতৰতকৈ বাহিৰত উষ্ণতা বেছি। সেইবাবে বাহিৰৰ পানীৰ বাষ্পীভৱনৰ পৰিমাণ বেছি। উষ্ণতা বেছি হ’লে বাষ্পীভৱন বেছি হয়। ইয়েই প্ৰমাণ কৰে যে বাষ্পীভৱন উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। 

প্রশ্ন ১২l এটা পৰীক্ষাৰ সহায়ত দেখুওঁৱা যে বাষ্পীভৱন মুক্ত পৃষ্ঠৰ কালিৰ ওপৰত নির্ভৰ কৰে।

উত্তৰঃ 

পৰীক্ষাৰ বাবে দুটা কাচৰ বটল লোৱা হয়। এটার ব্যাসার্ধ কম আৰু আনটোৰ বেছি। বুয়োটাতে পানী ভৰাই ঠিলা মৰা হয়। দুয়োটা বটল ৰ’দত থোৱা হয়। এঘণ্টামানৰ মূৰ্ত ডাঙৰ বটলটোৰ ওপৰফালে ভিতৰ বেৰত পানীৰ টোপাল বেছি হয়। ডাঙৰ বটলটোত পানীৰ বাষ্পীভবন বেছি হৈছে। সেইবাবে বেছি টোপাল জমা হৈছে। ডাঙৰ বটলটোত পানীৰ মুকলি পৃষ্ঠৰ কালি বেছি। মুকলি পৃষ্ঠৰ কালি বেছি হ’লে জুলীয়া পদাৰ্থটোৰ বাষ্পীভৱন বেছি হয়। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হয় যে বাষ্পীভবন মুক্ত পৃষ্ঠৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে।

প্রশ্ন ১৩ l তাপ পালে পদার্থৰ কিয় প্রসাৰণ ঘটে ব্যাখ্যা কৰা। 

উত্তৰঃ পদাৰ্থৰ অণুবোৰ থিৰে নাথাকে। নিজৰ ঠাইতে অণুবোৰৰ গতিশীলতা থাকে । কঠিন অৱস্থাত গতিশীলতা কম। কঠিন অৱস্থাত অণুবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান কম। তাপ শক্তিয়ে উষ্ণতা বঢ়ায়। উষ্ণতা বাঢ়িলে অণুৰ গতিশীলতা বাঢ়ে। নিজৰ ঠাইতে অণুবোৰৰ গতিশীলতা বাঢ়ে । তাৰ ফলত অণুবোৰৰ মাজত ব্যৱধান বাঢ়ে। অণুৰ মাজত ব্যৱধান বাঢ়ে বাবে বস্তুটোৰ আয়তন বাঢ়ে । তাপ পালে পদাৰ্থৰ সকলো দিশতে আয়তন বাঢ়ে। অর্থাৎ তাপ পালে পদাৰ্থৰ প্ৰসাৰণ ঘটে।

প্রশ্ন ১৪ l তাপে কঠিন পদার্থৰ সকলো দিশতে প্ৰসাৰণ ঘটায়। পৰীক্ষাৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ 

বেৰ বন্ধা তাঁর পকাই ক আঙঠিটো সজা হৈছে। আঙঠিটোৰ মাজেৰে লোৰ বলটো কোনোমতে পাৰ হৈ যাব পাৰে।

এতিয়া চেপেনাৰে ধৰিলোৰ বলটো তপতোৱা হ’ল । যথেষ্ট তপত লোৰ বলটো শিখাৰপৰা আঁতৰাই আঙঠিটোত থোৱা হ’ল তপত বলটো আঙঠিৰ মাজেৰে এইবাৰ পাৰ হৈ নাযায়। তপত কৰোঁতে বলটো প্ৰসাৰিত হ’ল। চেঁচা অৱস্থাৰ বলটোতকৈ তপত বলটোৰ আয়তন বেছি। ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হ’ল যে তাপে কঠিন পদার্থৰ সকলো দিশতে প্ৰসাৰণ ঘটায়।

প্রশ্ন ১৫ l পদাৰ্থৰ দৈৰ্ঘ্য প্ৰসাৰণ দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা । 

উত্তৰঃ 

চিত্ৰত দেখুওৱাৰ দৰে কাঠ দুটুকুৰাৰ ওপৰত দুডাল লোৰ দণ্ড থোৱা হয়। মাজত সামান্য ফাঁক থাকে। চিত্ৰত দেখুওৱাৰ দৰে বৰ্তনীটো সাজি বৰ্তনীটোত টৰ্চৰ বালৰ এটা সংযোগ করা আছে। দণ্ড দুডালৰ আন দুটা মূৰ (১.১) দুটা গজালত সীমাবদ্ধ কৰা হয়। ফাঁকটোৰ বাবে বৰ্তনীটো সম্পূর্ণ নহয়। সেইবাবে বালব্‌টো নজ্বলে । এতিয়া দণ্ড এডাল বা দুয়োডাল তপতালে ক্ষন্তেকতে বালব্‌টো জ্বলি উঠে ।

তপতোৱা বাবে লোৰ দণ্ড বাঢ়ে, প্ৰসাৰিত হয়। মূৰ্ত সীমাবদ্ধ বাবে ফাঁকটো সৰু হৈ নোহোৱা হয়। তেতিয়াই বালব্‌টো জ্বলি উঠে। মমৰ শিখা আঁতৰাই নিলে দণ্ড দুডাল আগৰ অৱস্থালৈ যায়। আকৌ ফাঁকটো ওলায় আৰু বালব্‌টো নুমাই যায়। পৰীক্ষাটোৰ পৰা এইটো প্ৰমাণ হ’ল যে তাপ পালে পদার্থৰ দীঘে দীঘে প্রসারণ ঘটে।

প্রশ্ন ১৬ l অধিক উষ্ণতাই গেছীয় পদার্থৰ অধিক প্ৰসাৰণ ঘটায়। এটা পৰীক্ষা বর্ণনা কৰা । 

উত্তৰঃ 

অধিক উষ্ণতাই গেছীয় পদাৰ্থৰ অধিক প্ৰসাৰণ ঘটায়। ইয়াক পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি।

এটা কাচৰ বটলৰ সাফৰ আঁতৰাই মুখত এটা বেলুনৰ মুখখন লগোৱা হয়। বটলটো এটা বাটিত থৈ বাটিটোত গৰম পানী বাকি দিলে বেলুনটো ফুলিবলৈ আৰম্ভ কৰে। বটলটোৰ বায়ুৰ কণিকাবোৰে গৰম পানীৰ পৰা তাপ শক্তি আহৰণ কৰে। বায়ুৰ অণুবোৰৰ গতি শক্তি বাঢ়ে। অণুবোৰে বেলুনৰ ভিতৰবেৰত বেছি জোৰে আৰু সঘনে খুন্দিয়াৰ ধৰে। অণুবোৰৰ খুন্দাত বেলুনটো ফুলিবলৈ ধৰে। তপত হোৱা বায়ুখিনিয়ে বেছি আয়তন অধিকাৰ কৰে।

বাটিটোত দিয়া পানীৰ উষ্ণতা বেছি হ’লে বেলুনটোৰ আয়তন বেছি হয়। ই প্ৰমাণ কৰে যে উতা বাঢ়িলে গেছীয় পদাৰ্থৰ অধিক প্ৰসাৰণ (আয়তন) ঘটে। 

প্রশ্ন ১৭ l চামুচ এখনৰ এটা মূৰ তপতালে অলপ পাছতে আনটো মূৰ তপত হয়। তাপ প্রবাহিত হোৱা পদ্ধতিটো ব্যাখ্যা কৰাঁ।

উত্তৰঃ চামুচ হৈছে ধাতুৰে নিৰ্মিত। ধাতুৰ পদাৰ্থৰ মাজেদি তাপ সহজে পাৰ হৈ যায়। সহজে যাব পাৰে বাবে সোনকালে প্রবাহিত হয়। চামুচখনৰ এটা মূৰ তপতোৱা হৈছে। তপতোৱা মূৰটোৰ অণুবোধ তাপ শক্তি প্রথমে লাভ কৰে। তাপে এই অণুবোৰক বেছি আন্দোলিত কৰে। এইবোৰে ওচৰৰ অণুবোৰকো আন্দোলিত কৰে। ওচৰৰ অণুবোৰৰো গতিশক্তি বাঢ়ে। তেতিয়া চামুচখনৰ তপতোৱা মূৰটোৰ ওচৰৰ অংশটোও তপত হৈ পৰে।

এই বর্ণনাটোৰ পুনৰাবৃত্তি ঘটে। অণুবোৰে ওচৰৰ বেছি আন্দোলিত অণুৰ পৰা গতি শক্তি পায়। অণুবোৰে নিজৰ ঠাইতে থাকি অতিৰিক্ত শক্তি ওচৰৰ অণুক প্ৰদান কৰে। চামুচখনৰ নতুন নতুন অংশ তপত হয়। তাপ শক্তি বিয়পি পৰে। অণুবোৰে নিজৰ ঠাইতে থাকি তাপ শক্তি প্ৰবাহিত কৰা পদ্ধতিটোৰ নাম হ’ল পৰিবহন। অৰ্থাৎ চামুচ এখনৰ এটা মূব তপতালে অলপ পাছতে আনটো মূৰ তপত হয় পদাৰ্থৰ পৰিবহন সঞ্চালন মাধ্যমেৰে।

প্রশ্ন ১৮ l জুলীয়া পদাৰ্থত তাপ প্রবাহিত হোৱাৰ পদ্ধতিটো ব্যাখ্যা কৰাঁ। 

উত্তৰঃ জুলীয়া পদাৰ্থৰ মাজেৰে পৰিচালন পদ্ধতিৰে তাপ প্রবাহিত হয়। তাপ পালে জুলীয়া পদার্থ থকা পাত্ৰটোৰ তলিত লাগি থকা স্তৰটোৱে প্ৰথমে তাপ শক্তি পায়। স্তৰটোৰ অণুবোৰৰ গতি শক্তি বাঢ়ে। আন্তঃআণৱিক ব্যৱধান বাঢ়ে। তাৰ ফলত স্তৰটোৰ আয়তন সামান্য বাঢ়ে। আনহাতে স্তৰটোৰ ভৰ একে থাকে। ভৰ একে থাকি আয়তন বাঢ়ে। সেইবাবে ঘনত্ব কমে, তপত স্তৰটো পাতল হয়। পাতল তৰপটো ওপৰলৈ উঠে। মাজভাগত বেছি তাপ লাগে বাবে মাজ অংশ বেছি পাতল হৈ ওপৰলৈ উঠে।

তলৰ জুলীয়া পদাৰ্থ ওপৰলৈ উঠি ঠাই খালি কৰে। কাষৰ ঠাণ্ডা জুলীয়া

পদার্থই সেই ঠাই পূৰায়। এনেদৰে সোঁত এটা বৈ থাকে। অর্থাৎ সোঁতটো বৈ থাকি গোটেইখিনি পদার্থ তপত কৰি তোলে। জুলীয়া পদাৰ্থৰ মাজেদি তাপ যোৱাৰ প্ৰক্ৰিয়াক পৰিচলন বোলা হয়।

প্রশ্ন ১৯ l বিকিৰণ পদ্ধতিটো ব্যাখ্যা কৰাঁ।

উত্তৰঃ তাপৰ উৎসবোৰৰ পৰা তাপশক্তি প্রবাহিত হয়। উৎসৰ চাৰিওফালে পদার্থ নাথাকিলেও তাপ প্রবাহিত হ’ব পাৰে। সূর্য আমাৰ পৰা বহু দূৰৈত অৱস্থিত। সূৰ্য আৰু পৃথিৱীৰ মাজত অধিকাংশ দূৰত্ব খালি। তথাপি সূৰ্যৰ তাপ পৃথিৱীয়ে পায়। কোনো পদার্থ নথকা অৱস্থাটোক শূন্যস্থান বা ভেকুৱাম বোলা হয় l

শূন্য স্থানৰ মাজেদি তাপ প্রবাহিত হোৱা পদ্ধতিটোক বিকিৰণ পদ্ধতি বোলা হয়।

বায়ুহীন কোঠাতো বালব জ্বলালে বালব্‌টোৰ পৰা তাপ আৰু পোহৰ চাৰিওফালে বিয়পিব। জুইৰ পৰা বিকির্ণ পদ্ধতিৰে অহা তাপ আমি অনুভৱ কৰোঁ। প্রাপ্ত তাপৰ পৰিমাণ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে। উৎসৰ পৰা দূৰত্ব বাঢ়িলে তাপৰ পৰিমাণ কম হয়।

প্রশ্ন ২০ l পৰীক্ষাৰ সহায়ত দেখুওৱা যে ক’লা ৰঙে আন ৰঙতকৈ তাপ বেছি ভালদৰে শোষণ কৰে আৰু এৰি দিয়ে।

উত্তৰঃ দুটা একেধৰণৰ বাটি লৈ এটাৰ বাহিৰৰ তলিখনত ক’লা ৰঙ দিয়া হয়। বাটি দুটাত সম পৰিমাণৰ পানী লৈ একে ধৰণৰ মমৰ সহায়ত তপতোৱা হয়। বাটি দুটাত দুটা থার্মমিটাৰ থোৱা হয়। দুয়োটা বাটিৰ পানীৰ উষ্ণতা বাঢ়িব । অলপ সময়ৰ ভিতৰত থামমিটাৰে এটা কথা স্পষ্টভাৱে জানিবলৈ দিয়ে যে ক’লা তলিৰ বাটটোৱে বেছি। তাপ শোষণ কৰে। ক’লা তলিব বাটিটোৰ পানীৰ উষ্ণতা সোনকালে বাঢ়ে। ক’লা ৰঙে তাপ বেছি শোষণ কৰে।

এতিয়া আন দুটা বাঢ়িলে তাৰ এটাত ক’লা ৰঙৰ প্ৰলেপ দিয়া হয়। কিছু পানী তপতাই একে পৰিমাণৰ গৰম পানী দুয়োটা বাটিতে বাকি দিয়া হয়। উষ্ণতা জুখিলে দেখা যায় যে ক’লা প্রলেপ দিয়া বাটিত থকা পানীখিনিৰ উষ্ণতা কম হয়। অৰ্থাৎ ক’লা ৰঙে আন ৰঙতকৈ তাপ বেছি ভালদৰে শোষণ কৰে আৰু এৰি দিয়ে।

প্রশ্ন ২১ l শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ ।

(ক) গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ যোৱা এটা পদাৰ্থ হ’ল।

1. বৰফ।   

2. আইছক্রিম।    

3. নেপথেলিন। 

4. ৰবৰ।

উত্তৰঃ 3. নেপথেলিন।

(খ) পানীত নিমখ মিহলি হৈ থাকিলে পানীৰ হিমাংক

1. 0° ছেল. তকৈ বেছি।      

2. 0° ছেল. তকৈ কম।

3. 0° ছেল। 

4. কেতিয়াবা 0° ছেল আৰু কেতিয়াবা 0° ছেলতকৈ কম হ’ব পাৰে।

উত্তৰঃ 2. 0° ছেল.তলৈ কম।

(গ) 1 লিটাৰ পানীক উষ্ণতা 2° ছেল- বৃদ্ধি কৰিবলৈ 

1. 100 কেল’ৰি।       

2. 200 কেল’ৰি।

3. 1000 কেল’ৰি।     

4. 2000 কেল’ৰি তাপৰ প্ৰয়োজন।

উত্তৰঃ 2. 2000 ক্লে’ৰি।

(ঘ) কোন বিধৰ বাষ্পীভৱনৰ হাৰ আটাইতকৈ কম?

1. পানী।    

2. কেৰাচিন।    

3. পাৰা।     

4. মিঠাতেল।

উত্তৰঃ 3. পাৰা।

(ঙ) কোনটো বাক্য অশুদ্ধ?

1. জুলীয়া পদাৰ্থৰ প্ৰসাৰণ পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে।

2. দৈর্ঘ্য প্ৰসাৰণ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে ।

3. তাপশক্তিয়ে অণুৰ বান্ধোন দুৰ্বল কৰে।

4. উষ্ণতাই পদাৰ্থৰ প্ৰসাৰণ ঘটায়।

উত্তৰঃ 1. জুলীয়া পদাৰ্থৰ প্ৰসাৰণ পদাৰ্থৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে।

(চ) কোনটোৰ উষ্ণতা আটাইতকৈ কম?

1. ৰুধ l   

2. পৃথিবী l      

3. মঙ্গল l     

4. প্লুট’ l

উত্তৰঃ 4. প্লুট’ l

প্রশ্ন ২২ l শুদ্ধ/অশুদ্ধ নির্ণয় কৰা।

(ক) এবিধ শক্তিক আন এবিধ শক্তিলৈ নিব পাৰি। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ শুদ্ধ।

(খ) গতি শক্তি এবিধ যান্ত্রিক শক্তি। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ শুদ্ধ।

(গ) উষ্ণতাই তাপৰ মাত্ৰা প্ৰকাশ নকৰে। শুদ্ধ / অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

(ঘ) কোনো পদার্থই গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা পাব নোৱাৰে। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

(ঙ) অশুদ্ধি থাকিলেও গণনাংক সলনি নহয়। শুদ্ধ/অশুদ্ধ

উত্তৰঃ অশুদ্ধ।

(চ) লোৰ আপেক্ষিক তাপ তামতকৈ বেছি। শুদ্ধ/অশুদ্ধ

উত্তৰঃ শুদ্ধ।

(ছ) প্লেট এখনত পানী লৈ ফুঁৱাই থাকিলেও বাষ্পীভৱনৰ হাৰ একে থাকিব। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

(জ) পাত্ৰটোৰ গোটেইখিনি জুলীয়া পদাৰ্থৰ পৰা বাষ্পীভবন একে সময়তে হয়। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

(ঝ) তাপ পালে জুলীয়া আৰু গেছীয় পদাৰ্থ পাতল হয়। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ শুদ্ধ।

(ঞ) বগা ৰঙে তাপ শোষণ নকৰে। শুদ্ধ/অশুদ্ধ।

উত্তৰঃ অশুদ্ধ।

প্রশ্ন ২৩ l ব্যাখ্যা কৰাঁ।

(ক) ৰ’দত মেলি দিয়া তিতা কাপোৰ এখন বতাহ বলি থাকিলে সোনকালে কিয় শুকায়?

উত্তৰঃ ৰ’দৰ উত্তাপত কাপোৰত থকা পানীৰ বাষ্পীভৱন হয় আৰু এই বাষ্পবোৰ কিছুসময়ৰ বাবে কাপোৰখনৰ চাৰিওফালে জমা হয়। বতাহ বলাৰ ফলত বাষ্পখিনি দূৰলৈ আঁতৰি যায় আৰু ফলত বাষ্পীভৱনৰ হাৰ অধিক হয়। সেইবাবে ৰ’দত মেলি দিয়া তিতা কাপোৰ এখন বতাহ বলি থাকিলে সোনকালে শুকায়। 

(খ) কাহীত গৰম ভাত সোনকালে ঠাণ্ডা হ’বলৈ মেলি দিয়া হয় কিয়?

উত্তৰঃ গৰম ভাত মেলি দিয়াৰ ফলত পৃষ্ঠৰ কালি বেছি হয়। মুকলি পৃষ্ঠৰ কালি বেছি হ’লে বাষ্পীভবন বেছি হয়। ফলত গৰম বাষ্পখিনি সোনকালে নাইকীয়া হয়। যিহেতু ভাঙৰ তৰপটো পাতল হৈ পৰে সেয়ে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হয় আৰু ভাতখিনি সোনকালে ঠাণ্ডা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top