Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া

Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া Question Answer can be of great value to excel in the examination.

Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া

Join Telegram channel

Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া Notes cover all the exercise questions in UGC Syllabus. Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২৫। শিক্ষণৰ মৌলিক বা মুখ্য নীতিসমূহ কি কি? (What are the basic and main principles of teaching?)

উত্তৰঃ শিক্ষণৰ মৌলিক বা মুখ্য নীতিসমূহ হ’ল:- 

(ক) প্ৰস্তুতিৰ নীতি (Principle of Readiness): থৰ্ণডাইকৰ মতে, শিক্ষণ কাৰ্য্য সম্ভৱ হৈ উঠে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগৰ ফলত। এই প্ৰতিক্ৰিয়াৰ বাবে ছাত্ৰ – ছাত্ৰীসকলৰ দৈহিক তথা মানসিক প্ৰস্তুতিৰ প্ৰয়োজন। প্ৰস্তুতিৰ অবিহনে শিক্ষণত সন্তুষ্টি নাথাকে। যিকোনো কাৰ্য্য কৰোতে প্ৰথমতে মানসিক আৰু শাৰীৰিকভাৱে প্ৰস্তুত হ’লেহে তাত সফলতা অৰ্জন কৰিব পাৰি।

উদাহৰণস্বৰূপে শ্ৰেণীকক্ষত শিক্ষাদান কৰোতে শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ – ছাত্ৰীৰ মনোদৈহিক প্ৰস্তুতিৰ ক্ষেত্ৰত বিশেষ চকু দিয়া উচিত। প্ৰস্তুতি নোহোৱালৈকে ফলপ্ৰসূ শিক্ষাদান সম্ভৱ নহয়।

(খ) অনুশীলনৰ নীতি (Principle of Exercise): থৰ্ণডাইকৰ মতে, অনুশীলনৰ জৰিয়তে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ সফল কৰি তুলিব পাৰি। পুনৰাবৃত্তি বা অনুশীলনৰ অভাৱে উদ্দীপক প্ৰতিক্ৰিয়াৰ সংযোগ দুৰ্বল কৰি পেলায়। নেওতা মুখস্থ কৰা, যানবাহন চলোৱা, সোঁতোৰা আদি কাৰ্য্য অনুশীলনৰ জৰিয়তে নিপুনতা বাঢ়ে। অভ্যাস বা অনুশীলন অবিহনে নিপুণতা লাভ কৰিব নোৱাৰি।

(গ) ফলাফলৰ নীতি (Principle of Effect): থৰ্ণডাইকৰ ফলাফলৰ নীতি মতে, ব্যক্তিয়ে তেওঁৰ কামৰ ফলৰ ওপৰত নিৰ্ভৰ কৰিহে শিক্ষা লাভ কৰিব বিচাৰে। ব্যক্তিয়ে কৰা কিছুমান কামৰ বাবে মনত আনন্দ আৰু কিছুমান কামৰ বাবে মনত কষ্ট বা বেদনা পায়। যিবিলাক কাম কৰি মনতে আনন্দ লাভ কৰে তেনেবিলাক কাম পুনৰ কৰিব বিচাৰে আৰু যি কমে কষ্ট বা বেদনা দিয়ে তেনে কাম দুনাই কৰিবলৈ মন নকৰে।

২৬। শিক্ষণৰ গৌণ নীতিসমূহ উল্লেখ কৰা। (What are the secondary principles of teaching?)

উত্তৰঃ শিক্ষণৰ গৌণ নীতিসমূহ হ’ল:- 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) মনোভাৱৰ নীতি ( Law of Attitude): শিক্ষণ কাৰ্য্যৰ সফলতা নিৰ্ভৰ কৰে শিক্ষণীয় বিষয়বস্তুৰ প্ৰতি ছাত্ৰ – ছাত্ৰীসকলৰ মনোভাৱৰ ওপৰত। গতিকে শিক্ষকে ছাত্ৰ – ছাত্ৰীসকলৰ মনত এক ইতিবাচক মনোভাৱ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে।

(খ) আংশিক কাৰ্য্যৰ নীতি (Law of Partial Activity): বিভিন্ন দিশত বা বিভিন্ন বিষয়বস্তুৰ ক্ষেত্ৰত অৰ্জন কৰা আংশিক সফলতাই নতুন শিক্ষা লাভ কৰিবৰ বাবে ছাত্ৰ – ছাত্ৰীক অনুপ্ৰেৰণা যোগায়। 

(গ) একাধিক প্ৰতিক্ৰিয়াৰ নীতি ( Law of Multiple Response): বিভিন্ন সময়ত যেতিয়া ছাত্ৰ – ছাত্ৰীয়ে বিভিন্ন প্ৰতিক্ৰিয়াৰ কোনটো সমস্যা সমাধানৰ বাবে উপযুক্ত হ’ব সেয়া স্থিৰ কৰিৱ নোৱাৰে। ফলত সহজাত বা আৰ্জিত সকলোবোৰ প্ৰতিক্ৰিয়া প্ৰয়োগ কৰি উঠি আটাইতকৈ উপযুক্ত প্ৰতিক্ৰিয়াটো বাচি উলিয়াবলৈ সক্ষম হয়।

(ঘ) সাদৃশ্যৰ নীতি (Law of Analogy): শিক্ষাগ্ৰহণ সহজসাধ্য হৈ উঠে যেতিয়া উক্ত বিষয়বস্তুৰ লগত পূৰ্বতে আয়ত্ব কৰা বিষয়ৰ সাদৃশ্য থাকে।

(ঙ) অনুষংগমূলক সঞ্চাৰণ‌ নীতি (Law of Associative Shifting ): থৰ্ণডাইকৰ মতে, শিক্ষণীয় বিষয় এটাৰ লগত আনটোৰ ওচৰ সম্পৰ্ক থাকিলে শিক্ষণ কাৰ্য্য সহজে সম্পাদন হয়। পূৰ্বতে আহৰণ কৰা বিষয়বোৰৰ লগত থকা বিষয়ৰ জ্ঞান আহৰণ সহজে কৰিব পৰা যায়। শিক্ষকে শিক্ষাদানৰ বেলিকা এনে সাদৃশ্যাত্মক উপাদানবোৰ চিনাক্ত কৰি শিক্ষা প্ৰদান কৰিলে ছাত্ৰ – ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব।

২৭। শিক্ষাদানৰ সাধাৰণ বিধিসমূহ বা সূত্ৰসমূহ বহলাই আলোচনা কৰা। (Discuss in detail the general rules or formulas of teaching.)

উত্তৰঃ শিক্ষাদানৰ সাধাৰণ বিধিসমূহ হ’ল:- 

(ক) জ্ঞাতৰ পৰা অজ্ঞাতলৈ অগ্ৰসৰ হোৱা ( Proceed from Known to Unknown): শিক্ষাদান কাৰ্য্য সফল কৰি তুলিবৰ বাবে শিক্ষাদানৰ বেলিকা বিষয়বস্তু উপস্থাপন কৰোতে প্ৰথমতে জনাৰ পৰা নজনালৈ আগবাঢ়িব লাগে। শিক্ষাৰ্থীসকলক তেওঁলোকৰ পূৰ্বজ্ঞানৰ ওপৰত ভিত্তি কৰি শিক্ষাদান কাৰ্য্য সম্পাদন কৰিলে শিক্ষাদান সহজ আৰু ফলপ্ৰসূ হ’ব।

(খ) সৰলৰ পৰা জটিললৈ অগ্ৰসৰ হোৱা (Proceed from Simple to Complex): পাঠ্যক্ৰমৰ বিষয়বস্তু ছাত্ৰ – ছাত্ৰীৰ আগত সৰলৰ পৰা জটিললৈ একাদিক্ৰমে উপস্থাপন কৰিব লাগে। এনেদৰে সৰলৰ পৰা জটিললৈ শিকাব গ’লে শিকাবলগীয়া বিষয়বস্তু সহজে বোধগম্য হয়। উদাহৰণস্বৰূপে বৰ্ধিত জনসংখ্যাৰ সমস্যাসমূহ ছাত্ৰ – ছাত্ৰীক শিকোৱাৰ আগতে ইয়াৰ লগত জড়িত বিভিন্ন উপাদানসমূহৰ বিষয়ে ছাত্ৰ – ছাত্ৰীক শিকাব লাগিব।

(গ) মূৰ্ত্তৰ পৰা বিমূৰ্তলৈ অগ্ৰসৰ হোৱা (Proceed from Concrete to Abstract): শিক্ষকে শিক্ষাদান কৰোতে প্ৰথমতে কোনো কথা বা বিষয়বস্তুৰ লগত সম্পৰ্ক থকা বিভিন্ন বস্তুবোৰ ছাত্ৰ – ছাত্ৰীসকলক পৰ্যবেক্ষণ কৰিবলৈ দিব লাগে। শিক্ষকে শিক্ষাদান কৰোতে  শিক্ষণীয় বিষয়বস্তু মূৰ্ত কৰি তুলিবৰ বাবে মডেল বা আৰ্হি উপস্থাপন কৰিব লাগিব। “মূৰ্তৰ পৰা বিমূৰ্তলৈ অগ্ৰসৰ হোৱা শিক্ষাদানৰ সূত্ৰৰ পোষকতা ইংৰাজ শিক্ষাবিদ হাবাৰ্ট স্পেনচাৰে (Herbert Spencer) কৰিছিল। তেওঁৰ মতে, শিক্ষাৰ্থীসকলে বস্তু সম্পৰ্কে মূৰ্ত জ্ঞান অৰ্জন কৰাৰ পাছত বস্তুটোৰ লগত জড়িত অমূৰ্ত বা বিমূৰ্ত ধাৰণা গঠন কৰিব পাৰিব।

(ঘ) বিশেষৰ পৰা সাধাৰণলৈ অগ্ৰসৰ হোৱা (Proceed from Specific to General): ছাত্ৰ – ছাত্ৰীসকলক শিক্ষাদান কৰোতে প্ৰথমতে বিশেষ কিছুমান উদাহৰণৰ পিছত সেই বিষয়ৰ সিদ্ধান্তত উপনীত হ’বলৈ শিকাব লাগে। শিক্ষাৰ্থীক কোনো বিষয়ৰ নীতি বা বিধিসমূহৰ বিষয়ে শিক্ষা দিয়াৰ পূৰ্বে প্ৰথমতে বিভিন্ন উদাহৰণ উপস্থাপন কৰিব লাগে তেনে কৰিলে শিক্ষাৰ্থীয়ে বিষয়বস্তু সহজে হৃদয়ঙ্গম কৰিব পাৰিব। 

(ঙ) বিশ্লেষণৰ পৰা সংশ্লেষণলৈ অগ্ৰসৰ হোৱা (Proceed from Analysis to Synthesis): যিকোনো বিষয় এটাৰ স্পষ্ট জ্ঞান প্ৰদান কৰিবলৈ প্ৰথমতে বিষয়টোৰ সূক্ষ্ম সূক্ষ্ম ভাগত ভগাই লৈ বিশ্লেষণ কৰিব লাগে। এনেদৰে সৰু সৰু অংশত ভাগ কৰি বিষয়টো বিশ্লেষণ কৰিলে ছাত্ৰ – ছাত্ৰীসকলৰ সহজে মনত ৰয়। উদাহৰণস্বৰূপে কোনো এটা বিষয়ৰ বিশ্লেষণ কৰিলে ছাত্ৰ – ছাত্ৰীসকলৰ সহজে মনত ৰয়। উদাহৰণস্বৰূপে কোনো এটা বিষয়ৰ বিষয়ে ভাগ ভাগ বিশ্লেষণ কৰি অৱশেষত সামগ্ৰীক দিশৰ ধাৰণা স্পষ্ট কৰি তুলিব পাৰি।

(চ) সমগ্ৰৰ পৰা আংশিকলৈ অগ্ৰসৰ হোৱা (Proceed from Whole to Part): সামগ্ৰীকতাবাদী বা গেষ্টাল্টবাদী মনোবিজ্ঞানীসকলৰ মতে, শিক্ষাদানৰ বেলিকা শিকণীয় বিষয়সমূহ খণ্ড খণ্ডকৈ উপস্থাপন নকৰি সমগ্ৰিকভাৱে উপস্থাপন কৰিলে অধিক স্পষ্ট হয়। এই নীতি বা বিধি অনুসৰি শিক্ষণীয় বিষয়বস্তু প্ৰথমতে সামগ্ৰীকভাৱে উপস্থাপন কৰি শেষত ইয়াৰ বিভিন্ন অংশ বিশেষৰ ব্যাখ্যা কৰিব লাগে। 

(ছ) প্ৰকৃতৰ পৰা প্ৰতিৰূপলৈ অগ্ৰসৰ হোৱা (Proceed from Actual to Representation): শিক্ষকে শ্ৰেণীকক্ষত কৰোতে প্ৰথমে প্ৰকৃত বস্তু উপস্থাপন কৰি শিকাবলৈ চেষ্টা কৰিব লাগে । ই শিশুক মূৰ্তভাৱে শিক্ষা আহৰণত সহায় কৰে। এনে প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ছাত্ৰ – ছাত্ৰীৰ মানসপটত দীৰ্ঘসময়ৰ কাৰণে সঞ্চিত হৈ থাকে। এনেদৰে প্ৰথমে প্ৰত্যক্ষ বস্তুৰ সহায়ত জ্ঞান দিয়াৰ পাছত প্ৰতিনিধিত্বমূলক বস্তু যেনে–মডেল, ছবি আদি ব্যৱহাৰ কৰি শিক্ষাৰ্থীক শিক্ষাদান কৰিব পাৰে।

(জ) মনস্তাত্বিকতাৰ পৰা যৌক্তিকতালৈ অগ্ৰসৰ হোৱা (Proceed from Psychological to Logical): শিক্ষকে শ্ৰেণীকক্ষত শিক্ষাদান কৰোতে পোনতে ছাত্ৰ – ছাত্ৰীসকলৰ বিষয়ে জানি লোৱা দৰকাৰ। ছাত্ৰ – ছাত্ৰীৰ বংশগতি, পৰিৱেশ, ব্যক্তিগত বৈষম্য, আগ্ৰহ, ৰুচি – অভিৰুচি আদিৰ বিষয়ে জানি লৈহে শিক্ষাদান আগুৱাই নিব লাগে। শিক্ষাৰ্থীসকলৰ মনস্তাত্বিক  দিশসমূহ জানি লোৱাৰ পাছত যুক্তিযুক্ততাৰে শিক্ষণীয় বিষয়ৰ জ্ঞান ছাত্ৰ – ছাত্ৰীক দিবলৈ যত্ন কৰিব লাগে। তেনেদৰে মনস্তাত্বিকতাৰ পৰা যৌক্তিকতালৈ আগুৱাই যোৱা শিক্ষাদানে ছাত্ৰ – ছাত্ৰীসকলৰ জ্ঞান আহৰণত সহজ হয় আৰু এনেদৰে আহৰণ কৰা জ্ঞান স্থায়ী হয়।

(ঝ) অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ অগ্ৰসৰ হোৱা (Proceed from Indefinite to Definite): শিক্ষাদানৰ আন এক গুৰুত্বপূৰ্ণ বিধি হ’ল শিক্ষাদান অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ অগ্ৰসৰ হোৱা। ছাত্ৰ – ছাত্ৰীসকলক তেওঁলোকৰ দখল নথকা বা বুজি নোপোৱা বিভিন্ন বিষয়সমূহ সহজ – সৰলভাৱে বিভিন্ন শিক্ষণীয় সঁজুলি ব্যৱহাৰ কৰি শিকাবলৈ যত্ন কৰিব লাগে। অন্যথাই ছাত্ৰ – ছাত্ৰীসকলে মুখস্থৰ সহায় ল’বলগীয়া হয়। শিক্ষকে এনেদৰে বিভিন্ন দৃশ্য শ্ৰাব্য সঁজুলি প্ৰদৰ্শনেৰে শিক্ষাদান অনিশ্চয়তাৰ পৰা নিশ্চয়তাৰ ফালে আগবঢ়াই নিব পাৰে।

(ঞ) সমীপৰ পৰা দূৰলৈ অগ্ৰসৰ হোৱা (Proceed from Near to Far): ছাত্ৰ – ছাত্ৰীসকলক শিক্ষাদানৰ বেলিকা শিক্ষকে কেতিয়াবা বিভিন্ন উদাহৰণ উপস্থাপন কৰিবলগীয়া হয়। শিক্ষণীয় বিষয়বস্তুসমূহৰ উপস্থাপন কৰোতে প্ৰথম অৱস্থাত শিশুৰ চৌপাশৰ চিনাকী বস্তুৰ উদাহৰণ দিবলৈ যত্ন কৰিব লাগে। ছাত্ৰ – ছাত্ৰীসকলৰ ওচৰত পৰিৱেশৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে বৃহৎ পৰিধিলৈ নিব লাগে।

২৮। শিক্ষাদান সম্পৰ্কত থকা বিভিন্ন স্তৰসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা। (Discuss in detail the different levels of teaching.) 

 উত্তৰঃ শিক্ষাদান সম্পৰ্কত থকা বিভিন্ন স্তৰসমূহ তলত বিতংকৈ বৰ্ণনা কৰা হ’ল:- 

(ক) পূৰ্ব – কাৰ্য্যকৰী স্তৰ (Pre – Active Stage): শিক্ষাদানৰ প্ৰথম স্তৰটোক পৰিকল্পনাৰ স্তৰ বুলি কোৱা হয়। শিক্ষকে শ্ৰেণীকক্ষত শিক্ষাদান কৰাৰ আগতে শ্ৰেণীকক্ষত  কৰিবলগীয়া সকলো কাম পৰিকল্পনা কৰিব লাগিব। শ্ৰেণীত ব্যৱহাৰ কৰিবলগীয়া সঁজুলি, শিক্ষাদান পদ্ধতি আদি আগতীয়াকৈ পৰিকল্পনা কৰা দৰকাৰ। একেটা শ্ৰেণীতে বিভিন্ন ধৰণৰ ছাত্ৰ – ছাত্ৰী থাকে গতিকে, ছাত্ৰ – ছাত্ৰীসকলৰ ব্যক্তিগত বৈষম্যৰ প্ৰতি ৰাখি শিক্ষা পৰিকল্পনা কৰিব লাগে।

পূৰ্ব – কাৰ্য্যকৰী স্তৰৰ কেইটামান গুৰুত্বপূৰ্ণ দিশসমূহ তলত চমুকৈ বৰ্ণনা কৰা হ’ল:- 

১। লক্ষ্য নিৰ্ধাৰণ (Determination of Aims): লক্ষ্য নিৰ্ধাৰণেই হ’ল পূৰ্ব – কাৰ্য্যকৰী স্তৰৰ মুখ্য কাৰ্য্য বা পদক্ষেপ। শিক্ষা হ’ল এক শৃংখলিত পৰিৱেশৰ মাজত কৰা এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়া, পূৰ্ব নিৰ্ধাৰিত লক্ষ্যৰ অবিহনে শিক্ষাৰ আচল তাৎপৰ্যৰ বিলুপ্ত সাধন হ’ব পাৰে। পূৰ্ব নিৰ্ধাৰিত লক্ষ্যই শিক্ষক আৰু ছাত্ৰ – ছাত্ৰী দুয়োকে নিজ নিজ কাৰ্য্য সম্পাদনৰ ক্ষেত্ৰত প্ৰেৰণা যোগায়। সেয়েহে পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে।

২। অধ্যয়নৰ বিষয়বস্তু স্থিৰকৰণ (Deciding the Subject Matter of Study): লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছত নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে অধ্যয়নত বিষয়বস্তু স্থিৰকৰণ কৰা উচিত। বিষয়বস্তু নিৰ্বাচন কৰোতে ছাত্ৰ – ছাত্ৰীসকলৰ আগ্ৰহ, ৰুচি, অভিৰুচি, সামৰ্থ সম্ভাৱনীয়তা আদিৰ ওপৰত গুৰুত্ব দিব লাগে। শিক্ষাৰ বাঞ্চিত লক্ষ্যত উপনীত হ’বলৈ দৈহিক, মানসিক, সামাজিক, আবেগিক, নৈতিক, আধ্যাত্মিক ইত্যাদি দিশৰ ওপৰত গুৰুত্ব দি অধ্যয়নৰ বাবে বিষয় নিৰ্বাচন কৰা উচিত।

৩। উপস্থাপনৰ বাবে বিষয়সূচী ক্ৰম অনুসৰি প্ৰস্তুত কৰা (Sequential Planning of the Contents for Presentation): বিষয়বস্তু নিৰ্ধাৰণ কৰাৰ পাছত সেইসমূহ সজাবৰ বাবে শিক্ষাদানৰ মূল সূত্ৰ বা বিধিসমূহ মানি চলিব লাগিব। বিষয়বস্তুৰ লগত সংগতি ৰাখি ক্ৰমে সহজৰ পৰা জটিললৈ, জনাৰ পৰা নজনলৈ, অষ্পষ্টতাৰ পৰা স্পষ্টলৈ অগ্ৰসৰ হ’ব লাগে। বিষয়বস্তু ছাত্ৰ – ছাত্ৰীসকলৰ বাবে যাতে মনোবিজ্ঞানসন্মত হয় তালৈ লক্ষ্য কৰা উচিত।

শিক্ষাদানৰ কৌশল সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ (Deciding the Use of Strategies of Teaching): সফল শিক্ষাদান বহু পৰিমাণে নিৰ্ভৰ কৰে ইয়াৰ কৌশলৰ ওপৰত। ছাত্ৰ – ছাত্ৰীসকলক শিক্ষাদানৰ ক্ষেত্ৰত শিক্ষাদান কৌশলে বহিঃশক্তি হিচাপে কাম কৰে। বিষয়বস্তুৰ লগত সংগতি ৰাখি উপযুক্ত কৌশল ব্যৱহাৰ কৰিলেহে ছাত্ৰ – ছাত্ৰীসকল অভিৰুচিত হয়। সেয়েহে, শিক্ষাদানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা বিভিন্ন কৌশলসমূহ পূৰ্বতে থিৰাং কৰি ল’ব লাগে।

৫। কৌশলসমূহৰ শ্ৰেণীবদ্ধ বিকাশ সাধন (Systematic Development or Distribution of Teaching Strategies): শিক্ষকজনৰ শ্ৰেণীকক্ষত শিক্ষণৰ কৌশলসমূহ উপযুক্তভাৱে প্ৰয়োগৰ জ্ঞান থকা উচিত। শিক্ষণৰ প্ৰাৰম্ভিক স্তৰত কোনটো কৌশল অৱলম্বন কৰিব, বিভিন্ন সঁজুলিসমূহ কোনটো সময়ত প্ৰদৰ্শন কৰিব বা কেনে ধৰণেৰে প্ৰশ্ন অৱতাৰণা কৰিব সেই সম্পৰ্কে শিক্ষকজনে প্ৰণালীবদ্ধভাৱে শ্ৰেণীকৰণ কৰিব লাগে। পাঠদানৰ কোনটো সময়ত ব্লেকবৰ্ড ব্যৱহাৰ কৰিব, এনেধৰণৰ প্ৰণালীদ্ধভাৱে শিক্ষাণৰ কৌশলসমূহৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষকসকলৰ যোগ্যতাৰো প্ৰকাশ পায়।

৬। শিক্ষাণৰ সহ – সম্বন্ধ স্থাপন (Adopting the Co – relative Method of Teaching): শিক্ষকে বিভিন্ন শিক্ষণীয় বিষয়সমূহৰ মাজত  সহসম্বন্ধ  স্থাপন কৰিবৰ বাবে পূৰ্বতেই পৰিকল্পনা কৰিব লাগে। শিক্ষণীয় বিষয়সমূহে বাস্তৱ জীৱনৰ ক্ষেত্ৰত কেনেদৰে সামঞ্জস্য ৰক্ষা কৰে সেইবোৰ বিষয়েও শিক্ষকে ছাত্ৰ – ছাত্ৰীক সহসম্বন্ধৰ জৰিয়তে দেখুৱাব লাগে।

মুঠতে শিক্ষাদানৰ প্ৰথম স্তৰ হ’ল প্ৰস্তুতিৰ স্তৰ আৰু ইয়েই শিক্ষাদান কাৰ্য্য আগুৱাই নিয়াত সহায় কৰে।

(খ) পাৰস্পৰিকতাৰ স্তৰ (Interactive Stage): শিক্ষাদানৰ পাৰস্পৰিকতাৰ স্তৰ হৈছে এক গুৰুত্বপূৰ্ণ স্তৰ। শিক্ষকে শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পৰা আৰম্ভ কৰি শ্ৰেণীকোঠাৰ পৰিৱেশ নিয়ন্ত্ৰণ, ছাত্ৰ – ছাত্ৰীৰ মনোযোগ আকৰ্ষণ, অভিৰোচনৰ সৃষ্টি কৰি সকলো দিশ ইয়াত নিহিত কৰিব লাগে। শ্ৰেণীকক্ষৰ সকলোবিলাক দিশ পৰ্যবেক্ষণ কৰি শ্ৰেণীকোঠা নিয়ন্ত্ৰণত ৰাখি শিক্ষকে শিক্ষাদান কাৰ্য্য আগবঢ়াই নিব লাগে।

পাৰস্পৰিকতাৰ  স্তৰৰ কেইটামান গুৰুত্বপূৰ্ণ দিশসমূহ তলত চমুকৈ বৰ্ণনা কৰা হ’ল:-

১। স্তৰটোত কৰিব লগা কাৰ্য্যসমূহ (Performance of Activities in the Phase): শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পিছত শিক্ষকজনে সামগ্ৰিকভাৱে শ্ৰেণীকোঠাৰ সামগ্ৰিক পৰিৱেশটো অধ্যয়ন কৰিব লাগে। শিক্ষকে শ্ৰেণীত প্ৰৱেশ কৰাৰ পিছত শ্ৰেণীটোৰ আকাৰ, ছাত্ৰ – ছাত্ৰীৰ সংখ্যা, মনোযোগী আৰু অমনোযোগী শিক্ষাৰ্থীৰ সংখ্যা আদি সম্পৰ্কে স্পষ্ট ধাৰণা কৰি ল’ব লাগে। কিয়নো শিক্ষাৰ্থসকলৰ মানসিকতাৰ ওপৰত শিক্ষকৰ দক্ষতা যথেষ্ট পৰিমাণে নিৰ্ভৰশীল।

২। মনোযোগ আকৰ্ষণ (Seizing up Attention): প্ৰথমতে শ্ৰেণীকোঠাৰ সামগ্ৰিক পৰিৱেশ আৰু ছাত্ৰ – ছাত্ৰীৰ সংখ্যা সম্পৰ্কে জ্ঞাত হোৱাৰ পাছত প্ৰণালীদ্ধভাৱে ছাত্ৰ – ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ ল’ব লাগে। ছাত্ৰ – ছাত্ৰীসকলৰ ব্যক্তিগত বৈষম্যৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকক অভিৰুচিত কৰিবলৈ চেষ্টা কৰিব লাগে। ছাত্ৰ – ছাত্ৰীসকলক শিক্ষাদান পূৰ্বে মনোযোগ আকৰ্ষণ কৰি শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তুলিব লাগিব।

৩। পূৰ্বজ্ঞানৰ পৰীক্ষা (Test the Previous Knowledge): শিক্ষাদান আৰম্ভ কৰাৰ আগতেই শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীসকলৰ পূৰ্বজ্ঞান সম্পৰ্কে বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰি বুজ ল’ব লাগে। নিৰ্দিষ্ট বিষয় সম্পৰ্কে ছাত্ৰ – ছাত্ৰীসকলৰ কিমানখিনি জ্ঞান আছে সেই সম্পৰ্কে শিক্ষকে জানি লৈ শিক্ষা প্ৰদানৰ দিশত আগবাঢ়িব লাগে। শিক্ষকজনে পাঠদানৰ পূৰ্বতে ছাত্ৰ – ছাত্ৰীসকলৰ পূৰ্বজ্ঞান সম্পৰ্কে জানি লৈ প্ৰদান কৰা শিক্ষা বেছি ফলপ্ৰসূ হ’ব।

৪। পাঠ্য উপাদান উপস্থাপন (Presentation of the Lesson Content): শিক্ষকসকলে পাঠ্য বিষয়সমূহ উপস্থাপন কৰোতে বিভিন্ন ধৰণৰ আৰু অশাব্দিক কৌশলসমূহ প্ৰয়োগ কৰি শিক্ষাদান কাৰ্য্য আগবঢ়াই নিব লাগে। শিক্ষকসকলে বিষয়বস্তুৰ বৰ্ণনা, ভাষাৰ প্ৰয়োগ ইত্যাদিৰ ক্ষেত্ৰত সৰ্তক হোৱা উচিত। ইয়াৰ উপৰিও শিক্ষকসকলে অশাব্দিক কৌশল যেনে– থিয় হোৱাৰ ভঙ্গীমা, শাৰীৰিক অংগী – ভংগী, ব্লেকবোৰ্ড প্ৰয়োগ, দৃশ্যশ্ৰাব্য সঁজুলিৰ ব্যৱহাৰ আৰু প্ৰণোদনৰ কৌশল আদি ব্যৱহাৰ কৰিব লাগিব। ছাত্ৰ – ছাত্ৰীসকলৰ ভাল আচৰণ দৃঢ় কৰিবৰ বাবে পুৰস্কাৰ আৰু বেয়া অভ্যাস বা আচৰণসমূহ আতৰাবৰ বাবে শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। এই শাস্তি অৱশ্যে মৌখিক বিধৰহে হোৱা উচিত।

(গ) শিক্ষণোত্তৰ স্তৰ (Post – Active Stage): শিক্ষাদানৰ অন্তিম স্তৰটোৱেই হৈছে শিক্ষণোত্তৰ স্তৰ শিক্ষণোত্তৰ স্তৰক মূল্যায়নৰ স্তৰ বুলিও কোৱা হয়। শিক্ষণীয় বিষয়বস্তুবোৰৰ ওপৰত এই স্তৰত শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সোধা হয়। ছাত্ৰ – ছাত্ৰীয়ে প্ৰদান কৰা প্ৰতিক্ৰিয়াৰ পৰা শিক্ষাদানৰ সফল বা বিফলতাৰ সম্পৰ্কে ধাৰণা কৰি ল’ব পাৰি। শিক্ষাৰ্থীসকলৰ আচৰণৰ বাঞ্ছিত পৰিৱৰ্তন ন’হলে এই স্তৰত শিক্ষকে শিক্ষাদানৰ পদ্ধতিও সংস্কাৰ কৰিব লাগে। 

শিক্ষাদানৰ এই স্তৰত মানিবলগা বিশেষ কাৰ্য্য বা দিশসমূহ হ’ল:- 

১। শিক্ষাদান প্ৰক্ৰিয়াৰ সহায়ত পৰিৱৰ্তন সাধিত হোৱা প্ৰকৃত দিশসমূহ পৰ্য্যালোচনা কৰিব (To Observe the Exact Dimensions of Changes Caused by Teaching): শিক্ষাদানৰ এই স্তৰত ছাত্ৰ – ছাত্ৰীসকলৰ প্ৰৱেশ আচৰণৰ কিমান পৰিমাণৰ পৰিৱৰ্তন সাধন হৈছে তাক মূল্যায়ন কৰা বস্তুনিষ্ঠ মুল্যায়নৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীসকলৰ আচৰণৰ বাঞ্ছিত পৰিৱৰ্তন সাধনত সহায়ক হয়। 

২। নিৰ্ভৰযোগ্য পৰীক্ষণ ব্যৱস্থা স্থিৰকৰণ (Determining Reliable Testing Device): এই স্তৰত শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীসকলৰ মূল্যায়নৰ বাবে এক নিৰ্ভৰযোগ্য অভীক্ষা প্ৰস্তুত কৰিব লাগে। অভীক্ষাসমূমৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীসকলৰ প্ৰৱেশ আচৰণৰ পৰিবৰ্তন সম্পৰ্কেও মূল্যায়ন কৰা হয় আৰু ইয়াৰ ফলাফলসমূহ লিপিবদ্ধ কৰা হয়।

৩। সংগৃহীত ফলাফলৰ ভিত্তিত শিক্ষাদানৰ কৌশলসমূহৰ সংশোধন আৰু উন্নতি সাধন (Modification and Development of the Teaching Strategy on the Basis of Gathered Result): শিক্ষাদানৰ এই স্তৰত শিক্ষকসকলে মূল্যায়নৰ আধাৰত তেওঁলোকৰ দুৰ্বলতা আৰু অকৃতকৰ্য্যতাৰ কাৰণসমূহ বিশ্লেষণ কৰিব লাগে। মূল্যায়নৰ ওপৰত ভিত্তি কৰি শিক্ষকে এই স্তৰত শিক্ষাদানৰ কৌশলৰ পৰিৱৰ্তন সাধন কৰি নতুন নতুন কৌশলৰ প্ৰয়োগ কৰিব।

২৯। শিক্ষাদানৰ কেইটামান স্বৈৰতান্ত্ৰিক কৌশল বিষয়ে উল্লেখ কৰা। (Discuss some of the authoritarian teaching strategies.)

উত্তৰঃ শিক্ষাদানৰ কেইটামান স্বৈৰতান্ত্ৰিক কৌশলসমূহ হ’ল:- 

(ক) বক্তৃতা প্ৰদান (Delivering Lecture): স্বৈৰতান্ত্ৰিক কৌশলৰ শিক্ষাদানত শিক্ষকে বক্তৃতা প্ৰদানৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীসকলক পাঠদান কৰায়। এনেধৰণৰ পদ্ধতিত শিক্ষকে মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু ছাত্ৰ – ছাত্ৰীসকলে নিষ্ক্ৰিয় ভূমিকা পালন কৰে।

(খ) প্ৰদৰ্শন (Demonstration): ইয়াত শিক্ষকজনে বিভিন্ন ধৰণৰ বস্তু প্ৰদৰ্শনেৰে শিক্ষাদান কাৰ্য্য সহজসাধ্য কৰি তোলাৰ চেষ্টা কৰে।

(গ) দৃশ্য – শ্ৰাব্য সঁজুলিৰ ব্যৱহাৰ (Use of Audio Visual Aids): জটিল বিষয় এটাও দৃশ্য – শ্ৰাব্য সঁজুলিৰ ব্যৱহাৰ কৰি শিক্ষকে শ্ৰেণীকোঠাত শিক্ষণীয় বিষয় মনোগ্ৰাহী কৰি তুলিব পাৰে।

(ঘ) টিউটৰিয়েল (Tutorial): গতানুগতিক দলীয় শিক্ষাদান ব্যৱস্থাত শিক্ষকে সকলো ছাত্ৰ – ছাত্ৰীৰে ব্যক্তিগত সমস্যাসমূহ সমাধান কৰিবলৈ সমৰ্থ নহয়। দলীয় শিক্ষাদান ব্যৱস্থাত সৃষ্টি হোৱা সমস্যাবিলাক সমাধানৰ অৰ্থে ছাত্ৰ – ছাত্ৰীসকলৰ ব্যক্তিগত সমস্যাসমূহ বুজি লৈ শিক্ষাদান কৰিবৰ বাবে ছাত্ৰ – ছাত্ৰীসকলক ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত ভাগ কৰা হয়। ইয়াত শিক্ষকে সৰু দলৰ সমস্যাসমূহ সমাধান টিউটৰিয়েলৰ জৰিয়তে কৰিব পাৰে।

৩০। স্বৈৰতন্ত্ৰমূলক শিক্ষাদান আচৰণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of Authoritative Teaching Behaviour.) 

উত্তৰঃ স্বৈৰতন্ত্ৰমূলক শিক্ষাদান আচৰণৰ বৈশিষ্ট্যসমূহ হ’ল:- 

(ক) এই পদ্ধতিত শিক্ষকে গোটেই শিক্ষণীয় পৰিৱেশ নিয়ন্ত্ৰণ কৰে।

(খ) শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰয়োজনীয়তাক এই পদ্ধতিত আওকাণ কৰা হয়।

(গ) এই পদ্ধতিত অনুশাসন অতি কঠোৰ প্ৰকৃতিৰ।

(ঘ) ইয়াত শিক্ষকে নিজ ৰুচিমতে শিক্ষাদান কৰে। 

(ঙ) ইয়াত শিক্ষকে নিৰ্দিষ্ট নিৰ্ধাৰিত সময়ৰ ভিতৰত পাঠদান কাৰ্য্য সমাপ্ত কৰে।

৩১। স্বৈৰতন্ত্ৰমূলক শিক্ষাদান আচৰণৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the Advantage of Authoritative Teaching Behaviour.) 

উত্তৰঃ স্বৈৰতন্ত্ৰমূলক শিক্ষাদান আচৰণৰ সুবিধাসমূহ তলত দিয়া হ’ল:- 

(ক) দলসমূহৰ সিদ্ধান্তসমূহ অতি কম সময়ৰ ভিতৰত সম্ভৱ হয়।

(খ) শিক্ষণীয় বিষয়বস্তুসমুহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সহায়ক হয়। 

(গ) অনুশাসন বৰ্ত্তাই ৰখাত সহায়ক হয়। 

(ঘ) এনেধৰণৰ শিক্ষণীয় আচৰণত ধাৰণা আৰু আগ্ৰহৰ মাজত ক্লেশ সৃষ্টি নহয়। 

(ঙ) এই শিক্ষাদানৰ জৰিয়তে দ্ৰুত সীদ্ধান্ত গ্ৰহণত সুবিধা হয়। 

(চ) এই পদ্ধতিৰ সহায়ত শিক্ষাৰ্থীক নিৰ্দেশনা প্ৰদান কৰাত সহায়ক হয়।

(ছ) শিক্ষাৰ্থীয়ে উচ্চ কৃতিত্বৰ বাবে প্ৰেৰণা লাভ কৰে। 

(জ) শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সৌহাদ্যপূৰ্ণ সম্পৰ্ক স্থাপন সহজ হৈ পৰে। 

(ঝ) এই পদ্ধতিৰ সহায়ত নিৰ্দিষ্ট সময়ৰ ভিতৰত বিষয়বস্তু সমাপ্ত কৰিবলগীয়া হয়। অৰ্থাৎ পূৰ্ব পৰিকল্পনাৰ সহায়ত নিৰ্দিষ্ট সময়ত অধিক বিষয় প্ৰণালীদ্ধভাৱে শিকাব পাৰি। 

৩২। স্বৈৰতন্ত্ৰমূলক শিক্ষাদান আচৰণৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the Disadvantages of Authoritative Teaching Behaviour.)

উত্তৰঃ স্বৈৰতন্ত্ৰমূলক শিক্ষাদান আচৰণৰ অসুবিধাসমূহ তলত দিয়া হ’ল:-

(ক) ই গণতান্ত্ৰিক চিন্তাধাৰাৰ বিপক্ষে থাকে।

(খ) স্বৈৰতান্ত্ৰিক কৌশল হৈছে চৰম আৰু ঋণাত্মক।

(গ) কম বুদ্ধিৰ ছাত্ৰ – ছাত্ৰীসকলৰ বাবে হানিকাৰক।

(ঘ) ই মনোবৈজ্ঞানিক নীতিৰ উপৰত প্ৰতিষ্ঠিত নহয়।

(ঙ) এই পদ্ধতি শিক্ষককেন্দ্ৰিক বাবে শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাক আওকাণ কৰা হয়। 

(চ) এই পদ্ধতিত অনুশাসন শিক্ষকে নিয়ন্ত্ৰণ কৰে। 

(ছ) এই পদ্ধতিত শিক্ষাৰ্থীক হাতে – কামে শিকোৱাৰ পৰিৱৰ্তে মূহস্থ বিদ্যাৰ ওপৰত গুৰুত্ব দিয়া হয়।

(ঝ) এই পদ্ধতি শৈক্ষিকভাৱে পিছপৰা ছাত্ৰ – ছাত্ৰীৰ বাবে অনুপযোগী।

৩৩। গণতান্ত্ৰিক কৌশলৰ শিক্ষাদানৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss in detail the teaching of democratic techniques.) 

উত্তৰঃ কেইটামান গণতান্ত্ৰিক কৌশলৰ শিক্ষাদান হ’ল:-

(ক) প্ৰকল্প পদ্ধতি (Project Method): কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যাপক উইলিয়াম কিলপেট্ৰিক প্ৰকল্প পদ্ধতিৰ আৱিষ্কাৰ কৰিছিল। এই পদ্ধতিত ছাত্ৰ – ছাত্ৰীসকলে সামাজিক সমস্যাসমূহ সমাধান কৰিবৰ বাবে বিভিন্ন প্ৰকল্পৰ ব্যৱহাৰ কৰে।

প্ৰকল্প পদ্ধতিৰ জৰিয়তে কাৰ্য্য সম্পাদন কৰোতে মানি চলিবলগীয়া নীতি – নিয়মসমূহ হ’ল:- 

১। পৰিস্থিতি প্ৰদান (Providing Situation): প্ৰকল্পৰ বাবে সমস্যা বাচনি কৰিবৰ বাবে শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীসকলক উপযুক্ত পৰিৱেশ বা পৰিস্থিতি প্ৰদান কৰিব লাগে।

২। উদ্দেশ্য প্ৰস্তুতকৰণ (Determining Objectives): এই স্তৰত ছাত্ৰ – ছাত্ৰী আৰু শিক্ষকে প্ৰকল্পটোৰ উদ্দেশ্য প্ৰস্তুত কৰি ল’ব লাগে।

৩। পৰিকল্পনা (Planning): প্ৰকল্পৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ইয়াৰ উপযুক্ত পৰিকল্পনাৰ ওপৰত। শিক্ষকে ছাত্ৰ – ছাত্ৰীসকলক প্ৰকল্প কৰি উলিয়াবৰ বাবে দলীয় বা ব্যক্তিগতভাৱে সম্পাদন কৰিবলৈ অনুপ্ৰেৰণা যোগাব লাগে।

৪। পৰিচালনা (Executing): প্ৰকল্পৰ এই স্তৰত ছাত্ৰ – ছাত্ৰীসকলে প্ৰকল্পৰ ক্ৰিয়াৰ সম্পাদন কৰিব লাগে। ইয়াত সকলো ছাত্ৰ – ছাত্ৰীয়ে নিজৰ নিজৰ ভুমিকা অনুযায়ী কাৰ্য্য সম্পাদন কৰে।

৫। বিচাৰকৰ (Judging): প্ৰকল্পৰ এই পৰ্যায়ত ছাত্ৰ – ছাত্ৰীসকলে কৰা কৰ্য্যাৱলীৰ মূল্যায়ন কৰা হয়।

৬। লিপিবদ্ধকৰণ (Recording): প্ৰকল্প এটি আৰম্ভ কৰাৰ পৰা শেষলৈকে সকলোবোৰ তথ্য লিপিবদ্ধ কৰাটো বাঞ্চনীয়।

৭। মূল্যায়ন (Evaluation): প্ৰকল্পৰ অন্তিমটো স্তৰত ছাত্ৰ – ছাত্ৰীয়ে সম্পাদন কৰা প্ৰকল্পটোৰ বিষয়ে মূল্যায়ন কৰা হয়।

(খ) হিউৰিষ্টিক পদ্ধতি (Heuristic Method): হিউৰিষ্টিক পদ্ধতি হ’ল শিক্ষাদানৰ এক জনপ্ৰিয় পদ্ধতি। হিউৰিষ্টিক পদ্ধতিৰ আৱিষ্কাৰ অধ্যাপক ‘আমষ্ট্ৰঙে’  (Prof Armstrong) কৰিছিল। ইংৰাজী ‘Heuristic’ শব্দটো গ্ৰীক ভাষাৰ ‘Heurisco’ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ’ল:- I find out অথাৎ মই বিচাৰি পাওঁ। এনে পদ্ধতি প্ৰথম অৱস্থাত বিজ্ঞানৰ বিষয়বস্তুসমূহ শিকাবৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই পদ্ধতি অনুসৰি ছাত্ৰ – ছাত্ৰীসকলে নিজা প্ৰচেষ্টাৰে শিক্ষণীয় বিষয়বস্তু বিচাৰি পাব বা নিজ প্ৰচেষ্টাৰে আৱিষ্কাৰ কৰিব। এনেধৰণৰ শিক্ষাদানৰ পদ্ধতিয়ে ছাত্ৰ – ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বিকাশ ঘটাই আৰু পৰীক্ষা – নিৰীক্ষাৰ জৰিয়তে জ্ঞানৰ সন্ধানত প্ৰতি ছাত্ৰ – ছাত্ৰীসকলক উৎসাহিত কৰে।

(গ) প্ৰশ্ন উত্তৰ কৌশল (Questioning – Answering Technique): বিখ্যাত দাৰ্শনিক চক্ৰেটিছে প্ৰশ্নোত্তৰ কৌশল হৈছে এক গুৰুত্বপূৰ্ণ কৌশল। শিক্ষাদানৰ বেলিকা ছাত্ৰ আৰু শিক্ষক উভয়েই প্ৰশ্নৰ অৱতাৰণা কৰে আৰু দুয়োজনেই উত্তৰ প্ৰদান কৰে, শিক্ষকে শিক্ষাদান কৰোতে ছাত্ৰ – ছাত্ৰীক কেনেধৰণৰ প্ৰশ্ন সুধিব লাগে সেই সম্পৰ্কে জনা প্ৰয়োজন। শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীসকলক সন্তোষজনকভাৱে উত্তৰ প্ৰদান কৰিব লাগে। শিক্ষকে ছাত্ৰ – ছাত্ৰীসকলক অধিক প্ৰশ্ন সুধিবলৈ উৎসাহিত কৰিব লাগে।

(ঘ) পুনৰ পৰীক্ষণ (Review): শিক্ষাদানৰ বিষয়বস্তুৰ জটিল দিশসমূহ পুনৰবাৰ পৰীক্ষা কৰাৰ সুবিধা শিক্ষাৰ গণতান্ত্ৰিক কৌশলে প্ৰদান কৰে। 

শিক্ষাদানৰ অন্তত বা প্ৰতিপুষ্টি বা পৰীক্ষণৰ পিছত ছাত্ৰ – ছাত্ৰীসকলৰ দুৰ্বল দিশসমূহৰ ওপৰত পুনৰ পৰীক্ষা কৰা হয়। সাধাৰণতে উচ্চ শিক্ষাৰ এনেধৰণৰ কৌশল অতি উপযোগী।

(ঙ) আলোচনা (Discussion): আলোচনা হ’ল ছাত্ৰ – ছাত্ৰী আৰু শিক্ষকসকলে কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কৰা বিশ্লেষণ। আলোচনাত অংশগ্ৰহণৰ আগতেই আলোচনাৰ বিষয়বস্তু সম্পৰ্কে শিক্ষক আৰু ছাত্ৰ – ছাত্ৰী উভয়েই কম – বেছি পৰিমাণে জ্ঞাত হোৱা দৰকাৰ। আলোচনা বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। যেনে:- 

১। আনুষ্ঠানিক আলোচনা (Formal Discussion)। 

২। অনানুষ্ঠানিক আলোচনা (Informal Discussion)। 

আলোচনাৰ বিভিন্ন স্তৰঃ আলোচনা কাৰ্য্য সমাপন কৰোতে তলত দিয়া স্তৰসমূহ অনুসৰণ কৰিবলগীয়া হয়-

১। আলোচনাৰ পৰিকল্পনা প্ৰস্তুত।

২। দলৰ সদস্যসকলৰ গণতান্ত্ৰিক অংশগ্ৰহণ নিশ্চিতকৰণ আৰু

৩। ফলাফলৰ মূল্যায়নকৰণ।

আলোচনাৰ সুবিধাবোৰ হ’ল (Merits of Discussion): 

১। আলোচনাৰ পদ্ধতিত সকলো ছাত্ৰ – ছাত্ৰীক সক্ৰিয় অংশগ্ৰহণৰ  সুবিধা প্ৰদান কৰা হয়।

২। ছাত্ৰ – ছাত্ৰীসকলৰ সংকোচ বা হীনমন্যতাৰ ভাব আঁতৰ কৰিব পাৰি। 

৩। দলীয় আৰু সহযোগিতামূলক কাৰ্য্যত উৎসাহিত কৰিব পাৰি।

আলোচনাৰ অসুবিধাবোৰ (Demerits of Discussion):

১। যথেষ্ট সময়ৰ প্ৰয়োজন হয়।

২। কেতিয়াবা কিছুসংখ্যক ছাত্ৰ – ছাত্ৰীয়ে সক্ৰিয় ভূমিকা নলয়।

(চ) ভূমিকা পালন (Role Playing): গণতান্ত্ৰিক শিক্ষাদান ব্যৱস্থাত ভূমিকা পালনৰ মাধ্যমেৰেও শিক্ষা প্ৰদান কৰা হয়। এনে ধৰণৰ প্ৰক্ৰিয়াত ছাত্ৰ – ছাত্ৰীসকলে দলবদ্ধভাৱে নাটকীয়ভাৱে সমস্যাসমূহ আলোচনা কৰি সমস্যা সমাধানৰ চেষ্টা কৰে। কেইজনমান নিৰ্বাচিত শিক্ষাৰ্থীসকলে ভূমিকাত নিজকে অৱতীৰ্ণ কৰি সমস্যা সমাধানৰ প্ৰয়াস কৰে।

(ছ) চেমিনাৰ (Seminar): ইয়াত ছাত্ৰ – ছাত্ৰীসকলে নিৰ্দিষ্ট বিষয়ৰ ওপৰত গৱেষণা পত্ৰ প্ৰস্তুত কৰি পত্ৰবোৰ এখন এখনকৈ পৰিৱেশন কৰিবলৈ কোৱা হয়। গৱেষণা পত্ৰৰ বিষয়বস্তুৰ ওপৰত আলোচনাৰ জৰিয়তে সিদ্ধান্তত উপনীত হোৱা যায়।

(জ) মস্তিষ্কত  ধুমুহাৰ সৃষ্টিকৰণ (Brainstorming): ই হৈছে এক দলগত শিক্ষণ পদ্ধতি। ছাত্ৰ – ছাত্ৰীসকলে মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ প্ৰদানত ইয়াত গুৰুত্ব প্ৰদান কৰা হয়। ছাত্ৰ – ছাত্ৰীৰ মনত উদয় হোৱা প্ৰশ্ন আৰু তাৰ উত্তৰ প্ৰদানৰ জৰিয়তে তেওঁলোকৰ মস্তিষ্কত এক ধুমুহাৰ সৃষ্টি হয়। এনেধৰণৰ পদ্ধতিত ছাত্ৰ – ছাত্ৰীসকলক সৰু সৰু দলত ভাগ কৰি তেওঁলোকক বিভিন্ন সমস্যাৰ ওপৰত প্ৰশ্ন উপস্থাপন কৰা হয় আৰু ছাত্ৰ – ছাত্ৰীসকলে নিজস্ব চেষ্টাৰে তাৰ সমাধান কৰিব লাগে। শিক্ষাৰ্থীসকলে ব্যক্তিগতভাৱে প্ৰত্যেকেই নিজ নিজ উত্তৰ প্ৰদান কৰাৰ পৰিৱৰ্তে দলত একেলগে সকলোৱে সমস্যাৰ সমাধানৰ মুক্ত পৰিৱেশ পায়। ছাত্ৰ – ছাত্ৰীসকলে ইয়াত তেওঁলোকৰ মনত থকা সংকীৰ্ণতা ভাব আঁতৰাবলৈ সক্ষম হয়। এনে পদ্ধতিৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীসকলৰ জ্ঞান আৰু অনুভূতিমূলক দিশৰ উৎকৰ্ষ সাধন হয়। এনে পদ্ধতিয়ে প্ৰতিটো দলৰ ছাত্ৰ – ছাত্ৰীসকলক  দলীয় আৰু ঐক্য বদ্ধভাৱে প্ৰতিটো সমস্যাৰ ওপৰত প্ৰশ্ন আৰু উত্তৰৰ জৰিয়তে মস্তিষ্কত ধুমুহাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ – ছাত্ৰীসকলে ইয়াত গণতান্ত্ৰিকভাৱে আত্মপ্ৰকাশৰ  সুবিধা পায়।

(ঝ) নিৰ্ধাৰিত কাৰ্য্য সম্পাদন (Assignment):  শিক্ষাৰ্থীসকলক কোনো এটা শিক্ষণীয় বিষয়ৰ ওপৰত কাৰ্য্য সম্পাদন কৰিবলৈ দিয়া হয়। ইয়াৰ জৰিয়তে নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত বা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমান পৰিমাণৰ জ্ঞান আয়ত্ব কৰিব পাৰিলে সেয়া জানিবলৈ চেষ্টা কৰা হয়। শিক্ষা আহৰণৰ মূল্যায়নৰ কৰিবৰ বাবে ই এক উত্তম কৌশল। 

৩৪। গণতান্ত্ৰিক শিক্ষাদান আচৰণৰ বৈশিষ্ট্যসমূহ লিখা। (Write the Characteristics of Democratic Teaching Behaviour.) 

উত্তৰঃ গণতান্ত্ৰিক শিক্ষাদান আচৰণৰ বৈশিষ্ট্যসমূহ হ’ল:- 

(ক) এই পদ্ধতিত শিক্ষকে শিক্ষাৰ্থীক স্বাধীনতা আৰু আত্ম – অনুশাসনৰ জৰিয়তে জ্ঞান প্ৰদানত গুৰুত্ব দিয়ে।

(খ) এই পদ্ধতিত শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি জ্ঞান প্ৰদান কৰা হয়। 

(গ) এই পদ্ধতিত শিক্ষকে শিক্ষাৰ্থীসকলক নেতৃত্ব প্ৰদানৰ শিক্ষা প্ৰদান কৰে।

(ঘ) এই পদ্ধতিত শিক্ষকে শিক্ষাৰ্থীৰ আগ্ৰহ, ৰুচি – অভিৰুচিসমূহক গুৰুত্ব প্ৰদান কৰে। 

(ঙ) ইয়াত শিক্ষাৰ্থীয়ে মুক্তভাৱে আত্ম – প্ৰকাশৰ সুযোগ লাভ কৰে।

৩৫। গণতান্ত্ৰিক শিক্ষাদান আচৰণৰ সুবিধাসমূহ লিখা। (Write the Advantages of Democratic Teaching Behaviour.) 

উত্তৰঃ গণতান্ত্ৰিক শিক্ষাদান আচৰণৰ সুবিধাসমূহ তলত দিয়া হ’ল:- 

(ক) এই পদ্ধতি শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বাবে সহায়ক।

(খ) এই পদ্ধতিত শিক্ষকৰ ভূমিকা, নিৰ্দেশক, অভিৰোচক আৰু সমৰ্থৰ দৰে।

(গ) এই পদ্ধতিত গণতান্ত্ৰিক নীতি, আদৰ্শ আৰু ন্যায় প্ৰতিফলিত হয়।

(ঘ) এই পদ্ধতিত শিক্ষক – শিক্ষাৰ্থী উভয়ৰে মাজত আলোচনাৰ মাজেৰে শিক্ষাদান আৰু গ্ৰহণ কাৰ্য্য সমাধান হয়।

(ঙ) এই পদ্ধতিৰ জৰিয়তে শিক্ষক – শিক্ষাৰ্থীৰ উভয়ৰ সহযোগিতাত সমাজলৈ বৰঙণি আগবঢ়াব পাৰে।

৩৬। (ক) গণতান্ত্ৰিক শিক্ষাদান আচৰণৰ অসুবিধাসমূহ লিখা। (Write the Demerits of Democratic Teaching Behaviour.) 

উত্তৰঃ গণতান্ত্ৰিক শিক্ষাদান আচৰণৰ অসুবিধাসমূহ তলত দিয়া হ’ল:- 

(ক) এই পদ্ধতিত স্বাধীনতাৰ মাজেৰে শিক্ষা প্ৰদান কৰা হয় বাবে কেতিয়াবা স্বাধীনতাৰ অপপ্ৰয়োগ হোৱা দেখা যায়।

(খ) এই পদ্ধতিৰে শিক্ষাদান কৰিবলৈ অধিক সময়ৰ প্ৰয়োজন হয়।

(গ) এই পদ্ধতিত শিক্ষাৰ্থীসকল আগ্ৰহী নহ’লে শিক্ষাদান সম্ভৱ নহয়।

৩৬। (খ) স্বাতন্ত্ৰ বা হস্তক্ষেপবিহীন শিক্ষাদান আচৰণৰ বৈশিষ্ট্যসমূহ লিখা। (Write the Characteristics of Laissez Faire Teaching Behaviour.) 

উত্তৰঃ স্বাতন্ত্ৰ বা হস্তক্ষেপবিহীন শিক্ষাদান আচৰণৰ বৈশিষ্ট্যসমূহ হ’ল:- 

(ক) ইয়াত শিক্ষকে শিক্ষাৰ্থীৰ ওপৰত নিয়ন্ত্ৰণ নকৰে। 

(খ) শিক্ষকে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ কৰ্মত প্ৰবৃত্ত কৰায় আৰু কৰ্ম সম্পাদন কাৰ্য্য প্ৰদান কৰা কৰে।

(গ) শিক্ষাৰ্থীয়ে নিজস্ব চিন্তাশক্তিৰ প্ৰয়োগেৰে নিজস্ব গতিত শিক্ষা আহৰণ কৰে।

(ঘ) শিক্ষাৰ্থীৰ নিজৰ দৃষ্টিভঙ্গী আৰু সৃষ্টিশীল কামৰ মাজেৰে সমস্যা সমাধানৰ সুযোগ প্ৰদান কৰা হয়।

(ঙ) এই পদ্ধতি শিক্ষাৰ্থীকেন্দ্ৰিক বাবে শিক্ষাৰ্থীয়ে সক্ৰীয় অংশগ্ৰহণ কৰিব পাৰে।

৩৭। স্বাতন্ত্ৰ শিক্ষাদান আচৰণৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the Advantages of Laissez Faire Teaching Skill Method.)

উত্তৰঃ স্বাতন্ত্ৰ শিক্ষাদান আচৰণৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:- 

(ক) শিক্ষাৰ্থীসকলে নিজ ৰুচি – অভিৰুচি অনুসৰি শিক্ষা লাভ কৰিব পাৰে।

(খ) এই পদ্ধতি শিক্ষাৰ্থীকেন্দ্ৰিক বাবে শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি শিক্ষাদান কৰা হয়।

(গ) শিক্ষাৰ্থীয়ে এনে শিক্ষাদান পদ্ধতিত নিজকে  নিজে পৰিচালিত কৰে।

(ঘ) শিক্ষাৰ্থীৰ সৃষ্টিশীল গুণক উৎসাহ প্ৰদান কৰা হয়।

(ঙ) শিক্ষকগৰাকীয়ে অভিৰোচক, নিৰীক্ষক আৰু নিৰ্দেশকৰ ভূমিকা পালন কৰে।

(চ) শিক্ষাৰ্থীৰ চিন্তাশক্তিৰ বিকাশত অধিক গুৰুত্ব আৰোপ কৰা হয়।

(ছ) শিক্ষাৰ্থীয়ে সুস্থ সামাজিক আৰু আবেগিক দিশৰ বিকাশৰ কৌশল লাভ কৰে।

৩৮। স্বাতন্ত্ৰ শিক্ষাদান আচৰণৰ অসুবিধাসমূহ লিখা। (Write the Demerits of Laissez Faire Teaching Behaviour.) 

উত্তৰঃ স্বাতন্ত্ৰ শিক্ষাদান আচৰণৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:- 

(ক) এই পদ্ধতিত শিক্ষক – শিক্ষাৰ্থীৰ মাজত সহযোগিতাৰ অভাৱ হোৱা দেখা যায়।

(খ) এই পদ্ধতিত শিক্ষাৰ্থীৰ নৈতিক মূল্যবোধৰ অভাৱ ঘটা দেখা যায়।

(গ) এই পদ্ধতি কেৱল উচ্চ স্তৰৰ শিক্ষাৰ্থীসকলৰ বাবে উপযোগী। ইয়াত নিম্নস্তৰৰ শিক্ষাৰ্থীক গুৰুত্ব প্ৰদান কৰা নহয়।

(ঘ) শিক্ষাৰ্থীয়ে নিজস্ব গতিৰে শিক্ষা আহৰণ কৰোতে লাভ কৰা জটিলতাসমূহ দূৰ কৰিব নোৱাৰিলে এই পদ্ধতি সফল পদ্ধতি বুলি গণ্য কৰিব নোৱাৰি।

(ঙ) এই পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত হ’বলগীয়া সুস্থ প্ৰতিযোগিতাৰ অভাৱ হোৱা দেখা যায়।

৩৯। প্ৰাৰম্ভিক বা নতুন শিক্ষকৰ বাবে শ্ৰেণীকক্ষত উদ্ভাৱন হোৱা সমস্যাবোৰৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss in detail the Classroom Problems for beginners or new teachers.)

উত্তৰঃ শিক্ষাদান হ’ল এক জটিল কাৰ্য্য। শিক্ষকসকলৰ প্ৰধান দায়িত্ব হ’ল ছাত্ৰ – ছাত্ৰীসকলক মানুহ হিচাপে গঢ় দি তোলা। শিক্ষকসকলে শ্ৰেণীকক্ষত শিক্ষাদান কৰিবলৈ যাওঁতে দৈনিক নতুন নতুন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। নতুন শিক্ষকসকলৰ উপৰিও পুৰণি শিক্ষকসকলেও শ্ৰেণীকক্ষত বিভিন্ন সমস্যাৰ মুখামুখি হ’বলগীয়া হয়। শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ পিছত শিক্ষকে বহুতো ছাত্ৰ – ছাত্ৰীক বিভিন্ন অৱস্থাত প্ৰত্যক্ষ কৰা দেখা যায়। যেনে — কোনোবাজনে হাঁহি – খিকিন্দালি কৰি থাকে বা কোনোবাজনে ডেক্স বেঞ্চবোৰত বাজনা বজাই বা কোনোবাজনে শিক্ষকজন শ্ৰেণীকোঠাত প্ৰৱেশ কৰা গমকেই নাপায়।

এগৰাকী নতুন শিক্ষকে শ্ৰেণীকক্ষ পাঠদান কৰিবলৈ গৈ বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হয়। এই সমস্যাসমূহক বহলভাৱে দুটা ভাগত ভগাব পাৰি। যেনে:- 

(ক) ব্যক্তিগত সমস্যা (  Personal Problem).

(খ) সামূহিক সমস্যা ( Collective Problem).

(ক) ব্যক্তিগত সমস্যা (Personal Problem):  প্ৰাৰম্ভিক বা নতুন শিক্ষকে শ্ৰেণীকক্ষত ব্যক্তিগতভাবে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহ তলত উল্লেখ কৰা ধৰণৰ —

১। সু – পৰিকল্পিত পাঠ পৰিকল্পনাৰ অভাৱ (Lack of Well Planned Lesson Planning): পূৰ্ব পৰিকল্পনাবিহীনভাৱে শ্ৰেণীকক্ষত প্ৰৱেশ কৰিলে শিক্ষকে সমস্যাত পৰিব পাৰে। শ্ৰেণীত শিকাবলগীয়া পাঠটি যদি শিক্ষকে আগতীয়াকৈ প্ৰস্তুত কৰি লয় তেন্তে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়।

২। হীনমন্যতা (Inferiority complex): বিভিন্ন সময়ত দেখা যায় যে নতুন শিক্ষকে শ্ৰেণীকোঠাৰ পৰিৱেশৰ লগত নিজকে সমাযোজন কৰিব নোৱাৰাৰ বাবে তেওঁ আত্ম হীনমন্যতাত ভোগা দেখা যায়। ফলত তেওঁ অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।

৩। শিক্ষণীয় বিষয়বস্তুৰ ওপৰত জ্ঞানৰ অভাৱ (Lack of Adequate Knowledge on the Subject Matter): শিক্ষণীয় বিষয়বস্তু সম্পৰ্কত জ্ঞানৰ অভাৱেও নতুন শিক্ষকে শ্ৰেণীকক্ষত সমস্যাৰ সৃষ্টি কৰে।

৪। সহ – পাঠ্যসূচীৰ বিষয়ে অজ্ঞতা (Lack of Awareness about the Co – Curricular Activities): নতুনকৈ যোগদান কৰা শিক্ষকে বিভিন্ন ধৰণৰ সহ – পাঠ্যক্ৰমিক বিষয়ৰ লগত পৰিচয় নথকাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়।

৫। অত্যাধিক আৱেগপ্ৰৱণ (Too Much Emotions): সময় আৰু পৰিস্থিতি সাপেক্ষে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলতো প্ৰাৰম্ভিক শিক্ষকে সমস্যাত ভুগিব পাৰে।

৬। লাজকুৰীয়া স্বভাৱ (Shyness): অত্যাধিক লাজকুৰীয়া স্বভাৱৰ শিক্ষকে সহকৰ্মী বা শিক্ষাৰ্থীসকলৰ আগত মুকলিকৈ সমাযোজন হোৱাত ব্যৰ্থ হোৱা দেখা যায়। ফলত তেনে শিক্ষকে সমস্যাত ভুগিব পাৰে।

(খ) সামূহিক সমস্যা (Collective Problems ): প্ৰাৰম্ভিক শিক্ষকসকলে সততে সন্মুখীন হোৱা সামূহিক সমস্যাসমূহ শিক্ষানুষ্ঠানৰ অন্যান্য পৰিৱেশ বা উৎসৰ পৰাহে সৃষ্টি হোৱা পৰিলক্ষিত হয়। এনে সমস্যাসমূহ হ’ল:- 

১। দুৰ্বল প্ৰশাসন (Poor Administration): শিক্ষানুষ্ঠানসমূহৰ অনুশাসনহীনতাৰ ফলতো বিশৃংখল পৰিস্থিতিৰ উদ্ভৱ হয় ফলত শিক্ষকসকলৰ শিক্ষাদান কৰ্য্যত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয়।

২। আৰ্থিক অনাটনৰ সমস্যা (Problem of Finance): শিক্ষানুষ্ঠানৰ অৰ্থনৈতিক দিশৰ অভাৱ – অনাটনৰ বাবেও বিভিন্ন সময়ৰ শিক্ষানুষ্ঠানৰ প্ৰশাসনিক আৰু শৈক্ষিক দিশ পৰিচালনা কৰাত বিভিন্ন ধৰণৰ প্ৰতিবদ্ধকতাই দেখা দিয়ে এনেধৰণৰ বাতাবৰণ প্ৰাৰম্ভিক শিক্ষকৰ নতুন পৰিৱেশৰ লগত খাপ খাবলৈ কঠিন হয়।

৩। চৌপাশৰ হুলস্থুলীয়া পৰিৱেশ (Noisy Environment): শিক্ষানুষ্ঠান যদি হুলস্থুলীয়া পৰিৱেশৰ ওচৰত যেনে — বজাৰ বা চিনেমাহলৰ কাষত থাকিলেও শিক্ষাদানৰ ক্ষেত্ৰত প্ৰাৰম্ভিক শিক্ষকৰ সমস্যাৰ সৃষ্টি হয়।

৪। সহযোগিতাৰ অভাৱ (Lack of Cooperation): শিক্ষানুষ্ঠানৰ বিভিন্ন কৰ্মচাৰীসকলৰ মাজত সহযোগিতাৰ অভাৱৰ কাৰণেও প্ৰাৰম্ভিক শিক্ষকে বিভিন্ন সময়ত সমস্যাত ভোগে।

৪০। চমুটোকা লিখাঃ (Write short notes.) 

(ক) অন্তদৰ্শন পদ্ধতি ( Insightful Learning). 

উত্তৰঃ অন্তদৰ্শনবাদী মনোবিজ্ঞানীসকলৰ মতে, সামগ্ৰিকভাৱে পৰিৱেশটো নিৰীক্ষা কৰিহে শিক্ষণ বা অভিজ্ঞতা আহৰণ কৰিব পাৰি। মনোবিজ্ঞানী ক’হলাৰ, কফ’কা, আৰু ৱাৰ্থিমাৱে চিম্পঞ্জীৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা অন্তদৰ্শন পদ্ধতি সম্পৰ্কে স্পষ্ট ধাৰণা আয়ত্ব কৰিব পাৰি।

চুলতান নামৰ চিম্পাঞ্জীক ক’হলাৰে এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি বিলিঙত পকা কল ওলোমাই থৈছিল। কোঠালীটোত দুডাল লাঠি আৰু বাকচ দুটা এনেদৰে থৈ দিয়া হৈছিল। যাতে চিম্পাঞ্জীয়ে সেই লাঠি দুডাল বা বাকচ দুটা লগ লগাই কলঠোকা পাৰি খাবলৈ সক্ষম হ’ব লক্ষণীয় কথা যে প্ৰথম অৱস্থাত চিম্পাঞ্জীয়ে কলঠোকা পাৰিবলৈ জপিয়াবলৈ ধৰিলে, এনেদৰে কৰি থকাৰ পাছত লাঠি দুডাল প্ৰত্যক্ষ কৰে। প্ৰথমতে, লাঠি এডালেৰে কলঠোকা পাৰিবলৈ চেষ্টা কৰিলে, কিন্তু সফল নহ’ল। পুনৰ অলপ সময় চিন্তা কৰাৰ লাঠি দুডাল লগ লগাই কলথোক পাৰি খাবলৈ সক্ষম হয়।

অন্তদৰ্শন পদ্ধতিৰ মূল – মন্ত্ৰ হ’ল সম্পূৰ্ণ পৰিৱেশটোৰ প্ৰতি সচেতন হোৱা। সামগ্ৰীকতাবাদীসকলৰ মতে সামগ্ৰিকভাৱে সমস্যা সমাধানৰ জৰিয়তেহে শিক্ষণ কাৰ্য্য সম্পন্ন হয়।

(খ) শিক্ষণৰ অনুকৰণ পদ্ধতি (Imitation Method). 

উত্তৰঃ শিক্ষণৰ আন এক গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল অনুকৰণ পদ্ধতি। শিশুৱে প্ৰথম অৱস্থাত অনুকৰণ পদ্ধতিৰ জৰিয়তে বহুতো কথা শিকে। শিশুৱে মাক – দেউতাক বা বয়োজেষ্ঠসকলক অনুকৰণ কৰি আনন্দ লাভ কৰে। মানুহে কথা অনুকৰণ কৰি বিভিন্ন পৰিৱেশত সমাযোজিত হৈ থাকিবৰ বাবে নিজকে প্ৰস্তুত কৰে।

অনুকৰণ ইচ্ছাকৃত বা অনিচ্ছাকৃত — দুই ধৰণৰ হ’ব পাৰে। যেতিয়া শিশু এটাই ডাঙৰৰ আচৰণ অজানিতে বা অনিচ্ছাকৃতভাৱে অনুকৰণ কৰে তাক অজ্ঞান অনুকৰণ কৰে তাক অজ্ঞান অনুকৰণ বোলে। শিশুৱে যেতিয়া কোনো নিদিৰ্ষ্ট উদ্দেশ্য আগত ৰাখি যুক্তি আৰু বিবেচনাৰে অনুকৰণ কৰে তাক সজ্ঞান অনুকৰণ বোলে।

অজ্ঞান আৰু সজ্ঞান অনুকৰণক গ্ৰীক ভাষাত ‘মিমেচিচ’ (Mimesis) বোলা হয়। চাৰ পৰ্চিনানৰ মতে, ‘অনুকৰণ হ’ল ব্যক্তিত্ব বিকাশৰ প্ৰাথমিক স্তৰ আৰু যিমানেই অনুকৰণ কৰিবৰ বাবে অধিক সুযোগ প্ৰদান কৰা হয়, সমানেই ব্যক্তিত্ব অধিক সবল হয়।

(গ) মস্তিষ্কত ধুমুহাৰ সৃষ্টিকৰণ (Brainstorming).

উত্তৰঃ ই হৈছে এক দলগত শিক্ষণ পদ্ধতি। ছাত্ৰ – ছাত্ৰীসকলে মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ প্ৰদানত ইয়াত গুৰুত্ব প্ৰদান কৰা হয়। ছাত্ৰ – ছাত্ৰীৰ মনত উদয় হোৱা প্ৰশ্ন আৰু তাৰ উত্তৰ প্ৰদানৰ জৰিয়তে তেওঁলোকৰ মস্তিষ্কত এক ধুমুহাৰ সৃষ্টি হয়। এনেধৰণৰ পদ্ধতিত ছাত্ৰ – ছাত্ৰীসকলক সৰু সৰু দলত ভাগ কৰি তেওঁলোকক বিভিন্ন সমস্যাৰ ওপৰত প্ৰশ্ন উপস্থাপন কৰা হয় আৰু ছাত্ৰ – ছাত্ৰীসকলে নিজস্ব চেষ্টাৰে তাৰ সমাধান কৰিব লাগে। শিক্ষাৰ্থীসকলে ব্যক্তিগতভাৱে প্ৰত্যেকেই নিজ নিজ উত্তৰ প্ৰদান কৰাৰ পৰিৱৰ্তে দলত একেলগে সকলোৱে সমস্যাৰ সমাধানৰ মুক্ত পৰিৱেশ পায়। ছাত্ৰ – ছাত্ৰীসকলে ইয়াত তেওঁলোকৰ মনত থকা সংকীৰ্ণতা ভাব আঁতৰাবলৈ সক্ষম হয়। এনে পদ্ধতিৰ জৰিয়তে ছাত্ৰ – ছাত্ৰীসকলৰ জ্ঞান আৰু অনুভূতিমূলক দিশৰ উৎকৰ্ষ সাধন হয়। এনে পদ্ধতিয়ে প্ৰতিটো দলৰ ছাত্ৰ – ছাত্ৰীসকলক দলীয় আৰু ঐক্যবদ্ধভাৱে  প্ৰতিটো সমস্যাৰ ওপৰত প্ৰশ্ন আৰু উত্তৰৰ জৰিয়তে মস্তিষ্কত ধুমুহাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ – ছাত্ৰীসকলে ইয়াত গণতান্ত্ৰিকভাৱে আত্মপ্ৰকাশৰ সুবিধা পায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top