লাচিত দিৱস – ছাত্ৰ-ছাত্ৰীৰ বাবে লাচিত দিৱসৰ ভাষণ

লাচিত দিৱস

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

নমস্কাৰ পোন প্ৰথমে আজিৰ সভাত উপস্থিত থকা অতিথিবৃন্দ সকল, শ্ৰদ্ধাৰ শিক্ষক বৃন্দ সকল, বন্ধু – বান্ধৱী সকল আৰু মোৰ মৰমৰ ভন্টি – ভাইটি সকল সকলোকে লাচিত দিৱসৰ হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি লাচিত দিৱসৰ শুভ ক্ষণত উদ্যম সাহসীকতাৰ অধিকাৰী বীৰ লাচিত বৰফুকনৰ শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ বিষয়ে দুশাৰী কবলৈ লৈছোঁ যদিহে কিবা ভুল – ত্ৰুটি হৈ তেন্তে ক্ষমা কৰিব।

লাচিত দিৱস ৰ ভাষণ 

লাচিত বৰফুকনৰ চিৰযুগমীয় অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰতি বছৰে ২৪ নৱেম্বৰত “লাচিত দিৱস” উদযাপন কৰা হয়। লাচিত বৰফুকন হৈছে অসমীয়া জাতিৰ আৱেগ, স্বাভিমানৰ প্ৰতীক। অসমৰ ইতিহাসত সাহসী যোদ্ধা আৰু দেশপ্ৰেমিক বুলিলে সৰ্ব প্ৰথমে লাচিত বৰফুকন নাম মনলৈ আহে। লাচিত বৰফুকন হ’ল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাৰ সন্তান আৰু তেওঁৰ মাতৃৰ নাম হৈছে নাগেশ্বৰী। একেটা ৰাতিতে গড় বান্ধি নৰিয়া দেহাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকনে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে। তেওঁৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়।শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা, নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী আছিল লাচিত বৰফুকন।

ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয়ে ঘৰুৱা শিক্ষক নিয়োগ কৰি হিন্দু ধৰ্মনীতি, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ত শিক্ষা প্ৰদান কৰিছিল। আহোম ৰাজ্যৰ ৰাজনীতিত লাচিত বৰফুকনে প্ৰৱেশ কৰিছিল ৰাজমন্ত্ৰী ডাঙৰীয়াৰ “হাঁচতিধৰা তামুলী”ৰ পদত নিযুক্তি লাভ কৰি। চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসীকতা আৰু আত্মমর্যাদাবােধৰ প্রমাণ চাই মর্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত কৰে। সেনাপতিৰ দায়িত্ব গ্ৰহন কৰি লাচিত বৰফুকনে দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল।  লাচিত বৰফুকনে আহোমৰ প্ৰধান সেনেপতি হৈ ১৬৭১ চনত সংঘটিত হোৱা শৰাই ঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰি নীজৰ বীৰত্ব প্ৰদৰ্শন কৰে। লাচিত বৰফুকনৰ নেতৃত্বত হোৱা এই শৰাইঘাট যুদ্ধ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা।

বুদ্ধিমত্তা, সাহস পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্ম দিনটো ২৪ নৱেম্বৰত প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে। শৰাইঘাট যুদ্ধৰ কিছুদিনৰ পিছতেই তেওঁৰ জ্বৰৰ প্ৰকোপত ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লয়। বীৰজনক যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয়। দেশ মাতৃৰ প্ৰতি থকা স্বদেশ প্ৰেমে তেওঁৰ নাম ইতিহাসত সোণালী আখৰেৰে জিলিকাই ৰাখিব আৰু প্ৰতিজন অসমীয়া প্ৰানত জীয়াই ৰাখিব। 

Read also: লাচিত বৰফুকন ৰচনা | Lachit Borphukan Essay in Assamese

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top