Arpana Konwar Biography | অৰ্পণা কোঁৱৰৰ জীৱনী

অৰ্পণা কোঁৱৰ (Arpana Konwar) হৈছে অসমৰ এগৰাকী প্রখ্যাত সাহিত্যিক, ভাষাতত্ত্ববিদ তথা উচ্চশিক্ষা ক্ষেত্রত এক বিশিষ্ট নাম। তেখেত অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। সাহিত্য আৰু ভাষা গৱেষণাৰ জগতত তেখেতৰ নাম আদৰণীয়। বৰ্তমান তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ “সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন”ৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যৰত আছে। লগতে তেখেত সেই বিশ্ববিদ্যালয়ৰ Faculty of Humanities and Law বিভাগৰ ডীন হিচাপেও দায়িত্ব পালন কৰি আছে।

Arpana Konwar Biography | অৰ্পণা কোঁৱৰৰ জীৱনী
Join Telegram channel

নাম: অৰ্পণা কোঁৱৰ  (Arpana Konwar) 

জন্ম: ১২ তাৰিখ, ১৯৫৮

জন্মস্থান: কোঁৱৰপুৰ, শিৱসাগৰ, অসম

ভাষা: অসমীয়া

ৰাষ্ট্ৰীয়তা: ভাৰতীয়

নাগৰিকত্ব: ভাৰতীয়

বিশেষতা: ভাষা আৰু ভাষাবিজ্ঞান

উল্লেখযোগ্য পদ: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ডীন

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

অৰ্পণা কোঁৱৰৰ জন্ম আৰু শিক্ষা | Birth and Education of Arpana Konwar

অৰ্পণা কোঁৱৰ ১৯৫৮ চনৰ ১২ তাৰিখে অসমৰ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ নামৰ গাঁওখনত জন্ম গ্ৰহণ কৰে। তেখেতৰ পিতৃৰ নাম ভোলানাথ কোঁৱৰ আৰু মাতৃ গুণলতা কোঁৱৰ। তেখেত অসমীয়া ভাষাত ডক্টৰেট ডিগ্ৰী লাভ কৰে। অধ্যয়নকালৰ পৰাই তেখেত ভাষা আৰু সাহিত্যৰ প্ৰতি গভীৰ অনুৰাগৰ পোষক আছিল।

অৰ্পণা কোঁৱৰৰ বৃত্তিগত জীৱন | Arpana Konwar’s professional life

তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন গৱেষণা, পাঠ্যক্ৰম, আৰু সাহিত্যিক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। ভাষা বিজ্ঞান, অসমীয়া ভাষাৰ শব্দতত্ত্ব, ব্যাকৰণ, আঞ্চলিক ভাষা ইত্যাদি বিষয়ত তেখেতৰ অধ্যয়ন বিশেষভাবে সমাদৃত। তেখেতে অসমীয়া ভাষাৰ লগতে ইংৰাজী ভাষাতো বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে। 

অৰ্পণা কোঁৱৰে শিক্ষা আৰু অধ্যাপনৰ ক্ষেত্ৰত এক দীঘলীয়া, গৌৰৱময় আৰু অনুপ্ৰেৰক জীৱন-যাত্ৰা অতিক্ৰম কৰিছে। ১৯৮২ চনত তেওঁ নগাঁৱৰ কামৰূপ কলেজত অধ্যাপক ৰূপে নিজৰ চাকৰি জীৱনৰ শুভাৰম্ভ কৰে। এই পদত নৱেম্বৰ মাহলৈকে কাৰ্যন্বিত থাকি, পিছত তেওঁ শিৱসাগৰৰ আমগুৰি কলেজত অধ্যাপক হিচাপে ১৯৮২ৰ পৰা ১৯৮৮ চনলৈকে কাৰ্যভাৰ বহন কৰে।

তেওঁৰ অধ্যাপন যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত, ১৯৮৮ চনত শিৱসাগৰ কলেজত অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে আৰু ১৯৯৩ চনলৈকে সেই পদত কাৰ্যৰত থাকে। তাৰপিছত, ১৯৯৩ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৯৫ চনলৈকে এই পদত থাকে।

১৯৯৫ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰিডাৰ পদত উন্নীত হয় আৰু ২০০৫ চনলৈকে সেই দায়িত্ব পালন কৰে। তাৰোপৰি, তেওঁ ২০০৩ৰ পৰা ২০০৬ আৰু পুনৰ ২০১১ৰ পৰা ২০১৪ চনলৈকে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে নেতৃত্ব দিয়ে।

শিক্ষা ক্ষেত্ৰত তেওঁৰ অবদান ইয়াতেই শেষ নহয়। ২০১৯ চনৰপৰা তেওঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অধ্যাপক হিচাপে কৰ্মৰত আছে। লগতে, ২০২০ চনৰপৰা তেওঁ Humanities & Law অনুষদৰ ‘ডীন’ হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে।

অৰ্পণা কোঁৱৰাৰ এই শিক্ষামূলক আৰু প্ৰশাসনিক দায়িত্বপূৰ্ণ যাত্ৰা অসমীয়া শিক্ষাজগতলৈ এক মূল্যবান দান হিচাপে বিবেচিত।

সাহিত্যিক আৰু গৱেষণামূলক অৱদান

অৰ্পণা কোঁৱৰে অসমীয়া ভাষাৰ আধুনিকতা, শব্দ গঠন, আঞ্চলিকতা, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাৰ ওপৰত একাধিক গৱেষণামূলক গ্ৰন্থ প্ৰকাশ কৰিছে। তেখেতে লিখা গ্ৰন্থসমূহ বিদ্যার্থী, গৱেষক, তথা শিক্ষক-অধ্যাপকসকলৰ বাবে এক মূল্যবান সম্পদ ৰূপে বিবেচিত। ভাষা বৈচিত্র্যৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আৰু বিশ্লেষণ সমৃদ্ধ গ্ৰন্থসমূহে অসমীয়া ভাষা অধ্যয়নত এক নতুন দিশ প্ৰদান কৰিছে।

অৰ্পণা কোঁৱৰ (Arpana Konwar) ৰ সাহিত্যৰাজি 

 অৰ্পণা কোঁৱৰে অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়াইছে। তলত তেখেতৰ ভাষা বিষয়ক কিছুমান গুৰুত্বপূর্ণ গ্ৰন্থৰ নাম উল্লেখ কৰা হ’ল—

  • ভাষা সাহিত্য অধ্যয়ন – বনলতা, ১৯৯৫
  • ভাষা সাহিত্য বিবিধ-চিন্তা – বনলতা, ১৯৯৫
  • ভাষা বিজ্ঞান উপক্ৰমণিকা – বনলতা, ২০০২
  • ভাষা বিজ্ঞান পাৰিভাষিক কোষ – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ, ২০০৮
  • প্ৰাচীন অসমীয়া গদ্যশৈলী – বনলতা, ২০০৪
  • অসমীয়া গদ্য চয়নিকা – ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ, ২০০৫
  • আধুনিক অসমীয়া গদ্যশৈলী – বনলতা, ২০১৬
  • অসমীয়া ভাষা-চিন্তন – বনলতা, ২০১৬
  • অসমীয়া ভাষাৰ বিশ্লেষণাত্মক অধ্যয়ন – বনলতা, ২০১৯
  • ভাষা বিজ্ঞান আৰু ধ্বনিবিজ্ঞান পাৰিভাষিক কোষ – বনলতা, ২০২১
  • অসমত ভাষাৰ অধ্যয়ন – অসম সাহিত্য সভা, ২০২১

এই গ্ৰন্থসমূহই অসমীয়া ভাষাত ভাষাবিজ্ঞান আৰু গদ্য শৈলীৰ অধ্যয়নত এক নতুন দিশ উন্মোচন কৰিছে।

অসমীয়া গ্ৰন্থ আৰু সম্পাদনা:

  • অভিধানতত্ত্ব, সম্পাদনা: ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ, ২০০৩
  • অভিধানতত্ত্ব, সম্পাদনা: অসম বুক ট্ৰাষ্ট, ২০১৯
  • নিৰ্বাচিত অসমীয়া গদ্য, সম্পাদনা: বনলতা, ২০১৯
  • ভূপেন হাজৰিকা, সম্পাদনা: সদৌ অসম ছাত্ৰ সন্থা, ২০১৯

ইংৰাজী ভাষাত প্ৰকাশিত গ্ৰন্থসমূহ:

  • Karbi: The People and the Language, সম্পাদনা: ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ, মাৰ্চ, ২০০৩
  • Journal of the Dept. of Assamese (সম্পাদক), ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ, এপ্ৰিল, ২০০৪
  • Vocabulary, Tangsa Work Book, অফটাছ প্ৰকাশন, ২০১৪
  • Multilingual Dictionary: Assamese-English-Boro-Missing, এবিলাক, গুৱাহাটী, ২০১৭
  • A Structural Analysis of the Tangsa Language, DVS, গুৱাহাটী, মাৰ্চ, ২০১৮
  • Linguistic Study of North-East Languages, ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ, ২০২০
  • Ethnic Languages and Literature of North-East: Problems and Prospects (সম্পাদক), ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমীয়া বিভাগ, ২০২০

Read also: Dr. Bhimkanta Baruah Biography | ড° ভীমকান্ত বৰুৱাৰ জীৱনী 

উপসংহাৰ | Conclusion

অৰ্পণা কোঁৱৰ এগৰাকী গৱেষক, শিক্ষক, ভাষাতত্ত্ববিদ, আৰু সাহিত্যিক হিচাপে অসমীয়া সমাজ আৰু শিক্ষা ক্ষেত্ৰত এক দীঘলীয়া আৰু গৌৰৱোজ্জ্বল অৱদান আগবঢ়াইছে। তেখেতে ভাষা আৰু সাহিত্যৰ গভীৰ অধ্যয়নৰে অসমীয়া ভাষাৰ আধুনিকীকৰণ, বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন পথ প্ৰদৰ্শন কৰিছে। অধ্যাপনা জীৱনৰ প্ৰাৰম্ভৰ পৰাই তেখেত শিক্ষাৰ মান উন্নয়ন, পাঠ্যপুথি গঠন আৰু গৱেষণাৰ জগতত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

তেখেতৰ দ্বাৰা লিখিত গ্ৰন্থ আৰু সম্পাদিত কিতাপসমূহ অসমীয়া ভাষা গৱেষণাৰ ক্ষেত্ৰত অমূল্য সম্পদ ৰূপে বিবেচিত। বিশেষকৈ ধ্বনিতত্ত্ব, শব্দতত্ত্ব, গদ্যশৈলী, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জাতিগত ভাষা অধ্যয়নত তেখেতৰ অবদান অশেষ। ইংৰাজী আৰু অসমীয়া ভাষাত লিখা বহুতো গ্ৰন্থই আন্তৰ্জাতিক ক্ষেত্ৰতো অসমীয়া ভাষাক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সহায়ক হৈছে। অৰ্পণা কোঁৱৰ অসমীয়া ভাষা, সাহিত্য আৰু শিক্ষাৰ জগতত এক প্ৰেৰণাদায়ক নাম।

FAQ

1.অৰ্পণা কোঁৱৰ কোন?

A: অৰ্পণা কোঁৱৰ এগৰাকী বিশিষ্ট অসমীয়া সাহিত্যিক, ভাষাতত্ত্ববিদ, আৰু উচ্চশিক্ষাৰ ক্ষেত্ৰত এক প্ৰভাৱশালী গৱেষক।

Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী 

2.অৰ্পণা কোঁৱৰ কেতিয়া আৰু ক’ত জন্ম গ্ৰহণ কৰে?
A: তেখেত ১৯৫৮ চনৰ ১২ তাৰিখে শিৱসাগৰৰ কোঁৱৰপুৰ গাঁওত জন্মগ্ৰহণ কৰে।

3.তেখেতৰ গৱেষণাৰ মূল ক্ষেত্ৰ কোনটো?

 A: অসমীয়া ভাষা, আঞ্চলিক ভাষা, শব্দতত্ত্ব, ব্যাকৰণ, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় ভাষাৰ  গঠনমূলক অধ্যয়ন।

4.অধ্যাপক হিচাপে তেওঁৰ কৰ্মজীৱন কেতিয়া আৰম্ভ হৈছিল?

A: ১৯৮২ চনত নগাঁৱৰ কামৰূপ কলেজত অধ্যাপক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ হৈছিল।

5. তেখেতে কোন বিষয়ত ডক্টৰেট লাভ কৰিছিল?
A: তেখেতে ডক্টৰেট ডিগ্ৰী অসমীয়া ভাষাত লাভ কৰিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top